উজমা খাতুন
শেহতীয়াকৈ মুফতি শ্বমাইল নাদৱী আৰু জাভেদ আখতাৰৰ মাজত হোৱা বিতৰ্কই ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে এক পুৰণি কথোপকথন পুনৰ জগাই তুলিছে। যাক বিশ্বাসৰ "যুক্তিসংগত প্ৰয়োজনীয়তা" আৰু অভিজ্ঞতাভিত্তিক প্ৰমাণৰ "সন্দিহান দাবী"ৰ মাজৰ সংঘৰ্ষ হিচাপে উপস্থাপন কৰা হৈছে।
যদিও এই আধুনিক বিনিময় এক নিৰ্ণায়ক সংঘৰ্ষৰ দৰে অনুভৱ হয়, ই হাজাৰ বছৰীয়া ইছলামিক বৌদ্ধিক পৰম্পৰাৰ সজীৱ ধাৰাবাহিকতা। ঐতিহাসিকভাৱে, ইছলামত ঈশ্বৰৰ সন্ধান কেতিয়াও অন্ধ আজ্ঞাকাৰীতাৰ এক যাত্ৰা নাছিল, বৰং ই আছিল ধাৰণাৰ এক যুদ্ধক্ষেত্ৰ। য'ত সৃষ্টিকৰ্তাক চিনাক্ত কৰাৰ বাবে বুদ্ধিমত্তাক প্ৰাথমিক আহিলা হিচাপে গণ্য কৰা হৈছিল। মুছলমান পণ্ডিতসকলে গ্ৰীক, পাৰ্চী আৰু ভাৰতীয় দৰ্শনৰ সৈতে জড়িত হৈ প্ৰমাণ কৰিছিল যে, ঈশ্বৰৰ সন্ধান কৰাটো যিমানেই মনৰ বিষয়ে সিমানেই হৃদয়ৰো বিষয়।
মুফতি শ্বমাইল নাদৱী আৰু জাভেদ আখতাৰৰ মাজত হোৱা বিতৰ্ক অনুষ্ঠান
ইছলামিক অধ্যয়নৰ এগৰাকী পণ্ডিত হিচাপে, মই এই আধুনিক বিতৰ্কটো "মধ্যম পথ"ৰ প্ৰতিফলন হিচাপে দেখিছোঁ। যিটো ইছলামে সদায় পৰিচালনা কৰি আহিছে। য'ত পণ্ডিতৰ যুক্তি আৰু বিশ্বাসীৰ গভীৰ, অস্তিত্ববাদী অভিজ্ঞতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আহিছে। 'ইলম আল-কালাম'ৰ এই যাত্ৰাই দেখুৱাইছে যে, ইছলামৰ প্ৰতি বিশ্বাস এই প্ৰশ্নটোক দমন কৰাৰ বাবে নহয়, বৰং বাস্তৱৰ সৈতে এক কঠোৰ সম্পৰ্ক গঢ়ি তোলাৰ বাবে ইয়াৰ উত্তৰ দিয়া হৈছিল।
ইছলামত ঈশ্বৰৰ পদ্ধতিগত অধ্যয়ন উমায়াদ আৰু আব্বাচী যুগৰ তীব্ৰ ৰাজনৈতিক আৰু সাংস্কৃতিক সংঘৰ্ষৰ পৰা জন্ম হৈছিল। প্ৰথম অৱস্থাত, এই বিতৰ্কৰ কেন্দ্ৰ আছিল মানৱীয় সিদ্ধান্ত আৰু ঈশ্বৰৰ ন্যায়ৰ প্ৰকৃতি। শাসক শ্ৰেণীৰ লোকসকলে প্ৰায়ে 'জাব্ৰাইট'সকলক সমৰ্থন কৰিছিল, যিসকলে নিৰপেক্ষ পূৰ্বনিৰ্ধাৰণৰ বাবে যুক্তি দিছিল, যি এক ধৰ্মশাস্ত্ৰই তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা ঈশ্বৰদ্বাৰা পূৰ্ব নিৰ্ধাৰিত বুলি ধাৰণা কৰিছিল।
