তামিলনাডুৰ দহ গৰাকী মুছলমান পৰিৱৰ্তনকাৰী

Story by  atv | Posted by  [email protected] • 2 h ago
তামিলনাডুৰ দহ গৰাকী মুছলমান পৰিৱৰ্তনকাৰী
তামিলনাডুৰ দহ গৰাকী মুছলমান পৰিৱৰ্তনকাৰী
 
নতুন দিল্লী
 
পৰিৱৰ্তন সদায় ক্ষমতা বা বিশেষাধিকাৰৰ পদৰ পৰা নহয়, ইয়াৰ আৰম্ভণি প্ৰায়ে এনে ব্যক্তিৰ পৰা হয়, যিয়ে প্ৰত্যাহ্বানৰ মাজতো সমাজৰ বাবে কাম কৰিবলৈ বাছি লয়। সমগ্ৰ তামিলনাডুতে এনে কেইবাগৰাকীও মুছলমান পৰিৱৰ্তনকাৰীয়ে শিক্ষা, সংস্কৃতি, পৰিৱেশৰ কাম, সমাজ সংস্কাৰ, আৰু জনসেৱাৰ জৰিয়তে আনৰ উন্নয়ন আৰু বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁলোকৰ জীৱন কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে, প্ৰকৃত প্ৰভাৱ উদ্দেশ্য-চালিত জীৱনৰ পৰাই আহে। আজি আমি তেনে দহ গৰাকী বিশেষ ব্যক্তিৰ বিষয়ে আলোচনা কৰিম---
 
 মহম্মদ চেলিম
 
সমগ্ৰ ভাৰততে বিপন্ন চৰাই উদ্ধাৰৰ ক্ষেত্ৰত মহম্মদ চেলিমক প্ৰায়ে তামিলনাডুৰ 'নিজৰ চেলিম আলী' বুলি জনা যায়। মহম্মদ চেলিমে কেতিয়াও জীৱবিজ্ঞান বা সংৰক্ষণৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰা নাছিল। অৱশ্যে তেওঁৰ হৃদয়খনে সদায় চৰাই, সাপ, কুকুৰ  আৰু অন্যান্য বাকহীন জীৱবোৰৰ কল্যাণৰ বাবে হাহাকাৰ কৰি আছিল। তেওঁৰ প্ৰচেষ্টাক শক্তিশালী কৰিবলৈ তেওঁ পৰিৱেশ সংৰক্ষণ গোট নামৰ এটা বেচৰকাৰী সংস্থা প্ৰতিষ্ঠা কৰিছিল, যিটো বিপন্ন প্ৰাণীক সুৰক্ষা প্ৰদানৰ বাবে উৎসৰ্গিত।
 
 ছোফিয়া আশ্ৰফ
 
ছোফিয়া আশ্ৰফ হৈছে এগৰাকী ব্যতিক্ৰমী ৰেপ শিল্পী। যিগৰাকীয়ে সামাজিক পৰিৱৰ্তন আৰু নাৰী সবলীকৰণৰ বাবে নিজৰ সংগীত ব্যৱহাৰ কৰি আহিছে। চেন্নাইৰ ৰাজপথত প্ৰদৰ্শন কৰি, তেওঁ মহিলাসকলৰ বিষয়ে থকা ধাৰণাসমূহ, তেওঁলোকৰ শৰীৰৰ সৈতে সম্পৰ্কিত নিষেধাজ্ঞাসমূহ আৰু আনকি বৃহৎ নিগমসমূহৰ কাৰ্যকলাপকো প্ৰত্যাহ্বান জনাইছে। তেওঁৰ সাহসী আৰু নিৰ্ভয় ৰেপ সংগীতে নাৰীৰ সামাজিক স্থিতি, জীৱবিজ্ঞান আৰু বৈষম্যৰ দৰে বিষয়বোৰ সামৰি লৈছে। ভূপাল গেছ দুৰ্ঘটনাৰ বিৰুদ্ধে ইউনিয়ন কাৰ্বাইডৰ বিৰুদ্ধে কৰা তেওঁৰ ৰেপ ভিডিঅ'টো  কলা-কীৰ্তিৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে বিবেচিত হৈছে।
 
 জাকিৰ হুছেইন
 
জাকিৰ হুছেইন হৈছে এগৰাকী ভৰতনাট্যম নৃত্যশিল্পী। তেওঁ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত থকা লিংগ আৰু সম্প্ৰদায়ৰ বাধা ভংগ কৰিছিল। তেওঁ এতিয়া ৰাজনীতিত ডিএমকেৰ কৰ্মী হিচাপে জড়িত হৈ আছে। পিতৃ-মাতৃৰ আপত্তিৰ বিষয়ে সোধাত তেওঁ কয় যে, "মই স্বাধীনভাৱে বাস কৰিবলৈ ভাল পাইছিলো আৰু সেইবাবেই মই কেতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাছিলো। মই প্ৰায় ১৪ বছৰ বিদেশত বাস কৰিছিলো আৰু প্ৰতি বছৰে ডিচেম্বৰ মাহত অলপ আজৰি সময় উলিয়াই ভাৰতলৈ আহোঁ।"
 
