নতুন দিল্লী
২০২৬ চনৰ আৰম্ভণিতে বাংলাদেশত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন। অন্তৱৰ্তীকালীন চৰকাৰে ফেব্ৰুৱাৰীত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। এই ঘোষণাৰ পিছত যে পুনৰ উত্তেজিত হৈছে বাংলাদেশ। ঠায়ে ঠায়ে প্ৰতিবাদ আৰু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। একেদৰে পুনৰ এবাৰ ভাৰত বিৰোধী শক্তি সক্ৰিয় হোৱা দেখা গৈছে বাংলাদেশত। তাৰ অন্যতম উদাহৰণ দেখা গ'ল চট্টগ্ৰামত ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত।
সংবাদ মাধ্যমৰ তথ্য অনুসৰি ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান বিন হাদীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে চট্টগ্ৰামত ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ বাহিৰত বৃহস্পতিবাৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে একাংশ উত্তেজিত লোকে । বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত বন্দৰ চহৰৰ খুলছিত মিছনৰ কাৰ্যালয়ৰ বাহিৰত সমবেত হয় শ শ বিক্ষোভকাৰী । ইফালে প্ৰতিবাদৰ কথা জানিব পাৰি তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।
খবৰ অনুসৰি, নিশা ১১ বজাৰ পূৰ্বে আৰম্ভ হয় এই প্ৰতিবাদ। আৰক্ষীয়ে বি ডি নিউজক জনোৱা মতে একে সময়তে ২ নং গেটত আন এটা প্ৰতিবাদকাৰী দলে অৱস্থান গ্ৰহণ কৰে। ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সমবেত লোকসকলে হাদী হত্যাৰ ন্যায়ৰ লগতে আৱামী লীগ বিৰোধী আৰু ভাৰত বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
খুলছিৰ আৰক্ষী অধীক্ষক শ্বাহিন আলমে জনোৱা মতে উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰাসকলক আঁতৰাই দিয়া হৈছে। আইন-শৃংখলা পৰিস্থিতি বজাই ৰাখিবলৈ আৰক্ষী জোৱানসকলক সেই অঞ্চলটোত মোতায়েন কৰা হৈছে বুলিও তেওঁ জনাইছে। উল্লেখ্য যে জুলাইৰ বিদ্ৰোহ আৰু আৱামী লীগক নিষেধাজ্ঞা আৰোপ কৰা আন্দোলনৰ মাজতে এইবাৰ হাদীৰ মৃত্যুৰ বিষয়টোৱে প্ৰাধান্য লাভ কৰিছে।
জানিব পৰা মতে হাদীয়ে ঢাকা-৮ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু যোৱা শুকুৰবাৰে বিজয়নগৰত প্ৰচাৰ চলাই থকা অৱস্থাত তেওঁক আক্ৰমণ কৰা হৈছিল। মটৰ চাইকেলত অহা আক্ৰমণকাৰীয়ে ৰিক্সাত যাত্ৰা কৰা হাদীক লক্ষ্য কৰি গুলীচালনা কৰে। গুৰুতৰভাৱে আহত হাদীক ততাতৈয়াকৈ ঢাকা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় আৰু তাত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। পিছত তেওঁক ৰাজধানীৰ এভাৰকেয়াৰ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। সোমবাৰে বিয়লি তেওঁক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সেৰে ছিংগাপুৰলৈ লৈ যোৱা হয়।
কিন্তু হাদীৰ অস্ত্ৰোপচাৰত অংশগ্ৰহণ কৰা নিউৰ'চাৰ্জন আব্দুল আহাদে বৃহস্পতিবাৰে নিশা ভিডিঅ' বাৰ্তাযোগে কয় যে ছিংগাপুৰৰ জেনেৰেল হাস্পতালে হাদীৰ মৃত্যু নিশ্চিত কৰিছে। ইফালে ইনকিলাব মঞ্চৰ ফেচবুক পেজত প্ৰকাশ কৰা এক বিবৃতিত হাদীক তথাকথিত "ভাৰতীয় আধিপত্যৰ বিৰুদ্ধে সংগ্ৰাম"ৰ 'শ্বহীদ' বুলি ঘোষণা কৰা হৈছে।
ইফালে দেশখনত আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰতিবাদকাৰীয়ে এইবাৰ সংবাদ মাধ্যমক লক্ষ্য কৰি লৈছে। প্ৰথমে আক্ৰমণ কৰা দেখা গৈছিল বাংলা ভাষাৰ দৈনিক বাতৰি কাকত 'প্ৰথম আলো'ত। য'ত ৰাইজে বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে।
বৃহস্পতিবাৰে নিশা প্ৰতিবাদকাৰীয়ে ইংৰাজী ভাষাৰ দৈনিক কাকত 'দ্য ডেইলী ষ্টাৰ'ৰ কাৰ্যালয়ত আক্ৰমণ কৰে। ঢাকাৰ কাওৰণ বজাৰত তথা কাকতৰ কাৰ্যালয়ত নিশা প্ৰায় ১২ মান বজাত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে। আক্ৰমণৰ সময়ত বহু সাংবাদিক তথা সংবাদকৰ্মী কাৰ্যালয়ৰ ভিতৰতে আছিল। এই আক্ৰমণৰ প্ৰায় ৪ ঘণ্টা পিছত প্ৰতিষ্ঠানটোৰ প্ৰায় ২৫ গৰাকী সাংবাদিকক উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে।
বি ডি নিউজৰ তথ্য অনুসৰি নিশা প্ৰায় ১২ বজাত কাৰ্যালয়টোত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে। তাৰ পূৰ্বে ৰাইজে কাৰ্যালয়টো ভাঙি লণ্ডভণ্ড কৰে। প্ৰথমে কাকতখনৰ কাৰ্যালয়ৰ তলৰ মহলা আৰু প্ৰথম মহলা ভাঙি জুই লগাই দিয়ে আক্ৰমণকাৰীয়ে। এই অগ্নিকাণ্ডই দ্ৰুতগতিত দুটা মহলা আৱৰি ধৰে। সাংবাদিকসকলে জনোৱা মতে প্ৰচণ্ড ভিৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনীও অট্টালিকাটোত উপস্থিত হ'ব পৰা নাছিল।
অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ থকা সাংবাদিক জিমা ইছলামে লিখিছে, "মই আৰু উশাহ ল'ব নোৱাৰোঁ। ধোঁৱা বেছি হৈছে। মই ভিতৰত আছোঁ। আপোনালোকে মোক হত্যা কৰিলে ।" অৱশ্যে পলমকৈ হ'লেও অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ পুৱতি নিশা প্ৰায় ২ বজাত জুই নিয়ন্ত্ৰণলৈ আনে।
কিন্তু সাংবাদিকসকলক উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। ইফালে 'দ্য ডেইলী ষ্টাৰ'ৰ সন্মুখত সেনা মোতায়েন কৰা হৈছে। পিছত সেনাই সাংবাদিকসকলক এছক'ৰ্ট দি বাহিৰলৈ লৈ যায়। নিউ এজৰ সম্পাদক নুৰুল কবীৰে প্ৰতিবাদকাৰীৰ সৈতে কথা পাতিবলৈ গৈছিল যদিও তেওঁ আক্ৰমণৰ সন্মুখীন হয়।
এনে পৰিস্থিতিত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে নাগৰিকসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে।