মালিক আছঘৰ হাচমী
২০২৫ বৰ্ষটো ভাৰতৰ মহাকাশ ইতিহাসৰ এক গৌৰৱোজ্জ্বল ক্ষণ হিচাপে সদায়ে স্মৰণীয় হৈ ৰ'ব। কিয়নো এই বৰ্ষতে, ৪১ বছৰৰ ব্যৱধানৰ অন্তত, এজন ভাৰতীয় মহাকাশচাৰীয়ে পুনৰবাৰ মহাকাশত প্ৰৱেশ কৰিছে আৰু দেশৰ আশা-আকাংক্ষাক পৃথিৱীৰ বাহিৰত লৈ গৈছে। গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কৰা এই যাত্ৰা কেৱল তেওঁৰ এক ব্যক্তিগত সাফল্য নাছিল, বৰঞ্চ ই মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ আত্মবিশ্বাস, উচ্চাকাংক্ষা আৰু বিশ্বজনীন উপস্থিতিৰ এক প্ৰতীক আছিল।
মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ভৰি দিয়া প্ৰথমজন ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছিল। আৰু যেতিয়া তেওঁ নিৰাপদে পৃথিৱীলৈ উভতি আহিছিল, তেতিয়া সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছিল। কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলৰ ওচৰৰ প্ৰশান্ত মহাসাগৰত নিৰাপদে অৱতৰণ কৰিছিল এক্সিয়াম-৪ (এক্স-৪) মিছন মহাকাশযানখনে। এয়া কেৱল সফল অৱতৰণ নাছিল, ই মহাকাশত ভাৰতৰ ক্ৰমবৰ্ধমান উচ্চাকাংক্ষাৰ শক্তিশালী প্ৰমাণো আছিল। ১৫:০১ বজাত এই অৱতৰণ কৰা হৈছিল আৰু লাখ লাখ লোকে লাইভ সম্প্ৰচাৰ প্ৰত্যক্ষ কৰিছিল, আৰু তেওঁলোকৰ চকুত আশা, মুখমণ্ডল গৌৰৱ আৰু উত্তেজনাৰে ভৰি পৰিছিল।
সতীৰ্থসকলৰ সৈতে শুভাংশু শুক্লা
হিউষ্টনৰ ব্যক্তিগত কোম্পানী এক্সিয়াম স্পেছে এই অভিযান চলাইছিল, যদিও ইয়াৰ মনোভাৱ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। নাছা, ইছৰো, ইউৰোপীয় মহাকাশ সংস্থা আৰু স্পেচএক্সৰ যৌথ প্ৰচেষ্টাত এক্স-৪ সম্পন্ন কৰা হৈছিল। এই অভিযানৰ কমাণ্ডাৰ আছিল নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছন, আনহাতে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই পাইলট হিচাপে কাম কৰিছিল। এই ঐতিহাসিক যাত্ৰাৰ আন ক্ৰুৰ সদস্যসকলৰ ভিতৰত আছিল পোলেণ্ডৰ স্লাওছ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপু।
২৬ জুনত আই এছ এছত উপস্থিত হোৱা এই দলটোৱে প্ৰথমে দুসপ্তাহৰ বাবে থকাৰ কথা আছিল, যদিও আৰু কেইদিনমানৰ বাবে অভিযান বৃদ্ধি কৰা হৈছিল। এই সময়ছোৱাত ক্ৰুৱে ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা চলাইছিল, ইয়াৰে ৭টা ইছৰ'ই ডিজাইন কৰিছিল। এই পৰীক্ষাসমূহ কেৱল পৰীক্ষাগাৰত সীমাৱদ্ধ নাছিল; ইয়াত তেওঁলোকে মূল্যৱান অভিজ্ঞতা প্ৰদান কৰিছিল, যিয়ে ভাৰতৰ ভৱিষ্যতৰ মানৱ মহাকাশ অভিযানক শক্তিশালী কৰিব। এই অভিযানৰ বাবে ইছৰ'ই শুক্লাৰ আসন আৰু প্ৰশিক্ষণৰ বাবে প্ৰায় ৫ বিলিয়ন টকা ব্যয় কৰিছিল, যিটোক সংস্থাটোৱে ভাৰতৰ মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে দীৰ্ঘম্যাদী বিনিয়োগ বুলি গণ্য কৰিছে।