ইয়াৰ বিপৰীতে, কাদ্ৰীসকলে মুক্ত ইচ্ছাৰ প্ৰাথমিক প্ৰবক্তা হিচাপে আত্মপ্ৰকাশ কৰিছিল। যিয়ে যুক্তি দিছিল যে, ন্যায়পৰায়ণ ঈশ্বৰে মানুহক তেওঁলোকৰ কাৰ্য্য নিৰ্বাচন কৰাৰ ক্ষমতা প্ৰদান কৰিব লাগে। এই ধাৰণা কোৰাণৰ আখ্যানত গভীৰভাৱে নিহিত হৈ আছে। যেতিয়া আল্লাহে ইবলীছক আদমৰ ওচৰত সিজদা (মূৰ দোৱা) কৰিবলৈ আজ্ঞা দিছিল, তেতিয়া সি অস্বীকাৰ কৰিছিল।
একেদৰে যেতিয়া আদমক সেই গছৰ ফল খাবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, তেতিয়া তেওঁ নিজৰ ইচছাশক্তি প্ৰয়োগ কৰিছিল। এই কাহিনীবোৰ হ'ল মুক্ত ইচ্ছাৰ চূড়ান্ত আৰ্হি, যিয়ে প্ৰমাণ কৰি দিয়ে যে, ঈশ্বৰে তেওঁৰ সৃষ্টিসমূহক তেওঁৰ আজ্ঞাৰ পৰা বিচ্যুতি ঘটাৰ ক্ষমতা প্ৰদান কৰিছিল, যাৰ ফলত নৈতিক দায়িত্ব সম্ভৱ হৈছিল। এই ইচ্ছাশক্তিৰ অবিহনে ইশ্বৰৰ বিচাৰৰ ধাৰণাটোৱে নিজৰ মৌলিক যুক্তি হেৰুৱাব।
ইছলামিক জগতখনৰ সম্প্ৰসাৰণৰ লগে লগে ই গ্ৰীক আৰু পাৰ্চীসকলৰ দৰে অত্যাধুনিক সভ্যতাৰ সন্মুখীন হ'বলগীয়া হৈছিল। মুছলমান পণ্ডিতসকলে নিজকে দ্বৈতবাদীৰ দৰে অভিজ্ঞ দাৰ্শনিকৰ বিৰুদ্ধে ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল, যিসকলে পোহৰ আৰু আন্ধাৰৰ দুজন প্ৰতিদ্বন্দ্বী দেৱতাক বিশ্বাস কৰিছিল আৰু দহৰিয়া, বস্তুবাদীসকলে যুক্তি দিছিল যে, বস্তু অনন্ত আছিল আৰু সৃষ্টিকৰ্তাৰ প্ৰয়োজনীয়তাক নাকচ কৰিছিল।
এই প্ৰত্যাহ্বানৰ ফলত ইছলামৰ আদিম যুক্তিবাদী মু'তাজিলা বিদ্যালয়ৰ জন্ম হৈছিল। তেওঁলোকৰ মতে, শাস্ত্ৰ অবিহনেও বিশুদ্ধ যুক্তিয়ে মানুহক ঈশ্বৰৰ একত্বক (তাওহিদ) চিনি পাবলৈ বাধ্য কৰিব পাৰে। খলিফা আল-মামুনৰ অধীনত এই বৌদ্ধিক আন্দোলন শিখৰত উপনীত হয়, যাৰ ৰাজত্বকালত হাউচ অৱ উইজডম প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু এই যুগে মিহনা ((ইনকুইজিচন))ৰো প্ৰৱৰ্তন কৰিছিল, যিটো