গুৱাহাটী
অসমৰ ভাষিক সংখ্যালঘুসকলৰ কল্যাণ সুনিশ্চিতকৰণৰ উদ্দেশ্যে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। এই পদক্ষেপৰ অংশ হিচাপে অসম ভাষিক সংখ্যালঘু পৰিষদৰ অধীনত সাংস্কৃতিক প্ৰকল্প, ছাত্ৰী নিবাস, স্প'ৰ্টছ পেভিলিয়ন, ইক' পাৰ্ক আদি নিৰ্মাণ কৰা হয়। এইসমূহ প্রকল্প ৰূপায়ণৰ বাবে পর্যাপ্ত পুঁজি প্রদান কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদে ধন্যবাদ জ্ঞাপন কৰে।
পৰিষদৰ অধ্যক্ষ তথা প্রাক্তন বিধায়ক শিলাদিত্য দেৱে কয় যে অধ্যক্ষ হিচাপে কার্যভাৰ গ্রহণ কৰাৰ দিন ধৰি বিগত চাৰিটা বছৰে ই-ৰিক্সা, চিলাই আৰু ফেশ্বন ডিজাইন মেচিন, পানীৰ ফিল্টাৰ, প্ৰেচাৰ কুকাৰ ইত্যাদি বিতৰণৰ লগতে প্রায় ১০০টা সমূহীয়া কেন্দ্র, সাংস্কৃতিক কেন্দ্র, থিয়েটাৰ, স্পর্টস্থ পেভিলিয়ন, ছাত্রাবাস আৰু ছাত্রী নিবাস, শ্মশান, শ্রেণীকোঠা আদি নির্মাণ কৰা হৈছে। ইয়াৰ উপৰি অর্থনৈতিকভাৱে দুর্বল পৰিয়ালৰ মেধাৱী শিক্ষার্থীসকলৰ উচ্চ শিক্ষাৰ বাবে সাহায্য প্রদানৰো ব্যৱস্থা কৰা হৈছে। ২০২২ চনৰ পৰা অসম ভাষিক সংখ্যালঘু পৰিষদে ৰাজ্যৰ বিভিন্ন স্থানত আড়ম্বৰপূর্ণভাৱে ৰবীন্দ্র জয়ন্তী আৰু নেতাজী জয়ন্তী (পৰাক্ৰম দিৱস) উদযাপন কৰি আহিছে। পৰিষদৰ উদ্যোগত ভিন ভিন বেচৰকাৰী সংস্থাৰ সহযোগত বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰি অহা হৈছে। আনহাতে, পৰিষদে ইতিমধ্যে বাংলা সাহিত্য সভাৰ সৈতে যৌথ প্রচেষ্টাৰে অসমীয়া ভাষাৰ বহু পৌৰাণিক গ্রন্থ বাংলা ভাষালৈ অনুবাদ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে।
২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ নৱেম্বৰলৈ অসম ভাষিক সংখ্যালঘু পৰিষদৰ অধীনৰ প্ৰকল্পসমূহঃ
২০২১-২২ চনত ৩.৬৫ কোটি টকা ব্যয়েৰে কেইবাটাও প্ৰকল্প ৰূপায়ণ কৰা হয়। ইয়াৰ ভিতৰত কামৰূপ, হয়বৰগাঁও, মৰিগাঁৱত (দুটা) সাংস্কৃতিক প্রকল্প প্রত্যেকটোৰ বাবে ৫০ লাখ টকা ব্যয় কৰা হয়। ৫০ লাখ টকা ব্যয়েৰে হোজাইৰ শংকৰদেৱ শিশু নিকেতনত শ্রেণী কোঠা নিৰ্মাণ কৰা হয়। আনহাতে, লামডিঙত ৫০ লাখ টকা ব্যয়েৰে প্রেক্ষাগৃহ আৰু স্পর্টছ পেভিলিয়ন নিৰ্মাণ কৰা হয়।
২০২২-২৩ চনত প্রাপ্ত পুঁজি ৪.২ কোটি টকাৰ ভিতৰত অসমৰ বিভিন্ন ঠাইত ১৫টা সমূহীয়া ভৱন নিৰ্মাণ কৰা হয়, য’ত প্ৰত্যকটো ভৱনত ব্যয় হয় ১.৫ কোটি টকা। হোজাইত ৫০ লাখ টকা বয়েৰে নিৰ্মাণ কৰা হয় ইক' পার্ক। গুৱাহাটীৰ পল্টন বজাৰস্থিত বেংগলী হাইস্কুলৰ নামত ব্যয় কৰা হয় ৫০ লাখ টকা। আনহাতে, ১২৫টা আত্মসহায়ক গোটলৈ চিলাই/ফেশ্বন ডিজাইনিং মেচিনৰ বাবদ ব্যয়ে কৰা হয় ৪৫ লাখ টকা।
২০২৩-২৪ চনত লাভ কৰা ৪.৮৫ কোটি টকাৰ পুঁজিৰ পৰা প্ৰায় ২.৫ কোটি টকা ব্যয়েৰে শিলচৰত ছাত্রী নিবাস নিৰ্মাণ কৰা হয়। আনহাতে, প্রতিখনত ই-ৰিক্সাত ১.৫লাখ টকাকৈ ১৮৬জনলৈ ই-ৰিক্সা প্রদানত ২.৮ কোটি টকা ব্যয় কৰা হয়।
২০২৪-২৫ চনত লাভ কৰা ৪.৩৯ কোটি টকাৰ ভিতৰত অসমৰ বিভিন্ন ঠাইত ১৯টা সমূহীয়া ভৱন প্ৰত্যকটোতে ১.৯ কোটি টকাকৈ ব্যয় কৰা হয়। টংলাত সাংস্কৃতিক কেন্দ্র আৰু যাত্রী নিবাসৰ বাবদ ব্যয় কৰা হয় ৫০ লাখ টকা। হোজাইৰ জিলা অসামৰিক চিকিৎসালয়ত ব্যয় হয় ৩০ লাখ টকা। বৰপেটা ৰোডৰ ৰামকৃষ্ণ সেৱা আশ্ৰম চৌহদত ছাত্রাবাস নিৰ্মাণত ব্যয় হয় ২৫ লাখ টকা। তিনিচুকীয়াৰ বেংগলী গাৰ্লছ হায়াৰ ছেকেণ্ডাৰীৰ বিদ্যালয় ভৱন নিৰ্মাণত ব্যয় হয় ২৫ লাখ টকা।
২০২৫-২৬ চন(নৱেম্বৰ পর্যন্ত)ত লাভ কৰা পুঁজি আছিল ৪.২৭ কোটি টকা। এই পুঁজিৰে ই-ৰিক্সা আৰু মপেড বিতৰণ ২.২ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ১৫টা সমূহীয়া ভৱন নিৰ্মাণত ব্যয় কৰা হয় ১.৫ কোটি টকা। তদুপৰি অসমীয়া ভাষাৰ পৌৰাণিক গ্রন্থ বাংলা ভাষালৈ অনুবাদ, মেধাৱী শিক্ষার্থীলৈ আর্থিক সাহায্য, এম্বুলেঞ্চ বিতৰণ, ৰাজ্যজুৰি ৰবীন্দ্র জয়ন্তী আৰু পৰাক্ৰম দিৱস উদযাপন আদি পৰিষদৰ উল্লেখযোগ্য দিশ।