দক্ষিণ আফ্ৰিকাৰ ৰাজপথত বন্দুকধাৰীৰ গুলীচালনা, ৯ জন নিহত

Story by  atv | Posted by  [email protected] • 2 h ago
দক্ষিণ আফ্ৰিকাৰ ৰাজপথত বন্দুকধাৰীৰ গুলীচালনা, ৯ জন নিহত
দক্ষিণ আফ্ৰিকাৰ ৰাজপথত বন্দুকধাৰীৰ গুলীচালনা, ৯ জন নিহত
 
জোহান্সবার্গ
 
দেওবাৰে পুৱা দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গৰ বাহিৰৰ এখন বাৰত অজ্ঞাত বন্দুকধাৰীয়ে গুলীচালনা কৰাত ৯ জন লোক নিহত হোৱা বুলি আৰক্ষীয়ে সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিছে। উল্লেখ্য যে চলিত মাহত দক্ষিণ আফ্রিকাত এনে ধৰণৰ গুলীচালনাৰ এইটো দ্বিতীয় ঘটনা।
 
চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত দক্ষিণ-পশ্চিম দিশত থকা সোণ খনন অঞ্চল বেকাৰ্ছডেলৰ এখন বাৰত প্ৰায় এক ডজন লোকে পুৱতি নিশা ১ বজাৰ পূৰ্বে সংঘটিত কৰা আক্ৰমণটোত আন দহজন লোক আহত হয়। আৰক্ষীয়ে প্ৰথমে ১০ জন লোক নিহত হোৱা বুলি কৈছিল যদিও পিছত নিহতৰ সংখ্যা কম হোৱা বুলি প্ৰকাশ কৰে।
 
আৰক্ষীৰ এক বিবৃতিত কোৱা হয় যে দুখন বাহনত অহা আক্ৰমণকাৰীসকলে "বাৰৰ গ্ৰাহকসকলক লক্ষ্য কৰি গুলীচালনা কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ সময়তো আক্ৰমণকাৰীসকলে গুলীচালনা অব্যাহত ৰাখে"।
 
প্ৰাদেশিক আৰক্ষী আয়ুক্ত মেজৰ জেনেৰেল ফ্ৰেড কেকানাই SABC টেলিভিছনক নিহতসকলৰ ভিতৰত এজন গাড়ী চালক থকা বুলি জানিবলৈ দিয়ে। গুলীচালনাৰ সময়ত চালকজন বাৰৰ বাহিৰত আছিল বুলি তেওঁ কয়। আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
 
উল্লেখ্য যে, ৬ ডিচেম্বৰতো বন্দুকধাৰীয়ে ৰাজধানী প্ৰিটোৰিয়াৰ সমীপৰ ছউলচভিলে টাউনশ্বিপত এটা হোষ্টেলত আক্ৰমণ চলাই তিনি বছৰীয়া এটি শিশুসহ দহজন লোকক হত্যা কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে দৈনিক গড়ে ৬৩ জন লোকক হত্যা কৰা হৈছিল। তদুপৰি, ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰত দেশৰ ইষ্টাৰ্ন কেপ প্ৰদেশৰ এটা গ্ৰাম্য পৰিয়ালৰ ১৮ জন আত্মীয়ক গুলীয়াই হত্যা কৰা হৈছিল। অধিকাংশ হত্যাৰ কাৰণ আছিল তৰ্ক-বিতৰ্ক, ডকাইতি আৰু দলবদ্ধ হিংসা।