অসমীয়া মুছলমান আমাৰ পক্ষত আছে, তেওঁলোকে এইবাৰ বিজেপিক ভোট দিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিকুঞ্জ নাথ / গুৱাহাটী
আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ নিৰ্বাচনী সমীকৰণক লৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ খিলঞ্জীয়া অসমীয়া মুছলমান সমাজৰ পূৰ্ণ সমৰ্থন শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা বুলি তেওঁ দাবী কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে এক দৃঢ়তাৰে প্ৰকাশ কৰে যে অসমীয়া মুছলমানসকলে কেৱল দলটোক সমৰ্থন কৰাই নহয়, বৰঞ্চ তেওঁক ব্যক্তিগতভাৱেও বহুক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াই আহিছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসমীয়া মুছলমানখিনি আমাৰ পক্ষত আছে। মোক বহুত সহায়ো কৰিছে। তেওঁলোকে এইবাৰ বিজেপিৰ সমৰ্থনত ভোট দান কৰিব।"
মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। বিশেষকৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ খিলঞ্জীয়া অসমীয়া মুছলমান সমাজৰ সুকীয়া পৰিচয় আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰিপ্ৰেক্ষিতত এই মন্তব্য অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। মুখ্যমন্ত্ৰীৰ মতে, চৰকাৰৰ এই উন্নয়নমূলক কাম-কাজ আৰু সদিচ্ছাৰ প্ৰতি সঁহাৰি জনাই এইবাৰ অসমীয়া মুছলমান ভোটাৰসকলে নিৰ্বাচনত বিজেপিক বিপুলভাৱে সমৰ্থন আগবঢ়াব।
বিভিন্ন সময়ত অসমীয়া মুছলমানখিনিয়ে মিঞা মুছলমানৰ বিৰুদ্ধাচাৰণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে মিঞা মুছলমানৰ সংস্কৃতি সম্পূৰ্ণ বেলেগ। তেওঁলোকৰ সংস্কৃতি অসমীয়া মুছলমান মানুহৰ লগত নিমিলে। অসমীয়া মুছলমানখিনি আন মানুহৰ দৰে কংগ্ৰেছত ৫০-৬০ শতাংশ আছিল যদিও অসম আন্দোলনৰ সময়ত অসমীয়া মুছলমান মানুহখিনিৰ বহুতে অগপক ভোট দিছিল। পৰিৱৰ্তন বহুতখিনি হৈছে আৰু মই ভাবো যে এইবাৰ অসমীয়া মুছলমান মানুহৰ বহুতখিনি ভোট বিজেপিয়ে পাব।
খিলঞ্জীয়া অসমীয়া মুছলমানৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰে বৃহৎ পদক্ষেপ
উল্লেখ্য যে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত শাসকীয় দলে দীৰ্ঘদিন ধৰি থলুৱা অসমীয়া মুছলমানসকলক বংগমূলীয় মুছলমানসকলৰ পৰা পৃথক কৰি তেওঁলোকৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। ২০২২ চনত অসম চৰকাৰে গৰীয়া, মৰীয়া, দেশী, জুলহা আৰু চৈয়দ— এই পাঁচটা উপ-গোটক সুকীয়াকৈ 'খিলঞ্জীয়া'ৰ মৰ্যাদা প্ৰদান কৰিছে। যুগ যুগ ধৰি অসমত বসবাস কৰি অহা এইসকল লোকৰ ভাষা, কৃষ্টি আৰু সংস্কৃতি মূলসুঁতিৰ অসমীয়া সমাজৰ সৈতে সম্পূৰ্ণৰূপে অভিন্ন।
