আৱাজ-দ্য ভইচ ব্যুৰ
নগাঁও জিলাৰ বটদ্ৰৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি উদ্বোধন কৰিছে বটদ্ৰৱাৰ অভিলাষী বৰদোৱা প্ৰকল্প। প্ৰকল্প মুকলি অনুষ্ঠানত অংশ লৈছিল প্ৰায় ১৫০ গৰাকী সত্ৰাধিকাৰে। অনুষ্ঠানটোত সমাৱেশ ঘটিছিল ভিন্ন প্ৰান্তৰ প্ৰায় ৬০ হাজাৰ ভকত-বৈষ্ণৱৰ। এই প্ৰকল্পটো আটক-ধুনীয়া কৰি তোলাৰ আঁৰত আছিল ৩ গৰাকী অসমীয়া মুছলমান ব্যক্তি। এই তিনি গৰাকী অসমীয়া মুছলমান ব্যক্তি হৈছে, পিতৃ নুৰুদ্দিন আহমেদ আৰু তেওঁৰ দুই পুত্ৰ দ্বীপ আহমেদ আৰু ৰাজ আহমেদ। ৰাজ আহেমদ আৰু দ্বীপ আহমেদ বহুতৰ বাবে হয়তো অচিনাকী। কিন্তু শিল্পী-কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ অসমৰ এটি পৰিচিত নাম।
শিল্পী নুৰুদ্দিন আহমেদৰ সু-পুত্ৰ ৰাজ আহমেদে ভাগৱত, কীর্তন, চিত্র ভাগৱত অধ্যয়ন কৰি, পুৰামাত্ৰাই গৱেষণা কৰি গুৰুজনাৰ জন্মস্থান বৰদোৱাত নির্মিত বৰদোৱা প্ৰকল্পৰ গুৰু আসন, কৃষ্ণলীলা, ভগৱান বিষ্ণুৰ দশাৱতাৰৰ ভাস্কৰ্য নিৰ্মাণ কৰি জীৱন্ত যেন ৰূপ দিছে। দুবছৰ ধৰি একেৰাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, হিন্দু-বৈষ্ণৱৰ পবিত্র তীর্থভূমিত মহাপুৰুষজনাই বন্দনা কৰি যোৱা ভগৱান শ্রীকৃষ্ণৰ ৰূপ মূৰ্তিৰ আকাৰত জীৱন্তপ্রায় ৰূপত প্রকট কৰিবলৈ নিজকে সঁপি দিছিল ৰাজ আহমেদ আৰু তেওঁৰ ভাতৃ দ্বীপ আহমেদে।
শিল্পী নুৰুদ্দিন আহমেদ আৰু দুই পুত্ৰৰ হাতত প্ৰাণ পাই উঠা বৰদোৱা প্ৰকল্পৰ দৃশ্য(বাওঁফালে) আৰু পুত্ৰ ৰাজ আহমেদ(সোঁফালে)
অসমৰ সাম্প্রতিক 'চিনাকী-অচিনাকী' পৰিৱেশত কলানির্দেশক নুৰুদ্দিন আহমেদ আৰু তেওঁৰ দুই সুযোগ্য পুত্ৰই বৈষ্ণৱ সংস্কৃতিৰ জনক, সমাজ-সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক যিদৰে গুৰুজনাৰ জন্মস্থানত প্রাণ দিবলৈ অহোপুৰুষাৰ্থ কৰিছে, সেয়া স্বাভাৱিকতে অকুণ্ঠ প্রশংসাৰ যোগ্য। কেৱল সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিৰ দৃষ্টিকোণৰ পৰাই নহয়, মহাপুৰুষজনাৰ অৱদান তেওঁৰ মহাপ্রয়াণৰ ৪৫৭ বছৰৰ পাছত বিস্মৃতপ্রায় হৈ যোৱাৰ উপক্ৰম ঘটাৰ সময়ত নুৰুদ্দিন আহমেদ আৰু তেওঁৰ দুই পুত্ৰ ৰাজ তথা দ্বীপৰ এই প্রয়াসে গুৰুজনাকে নহয়, তেওঁ বন্দনা কৰা ভগৱান শ্রীকৃষ্ণ, তেওঁৰ আবিৰ্ভাৱৰ পৰা প্রয়াণলৈ সম্পূর্ণ জীৱন আৰু ভগৱান বিষ্ণুৰ দশাৱতাৰ বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান অসমত পৰৱৰ্তী বহু যুগলৈ জীৱন্ত আৰু নতুন প্ৰজন্মৰ বাবে পৰিচিত কৰি তুলিব।