এটা জটিল যুগ আছিল, য’ত ৰাষ্ট্ৰই যুক্তিবাদী মতবাদক বলৱৎ কৰাৰ চেষ্টা কৰিছিল। মিহনাক স্বৈৰাচাৰী স্বভাৱৰ বাবে সমালোচনা কৰা হয় যদিও ই এটা গুৰুত্বপূৰ্ণ উত্তেজনাৰ ওপৰত আলোকপাত কৰে, যি ৰাষ্ট্ৰ ক্ষমতা, প্ৰকাশ আৰু মানৱ যুক্তিৰ মাজৰ সম্পৰ্ক সংজ্ঞায়িত কৰাৰ সংগ্ৰাম।
আল-মামুনৰ মনোযোগৰ ফলত বিদেশী গ্ৰন্থৰ ব্যাপক অনুবাদৰ পথ প্ৰশস্ত হয়, যিয়ে প্ৰমাণ কৰিছে যে, ইছলামিক চিন্তাধাৰা কোনো বন্ধ ব্যৱস্থা নহয়, বৰঞ্চ বিশ্বৰ দৰ্শনৰ সৈতে এক গতিশীল আলোচনা। এৰিষ্ট’টেলৰ যুক্তি ব্যৱহাৰ কৰি ই বিশ্বাসৰ বাবে দুৰ্গ নিৰ্মাণ কৰা হয়। সেই সময় আছিল যেতিয়া "গড অৱ দ্য গেপছ"ৰ ঠাইত "গড অৱ অৰ্ডাৰ" আহিছিল, যিয়ে প্ৰতিষ্ঠা কৰিছিল যে, বিশ্বব্ৰহ্মাণ্ডখনে মানুহৰ মনটোৱে আৱিষ্কাৰ কৰিব পৰা নিয়ম অনুসৰণ কৰে।
এই সংলাপৰ কেন্দ্ৰবিন্দু হৈছে অন্তৰ্নির্মিত নৈতিক বোধৰ ধাৰণা (হিছা-ই-আখ্লাকি)। পণ্ডিতসকলে যুক্তি দিয়ে যে, মানুহৰ এটা অন্তৰ্নিহিত কম্পাছ আছে, যিয়ে জীৱনৰ পবিত্ৰতাক স্বীকৃতি দিয়ে। অৱশ্যে, "দুষ্টতাৰ সমস্যা" সম্পৰ্কে বিতৰ্কৰ সময়ত উত্থাপিত এক সাধাৰণ সন্দেহবাদী সমালোচনা, যি জীৱ-জন্তুৰ দুখ-কষ্ট আৰু প্ৰকৃতিৰ ধাৰণা কৰা নিষ্ঠুৰতা সম্পৰ্কিত। ইছলামৰ প্ৰতিক্ৰিয়াত মানুহ আৰু আন জীৱৰ মাজত এক স্পষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়।
মানুহ অনন্য কাৰণ তেওঁলোকক ইৰাদা-ও-ইখতিয়াৰ (মুক্ত ইচ্ছা) দিয়া হৈছে আৰু তেওঁলোকক আজমাইশ (পৰীক্ষাৰ) অৱস্থাত ৰখা হৈছে। জীৱ-জন্তুবোৰ যদিও সংবেদনশীল, তথাপি এই নৈতিক দায়িত্ব বা মানৱ বুদ্ধিৰ বোজাৰ অংশীদাৰ নহয়। সেইবাবে, বিচাৰ আৰু শাস্তিৰ নিয়মসমূহ পৃথকভাৱে প্ৰযোজ্য। ইছলামিক দৃষ্টিকোণে ইশ্বৰৰ পৰিকল্পনাৰ এক হিকমত (গোপন জ্ঞান) স্বীকাৰ কৰে। প্ৰকৃতিত আমি প্ৰায়েই যন্ত্ৰণাৰ বাবে আপত্তি কৰোঁ, তথাপিও আমি প্ৰতিবাৰেই আমি নিশ্বাস লওঁতে বা খোজকাঢ়োতে অজানিতে অণুজীৱক হত্যা কৰো। সকলো প্ৰকাৰৰ বেদনাৰ প্ৰতি আপত্তি কৰা মানে শাৰীৰিক অস্তিত্বৰ সম্ভাৱনীয়তা অস্বীকাৰ কৰা হ'ব।