তেওঁ কানাডা, ছুইজাৰলেণ্ড আৰু জাৰ্মানীৰ দৰে দেশত ভাৰতীয়সকলক নৃত্য শিকাই আহিছে। বিদেশত কৰা তেওঁৰ প্ৰদৰ্শনে তেওঁক স্বীকৃতি আৰু খ্যাতি প্ৰদান কৰিছিল।
 
 ফাতিমা মুজফ্ফাৰ আহমেদ
 
ফাতিমা মুজফ্ফাৰ আহমেদ চেন্নাই নিগমৰ নিৰ্বাচনত জয়ী হোৱা আই ইউ এম এলৰ একমাত্ৰ প্ৰাৰ্থী আছিল আৰু ২০২২ চনৰ স্থানীয় সংস্থাৰ নিৰ্বাচনত তামিলনাডুত নিৰ্বাচিত হোৱা মাত্ৰ ছয়গৰাকী মুছলমান মহিলা কাউন্সিলৰৰ ভিতৰত এগৰাকী আছিল। তেওঁৰ বিজয় অপ্ৰত্যাশিত নাছিল, কিয়নো তেওঁ এক শক্তিশালী ৰাজনৈতিক পৃষ্ঠভূমিৰ পৰা আহিছে। তেওঁৰ পিতৃ এ কে আব্দুল ছামুদ, যিগৰাকী আই ইউ এম এলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল। তেওঁ লোকসভাত দুবাৰ আৰু ৰাজ্যসভাত দুবাৰ ভেলুৰক প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ ৰাজহুৱা সেৱা বাছনি কৰাটো তেওঁৰ নিজৰ সিদ্ধান্ত আছিল, যদিও তেওঁ এটা অধিক সুবিধাজনক কেৰিয়াৰ বাছনি কৰিব পাৰিলেহেঁতেন।
 
 কীৰানুৰ জাকিৰৰাজা
 
কীৰানুৰ জাকিৰৰাজা হৈছে এগৰাকী তামিল লেখক, তেওঁ সাধাৰণ মানুহৰ জীৱন, বিশেষকৈ সমাজৰ পৰা বঞ্চিত লোকসকলৰ বিষয়ে লিখাৰ বাবে জনাজাত। তেওঁ সমসাময়িক তামিল সাহিত্যৰ এজন বিশিষ্ট ব্যক্তি। তেওঁৰ উপন্যাসসমূহে তামিলনাডু আৰু কেৰালাৰ প্ৰান্তিক মুছলমান সম্প্ৰদায়ৰ পুৰুষ, মহিলা আৰু শিশুসকলক কণ্ঠ প্ৰদান কৰি আহিছে। তেওঁৰ লেখনি সাহসী আৰু সৎ আৰু প্ৰায়ে মুছলিম সম্প্ৰদায়ৰ ৰক্ষণশীল আৰু ধৰ্মনিৰপেক্ষ শ্ৰেণীৰ সমালোচনাক আকৰ্ষণ কৰি আহিছে।
 
 নিখাত ফাতিমা ছোহেইল
 
নিখাত ফাতিমা ছোহেইল চেন্নাইৰ এম ডব্লিউ এ মেট্ৰিকুলেচন স্কুলৰ মুৰব্বী। তেওঁ একাডেমী ফৰ ৱমেনৰ সহ-সভাপতি আৰু বিশেষকৈ মুছলমান যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কাম কৰা কেইবাটাও সংস্থাৰ সৈতে জড়িত।
 
 নৱাজাদা মহম্মদ আছিফ আলী (আৰ্কটৰ ৰাজকুমাৰ)
 
আৰ্কটৰ ৰাজপৰিয়ালৰ উত্তৰাধিকাৰী নৱাজাদা মহম্মদ আছিফ আলী সাম্প্ৰদায়িক সম্প্ৰীতি আৰু দাতব্যৰ প্ৰসাৰৰ বাবে জনপ্ৰিয়। এই কামৰ সমান্তৰালভাৱে তেওঁ এগৰাকী প্ৰতিভাৱান সংগীতজ্ঞো। চেন্নাইৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত প্ৰিন্স অৱ আৰ্কটৰ পৰিয়ালটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁলোকৰ প্ৰাসাদে আৰ্কট ফাউণ্ডেচনৰ নেতৃত্বত মানৱীয় কামৰ কেন্দ্ৰ হিচাপে কাম কৰি আহিছে। বৰ্তমানৰ ৰাজকুমাৰ নৱাব মহম্মদ আব্দুল আলী বহুলভাৱে সন্মানিত যদিও দৈনন্দিন দাতব্য কাৰ্য, আন্তঃধৰ্মীয় কাৰ্যসূচী আৰু সাহায্য কাৰ্যসূচী তেওঁৰ পুত্ৰ আছিফ আলীয়ে পৰিচালনা কৰে। এই প্ৰচেষ্টাই ধৰ্ম নিৰ্বিশেষে দৰিদ্ৰ লোকসকলক সহায় কৰে।
 
