শীতকালীন ধুমুহাৰ সতৰ্কবাণীৰ পৰিপ্ৰেক্ষিতত আমেৰিকান এয়াৰলাইন্সৰ ১,০০০ ৰো অধিক বিমানৰ যাত্ৰা বাতিল
ৱাশ্বিংটন
খ্ৰীষ্টমাছৰ সময়ছোৱাত শুকুৰবাৰে আমেৰিকান এয়াৰলাইন্সে ১,০০০ ৰো অধিক বিমানৰ যাত্ৰা বাতিল কৰে৷ শীতকালীন ধুমুহাৰ সতৰ্কবাণী আৰু মধ্য পশ্চিম আৰু উত্তৰ-পূব আমেৰিকাৰ কিছু অংশত প্ৰচণ্ড তুষাৰপাতৰ পূৰ্বাভাসৰ বাবে শুকুৰবাৰে বৰদিনৰ ব্যস্ত দিনটোত বিমান সংস্থাসমূহে ১০০০ৰো অধিক বিমান সেৱা বাতিল কৰে।
দেশৰ সৰ্ববৃহৎ চহৰ নিউয়ৰ্কত ৰাতিটোৰ ভিতৰত দহ ইঞ্চি পৰ্যন্ত বৰফ পৰাৰ সম্ভাৱনা আছিল আৰু তাপমাত্ৰা বহু তললৈ নামি যোৱাৰ সম্ভৱনা আছিল৷ এই ঠাণ্ডাৰ প্ৰকোপ সপ্তাহটোৰ শেষৰ ফালেও অব্যাহত থাকিব বুলি বতৰ সেৱা সংস্থাই জনাইছে।
FlightAwareৰ ৱেবছাইটৰ মতে শুকুৰবাৰে আমেৰিকাৰ পূৰ্বাঞ্চলীয় সময় অনুসৰি দিনৰ ১ বজা পৰ্যন্ত কমেও ১,১৯১ খন বিমানৰ যাত্ৰা বাতিল কৰা হয় আৰু ৩,৯৭৪ খন বিমানৰ যাত্ৰাত বিলম্ব হয়।
গোটেই দিনটোত আপাৰ গ্ৰেট লেক অঞ্চলত তুষাৰপাত হোৱাৰ লগতে শীতকালীন ধুমুহাই উত্তৰ-পূবৰ ফালে গতি কৰিব বুলি ৰাষ্ট্ৰীয় বতৰ সেৱা (NWS)-ই ভৱিষ্যদ্বাণী কৰিছে।
নিউয়ৰ্কৰ মেয়ৰ এৰিক এডামছে কয় যে শীতকালীন ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু পথসমূহ পৰিষ্কাৰ কৰাৰ বাবে চহৰখনৰ কৰ্মীসকলক নিয়োগ কৰা হৈছে।
নিউয়ৰ্ক আৰু চিকাগোৰ বিমানবন্দৰসমূহ ফ্লাইটএৱেৰৰ ‘মিজাৰি মেপ’ৰ ৰেংকিঙৰ শীৰ্ষত আছিল, যিয়ে বিমান বিলম্ব আৰু বাতিলৰ বিস্তাৰ অনুসৰণ কৰে। ৱেবছাইটটোৰ মতে, নিউয়ৰ্ক এলেকাৰ বিমান বন্দৰসমূহত ৭৮৫ খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।