মহাপুৰুষজনাৰ বৰ্ণনাত জীৱন্ত আৰু আৰাধ্য হৈ উঠা ভগৱান শ্রীকৃষ্ণৰ বৰ্ণনা বা বৈষ্ণৱ মতবাদ তেওঁৰ প্রয়াণৰ চাৰে চাৰিশ বছৰৰ পাছত স্বাভাৱিকভাৱেই সামান্য ধুষৰ, কিন্তু সাম্প্রতিক ৰাজ্য চৰকাৰৰ উদ্যোগত গঢ় লৈ উঠা বৰদোৱা প্ৰকল্প আৰু প্ৰকল্পৰ মাজত ভগৱান শ্রীকৃষ্ণ আৰু তেওঁৰ লীলাক জীৱন্ত যেন ৰূপত নুৰুদ্দিন আহমেদ তথা তেওঁৰ দুই পুত্রই অহোপুৰুষাৰ্থ কৰি প্ৰতিষ্ঠা কৰাত পুনৰ অসমভূমিত বৈষ্ণৱবাদে গভীৰ প্ৰভাৱ পেলোৱা অৱধাৰিত কৰিছে।
যদিও এই প্ৰকল্পৰ আজি উদ্বোধন হৈছে, তথাপিও এই প্ৰকল্পৰ ভাস্কৰ্য নিৰ্মাণৰ কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। গৰিষ্ঠসংখ্যক কাম অৱশ্যে সম্পূৰ্ণ হৈছে আৰু তাৰবাবে তেওঁলোকে দুবছৰ ধৰি নিৰলস পৰিশ্ৰম কৰিবলগীয়া হৈছে। আজি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বৰদোৱা প্ৰকল্প উদ্বোধন কৰাৰ আগদিনা অৰ্থাৎ, দেওবাৰে নুৰুদ্দিন আহমেদৰ দুই পুত্ৰ ৰাজ আহমেদ আৰু দ্বীপ আহমেদ ইতিমধ্যে নির্মাণ সম্পূর্ণ হোৱা কামত অন্তিম স্পর্শ দিছিল, ঠিক দুর্গা পূজাৰ পূৰ্বে দেৱীৰ প্ৰতিমাত শেষ স্পর্শ দিয়াৰ দৰে।
শিল্পী নুৰুদ্দিন আহমেদৰ সৈতে হোৱা এক বাৰ্তালাপত আৱাজ-দ্য ভইচৰ আগত তেওঁ কয়, "প্ৰায় দুবছৰ ধৰি আমি এই প্ৰকল্পৰ কাম কৰি আছো। প্ৰায় ২০০ বিঘা মাটিতকৈয়ো অধিক ঠাই জুৰি প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। এতিয়াও তাৰ কিছু কাম বাকী আছে। কিন্তু মহাপুৰুষজনাৰ সৃষ্টিৰাজি ইতিমধ্যে প্ৰকল্পস্থলীত ফুটি উঠিছে।গুৰুজনাই প্রতিষ্ঠা কৰাৰ আর্হিতে বিশালৰূপত গুৰুআসন নির্মাণ সম্পূৰ্ণ হৈছে আৰু এই কাম নিখুঁতভাৱে কৰা হৈছে। ভগৱান বিষ্ণুৰ দশাৱতাৰ মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, শ্ৰীৰাম, বৰাহ, শ্রীকৃষ্ণ, বুদ্ধ, কল্কিৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ভগৱান শ্রীকৃষ্ণৰ ৰাসলীলা মূৰ্তিৰ ৰূপত চিত্রায়িত কৰা হৈছে। শ্রীকৃষ্ণৰ জন্মৰ পৰা তেওঁৰ লীলা মূৰ্তিৰ ৰূপত প্রতিষ্ঠা হৈছে। ভগৱান শ্রীকৃষ্ণৰ পদযুগল আছে। নৱৰস আছে। ভগৱান শ্ৰীৰামচন্দ্ৰৰ মূল ভক্ত হনুমানৰ নিৰ্মাণ সম্পূর্ণ হৈছে। গড়ুড় পক্ষী আছে।"
বৰদোৱা প্ৰকল্প
"মূলতঃ শ্রীমন্ত শংকৰদেৱৰ চিত্ৰ ভাগৱতৰ পৰা আমি সকলো আৰ্হি লৈছো। ভগৱানৰ মূৰ্তি এটাৰ ৰূপ দিয়াৰ বাবে ভাগৱত, কীর্তন অধ্যয়ন কৰিছোঁ। সাঁচিপাতৰ পুথিৰ পৰা অনেক ধাৰণা লৈছো। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই প্ৰকাশ কৰা চিত্ৰ ভাগৱতখন মূলতঃ সহায়ক হৈছে। পূর্বেও বিভিন্ন এনেধৰণৰ কাম কৰোতে মই চিত্ৰ ভাগৱতৰ সহায় লৈছো। এয়া কেৱল ধৰ্মগ্রন্থ পঢ়াৰ দৰে নহয়, প্রায় গৱেষণালব্ধ কাম বুলি ক'ব পাৰি। মোৰ দুয়োটা ল'ৰাই ভাগৱত, চিত্ৰ ভাগৱত, কীর্তন, সাঁচিপাতৰ পুথি ভালদৰে অধ্যয়ন কৰিছে। কেৱল এই কাম কামৰ বাবেই নহয়, বিভিন্ন পূজা, সনাতন ধৰ্মৰ আন আন কামৰ ক্ষেত্ৰতো তেওঁলোক পাৰদৰ্শী। মূলতঃ ধর্মগ্রন্থ অধ্যয়ন-গৱেষণাৰ ফল এয়া। ডাঙৰ পুত্ৰ ৰাজ আহমেদ এনেধৰণৰ ধৰ্মীয় ক্ষেত্ৰত পাৰ্গত। সৰু পুত্ৰ দ্বীপ আহমেদ আধুনিক ভাস্কার্যমূর্তি নির্মাণ ইত্যাদিত বেছি দক্ষ", নুৰুদ্দিন আহমেদে কয়।
