নতুন দিল্লী
চুবুৰীয়া ৰাষ্ট্ৰঃ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত বুধবাৰে ঘৰতে নিৰ্মিত এক বোমা বিস্ফোৰণত এজন লোক থিতাতে নিহত হোৱাৰ উপৰিও আন এজন গুৰুতৰভাৱে আহত হয়। এই তথ্য সদৰি কৰিছে আৰক্ষীয়ে৷
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ঢাকাৰ মোঘবজাৰ অঞ্চলত থকা বাংলাদেশ মুক্তিযোদ্ধা সংগসাদ(১৯৭১ চনৰ মুক্তিযুঁজৰ প্ৰবীণ সৈনিকৰ কেন্দ্ৰীয় কাৰ্যালয়)ৰ সন্মুখৰ এখন উৰণসেতুৰ পৰা কোনো অচিনাক্ত লোকে বোমাটো নিক্ষেপ কৰে।
হাতীৰঝিল আৰক্ষী থানাৰ পৰিদৰ্শক মহম্মদ মহিউদ্দিনে দ্য ডেইলী ষ্টাৰ বাতৰি কাকতক জনোৱা মতে, উৰণসেতুৰ পৰা অচিনাক্ত কোনো লোকে নিক্ষেপ কৰা খাৰুৱা বোমাত এজন লোক আহত হোৱাৰ লগতে আন এজনৰ থিতাতে মৃত্যু ঘটে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নিহত লোকজনে উৰণসেতুৰ তলত পথৰ দাঁতিত থকা এখন চাহৰ ষ্টলত চাহ খাই আছিল। নিহত ব্যক্তিজনে এখন বিপণীৰ স্বত্বাধিকাৰী আছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত।
বাংলাদেশ জাতীয়তাবাদী পাৰ্টীৰ ভাৰপ্ৰাপ্ত সভাপতি তাৰিক ৰহমানৰ আগমনৰ এদিন পূৰ্বে সংঘটিত হৈছে এই বোমা বিস্ফোৰণ। প্রভাৱশালী জিয়া পৰিয়ালৰ উত্তৰাধিকাৰী তাৰিক ৰহমান লণ্ডনত প্রায় ১৭ বছৰ নির্বাসনৰ অন্তত বৃহস্পতিবাৰে ঘৰলৈ উভতিব৷
পৰিকল্পনা অনুসৰি লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰৰ পৰা পত্নী জুবাইদা ৰহমান আৰু কন্যা জাইমা ৰহমানৰ সৈতে বিমান বাংলাদেশ এয়াৰলাইন্সৰ বিমানেৰে ঘৰমুখে যাত্ৰা কৰিব ৰহমানে । ঢাকাত উপস্থিত হোৱাৰ লগে লগে তেওঁ দলীয় সমৰ্থকসকলক সম্বোধন কৰিব আৰু ঢাকাৰ এভাৰকেয়াৰ হাস্পতালৰ ক’ৰ’নাৰী কেয়াৰ ইউনিট(চি চি ইউ) ত চিকিৎসাধীন হৈ থকা মাতৃ আৰু বি এন পিৰ অধ্যক্ষ খালেদা জিয়াক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ ল’ব । বাংলাদেশৰ দৈনিক বাতৰি কাকত ঢাকা ট্ৰিবিউনৰ মতে, ২৭ ডিচেম্বৰত পঞ্জীয়নভুক্ত ভোটাৰ হোৱাৰ আনুষ্ঠানিকতাও সম্পূৰ্ণ কৰিব ৰহমানে।
গৃহ উপদেষ্টা লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) মহম্মদ জাহাংগীৰ আলম চৌধুৰীয়ে পূৰ্বে আইন প্ৰয়োগকাৰী সংস্থাসমূহক সৰ্বাধিক সতৰ্কতা বজাই ৰাখিবলৈ আৰু উচ্চ পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি সদৰি কৰিছিল। ৰহমানৰ আগমনৰ পূৰ্বে সমগ্ৰ ঢাকাত প্ৰশাসনে দ্বি-তৰপীয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ আয়োজন কৰিছে।
ইফালে, ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডক লৈ বাংলাদেশত অব্যাহত আছে উত্তেজনা। এই হত্যাকাণ্ডৰ বাবে মহম্মদ ইউনুছ নেতৃত্বাধীন দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰক জগৰীয়া কৰিছে নিহত ছাত্ৰ নেতাগৰাকীৰ ভাতৃয়ে।
বি ডি নিউজ২৪ ৰ খবৰ অনুসৰি শ্বৰীফ ওমৰ বিন হাদীয়ে কয়, ‘‘অন্তৱৰ্তীকালীন চৰকাৰে তেওঁৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰাৰ অবিহনে সাৰি যাব নোৱাৰে ৷ অৱশেষত তেওঁক নিৰাপত্তা প্ৰদান নকৰাৰ বাবে বিচাৰৰ সন্মুখীন হ’ব লাগিব চৰকাৰখনে। যিহেতু বৰ্তমানৰ প্ৰশাসন ক্ষমতাত থকাৰ সময়তে হত্যাকাণ্ড সংঘটিত হৈছে, সেয়েহে তেওঁলোকে দায়িত্বৰ পৰা সাৰি যাব নোৱাৰে আৰু অৱশেষত আজিয়েই হওক বা এদশক পিছতেই হওক বিচাৰৰ সন্মুখীন হ’ব লাগিব।’’
বি ডি নিউজ২৪-এ প্ৰকাশ কৰা অনুসৰি এই হত্যাকাণ্ডৰ পিছত সাধাৰণ নিৰ্বাচনত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰা হৈছে বুলি দাবী কৰিছে ওমৰ হাদীয়ে । ওমৰে চৰকাৰে এই হত্যাকাণ্ডৰ জৰিয়তে নিৰ্বাচনক ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ অভিযোগো উত্থাপন কৰে৷ যিটোক তেওঁ কেতিয়াও সফল হ’বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
তেওঁ লগতে কয়, ‘‘হাদীয়ে ফেব্ৰুৱাৰী মাহত দেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ওপৰত জোৰ দিছিল আৰু তৃণমূল পৰ্যায়তো ইয়াৰ বাবে সক্ৰিয়ভাৱে প্ৰস্তুতি চলাইছিল ৷ তেওঁক হত্যা কৰাৰ উদ্দেশ্য আছিল এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱা । বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বৰ্ধিত হিংসাত্মক পৰিস্থিতিৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰক পোনপটীয়াকৈ জগৰীয়া কৰাৰ পিছতে হাদী পৰিয়ালে এই অভিযোগ উত্থাপন কৰে।