ভাৰত-পাকিস্তানৰ সংঘাত ট্ৰাম্পে বন্ধ কৰি দিছিল বুলি পুনৰ দাবী আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ৰ
ৱাশ্বিংটন
আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই শুকুৰবাৰে বিশ্বৰ মধ্যস্থতাকাৰী হিচাপে ৱাশ্বিংটনৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ তথা চুডানত চলি থকা সংকটকে ধৰি একাধিক আন্তঃৰাষ্ট্ৰীয় সংঘাতপূৰ্ণ পৰিস্থিতিত ৱাশ্বিংটন জড়িত থকাৰ কথা উল্লেখ কৰে।
সংবাদমেলত ৰুবিঅ’ই কূটনীতি আৰু সংঘাত নিৰাময়ক অগ্রাধিকাৰ দিয়াৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক কৃতিত্ব প্ৰদান কৰে।
ট্ৰাম্পে পূৰ্বে কৰা দাবীক পুনৰবাৰ উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ প্ৰশাসনে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা দূৰ কৰাত সহায় কৰিছে।
ৰুবিঅ’ই কয় যে আমেৰিকাই এনে সংঘাতত সক্ৰিয়ভাৱে জড়িত হৈ আছে যিয়ে হয়তো আমেৰিকাৰ দৈনন্দিন জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব নোৱাৰিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ বিশ্বব্যাপী আছে। শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ট্ৰাম্পৰ মনোনিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে প্ৰশাসনে য’তেই সম্ভৱ কূটনৈতিক পথৰ সন্ধান অব্যাহত ৰাখিছে।
ৰুবিঅ’ই কয় যে আমি বিশ্বজুৰি জড়িত হৈ আছো, য’ত সংঘাত আছে। যিবোৰ হয়তো আমেৰিকাৰ দৈনন্দিন জীৱনৰ কেন্দ্ৰবিন্দু নহ’বও পাৰে। 'ৰাষ্ট্ৰপতিগৰাকীয়ে শান্তিপ্ৰেমী হোৱাটোক অগ্ৰাধিকাৰ দিছে। সেইবাবেই আপুনি আমাক ৰাছিয়া আৰু ইউক্ৰেইন, ভাৰত আৰু পাকিস্তান, থাইলেণ্ড আৰু কম্বোডিয়াৰ সৈতে জড়িত প্ৰচেষ্টা আৰু চুডানত সংঘটিত হোৱা মানৱীয় ট্ৰেজেডীৰ লগতে দক্ষিণ চুডানত অস্থিৰতাৰ সৈতে জড়িত হোৱা দেখিছে।"
তেওঁ উল্লেখ কৰে যে বিৰোধী পক্ষসমূহক আলোচনাৰ মেজলৈ অনাটো সম্ভৱ যদিও চুক্তিসমূহৰ বাস্তৱ ৰূপায়ণ নিশ্চিত কৰাটো এক জটিল প্ৰত্যাহ্বান হৈয়েই আছে।
ৰুবিঅ’ই ট্ৰাম্প প্ৰশাসনৰ কঠোৰ অনুপ্ৰৱেশ নীতিৰ পক্ষত বক্তব্য প্ৰদান কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ইয়াক অপৰিহাৰ্য সাৰ্বভৌম অধিকাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে আমেৰিকা বিশ্বৰ আটাইতকৈ উদাৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম যদিও দেশখনত প্ৰৱেশ কৰাসকলে যাতে নিৰাপত্তাজনিত বিপদৰ সৃষ্টি নকৰে বা জনকল্যাণ ব্যৱস্থাৰ ওপৰত অযথা চাপ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
তেওঁ কয়, ‘যিকোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ দৰেই আমেৰিকাৰো সম্পূৰ্ণ অধিকাৰ আছে যে দেশখনত কোনে প্ৰৱেশ কৰিছে তাক জনা আৰু তেওঁলোক যে আমাৰ সামাজিক সুৰক্ষা ব্যৱস্থাৰ ওপৰত বোজা নহয়, তাক নিশ্চিত কৰা।’
পশ্চিম গোলাৰ্ধৰ ফালে ঘূৰি ৰুবিঅ’ই ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত ভেনিজুৱেলাৰ ভূমিকাক আলোকপাত কৰি ইয়াক আমেৰিকাৰ বাবে গুৰুতৰ নিৰাপত্তাজনিত চিন্তাৰ বিষয় বুলি অভিহিত কৰে। তেওঁ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ চৰকাৰে ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে গোপন বুজাবুজি কৰি ট্ৰেন ডি আৰাগুয়াৰ দৰে অপৰাধমূলক নেটৱৰ্ক গঢ়ি উঠিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰে।
ৰুবিঅ’ই কয় যে পশ্চিম গোলাৰ্ধৰ পৰা আমেৰিকাই সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ ভাবুকিটো হৈছে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় অপৰাধী সংগঠনৰ পৰা অহা ভাবুকি।
পশ্চিম এছিয়াক সম্বোধন কৰি ৰুবিঅ’ই জোৰ দি কয় যে হামাছক নিৰস্ত্ৰ নকৰালৈকে মধ্যপ্ৰাচ্যত স্থায়ী শান্তি অসম্ভৱ হ’ব। তেওঁ কয় যে সন্ত্ৰাসবাদী সংগঠনসমূহে ইজৰাইলক আক্ৰমণ কৰাৰ ক্ষমতা অক্ষুণ্ণ ৰাখিলে গাজাত স্থিতিশীলতা আৰু বিনিয়োগ হ’ব নোৱাৰে।
তেওঁ কয় যে যদি হামাছে ইজৰাইলক ভাবুকি দিবলৈ সক্ষম হৈ থাকে তেন্তে শান্তিৰ জয় নহ’ব। কেইবছৰমানৰ পাছত যদি আন এক সংঘাতৰ সূচনা হয় তেন্তে গাজাত কোনেও বিনিয়োগ নকৰিব।
ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ মধ্যস্থতাকাৰী হিচাপে আমেৰিকাৰ অনন্য স্থিতিৰ কথা ৰুবিঅ’ই পুনৰ উল্লেখ কৰি কয় যে ৱাশ্বিংটনেই হৈছে দুয়োপক্ষক অৰ্থপূৰ্ণভাৱে জড়িত কৰিব পৰা একমাত্ৰ দেশ।
তেওঁ কয়, ‘এয়া আমাৰ যুদ্ধ নহয়, কিন্তু আমেৰিকা একমাত্ৰ সত্তা যিয়ে দুয়োটা পক্ষৰ সৈতে কথা পাতিব পাৰে আৰু শান্তিপূৰ্ণ সমাধান সম্ভৱ হয় নে নহয়, তাক মূল্যায়ন কৰিব পাৰে।”
ভাষণৰ সামৰণিত ৰুবিঅ’ই কয় যে ট্ৰাম্প প্ৰশাসনৰ অধীনত আমেৰিকাৰ বৈদেশিক নীতি ৰাষ্ট্ৰীয় স্বাৰ্থৰ দ্বাৰা দৃঢ়ভাৱে পৰিচালিত।
তেওঁ কয় যে আমাৰ বৈদেশিক নীতিয়ে আমেৰিকাৰ স্বাৰ্থৰ সেৱা কৰিব লাগিব। আমি এনে নীতিক সমৰ্থন কৰোঁ যিয়ে দেশখনক অধিক সুৰক্ষিত, শক্তিশালী বা অধিক সমৃদ্ধিশালী কৰি তোলে— আদৰ্শগতভাৱে।