ইছলামে ইয়াৰ সমাধান কৰে সম্পূৰ্ণ ব্যৱহাৰ নকৰাৰ ওপৰত দয়াশীলতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি। এজন মানুহে এটা মেকুৰীক বেয়া ব্যৱহাৰ কৰাৰ বাবে নৰকত প্ৰৱেশ কৰিব পাৰে অথবা এটা পিয়াহ লগা কুকুৰক খুওৱাৰ বাবে স্বৰ্গত প্ৰৱেশ কৰিব পাৰে। ইয়াৰ ফলত এটা সুষম নীতিৰ সৃষ্টি হয়, য'ত প্ৰয়োজন সাপেক্ষে প্ৰকৃতিৰ ব্যৱহাৰৰ অনুমতি দিয়া হয়, কিন্তু জুলম (নিষ্ঠুৰতা) কঠোৰভাৱে নিষিদ্ধ। এই নৈতিক পৰিকাঠামোৱে প্ৰমাণ কৰে যে, "দুষ্টতাৰ সমস্যা"টো প্ৰায়েই মানৱীয় উপলব্ধিৰ সমস্যা, যি ঈশ্বৰে স্থাপন কৰা বৃহত্তৰ পাৰিপাৰ্শ্বিক আৰু আধ্যাত্মিক ভাৰসাম্যতা চাবলৈ ব্যৰ্থ হয়।
পুৰণি প্ৰমাণ আৰু আধুনিক প্ৰত্যাহ্বান
বস্তুবাদী আৰু সন্দেহবাদীসকলক প্ৰতিহত কৰিবলৈ, ইছলামিক ধৰ্মতত্ত্ববিদসকলে "সাৰ্বজনীন প্ৰমাণ" বিকশিত কৰিছিল, যিবোৰ ধৰ্মীয় দৰ্শনৰ ভেটি হৈয়ে আছে। আটাইতকৈ প্ৰসিদ্ধ যুক্তি হৈছে সাময়িকতাৰ যুক্তি (দালিল আল-হুদুত)। আল-গাজালী আৰু আল-বাকিলানীৰ দৰে পণ্ডিতসকলে যুক্তি দিছিল যে, যদি কোনো বস্তুৰ অস্তিত্ব আৰম্ভ হয়, তেতিয়া তাৰ কাৰণ এটা থাকিবই লাগিব। যেহেতু বিশ্বব্ৰহ্মাণ্ড অহৰহ পৰিৱৰ্তিত হৈ থকা পৰমাণু আৰু দুৰ্ঘটনাৰে গঠিত, গতিকে বিশ্বব্ৰহ্মাণ্ডখন নিজেই ক্ষণস্থায়ী আৰু ইয়াৰ এটা প্ৰথম কাৰণ বা স্ৰষ্টা (মুহদীথ) থাকিব লাগিব। ইয়াৰ সমৰ্থনত ইবনে চিনা (এভিচেনা)ই যুক্তি (দালিল আল-ইমকান) দিছিল যে, যেহেতু পৃথিৱীখন "সম্ভৱ" হোৱাৰ বাবে (ইয়াৰ অস্তিত্ব থাকিব পাৰে বা নাথাকিবও পাৰে), তাত এক আৱশ্যকীয় সত্তা (ৱাজিব আল-উজুদ) থাকিব লাগিব, যাৰ অস্তিত্ব স্বতন্ত্ৰ আৰু চিৰন্তন।
