নতুন দিল্লী
সুদূৰ ছিংগাপুৰৰ সাগৰত অকাল মৃত্যুক সাবটি লোৱা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত বৃহস্পতিবাৰে ছিংগাপুৰ আৰক্ষীয়ে চাঞ্চল্যকৰ ঘোষণা কৰিছে। ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত আৰু সম্প্ৰচাৰিত জুবিন গাৰ্গৰ হত্যাৰ অভিযোগ সম্পৰ্কীয় খবৰক নস্যাৎ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে।
বৃহস্পতিবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়াও অব্যাহত আছে বুলি স্পষ্ট কৰি দিছে ছিংগাপুৰৰ আৰক্ষী বাহিনীয়ে। ছিংগাপুৰ আৰক্ষীৰ এই তথ্য প্ৰকাশ কৰিছে ছিংগাপুৰৰ সংবাদ প্ৰতিষ্ঠান THE STRAIT TIMES এ।
‘‘জুবিন গাৰ্গৰ মৃত্যুত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নাই।’’ স্পষ্টীকৰণ দি ছিংগাপুৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। ছিংগাপুৰ ক’ৰনাৰ্ছ এক্ট ২০১০ৰ অধীনত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।
ছিংগাপুৰ আৰক্ষীৰ মতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত নাই কোনো ফাউল প্লে’। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই তদন্তৰ সবিশেষ ছিংগাপুৰৰ ষ্টেট ক’ৰনাৰ্ছক দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে।
উল্লেখযোগ্য যে, মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ ক’ৰনাৰৰ নেতৃত্বত চলা তদন্তৰ সমাপ্তি হোৱাৰ লগে লগেই ৰাজহুৱা কৰা হ’ব বুলিও বৃহস্পতিবাৰে স্পষ্ট কৰি দিয়ে ছিংগাপুৰ আৰক্ষীয়ে।
THE STRAIT TIMESত প্ৰকাশিত তথ্য অনুসৰি, ছিংগাপুৰ আৰক্ষীয়ে কয়, ‘‘SPFএ গোচৰটোৰ সম্পূর্ণ আৰু পেছাদাৰী তদন্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি এই ঘটনাৰে জড়িত পক্ষসমূহৰ ধৈৰ্য আৰু বুজাবুজি বিচাৰিছোঁ। জনসাধাৰণক জল্পনা-কল্পনা নকৰিবলৈ আৰু সত্যাসত্য নিৰূপণ নকৰা খবৰ নিবিয়পাবলৈ আহ্বান জনাইছোঁ।’’ উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে।