নতুন দিল্লী
১৭ বছৰ ধৰি বাংলাদেশৰ পৰা আঁতৰি থকাৰ পিছত তাৰিক ৰহমান অৱশেষত ঢাকালৈ উভতি আহিছে। প্ৰায় দুই দশক ধৰি মানুহে তেওঁৰ মুখখন কেৱল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (BNP)ৰ পোষ্টাৰতহে দেখিবলৈ পাইছিল আৰু জনসভাত তেওঁৰ বাণীবদ্ধ বাৰ্তা শুনিবলৈ পাইছিল। বৃহস্পতিবাৰে তেওঁ সশৰীৰে স্বদেশলৈ উভতি আহে৷ তেওঁৰ এই প্ৰত্যাৱৰ্তন বাংলাদেশৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তথা এসময়ত বাংলাদেশৰ ৰাজনীতিৰ “ডাৰ্ক প্ৰিন্স” ৰূপে অভিহিত তাৰিক ৰহমানে স্ব-নিৰ্বাসনৰ অন্ত পেলাই প্ৰায় দুটা দশকৰ পাছত ঢাকালৈ উভতি আহে। ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া গুৰুত্বপূৰ্ণ নির্বাচনৰ কেইসপ্তাহমানৰ পূৰ্বে তেওঁ উভতি আহিছে, যি নিৰ্বাচন কেৱল বাংলাদেশৰ বাবেই নহয়, ভাৰতৰ সুৰক্ষা আৰু আঞ্চলিক স্বাৰ্থৰ বাবেও অতি গুৰুত্বপূৰ্ণ। আনহাতে, তেওঁৰ প্ৰত্যাৱৰ্তন হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত বাংলাদেশ আৰু BNP-ৰ বাবে এক যুগান্তকাৰী ঘটনা হিচাপে চিহ্নিত হৈছে৷
BNP-ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰহমানে তেওঁৰ পত্নী ডাঃ জুবাইদা ৰহমান আৰু কন্যা বেৰিষ্টাৰ জাইমাক লগত লৈ বাংলাদেশলৈ উভতি আহিছে। ঢাকাত উপস্থিত হৈ তেওঁ ছ'চিয়েল মিডিয়াত লিখিছে, ‘‘সুদীৰ্ঘ ৬,৩১৪ দিনৰ পিছত বাংলাদেশত!’’ দিল্লীৰ বাবে তেওঁৰ এই প্রত্যাৱর্তনৰ বিশেষ তাৎপর্যপূৰ্ণ বুলি বিবেচিত হৈছে, কাৰণ ভাৰতপন্থী আৱামী লীগক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰা হৈছে আৰু খালেদা জিয়া বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে।
তাৰিক ৰহমানৰ প্রত্যাৱর্তন ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বাংলাদেশে বৰ্তমান এক অস্থিৰ অৱস্থাৰ মাজেৰে দিন অতিবাহিত কৰিছে। দেশখনত উগ্ৰপন্থী ইছলামিক গোট অধিক সক্ৰিয় হৈ পৰিছে আৰু মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত ভাৰত বিৰোধী ঘৃণা বিয়োপোৱা হৈছে। ভাৰতৰ বাবে আটাইতকৈ বেছি উদ্বেগৰ কাৰণ হৈ পৰিছে জামাত-ই-ইছলামি, যাক পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI-ৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা চৰকাৰৰ নেতৃত্বত নিষিদ্ধ কৰা জামাত-ই-ইছলামিকে যোৱা বছৰ হাছিনাক অপসাৰণ কৰাৰ পিছত পুনৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছে।
শেহতীয়া এক সমীক্ষাত দেখা গৈছে যে আগন্তুক নিৰ্বাচনত ৰহমানৰ দল BNP-এ সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু এসময়ৰ BNP-ৰ মিত্ৰ দল জামাতে তেওঁলোকৰ বিৰুদ্ধে মূৰ দাঙি উঠিছে৷ শেহতীয়াকৈ জামাতৰ ছাত্ৰ সংগঠনৰ ঢাকা বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত অপ্ৰত্যাশিত বিজয়ে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিছে।
লণ্ডনত তাৰিক ৰহমানৰ সৈতে বাংলাদেশৰ অন্তৱৰ্তীকালীন উপদেষ্টা মহম্মদ ইউনুছ