উল্লেখযোগ্য যে, শিল্পী নূৰুদ্দিন আহমেদ আৰু তেওঁৰ দুই পুত্ৰই নিখুঁতভাৱে দেৱ-দেৱীৰ মূৰ্তিসমূহ নিৰ্মাণৰ বাবে প্রয়াস চলাইছিল, যাতে সকলোৰে দৃষ্টিত জীৱন্ত যেন লাগে। নিৰ্মাণৰ ক্ষেত্ৰত ফাইবাৰ গ্লাছ, মার্বল ডাষ্ট ব্যৱহাৰ কৰা হৈছে। কেৱল দেৱ-দেৱীৰ মূৰ্তিয়েই নহয়, বৰদোৱা প্ৰকল্পস্থলীত অসমৰ চহা জীৱন, বড়ো, ৰাভা, মিছিং, দেউৰী, টিৱা, কাৰ্বিকে ধৰি সকলো জনগোষ্ঠীক তুলি ধৰা হৈছে, অসমৰ কৃষিক প্রাধান্য দি বহু নিৰ্মাণ কৰা হৈছে। এই বিশাল প্রকল্পই সকলো দর্শনার্থীকে গুৰুজনাৰ প্ৰায় সমস্ত কৰ্মৰাজি, ভগৱান শ্রীকৃষ্ণৰ মাহাত্ম্য আৰু সামগ্রিকভাবে সনাতন ধর্ম আৰু অসমৰ জনজীৱন হৃদয়ংগম কৰিবলৈ সুযোগ দিব। এই প্ৰকল্পৰ এক অংশ হ'বলৈ সুযোগ ধন্য বুলিও উল্লেখ কৰে শিল্পীগৰাকীয়ে।
উল্লেখযোগ্য যে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অসম ভ্রমণ কৰি ইয়াত উপস্থিত হৈ বৰদোৱা প্রকল্পৰ উদ্বোধন কৰাৰ উপৰিও কেইবাটাও উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকী আহমেদাবাদৰ পৰা দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল যদিও কুঁৱলীৰ বাবে তেওঁৰ বিমান উৰণত অসুবিধা হোৱাৰ বাবে তেওঁৰ ভ্ৰমণ সোমবাৰলৈ স্থগিত ৰখা হয়।
গৃহমন্ত্ৰীগৰাকীয়ে ইয়াত নতুনকৈ নিৰ্মাণ কৰা ‘স্বাহিদ স্মাৰক ক্ষেত্ৰত’ অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই ভ্ৰমণৰ আৰম্ভণি কৰিছে। তাৰ পিছতে তেওঁ নগাঁও জিলাৰ বৰদোৱাৰ বৈষ্ণৱ সন্ত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ ৰাওনা হৈ ২২৭ কোটি টকাৰ অভিলাসী প্ৰকল্প উদ্বোধন কৰিব।
বটদ্ৰৱাৰ অনুষ্ঠানৰ পিছত তেওঁ গুৱাহাটীলৈ উভতি আহি গুৱাহাটী আৰক্ষী আয়ুক্তৰ ১১১ কোটি টকাৰ নতুন ভৱন আৰু মহানগৰীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে ১৮৯ কোটি টকাৰ ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম (আই চি চি এছ) উদ্বোধন কৰিব।
ৰাজ্যৰ নিৰাপত্তা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আইচিচিএছে গুৱাহাটীত ২০০০ৰো অধিক চিচিটিভি নিৰীক্ষণ কৰিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে৷
একেদিনাই শ্বাহে নতুন দিল্লীলৈ যোৱাৰ পূৰ্বে গুৱাহাটীত ৫ হাজাৰ আসনৰ ক্ষমতা থকা ২৯১ কোটি টকাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক কমপ্লেক্স নামৰ প্ৰেক্ষাগৃহটোও উদ্বোধন কৰিব।