গৰীয়াঃ কামতা শাসক চক্ৰধ্বজ সিংহৰ (১৪৫৫-১৪৮৫) ইছলাম ধৰ্ম গ্ৰহণৰ গ্ৰহণৰ পিছত অসমত ইছলামৰ প্ৰসাৰৰ উৎসাহ যথেষ্ট বৃদ্ধি পাইছিল।মোহিনী কুমাৰ শইকীয়াৰ আছাম-মুছলিম ৰিলেচন এণ্ড ইটছ কালছাৰেল ছিগনিফিকেন্ট (Assam - Muslim Relation and its Cultural Significance) নামৰ কিতাপখনত উল্লেখ থকা মতে গৌড় ৰাজ্যৰ (বৰ্তমানৰ পশ্চিম বংগ) চুলতান বৰবাক শ্বাহৰ পৰাজিত কৰাৰ পিছত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰে। ১৬১৫ চনৰ পৰা ১৬৮২ চন ৰ ভিতৰত মোগলে অসমত ১৭ বাৰ আক্ৰমণ কৰিছিল। সেইসময়ত মোগলৰহৈ যুজঁ দিয়া বহু সৈন্য যুদ্ধবন্দী হৈ পৰিছিল। আহোম ৰজাই সেই সৈনিকসকলক অসমত থকাৰ অনুমতি দিছিল। ইয়াৰে বহুতো লোক বৰ্তমান বংগৰ প্ৰাচীন ৰাজধানী গৌড়ৰ আছিল, সেই সূত্ৰেই তেওঁলোকে 'গৰিয়া' নামটো পাইছিল।এই লোকসকলে অসমত বসতি স্থাপন কৰি স্থানীয় মহিলাৰ লগত বিবাহপাশত আৱদ্ধ হৈ লাহে লাহে অসমীয়া সমাজৰ অংশ হৈ পৰিছিল।
হাজোৰ পোৱা মক্কা
বহু জনজাতীয় লোকে আহোম শাসনকালত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত গৰিয়া নামেৰে জনাজাত হৈছিল। গৰিয়াসকল এতিয়া সমগ্ৰ অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বিয়পি পৰিছে। যদিও তেওঁলোক ইছলাম ধৰ্মৰ অনুগামী কিন্তু তেওঁলোকৰ ভাষা, পোছাক আৰু বহু ৰীতি-নীতি স্থানীয় অসমীয়া সমাজৰ দৰেই।
মৰিয়াঃ ১৫৩০ চনত আহোম ৰজা চুহুংমুঙৰ শাসনকালত তুৰ্বাক খানৰ পৰাজয়ৰ পিছত নগাঁও জিলাৰ কলিয়াবৰৰ ওচৰত প্ৰায় ১০০০ যুদ্ধবন্দী সৈন্যকৰ বসতি স্থাপন কৰা হয়। এই সৈনিক সকলে পিছলৈ স্থানীয় অসমীয়া মহিলাক বিয়া কৰাইছিল আৰু মৰিয়া নামেৰে জনাজাত হৈছিল। বন্দী হিচাপে তুৰ্কীমূলৰ সৈনিক সকলক ৰাজকীয় হাতীৰ বাবে ঘাঁহ কাটিবলৈ আৰু খেতিয়ক হিচাপে কামত লগাই তেওঁলোকক নিষ্কর্মা সঁজাইছিল। অৱশ্যে তেওঁলোকৰ বহুতে পিতলৰ বাচন তৈয়াৰ কৰাত পাকৈত আছিল। বহু প্ৰাক্তন সৈনিকক তেওঁলোকৰ বীৰত্ব আৰু যুঁজাৰু মনোভাৱৰ বাবে আহোম ৰজাসকলে নিয়োগ কৰিছিল। তেনে এজন যোদ্ধা লাইধান খানক কিংবদন্তি আহোম সেনাপতি লাচিত বৰফুকনৰ ঘনিষ্ঠ সহযোগী বুলি কোৱা হৈছিল।
মৰিয়াসকলৰ এটা সুকীয়া উপভাষাও আছে, যিটো তেওঁলোকে নিজৰ মাজত বাৰ্তালাপ কৰিবলৈ ব্যৱহাৰ কৰিছিল। এই উপ ভাষাটো প্ৰায় বড়ো ভাষাৰ দৰেই। এই উপভাষাটোৰ ব্যৱহাৰে সূচায় যে তেওঁলোকে আগৰ সময়ত বড়ো সম্প্ৰদায়ৰ সৈতে নিয়মীয়া যোগাযোগ ৰাখিছিল।