এই যুক্তি ফখৰ আল-দিন আল-ৰাজিয়ে আৰু অধিক পৰিমার্জিত কৰিছিল, যিয়ে গাণিতিক যুক্তি প্ৰয়োগ কৰি প্ৰমাণ কৰিছিল যে কাৰণৰ শৃংখলা অনন্তকাললৈ ঘূৰি যাব নোৱাৰে (অসীম প্ৰত্যাহাৰ বা তাছালছুল প্ৰত্যাখ্যান)। তেওঁ যুক্তি দিছিল যে, অন্তহীন শৃংখলা হৈছে এক যুক্তিসংগত বিৰোধিতা, যাৰ বাবে এটা আৰম্ভণি বিন্দুৰ প্ৰয়োজন, ঈশ্বৰ। এই চিন্তাবিদসকলে যুক্তিক বিশ্বাসৰ শত্ৰু হিচাপে দেখা নাছিল; বৰং তেওঁলোকে ইয়াক "আভ্যন্তৰীণ ভাৱবাদী" হিচাপেহে দেখিছিল, যি প্ৰকাশৰ "বাহিৰৰ ভাৱবাদী"ক বৈধতা প্ৰদান কৰিছিল।
শীতল যুক্তিৰ বাহিৰেও, পৰম্পৰাগতভাৱে অভিজ্ঞতাৰ ওপৰত আৰু আৰ্হি-ভিত্তিক প্ৰমাণৰ ওপৰত গুৰুত্ব দিয়া হয়, যেনে আৰ্হিৰ পৰা অহা যুক্তি (দালিল আল-ইনায়াহ)। ইবনে ৰুছদে (এভাৰোয়েছ) এই যুক্তিৰ সমৰ্থন কৰি কৈছে যে, মানুহৰ চকুৰ পৰা আৰম্ভ কৰি আকাশী বস্তুৰ গতিবিধি পৰ্যন্ত বিশ্বব্ৰহ্মাণ্ডৰ নিখুঁত সমন্বয়ই এজন বুদ্ধিমানৰ আৰ্হিৰ দিশটো আঙুলিয়াই দিয়ে।
প্ৰতিনিধিত্বমূলক ছবি
এই বৌদ্ধিক গাঁথনিটোক অন্যান্য মৌলিক যুক্তিৰ দ্বাৰা অধিক সমৃদ্ধ কৰা হৈছেঃ বিশ্বজনীন বিশ্বাসৰ যুক্তি, যিয়ে পৰামৰ্শ দিয়ে যে ইতিহাসৰ জৰিয়তে ঈশ্বৰৰ বাবে বিশ্বব্যাপী ভাগ-বতৰা কৰা অনুসন্ধান কেৱল এক পৌৰাণিক কাহিনী হ'ব নোৱাৰে; এক নিৰ্ভৰশীল জগতৰ বাবে এক আত্মনিৰ্ভৰশীল সত্তাৰ প্ৰয়োজনীয়তা (আল-চামাদ)ক স্বীকাৰ কৰে; আৰু সত্যবাদীসকলৰ সাক্ষ্য, যিয়ে যুক্তি দিয়ে যে, যুগ যুগ ধৰি হাজাৰ হাজাৰ নবীৰ সামূহিক প্ৰমাণে বৌদ্ধিক সন্মানৰ দাবী কৰে।
তদুপৰি, ইছলামিক পৰম্পৰাই মানৱ বিবেকৰ আভ্যন্তৰীণ প্ৰমাণ (নাফছ-আল-লৱামা)ক আঙুলিয়াই দিয়ে। এই "আভ্যন্তৰীণ কণ্ঠ"ই নৈতিক কম্পাছৰ দৰে কাম কৰে, যিয়ে নৈতিক সৃষ্টিকৰ্তাৰ ইংগিত দিয়ে। অৱশেষত, এই যুক্তিসমূহে দাৰ্শনিক তত্ত্ব আৰু ব্যক্তিগত অভিজ্ঞতাৰ মাজৰ ব্যৱধান দূৰ কৰে, ই ঈশ্বৰক কেৱল এটা গাণিতিক প্ৰয়োজনীয়তা হিচাপে উপস্থাপন নকৰে, বৰং মানৱ প্ৰাৰ্থনা আৰু দুখ-কষ্টৰ প্ৰতি সঁহাৰি জনোৱা এক জীৱন্ত বাস্তৱ (আল-হায়) হিচাপেও উপস্থাপন কৰে।
