নতুন দিল্লী
চুবুৰীয়া ৰাষ্ট্ৰঃ বাংলাদেশত চলি থকা অস্থিৰ পৰিস্থিতি আৰু ভাৰতীয় সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ সংঘটিত হোৱা কেইবাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত দেওবাৰৰ পৰা চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কাম-কাজ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে।
ভাৰতীয় ভিছা আৱেদন কেন্দ্ৰটোৱে জাৰি কৰা এক জাননী অনুসৰি, পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত চট্টগ্ৰামৰ পৰা কোনো ধৰণৰ ভিছা সেৱা প্ৰদান কৰা নহ’ব। অৱশ্যে ঢাকা, খুলনা, ৰাজশাহী আৰু চিলেটত থকা বাকী চাৰিটা কেন্দ্ৰত সেৱা অব্যাহত থাকিব বুলি জনোৱা হৈছে।
উল্লেখযোগ্য যে, দেশখনত হিংসাত্মক ঘটনাৰ অন্ত পৰা নাই। ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান বীন হাদিৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ফেইজল কৰীম মাজুমদাৰৰ কোনো সম্ভেদ এতিয়াও আৰক্ষীয়ে পোৱা নাই। তেওঁ দেশ এৰি পলায়ন কৰা বুলি চৰ্চা চলিছিল যদিও আৰক্ষীয়ে ইয়াক নিশ্চিত কৰা নাই।
তাৰোপৰি, বাংলাদেশৰ ময়মনসিংহত দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু লোকক বৰ্বৰভাৱে হত্যা কৰা আৰু লক্ষ্মীপুৰত হোৱা আক্ৰমণত এটি ৭ বছৰীয়া কন্যা শিশুৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বাংলাদেশৰ আগশাৰীৰ মানবাধিকাৰ সংস্থা ‘আইন ও চালিছ কেন্দ্ৰই এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে।
সংস্থাটোৱে কয় যে, এনে ঘটনাই দেশখনত আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণৰূপে ধ্বংস হোৱাটোকে প্ৰতিফলিত কৰিছে। তেওঁলোকে প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ বিফলতাৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে যাতে দোষীক উচিত শাস্তি প্ৰদান কৰিব পৰা যায়।