দেশী মুছলমান মহিলাসকলৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন
দেশীঃ দেশীসকল অসমত প্ৰথম ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকসকলৰ ভিতৰত অন্যতম বুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ বংশ কোচ-ৰাজবংশীৰ প্ৰধান আলিমেচৰ পৰাই আহিছিল যি বখতিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। দেশীসকল বেছিভাগ গোৱালপাৰা জিলাৰ আশে পাশে কেন্দ্ৰীভূত হৈ আছে। দেশীসকল প্ৰাৰম্ভিক মুছলমানসকলৰ বংশধৰ বুলি বিশ্বাস কৰা হৈছিল যিসকলে যুদ্ধৰ পিছত ইয়াতে বসবাস কৰিছিল আৰু স্থানীয় ছোৱালীৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।
দেশীসকলৰ বহু বিশ্বাস, ৰীতি-নীতি আৰু অনুষ্ঠানবোৰ হিন্দু সকলৰ দৰেই বিশেষকৈ ৰাজবংশীসকলৰ দৰে একেই। গোৱালপাৰাৰ মানুহে দেৱালী স্থানীয় ভাবে উদযাপন কৰে যাক গছাঁ লগা বুলি জনা যায়। দেশী সকলে উদযাপন কৰা দেৱালীক 'দিয়া বাতি বা চৰাট' বুলিও কোৱা হয়। বড়ো সকলৰ বৈশাগু আৰু ৰাভা সকলৰ বইছোঁৰ দৰে দেশী মুছলমান সকলৰো নিজা বিহু আছে যাক তেওঁলোকে বেষ'মা বুলি কয়।
জুলহাঃ জুলহা (জোলহা বা জোলাহা বুলিও কোৱা হয়) হৈছে পূব অসমৰ কিছু অংশত বসবাস কৰা মুছলমানসকলৰ এটা সৰু সম্প্ৰদায়। জুলহাসকল মূলত অবিভক্ত বিহাৰ, উৰিষ্যা আৰু পশ্চিম বংগৰ আছিল আৰু এওঁলোক আদিবাসী সকলৰ পৰা ধৰ্মান্তৰিত হোৱা বুলিও বিশ্বাস কৰা হয়। সম্প্ৰদায়টোৰ অসমলৈ প্ৰব্ৰজন ঘটাৰ দুটা পৰ্যায় আছিল। প্ৰথমতে আহোম ৰজাৰ সময়ত তেওঁলোকক শিপিনী হিচাপত কাম কৰিবলৈ লৈ অনা হৈছিল। আৰু দৃতীয়টো হ'ল উনবিংশ শতিকাৰ শেষৰ ফালে যেতিয়া ব্ৰিটিছ চাহ খেতিয়ক সকলে চাহ বাগিচাত কাম কৰিবলৈ বহু সংখ্যক জুলহা সম্প্ৰদায়ৰ লোক লৈ আহিছিল।
দেশী মুছলমানৰ বিয়াত কোচ ৰাজবংশীৰ এক ৰীতি-নীতি
চৈয়দঃ প্ৰায় ১৬৩০ খ্ৰীষ্টাব্দত চুফীবাদৰ আদৰ্শৰে পৰিচালিত মুছলমানৰ প্ৰচাৰক আৰু সংস্কাৰকৰ এটা দলে টাইগ্ৰীছৰ নদীৰ পাৰৰ পৰা যাত্ৰা কৰি ইৰাক আৰু আফগানিস্তানৰ মাজেৰে আহি কাবুল আৰু পেছাৱাৰক সংযোগ কৰা খাইবাৰ পাছৰ মাজেৰে আহি ভাৰতত প্ৰৱেশ কৰিছিল। তেওঁলোকৰ মাজত আছিল চৈয়দ মইনুদ্দিন বাগদাদী যাক শ্বাহ মিলান বা শ্বাহ মিৰান বুলিও জনা গৈছিল। দলটো আজমেৰৰ চুফী সন্ত খোৱাজা মইনুদ্দিন চিষ্টিৰ দর্গাহত উপস্থিত হৈছিল। সপোনত খোৱাজাৰ পৰা নিৰ্দেশনা পোৱাৰ পিছত চৈয়দ মইনুদ্দিন বাগদাদী আৰু দলটোৰ আন ১৬ জন লোক অসমলৈ ৰাওনা হৈছিল। দলটো ১৬৩৬ খ্ৰীষ্টাব্দত হাজোৰ হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰ্গাহত উপস্থিত হৈছিল। দলটিয়ে ওচৰ চুবুৰীয়াৰ লগত বাৰ্তালাপ কৰি অসমীয়া ভাষা আয়ত্ত কৰিছিল আৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ সংস্কৃতিৰ সৈতে পৰিচিত হৈছিল।