এনে পৰিস্থিতিত যদিও অতীতত ভাৰত আৰু BNP-ৰ মাজৰ সম্পৰ্ক মধুৰ নাছিল, ভাৰতে BNP-ক উগ্ৰপন্থী ইছলামিক শক্তিৰ তুলনাত অধিক উদাৰ আৰু গণতান্ত্ৰিক বিকল্প হিচাপে গণ্য কৰে। নতুন দিল্লীয়ে আশা কৰে যে তাৰিক ৰহমানৰ প্রত্যাৱর্তনে BNP-ৰ কর্মীসকলক উৎসাহিত কৰিব আৰু দলটোক পৰৱর্তী চৰকাৰ গঠনত সহায় কৰিব। প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা আন এটা দল নেচনেল চিটিজেন পাৰ্টি (NCP)-এ BNP-ৰ বিৰুদ্ধে আৱামী লীগৰ সদস্য অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত আন এক ৰাজনৈতিক জটিলতাৰ সৃষ্টি হৈছে।
শ্বেইখ হাছিনাৰ অধীনত বাংলাদেশে ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল আৰু চীনৰ সৈতে এক ভাৰসাম্যপূৰ্ণ নীতি অবলম্বন কৰিছিল৷ হাছিনাই পাকিস্তান পৰা দূৰত্ব বজাই ৰাখিছিল। অৱশ্যে, হাছিনাৰ বিদায়ৰ পিছত পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হৈ পৰে। অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতক আঁতৰত ৰাখি পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপনৰ চেষ্টা চলাইছে৷
যদি BNP পুনৰ ক্ষমতালৈ আহে, তেন্তে বাংলাদেশৰ বৈদেশিক নীতিত এক পৰিৱৰ্তন ভাৰতে আশা কৰিব। শেহতীয়াকৈ এনে কিছুমান লক্ষণ পৰিস্ফূট হৈছে যে ভাৰত আৰু BNP-এ সম্পৰ্ক উন্নত কৰিব বিচাৰে। ১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলিভাৱে গুৰুতৰভাৱে অসুস্থ খালেদা জিয়া সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু ভাৰতৰ ফালৰ পৰা সমৰ্থনৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ উত্তৰত BNP-এ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে- যিটো বছৰ বছৰ ধৰি তিক্ত সম্পৰ্কৰ পিছত ৰাজনৈতিক উষ্ণতাৰ এক বিৰল আৰু উল্লেখযোগ্য উদাহৰণ।
ভাৰতৰ বাবে আন এক ভাল লক্ষণ হ’ল- ৰহমানৰ ইউনুছ চৰকাৰৰ সৈতে মতানৈক্য আৰু দীৰ্ঘম্যাদী বৈদেশিক নীতিৰ সিদ্ধান্ত লোৱাৰ অন্তৱৰ্তীকালীন মুৰব্বীগৰাকীৰ আদেশক লৈ প্ৰশ্ন উত্থাপন কৰাটো। ইউনুছৰ দীৰ্ঘম্যাদী বৈদেশিক নীতিৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছেনে বুলি তেওঁ প্ৰশ্ন কৰে৷ ৰহমানে জামাতক সমালোচনা কৰি নিৰ্বাচনৰ বাবে মিত্ৰতা কৰিবলৈও অস্বীকাৰ কৰে।
চলিত বৰ্ষৰ আৰম্ভণিতে ৰহমানে ড’নাল্ড ট্ৰাম্পৰ ‘আমেৰিকা ফাৰ্ষ্ট’ শ্ল’গানৰ ষ্টাইল কৰা ‘বাংলাদেশ ফাৰ্ষ্ট’ শীৰ্ষক এক নতুন বৈদেশিক নীতিৰ কথা ঘোষণা কৰিছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে বাংলাদেশৰ স্বাৰ্থ সকলোতকৈ ওপৰত। BNP-এ ৰাৱলপিণ্ডি বা দিল্লীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বিচৰা নাই বুলি স্পষ্ট কৰি দি ৰহমানে কৈছিল, ‘‘দিল্লী নহয়, পিণ্ডি নহয়, সকলোতকৈ আগতে বাংলাদেশ।’’
ৰহমানৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন
নিজৰ লগতে BNP-ক গণতন্ত্ৰৰ চেম্পিয়ন হিচাপে উপস্থাপন কৰা তাৰিক ৰহমান ব্যাপক উৎসাহ-উদ্দীপনাৰে ঢাকাত উপস্থিত হয়। বিমান বন্দৰৰ পৰা তেওঁৰ ঘৰলৈ ৰোড শ্ব'ত প্ৰায় ৫০ লাখ BNP সমৰ্থকে যোগদান কৰে। BNP-ৰ জ্যেষ্ঠ নেতা ৰুহুল কবিৰ ৰিজভিয়ে ইয়াক এক "যুগান্তকাৰী ৰাজনৈতিক মুহূৰ্ত" বুলি অভিহিত কৰে।
১৭ বছৰৰ পাছত বাংলাদেশৰ মাটিত দিয়া প্ৰথম ভাষণত ৰহমানে আমেৰিকাৰ নাগৰিক অধিকাৰ কৰ্মী মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ বিখ্যাত "মোৰ এটা সপোন আছে"ৰ কথা উল্লেখ কৰে। ৰহমানে ভাষণত দেশৰ জনসাধাৰণৰ বাবে, দেশৰ বাবে তেওঁৰ এটা ‘পৰিকল্পনা’ আছে বুলি উল্লেখ কৰে।
ঐক্যৰ আহ্বান জনাই BNP-ৰ নেতাগৰাকীয়ে বাংলাদেশ সকলো ধৰ্ম আৰু অঞ্চলৰ লোকৰ বুলি উল্লেখ কৰি অধিক উদাৰ দৃষ্টিভংগীৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ আৰু কয় যে ইয়াত মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, হিন্দুকে ধৰি বিভিন্ন ধৰ্মৰ লোকে বাস কৰে। আমি একেলগে বাংলাদেশ গঢ়িব বিচাৰো।
ৰহমান বগুৰা-৬ (সদৰ) আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে, আনহাতে BNP-ৰ অধ্যক্ষ খালেদা জিয়াই পুনৰ নিজৰ দুৰ্গ বগুৰা-৭ (গাবতলী-ছাজাহানপুৰ) সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। এক সূত্ৰই সংবাদ মাধ্যম ‘ইণ্ডিয়া টুডে'ক জনোৱা মতে, ৰহমানৰ ৰোড শ্ব'ৰ সময়ত “শক্তিৰ প্ৰদৰ্শন”ক লৈ উগ্ৰপন্থী গোটসমূহ সুখী নাছিল। নিৰ্বাচনৰ পূৰ্বে BNP আৰু জামাতৰ মাজত তীব্ৰ যুঁজ নুই কৰিব নোৱাৰি।
অশান্ত বাংলাদেশৰ এক দৃশ্য
তাৰিক ৰহমান কোন?
বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পুত্ৰ তাৰিক ৰহমান। তেওঁ ২০০৮ চনৰ পৰা লণ্ডনত বাস কৰি আছে আৰু বিদেশৰ পৰা BNP পৰিচালনা কৰি আহিছে। শ্বেইখ হাছিনাৰ শাসনকালত তেওঁক কেইবাটাও গোচৰত দোষী সাব্যস্ত কৰা হৈছিল, যিবোৰ BNP-এ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰিছিল। তেওঁক ২০০৭ চনত এটা দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বন্দী অৱস্থাত তেওঁ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল।
পিছৰ বছৰত ৰহমানে জামিন লাভ কৰি চিকিৎসাৰ বাবে লণ্ডনলৈ বিমানেৰে যাবলৈ আদালতৰ পৰা অনুমতি লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ তাতেই বাস কৰি আহিছে। ২০০৪ চনৰ ঢাকা গ্ৰেনেড আক্ৰমণৰ গোচৰত ৰহমানক তেওঁৰ অনুপস্থিতিত দোষী সাব্যস্ত কৰা হয়৷ আৱামী লীগৰ এক সমাৱেশত সেই গ্ৰেনেড নিক্ষেপ কৰা হৈছিল। এই গ্ৰেনেড আক্ৰমণত ২৪ জন লোকৰ মৃত্যু হয় যদিও শ্বেইখ হাছিনা কথমপি ৰক্ষা পৰিছিল।
২০০৮ চনত ঢাকা ট্ৰিবিউন কাকতে ২০০১-২০০৬ চনৰ ভিতৰত BNP-ৰ কাৰ্যকালত হোৱা দুৰ্নীতি আৰু বিত্তীয় অনিয়ম সন্দৰ্ভত ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদনত ৰহমানক "ডাৰ্ক প্ৰিন্স" বুলি অভিহিত কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁৰ নামৰ আগত এই উপমা জড়িত হৈ পৰে৷ কিন্তু বিগত বছৰত ২০০৪ চনৰ গ্ৰেনেড আক্ৰমণকে ধৰি সকলো ডাঙৰ গোচৰৰ পৰা বাংলাদেশৰ আদালতে ৰহমানক দোষমুক্ত ঘোষণা কৰে।
তাৰিক ৰহমানৰ প্রত্যাৱর্তনে BNP-ক যথেষ্ট উৎসাহিত কৰিছে যদিও তেওঁৰ প্ৰত্যাহ্বান আটাইতকৈ বেছি। শ্বেইখ হাছিনাৰ পতনৰ পিছত BNP দলটোক একত্ৰিত কৰি ৰাখিবলৈ তেওঁ সক্ষম হৈছে যদিও প্ৰতিবাদ, হিংসা আৰু অস্থিৰতাত আছন্ন দেশখনত দলটোৱে যুৱ ভোটাৰৰ আস্থা লাভ কৰিব পাৰিবনে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷ ভাৰতে এই বিষয়সমূহ তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰিব।