বৰদিনত বেণ্ডেল গীৰ্জাত উদ্ভাসিত হয় ভাৰতৰ সাম্প্ৰদায়িক সম্প্ৰীতি

Story by  atv | Posted by  Munni Begum • 2 h ago
বেচিলিকা অৱ দ্য হলী ৰোজাৰী (বেণ্ডেল চাৰ্চ)ৰ ২০২৪ চনৰ বৰদিনিৰ এক দৃশ্য
বেচিলিকা অৱ দ্য হলী ৰোজাৰী (বেণ্ডেল চাৰ্চ)ৰ ২০২৪ চনৰ বৰদিনিৰ এক দৃশ্য
 
অপৰ্ণা দাস
 
ভাৰত কেৱল বিভিন্ন ধৰ্মৰ দেশ নহয়, ভাৰত আচলতে বিভিন্ন বিশ্বাসৰ সহাৱস্থানৰ এক জীৱন্ত প্ৰকাশ। ইয়াত মানুহ আৰু পৰমাত্মাৰ মাজৰ সম্পৰ্ক কোনো নিৰ্দিষ্ট ৰীতি-নীতি, ধৰ্ম বা উৎসৱত সীমাবদ্ধ নহয়। হৃদয়ে য’তেই ভক্তি আৰু শান্তি বিচাৰি পায়, তাতেই ঐশ্বৰিকতাৰ উপস্থিতি অনুভৱ কৰে। এই দেশত একত্ৰিতভাৱে থিয় হৈ থকা মন্দিৰ, মছজিদ আৰু গীৰ্জাবোৰে মানৱ হৃদয়ৰ ঐক্যতা প্ৰতিফলিত কৰি আহিছে।
 
পশ্চিম বংগৰ ঐতিহাসিক বেণ্ডেল গীৰ্জাত বৰদিনৰ উৎসৱৰ সময়ত সেই ভাৰতৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু মানৱীয় ঐক্যৰ এক স্পষ্ট ছবি উন্মোচিত হোৱা দেখিবলৈ পোৱা যায়, য’ত উৎসৱৰ পোহৰে কেৱল যীশুৰ জন্মদিন উদযাপন কৰাই নহয়, ই মানুহৰ ধৰ্মৰৰ সীমা অতিক্ৰম কৰে। 
 
বেণ্ডেল গীৰ্জাৰ বাগিচাত কিছুমান ভাস্কৰ্য্য শিল্পকৰ্ম
 
হুগলী জিলাৰ বেণ্ডেলত অৱস্থিত বেণ্ডেল গীৰ্জাক আনুষ্ঠানিকভাৱে বেচিলিকা অৱ দ্য হলী ৰোজাৰী বুলি জনা যায় আৰু ই ভাৰতৰ অন্যতম পুৰণি খ্ৰীষ্টিয়ান ধৰ্মালম্বী লোকৰ উপাসনা স্থলী। ১৫৯৯ চনত পৰ্তুগীজ মিছনেৰীসকলে ইয়াক স্থাপন কৰিছিল, যি সময়ত হুগলী আছিল এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ। এই গীৰ্জাই ইতিহাসৰ বহু উত্থান-পতনৰ সাক্ষী হৈ আহিছে।
 
এসময়ত মোগলৰ আক্ৰমণৰ সময়ত ইয়াক ধ্বংস কৰা হৈছিল আৰু পিছলৈ ১৬৬০ চনত ইয়াক পুনৰ নিৰ্মাণ কৰা হৈছিল। গীৰ্জাৰ দেৱালত খোদিত "In Peril, Remember" শব্দটোৱে এতিয়াও মানুহক বিশ্বাস, আশা আৰু নবীকৰণৰ কথা নিৰৱে সোঁৱৰাই দিয়ে।  
 
২০২৪ চনৰ বৰদিনৰ সময়ত প্ৰথমবাৰৰ বাবে বেণ্ডেল গীৰ্জা ভ্ৰমণ কৰাটো সম্পূৰ্ণ পৃথক অভিজ্ঞতা আছিল। যদিও গীৰ্জাঘৰত বৃহৎ জনসমাগম আছিল, তথাপিও এই সমাৱেশ কেৱল কোনো এটা ধৰ্মতে সীমাবদ্ধ নাছিল। খ্ৰীষ্টানসকলৰ লগতে হিন্দু, মুছলমান, শিখ আৰু অন্যান্য সম্প্ৰদায়ৰ লোকোও একে মনোভাবেৰে উপস্থিত আছিল। কোনো লোকে যদি চাকি জ্বলাই প্ৰাৰ্থনা কৰি আছিল, আন কোনোৱে আকৌ নিৰৱে থিয় হৈ শান্তিপূৰ্ণ পৰিৱেশটো অনুভৱ কৰি আছিল।  
 
বৰদিনৰ সময়ত হুগলীৰ বেণ্ডেল গীৰ্জাৰ এক দৃশ্য
 
বৰদিনত যীশুৰ সন্মুখত মমবাতি জ্বলোৱাটো এটা অতি চিনাকি প্ৰথা যদিও সেইদিনা এটা দৃশ্যই মোৰ মনত গভীৰ চাপ বহুৱাইছিল। সাধাৰণতে হিন্দু উপাসনাত ব্যৱহাৰ কৰা ধূপ এজন লোকে যীশুৰ সন্মুখত জ্বলাইছিল। তেওঁৰ এই সৰু যদিও অৰ্থপূৰ্ণ কাৰ্য্যই যেন এই কথাকে প্ৰকাণ কৰিছে যে, এই দেশত ঈশ্বৰৰ ৰূপ বেলেগ বেলেগ হ’লেও বিশ্বাসৰ মূল কথাটো একেই। তেওঁৰ দৃষ্টিত যীশু কোনো বেলেগ ধৰ্মৰ প্ৰতীক নহয়, বৰঞ্চ পৰম সত্তা, যাক তেওঁ নিজৰ ৰীতিৰে সন্মান জনাইছিল। 
 
গীৰ্জা চৌহদত মুছলমান সম্প্ৰদায়ৰ লোকৰ উপস্থিতিও লক্ষ্যণীয় আছিল। বোৰ্খা পৰিধান কৰা মুছলমান মহিলাসকলে বিনাদিধাই গীৰ্জাত প্ৰৱেশ কৰি যীশুৰ সন্মুখত থিয় হৈ প্ৰাৰ্থনা কৰা আৰু শান্তিপূৰ্ণ পৰিৱেশ উপভোগ কৰা দেখা গৈছিল। তাত কোনেও কাৰো ধৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰা নাছিল আৰু কোনেও কৌতুহলৰ দৃষ্টিৰে চোৱা নাছিল। সেই মুহূৰ্ততে স্পষ্ট হৈ পৰিছিল যে, মানুহ আৰু পৰমাত্মাৰ মাজৰ সম্পৰ্ক কোনো ধৰ্মীয় সীমাৰেখাৰে বান্ধ খাই থকা নাই; য'ত ভক্তি আৰু শান্তি অনুভৱ হয়, তাতেই ঈশ্বৰ বাস কৰে।
 
এই সম্প্ৰীতিৰ পৰিবেশতেই মই দৰ্শনাৰ্থী ড° ৰত্নময় সাহাৰ সৈতে কথা পাতিছিলো। তেওঁ কয় যে, প্ৰতি বছৰে বৰদিনৰ সময়ত তেওঁ বেণ্ডেল গীৰ্জালৈ আহে কাৰণ তেওঁ ইয়াত এক বিশেষ শান্তি অনুভৱ কৰে। ড° সাহাৰ পত্নী অঞ্জনা সাহাই কয়, "আমি আজি আমাৰ কন্যাক লগত লৈ আহিছো কাৰণ আমি তাইক ভাৰতৰ প্ৰকৃত সৌন্দৰ্য্য দেখুৱাব বিচাৰিছো। আমি বিচাৰো যে, তাই সৰুৰে পৰাই শিকিব যে, সকলো ধৰ্মকে সন্মান কৰা উচিত আৰু সকলো উৎসৱক আকোঁৱালি লোৱা উচিত।" 
 
বেণ্ডেল গীৰ্জাৰ ভিতৰৰ এক দৃশ্য
 
তেওঁ লগতে কয় যে, যেতিয়াই বৰদিন আহে তেতিয়াই বৰদিনৰ আনন্দৰে তেওঁলোকৰ ঘৰত বৰদিনৰ গছজোপা সজাই তোলা হয় আৰু আনন্দৰে উৎসৱৰ লাইট জ্বলোৱা হয়। তেওঁলোকৰ বাবে শিক্ষাৰ মূল কথা ধৰ্মীয় পাৰ্থক্য নহয়, বৰঞ্চ উৎসৱৰ আনন্দৰ ভাগ-বতৰা কৰা। তেওঁলোকৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে, ভাৰতৰ ঐক্য কোনো শ্লোগান নহয়, ই পৰিয়ালত চৰ্চা কৰা এক জীৱন্ত সংস্কৃতি।  
 
বৰদিনৰ পোহৰত বেণ্ডেল গীৰ্জা কেৱল যীশুৰ জন্মৰ সাক্ষী হোৱাই নহয়, ই ভাৰতৰ বহুত্ববাদী মনোভাৱৰ জীৱন্ত প্ৰতিফলন হৈ পৰিছে। শতিকা পুৰণি এই গীৰ্জাই যেন নিৰৱে সোঁৱৰাই দিয়ে যে, বিশ্বাসৰ পথ বেলেগ হ’ব পাৰে, আচাৰ-ব্যৱহাৰ বেলেগ হ’ব পাৰে, কিন্তু য’ত মানুহৰ হৃদয় একত্ৰিত হয়, তাতেই ভাৰতৰ প্ৰকৃত পৰিচয় নিহিত হৈ আছে।