১৯৮৪ চনত ৰাকেশ শৰ্মাই সোয়ুজ মহাকাশযানত উঠি মহাকাশ ভ্ৰমণ কৰাৰ ৪১ বছৰৰ পাছত এই যাত্ৰা কৰা হৈছিল। এইবাৰ পাৰ্থক্যটো আছিল যে, ভাৰত কেৱল অংশগ্ৰহণকাৰী নহয়, ভৱিষ্যত গঢ় দিয়াত সহায় কৰাসকলৰ মাজতো আছিল। আই এছ এছৰ পৰা বিদায়ী ভাষণত শুভাংশু শুক্লাই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব পৰা মন্তব্য প্ৰদান কৰিছিল। তেওঁ কয় যে, ভাৰতৰ মানৱ মহাকাশ যাত্ৰা কঠিন হ’ব পাৰে, কিন্তু ই ইতিমধ্যে আৰম্ভ হৈছে, আৰু দৃঢ় সংকল্পৰে তৰাৰ ওচৰলৈ যাব পাৰিব।
মহাকাশত খাদ্য খাই থকা মুহূৰ্তত শুভাংশু শুক্লা
ৰাকেশ শৰ্মাৰ ঐতিহাসিক মন্তব্যবোৰ মনত পেলাই শুক্লাই বিখ্যাত উৰ্দু গীত "ছাৰে জাহান ছে আটছা"ৰ শীৰ্ষক বাক্যটি উল্লেখ কৰি নিজৰ ভাষাত আজিৰ ভাৰতৰ বিষয়ে বৰ্ণনা কৰিছিল। তেওঁ কয় যে, মহাকাশৰ পৰা ভাৰতক অভিলাষী, নিৰ্ভীক, আত্মবিশ্বাসী, আৰু গৌৰৱেৰে ভৰা দেখা যায়। এইটো কেৱল আৱেগিক বক্তব্য নাছিল, ভাৰতৰ বিজ্ঞানী, অভিযন্তা, যুৱক-যুৱতীসকলৰ দৃষ্টিত দেখা পোৱা আত্মবিশ্বাসৰ প্ৰকাশ আছিল।
শুভাংশ শুক্লাৰ এই যাত্ৰা নিশাটোৰ ভিতৰতে সম্পন্ন হোৱা নাছিল। ১৯৮৫ চনৰ ১০ অক্টোবৰত লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুক্লাই ২০০৬ চনত ভাৰতীয় বায়ুসেনাত যুঁজাৰু পাইলট হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। মিগ, সুখয়, জাগুয়াৰ, হক, ডৰ্নিয়াৰ আদি বিমান উৰুৱাই ২০০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা লাভ কৰিছিল। ২০১৯ চনত ইছৰোৰ পৰা অহা এটা ফোন তেওঁৰ জীৱনৰ এটা টাৰ্নিং পইণ্টত পৰিণত হৈছিল, তাৰ পিছত তেওঁ ৰাছিয়াৰ ষ্টাৰ চিটিৰ ইউৰি গাগাৰিন কচমনাউট ট্ৰেইনিং চেণ্টাৰত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২৭ ফেব্ৰুৱাৰীত গগনযান অভিযানৰ বাবে নিৰ্বাচিত চাৰিজন মহাকাশচাৰীৰ ভিতৰত এজন হিচাপে তেওঁক দেশৰ লগত চিনাকি কৰাই দিয়া হৈছিল। ২০২৪ চনৰ মাৰ্চ মাহত গ্ৰুপ কেপ্তেইন পদবীলৈ উন্নীত হোৱাটোৱে তেওঁৰ ব্যতিক্ৰমী সেৱাক স্বীকৃতি দিয়ে। এক্স-৪ অভিযানৰ পাইলট হিচাপে সেৱা আগবঢ়াই তেওঁ প্ৰমাণ কৰিলে যে, ভাৰতীয় বায়ুসেনাৰ এজন যুঁজাৰু বিমান পাইলটে মহাকাশত সমান দক্ষতাৰে কাম কৰিব পাৰে।
প্ৰতিনিধিত্বমূলক ছবি
মহাকাশলৈ যোৱাৰ পূৰ্বে শুভাংশ শুক্লাই কৈছিল যে, তেওঁ নিজৰ লগত কেৱল বাদ্যযন্ত্ৰ আৰু সঁজুলিয়েই কঢ়িয়াই লৈ ফুৰা নাছিল, বৰং তেওঁ কোটি কোটি ভাৰতীয়ৰ আশা আৰু সপোন কঢ়িয়াই লৈ ফুৰিছিল। মহাকাশৰ পৰা তেওঁ নিৰাপদে উভতি অহাৰ পিছত এইটো স্পষ্ট হৈ পৰিছে যে, তেওঁ সেই সপোনবোৰক আৰু ডাঙৰ কৰি লৈ উভতি আহিছে।
২০২৭ চনত গগনযানৰ জৰিয়তে ভাৰতৰ প্ৰথম স্বদেশী মানৱ মহাকাশ যাত্ৰা, ২০৩৫ চনৰ ভিতৰত নিজৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণ আৰু ২০৪০ চনৰ ভিতৰত ভাৰতীয় মহাকাশচাৰীসকলক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা ইছৰোৰ আছে। শুভাংশু শুক্লাৰ এই যাত্ৰা ইতিমধ্যে এই দৃষ্টিভংগীৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ২০২৫ৰ এই আকাশী অধ্যায়টোৱে আগন্তুক দশকসমূহক পথ প্ৰদৰ্শিত কৰিব, আৰু ইতিহাসে মনত ৰাখিব যে, ইয়াৰ কেন্দ্ৰত এটা নাম আছিল যিয়ে সঁচাকৈয়ে সকলোৰে ওপৰত প্ৰভাৱ পেলাইছিল, তেওঁ হৈছে শুভাংশু শুক্লা।