 মহম্মদ উছমান (মদ্ৰাছা ইমদাদিয়াৰ প্ৰতিষ্ঠাপক)
 
চেন্নাইৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ তামিল ভাষাৰ অধ্যাপক আশ্ৰফ খান সৰুৰে পৰা দৃষ্টিহীন। দৰিদ্ৰ পিতৃ-মাতৃৰ সন্তান হিচাপে তেওঁৰ ভৱিষ্যৎ এক অনিশ্চিত অৱস্থাত আছিল। তেওঁ ৰাণীপেটৰ সমীপৰ মেলভিছাৰামৰ দৃষ্টিশক্তিহীন ছাত্ৰ-ছাত্ৰীৰ বাবে এখন মাদ্ৰাছাত ব্ৰেইল লিপি শিকিছিল। আজি তেওঁ মাহে প্ৰায় ৫০,০০০ টকা উপাৰ্জন কৰে। তেওঁ নিজৰ সফলতাৰ কৃতিত্ব প্ৰদান কৰে মাদ্ৰাছা ইমদাদিয়াৰ প্ৰতিষ্ঠাপক মহম্মদ উছমানৰ নামত, যিটো হৈছে এটা ট্ৰাষ্ট, যিয়ে অতি দৰিদ্ৰ শ্ৰেণীৰ অন্ধ আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰে। এই মাদ্ৰাছাত ব্ৰেইলীৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হয় আৰু ব্ৰেইলীত গ্ৰন্থ প্ৰকাশ কৰা হয়, যিটো মহম্মদ উছমানৰ দৃষ্টি আৰু নিষ্ঠাৰ বাবে সম্ভৱপৰ হৈছে।
 
 মাহমুদ আক্ৰাম
 
মাহমুদ আক্ৰাম এগৰাকী বহুভাষী যুৱক, যিয়ে মাত্ৰ ১৯ বছৰ বয়সতে প্ৰায় ৪০০টা ভাষা শিকিছে আৰু ইয়াৰে প্ৰায় ৪৬টা ভাষাত সাৱলীলভাৱে কথা ক'ব পাৰে। মাত্ৰ দহ বছৰ বয়সতে তেওঁ এক ঘণ্টাৰ ভিতৰতে ২০ টা ভিন্ন ভাষাত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল। তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা  ৭০ জন ভাষাবিদৰ তুলনাত ৩ মিনিটৰ ভিতৰতে তেওঁ এটা বাক্য অধিক ভাষালৈ অনুবাদ কৰিছিল। তামিলনাডুৰ বাহিৰত কাম কৰি থাকোঁতে ১৬ টা ভাষা আয়ত্ত কৰা পিতৃৰ সন্তান হিচাপে আক্ৰামে শব্দ, লিপি, ধ্বনিৰ মাজত ডাঙৰ-দীঘল হৈছিল। তেওঁ স্পষ্টকৈ ব্যাখ্যা কৰে যে, যদিও তেওঁ ৪০০টা ভাষা পঢ়িব আৰু লিখিব পাৰে, কিন্তু তেওঁ তাৰ ভিতৰত মাত্ৰ ৪৬টা ভাষাহে সম্পূৰ্ণৰূপে বুজি পায়।
 
 শ্বৰিফা খানম
 
শ্বৰিফা খানম হৈছে মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা ষ্টেপছ (STEPS) নামৰ এটা সংগঠনৰ প্ৰতিষ্ঠাপক। তেওঁ এতিয়া কেৱল মহিলাসকলৰ বাবে এটা মছজিদ স্থাপনৰ কাম কৰি আছে। খানমে বিশ্বাস কৰে যে, মুছলমান মহিলাসকলে আকস্মিক বিবাহ বিচ্ছেদ, তিনি তালাক, ভৰণ-পোষণৰ পৰা বঞ্চিত, ঘৰুৱা হিংসা আৰু অন্যান্য ধৰণৰ নিৰ্যাতনক আৰক্ষীয়ে প্ৰায়ে শ্বৰীয়ত বা মুছলমান ব্যক্তিগত আইনৰ অন্তৰ্গত বিষয় বুলি আখ্যা দিয়া হয়। এনে বহুতো গোচৰক আৰক্ষীয়ে ধৰ্মীয় বিষয় হিচাপে নস্যাৎ কৰে আৰু পুৰুষ প্ৰধান জামাতলৈ প্ৰেৰণ কৰে, যাক তেওঁ অস্বীকৃতিপ্ৰাপ্ত বীচাৰপীঠৰ দৰে কাম কৰা বুলি অভিহিত কৰিছে।