হাজোত কেইবছৰমান কটোৱাৰ পিছত চৈয়দ মইনুদ্দিন বাগদাদীয়ে তেওঁৰ ভাতৃসহ দলটোৰ লগত দুখন নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি যাত্ৰা আৰম্ভ কৰি আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁওৰ ওচৰৰ সুনপুৰা গাঁৱত উপস্থিত হৈছিল। সেইসময়ত শাসনত আছিল ৰজা প্ৰতাপ সিংহ। তাত উপস্থিত হৈ বাগদাদীয়ে অনুভৱ কৰিছিল যে তাৰে মুছলমান সকলে ইছলামৰ ৰীতি নীতিৰ পৰা আঁতৰি গৈছে। তেওঁ সেই অঞ্চলটোত মুছলমান সকলক ইছলামৰ পথত আনিবলৈ আৰু হিন্দু মুছলমানৰ মাজত এটা সুসম্পৰ্ক গঢ়ি তুলিবলৈ কাম আৰম্ভ কৰিছিল। তেওঁ আজান আৰম্ভ কৰি দিনটোত পাঁচবাৰকৈ প্ৰাৰ্থনাৰ বাবে মাতিবলৈ আৰম্ভ কৰিছিল। তেওঁ আজান দিয়া বাবেই তেওঁক আজান পীৰ বা আজান দেও চাহেব বুলি কোৱা হৈছিল। ৰজা প্ৰতাপ সিংহয়ো তেওঁক বিশ্বাস কৰিছিল আৰু লগতে শিৱসাগৰ চহৰৰ পৰা ২৫ কিঃমিঃ দূৰত্বত ১২০ বিঘা মাটি দান কৰিছিল যাতে তেওঁ পৰিয়ালসহ ১২০ জন অনুগামীৰ সৈতে থাকিব পাৰে।
প্ৰতিনিধিত্বমূলক ফটো
ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকলক একত্ৰিত কৰাৰ লগতে জিকিৰৰ স্ৰষ্টা হোৱাৰ বাবেই আজান পীৰৰ প্ৰচেষ্টাক উদযাপন কৰা হয়। জিকিৰ এতিয়া অসমৰ সাংস্কৃতিক পৰিৱেশৰ এটা অংশ। যেতিয়া আজান পীৰ অসমলৈ আহিছিল তেতিয়া কেইবাগৰাকীও প্ৰচাৰক অসমত প্ৰৱেশ কৰিছিল আৰু তেওঁলোক পয়গম্বৰ হজৰত মহম্মদৰ বংশধৰ আছিল। এই লোকসকল আৰু তেওঁলোকৰ বংশধৰ সকলক চৈয়দ বুলি জনা যায়
আনহাতে, 'মিঞা মুছলমান' হিচাপে পৰিচিত বংগমূলীয় মুছলমানসকলৰ ৰাজনৈতিক সমীকৰণ আৰু প্ৰেক্ষাপট সম্পূৰ্ণ পৃথক। মূলতঃ নামনি আৰু মধ্য অসম তথা চৰ-চাপৰি অঞ্চলত সংখ্যাগৰিষ্ঠ এই লোকসকল ঐতিহাসিকভাৱে প্ৰব্ৰজিত আৰু তেওঁলোকৰ ভাষা-সংস্কৃতি থলুৱা মুছলমানসকলতকৈ ভিন্ন। ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিত এই বংগমূলীয় ভোটাৰসকলৰ এক বৃহৎ প্ৰভাৱ আছে যদিও, শাসকীয় বিজেপিয়ে নিৰ্বাচনী ৰণনীতিত প্ৰধানকৈ খিলঞ্জীয়া অসমীয়া মুছলমানসকলৰ সমৰ্থনৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।
মুখ্যমন্ত্ৰীৰ এই সুনিৰ্দিষ্ট দাবীয়ে প্ৰমাণ কৰে যে আগন্তুক নিৰ্বাচনত শাসকীয় দলে সমগ্ৰ মুছলমান সমাজখনক একেটা দৃষ্টিকোণেৰে চোৱাৰ পৰিৱৰ্তে 'খিলঞ্জীয়া বনাম প্ৰব্ৰজিত' সমীকৰণটোক অধিক গুৰুত্ব সহকাৰে লৈছে। থলুৱা অসমীয়া মুছলমানসকলে মুখ্যমন্ত্ৰীৰ এই আস্থাক ভোট বাকচত কিদৰে প্ৰতিফলিত কৰে, সেয়া পৰৱৰ্তী নিৰ্বাচনী ফলাফলতহে স্পষ্ট হ'ব।