ইছলামিক চিন্তাধাৰাৰ উত্তৰাধিকাৰে আমাক সোঁৱৰাই দিয়ে যে, ঈশ্বৰৰ অস্তিত্বক লৈ হোৱা বিতৰ্ক কেৱল যুক্তিত জয়ী হোৱাৰ কথা নহয়, বৰঞ্চ ই হৈছে জটিল বিশ্বব্ৰহ্মাণ্ডত অৰ্থ বিচাৰি উলিওৱাৰ কথা। কিন্তু আমি আধুনিক "নতুন নাস্তিক" আন্দোলনৰ প্ৰতি সতৰ্ক হ'ব লাগিব, যিয়ে প্ৰায়ে যুক্তিৰ বাহিৰলৈ গৈ নিৰ্দিষ্ট মতাদৰ্শগত কাৰ্যসূচীৰ সেৱা আগবঢ়ায়। ছেম হেৰিছৰ দৰে ব্যক্তিয়ে সঘনাই ধৰ্মক, বিশেষকৈ ইছলামক হিংসাৰ প্ৰধান উৎস হিচাপে এককভাৱে উল্লেখ কৰি আহিছে, আনহাতে বিশ্বযুদ্ধত ধৰ্মনিৰপেক্ষ আৰু বস্তুবাদী মতাদৰ্শৰ ফলত হোৱা লাখ লাখ লোকৰ মৃত্যুকো উপেক্ষা কৰে। ইতিহাসে দেখুৱাইছে যে, ধৰ্মৰ নামত যুঁজ দিয়া বেছিভাগ সংঘাত আচলতে আছিল ভূমি, ক্ষমতা, উপনিবেশিকৰণৰ সংগ্ৰাম।
আমি এইটোও মনত ৰখা উচিত যে, ধৰ্মৰ মূল বিপ্লৱী মানসিকতা দৰিদ্ৰ আৰু বঞ্চিতসকলৰ বাবে আছিল। আজি সেইটো প্ৰায়ে এজন কঠোৰ ধৰ্মগুৰুৱে দমন কৰে, যেনেকৈ প্ৰাচীন ইউৰোপীয় চিন্তাবিদসকলে স্বীকাৰ কৰিছিল যে, ইছলামিক পণ্ডিতসকলে মধ্যযুগত বিজ্ঞান আৰু যুক্তি সংৰক্ষণ কৰিছিল, তেনেকৈ আমিও সেই উত্তৰাধিকাৰ পুনৰ দাবী কৰিব লাগিব। "মধ্যম পথ"ত স্বীকাৰ কৰা হৈছে যে, বিজ্ঞানে বিশ্বব্ৰহ্মাণ্ডৰ "কেনেকৈ"ৰ ব্যাখ্যা কৰে, যদিও " কিয়"ৰ উত্তৰ কেৱল ঈশ্বৰেহে দিব পাৰে।
ইছলামিক অধ্যয়নৰ এগৰাকী ছাত্ৰৰ বাবে এই ইতিহাস অতি গুৰুত্বপূৰ্ণ।ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, সত্যৰ বাবে কৰা সংগ্ৰাম এটা পৰম্পৰাত নিহিত হৈ আছে, যিয়ে মানৱ মনৰ মূল্যক মূল্য দিয়ে আৰু অন্ধ মতবাদ আৰু সাম্ৰাজ্যবাদী সংশয়বাদ উভয়কে নাকচ কৰে। ইছলামৰ ঈশ্বৰক প্ৰকৃতিৰ "নীৰৱ গ্ৰন্থ" আৰু কোৰাণক "কথা কোৱা গ্ৰন্থ" দুয়োটাৰ জৰিয়তে প্ৰকাশ কৰা হৈছে, যিয়ে আমাক বুজিবলৈ আমন্ত্ৰণ জনাইছে যে, আমাৰ নিৰ্বাচন আৰু চিন্তা কৰাৰ ক্ষমতা হৈছে আমাৰ আটাইতকৈ ঐশ্বৰিক গুণ।
(আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ উজমা খাটুন এগৰাকী লেখিকা, স্তম্ভলেখক, সমাজ চিন্তাবিদ।)