নতুন দিল্লী
তুৰস্কত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ব্যক্তিগত বিমানৰ দুৰ্ঘটনাত লিবিয়া সেনাৰ মুৰব্বী জেনেৰেল মহম্মদ আলী আহমদ আল হাদ্দাদৰ লগতে ৪ গৰাকী বিষয়া আৰু ৩ গৰাকী ক্ৰু মেম্বাৰৰ কৰুণ মৃত্যু। তুৰস্কৰ ৰাজধানী আংকাৰাৰ পৰা উৰণৰ পিছতে বিমানখন দুৰ্ঘটনাত পতিত হয়। লিবিয়াৰ বিষয়াসকলে বিমানখনৰ কাৰিকৰী বিজুতিৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে। তুৰস্কৰ বিষয়াসকলে জনোৱা মতে দুয়োখন দেশৰ মাজত সামৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে উচ্চ পৰ্যায়ৰ প্ৰতিৰক্ষা আলোচনাৰ বাবে আংকাৰাত আহিছিল লিবিয়াৰ প্ৰতিনিধি দলটো।
লিবিয়াৰ প্ৰধানমন্ত্ৰী আব্দুল-হামিদ দ্বেইবাহে জেনেৰেল মহম্মদ আলী আহমদ আল হাদ্দাদ আৰু ৪ গৰাকী বিষয়াৰ মৃত্যু নিশ্চিত কৰি ফেচবুকত এক বিবৃতিত কয় যে প্ৰতিনিধি দলটো স্বদেশলৈ উভতি অহাৰ সময়তে এই 'মৰ্মান্তিক দুৰ্ঘটনা' সংঘটিত হয়। প্ৰধানমন্ত্ৰীয়ে এই ঘটনা লিবিয়াৰ বাবে বৃহৎ ক্ষতি বুলি অভিহিত কৰে।
আল-হাদ্দাদ পশ্চিম লিবিয়াৰ শীৰ্ষ সেনা মুৰব্বী আছিল আৰু লিবিয়াৰ প্ৰতিষ্ঠানসমূহৰ দৰেই বিভাজিত হোৱা লিবিয়াৰ সামৰিক বাহিনীক একত্ৰিত কৰাৰ বাবে চলি থকা ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
দুৰ্ঘটনাত মৃত্যু হোৱা আন ৪ গৰাকী বিষয়া হৈছে লিবিয়াৰ স্থল বাহিনীৰ মুৰব্বী জেনেৰেল আল-ফিটৌৰী ঘ্ৰাইবিল, সামৰিক উৎপাদন কৰ্তৃপক্ষৰ নেতৃত্ব দিয়া ব্ৰিগ. জেনেৰেল মাহমুদ আল-কাটাৱী, চীফ অৱ ষ্টাফৰ উপদেষ্টা মহম্মদ আল-আছাৱী ডায়াব আৰু চীফ অৱ ষ্টাফ কাৰ্যালয়ৰ সামৰিক ফটোগ্ৰাফাৰ মহম্মদ ওমৰ আহমেদ মাহজৌব।
অৱশ্যে প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ক্ৰু মেম্বাৰ ৩ গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই। তুৰস্কৰ বিষয়াসকলে জনোৱা মতে আংকাৰাৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ (প্ৰায় ৪৩.৫ মাইল) দক্ষিণে অৱস্থিত হাইমানা জিলাৰ কেচিকাভাক গাঁৱৰ ওচৰত ফেলকন ৫০ টাইপ বিজনেছ জেটৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে।
ইয়াৰ পূৰ্বে মঙলবাৰে সন্ধিয়া তুৰস্কৰ বিমান পৰিবহণ নিয়ন্ত্ৰকসকলে জনোৱা মতে আংকাৰাৰ এছেনবোগা বিমানবন্দৰৰ পৰা উৰণৰ পিছত লিবিয়ালৈ উভতি যোৱাৰ পথতে বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে।
তুৰস্কৰ স্বৰাজ মন্ত্ৰী আলী য়েৰলিকায়াই সামাজিক মাধ্যমৰ পোষ্টত কয় যে বিমানখনে নিশা ৮:৩০ বজাত উৰা মাৰিছিল। ৪০ মিনিটৰ পিছতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। যোগাযোগ বন্ধ হোৱাৰ পূৰ্বে বিমানখনে হাইমানাৰ ওচৰত জৰুৰীকালীন অৱতৰণ সংকেত জাৰি কৰিছিল বুলি য়েৰলিকায়াই জনায়।
উল্লেখযোগ্য যে, তুৰস্কৰ ৰাষ্ট্ৰপতিৰ যোগাযোগ কাৰ্যালয়ৰ মুৰব্বী বুৰহানেটিন ডুৰানে কয় যে বিমানখনে বৈদ্যুতিক বিজুতিৰ বিষয়ে বিমান পৰিবহণ নিয়ন্ত্ৰণক অৱগত কৰি জৰুৰীকালীন অৱতৰণৰ অনুৰোধ জনাইছিল। বিমানখন পুনৰ এচেনবোগালৈ ঘূৰাই পঠিওৱা হয় আৰু তাৰ পৰাই ইয়াৰ অৱতৰণৰ প্ৰস্তুতি আৰম্ভ হয়।
বিমানখনে জৰুৰীকালীন অৱতৰণৰ বাবে নামি অহাৰ সময়তে ৰাডাৰৰ পৰা নোহোৱা হৈ যায় বুলি ডুৰানে জনায়। স্থানীয় টেলিভিছনত প্ৰচাৰিত নিৰাপত্তাৰক্ষীৰ কেমেৰাৰ ফুটেজত দেখা গৈছে যে হাইমানাৰ ওপৰৰ নিশাৰ আকাশত হঠাতে বিস্ফোৰণ যেন লগা বস্তু দেখা গৈছিল। আংকাৰাত থকাৰ সময়ত আল হাদ্দাদে তুৰস্কৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়াছাৰ গুলেৰ আৰু অন্যান্য বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছিল।
ইফালে এই দুৰ্ঘটনাৰ পিছতে আংকাৰাৰ বিমানবন্দৰটো সাময়িকভাৱে বন্ধ কৰি দিয়া হয় আৰু কেইবাখনো বিমান অন্য স্থানলৈ ডাইভাৰ্ট কৰা হয়। তুৰস্কৰ আইন মন্ত্ৰালয়ে জনোৱা মতে এই দুৰ্ঘটনাৰ তদন্তৰ বাবে ৪ গৰাকী বিষয়াক নিযুক্তি দিয়া হৈছে। ফেচবুকত প্ৰকাশ কৰা চৰকাৰী বিবৃতি অনুসৰি লিবিয়াই আংকাৰালৈ এটা দল প্ৰেৰণ কৰি তুৰস্ক কৰ্তৃপক্ষৰ সৈতে এই দুৰ্ঘটনাৰ তদন্তৰ কাম কৰিব।