ৱাশ্বিংটন
বৰদিনৰ দিনা আমেৰিকাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ চলায়। উত্তৰ-পশ্চিম নাইজেৰিয়াত ISISৰ সন্ত্ৰাসবাদী গোটৰ ওপৰত আমেৰিকাই এই আকাশমাৰ্গীয় আক্ৰমণ চলায়। যোৱা নিশা চলোৱা এই অতৰ্কিত আক্ৰমণত ISIS ৰ কেইবাটাও ঘাটি সম্পূৰ্ণৰূপে ধ্বংস হয়। এই আক্ৰমণত কেইবাজনো দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই উত্তৰ-পশ্চিম নাইজেৰিয়াত ইছলামিক ষ্টেট (IS) গোটৰ বিৰুদ্ধে "শক্তিশালী আৰু মাৰাত্মক আক্ৰমণ" আৰম্ভ কৰিছে। আমেৰিকাৰ নেতাজনে ISৰ বিৰুদ্ধে "প্ৰধানতঃ নিৰ্দোষী খ্ৰীষ্টানসকলক লক্ষ্য কৰি লৈ নিৰ্মমভাৱে হত্যা" কৰা বুলি অভিযোগ উত্থাপন কৰে। ট্ৰাম্পে এই আক্ৰমণটো নাইজেৰিয়াৰ সৈতে সমন্বিতভাৱে কৰা হয় বুলি প্ৰকাশ কৰে।
নাইজেৰিয়াৰ বৈদেশিক মন্ত্ৰী ইউছুফ মাইটামা তুগাৰে সংবাদ মাধ্যমক কয় যে এয়া "সন্ত্ৰাসবাদীক" লক্ষ্য কৰি লোৱা এটা "সংযুক্ত অভিযান" আৰু ইয়াৰ "কোনো বিশেষ ধৰ্মৰ সৈতে কোনো সম্পৰ্ক নাই"।
নাইজেৰিয়া চৰকাৰৰ সৈতে সমন্বয় ৰাখি চলোৱা এই এয়াৰ ষ্ট্ৰাইকৰ মূল লক্ষ্য আছিল অঞ্চলটোত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদীৰ নেটৱৰ্ক স্তব্ধ কৰি দিয়া। আমেৰিকাই জনোৱা মতে, এই সন্ত্ৰাসবাদী গোটটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কূটাঘাতমূলক কাৰ্যৰ পৰিকল্পনা কৰি আছিল।
উল্লেখ্য যে, এই সফল অভিযানৰ পাছত নাইজেৰিয়া আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। এই আক্ৰমণে বিশ্বজুৰি সন্ত্ৰাসবাদ বিৰোধী অভিযানক পুনৰ তীব্ৰতৰ কৰি তুলিছে।