দৌলত ৰহমান/গুৱাহাটী
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰ, অসমৰ ইতিহাসৰ অন্যতম ক’লা আৰু দুখজনক এটা দিন। এটা কণ্ঠৰ পৰা যুৱ-প্ৰজন্মৰ কণ্ঠস্বৰ হৈ পৰা জুবিন গাৰ্গে ৫২ বছৰ বয়সত ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত হঠাতে শেষ নিশ্বাস ত্যাগ কৰে।
এই মৃত্যুৱে কেৱল অসমকে নহয় ভাৰতীয় সংগীত জগতকো কঁপাই তুলিছিল। জুবিন কেৱল এজন কণ্ঠশিল্পীয়ে নাছিল। তেওঁ আছিল এক সাংস্কৃতিক শক্তি, এজন গল্পকাৰ, ভাৰতীয় সংগীতৰ বহল আখ্যানত বহু সময়ত কণ্ঠক একাষৰীয়া কৰি ৰখা এটা কণ্ঠ।
তিনি দশকৰ জীৱনত জুবিনে ভাষিক, আঞ্চলিক, সাংস্কৃতিক বাধা অতিক্ৰম কৰা সংগীতৰ সৃষ্টি কৰিছিল, অসমীয়া, হিন্দীৰ আৰু বাংলাৰ লগতে প্ৰায় ৪০ টা ভাষাত গীত গাইছিল আৰু অগণন শ্ৰোতাৰ হৃদস্পন্দন হৈ পৰা বিভিন্ন গীত ৰচনা কৰিছিল। গেংষ্টাৰৰ দৰে ছুপাৰ হিট বলীউডৰ ছবিত গোৱা য়া আলী গীতটোৰে তেওঁ সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰিছিল, তথাপিও তেওঁৰ শিপা সদায় অসমৰ মাটিত গভীৰভাৱে শিপাই আছিল।
মঞ্চত গীত পৰিবেশন কৰা মুহূৰ্তত জুবিন গাৰ্গ
জুবিনৰ মৃত্যুত অসমবাসীয়ে এটি কণ্ঠ হেৰুৱাতকৈ অতি বেছি হৃদয় বিদাৰক আছিল। পৰম্পৰা আৰু আধুনিকতাৰ মাজৰ এখন সেতু হেৰুৱাইছিল প্ৰতিজন অসমীয়াই। জুবিন এনেকুৱা এজন সংগীতজ্ঞ আছিল, যাৰ গীতত মানুহে নিজক বিচাৰি পাইছিল। সামাজিক মাধ্যম আৰু মানুহৰ শোকৰ প্ৰতিফলনে জুবিন নামৰ আবেগটোক বহুলৰূপত প্ৰতিষ্ঠিত কৰিছিল। তেওঁৰ মৃত্যু কেৱল এজন শিল্পীৰ বিদায় হোৱাৰ দৰে নাছিল, বহুতৰে বাবে তেওঁৰ মৃত্যুৱে এটা যুগৰ অন্ত যেন অনুভৱ কৰিছিল। যাৰ সংগীত প্ৰতিটো উদযাপনত, প্ৰতিগৰাকীৰ হৃদয়ৰ কোণত, প্ৰতিটো স্মৃতিত মানুহৰ মুখে মুখে আছিল।
১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰে হিয়াৰ আমঠু জুবিন গাৰ্গে।তেওঁৰ মৃতদেহ ভাৰতলৈ অনাৰ সময়ত হাজাৰ হাজাৰ লোকে ৰ'দে-বৰষুণে দিনে-নিশাই অপেক্ষা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া বিশাল আছিল, সকলো পটভূমিৰ লোকে একত্ৰিত হৈ বিদায় দিছিল ঈশ্বৰপুত্ৰক। আনকি লিমকা বুক অৱ ৰেকৰ্ডছে ইয়াক বিশ্বৰ অন্যতম বৃহৎ ৰাজহুৱা সমাৱেশ হিচাপে স্বীকৃতি দিছিল। ইয়াৰ পৰাই বুজা যায় যে জুবিনক মানুহে কেনেকুৱা ধৰণে মৰম আৰু আদৰ কৰিছিল।
অসমে এই সামূহিক শোক পূৰ্বতে কেতিয়াও সাক্ষী হোৱা নাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ঠিকেই কৈছে - জুবিনৰ দৰে আন এজন আহিবলৈ অসমে হয়তো ৫০ বছৰ অপেক্ষা কৰিব লাগিব৷ তেওঁৰ মৃত্যু এক বৃহৎ ক্ষতি আৰু আমি এনেকুৱা কিবা এটা আকৌ এনেকুৱা পৰিবেশ দেখা পোৱাৰ সম্ভাৱনা নাই।
জুবিনৰ যাদু কেৱল তেওঁৰ আচৰিত গায়ন শৈলীতে নাছিল, তেওঁ আছিল একেবাৰে সহজ-সৰল স্বভাৱৰ। সৰুৰ পৰা বুঢ়ালৈকে, ধনীৰ পৰা দুখীয়ালৈকে, সকলোৰে লগত তেওঁ সংযোগ স্থাপন কৰিছিল। তেওঁ নম্ৰ আছিল, ৰিক্সাৰে যাত্ৰা কৰিছিল, পথৰ কাষৰ চাহৰ দোকানত আড্ডা মাৰিছিল, স্থানীয় লোকৰ লগত খেলা-ধূলা কৰিছিল। বহু অস্থিৰতাৰ সন্মুখীন হোৱা ৰাজ্যখনত তেওঁৰ গীতে মানুহক সান্ত্বনা দিছিল। প্ৰেম, দয়া আৰু মানৱতা বিয়পাইছিল।
গীত গাই থকা মুহূৰ্তত
জুবিন আছিল সম্পূৰ্ণ ৰত্ন। তেওঁ অচিনাকি মানুহকো সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু সংগ্ৰাম কৰি থকাসকলক তেওঁ সদায় মৰম কৰিছিল। তেওঁ জীৱ-জন্তু ভাল পাইছিল আৰু গছ বচাবলৈ অতি আগ্ৰহী আছিল। এয়া জুবিনৰ মহান কামবোৰৰ এটা অংশহে মাত্ৰ।
জুবিন আছিল নিৰ্ভীক আৰু নিজৰ প্ৰতি সত্য আছিল। বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা স্বত্তেও তেওঁৰ স্থিতি কিন্তু কেতিয়াও লৰচৰ হোৱা নাছিল। তেওঁ বিহুৰ অনুষ্ঠানত হিন্দী গীত গাই নিষিদ্ধ উলফা গোটৰ সন্মুখত থিয় দিছিল, তেওঁলোকে ভাবুকি দিয়াৰ পিছতো জুবিনে নিজৰ স্থিতিত অটল আছিল। পিছলৈ অসমৰ সংস্কৃতিত তেওঁৰ প্ৰভাৱক স্বীকাৰ কৰি আলফাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল আৰু জুবিনে নিজৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিল।

হিয়াৰ আমঠু জুবিন গাৰ্গ

জুবিনৰ জীৱনটো প্ৰত্যাহ্বানেৰে ভৰা আছিল। উলফাৰ আন্দোলনৰ সময়ত তেওঁ নিৰাপত্তাৰক্ষীৰ সৈতে থকা স্বত্বেও কঠিন সময়ৰ সন্মুখীন হৈছিল। তেওঁ এবাৰ কৈছিল, "মোক আলফা সমৰ্থক বুলি ভাবি আৰক্ষীয়ে চৰ মাৰিছিল।" এই সকলোবোৰৰ প্ৰত্যাহ্বানৰ মাজতো তেওঁ আগবাঢ়ি গৈ থাকিল আৰু নিজৰ সত্যৰ স্থিতিত অটল আছিল।
জুবিন গাৰ্গ এজন গায়ক, সুৰকাৰ, সংগীতজ্ঞ হোৱাৰ উপৰিও বিভিন্ন সংকটৰ সময়ত নেতা হৈ পৰিছিল। তেওঁ যিটো সত্য বুলি বিশ্বাস কৰিছিল তাৰ পক্ষত থিয় দিছিল। যেনে ২০১৯ চনত অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা প্ৰতিবাদৰ সন্মুখৰ পৰা নেতৃত্ব দিছিল।
১৯৯২ চনত জুবিনৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল, তেওঁৰ প্ৰথম এলবাম অনামিকাৰ জৰিয়তে। ৩০ বছৰত ৩৮টা ভাষাত ৩৮,০০০+ গীত ৰেকৰ্ডিং কৰিছিল। আৰু তেওঁ ঢোল, গীটাৰ, আৰু কিবৰ্ডকে ধৰি মুঠ ১২ টা বাদ্যযন্ত্ৰ বজাইছিল। শৈশৱৰ পৰাই অতি প্ৰতিভাবান আছিল জুবিন গাৰ্গ।
জুবিন গাৰ্গে অসমীয়া চলচ্চিত্ৰৰ ধাৰা সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। তেওঁ মিছন চাইনা আৰু কাঞ্চনজঙ্ঘাৰ দৰে বৃহৎ বাজেটৰ ছবি নিৰ্মাণ কৰিছিল আৰু মৃত্যুৰ পিছত মুক্তি পোৱা তেওঁৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে সকলে অভিলেখ ভংগ কৰিছিল। মাত্ৰ এমাহতে ৩৩.৩০ কোটি টকাৰ ওপৰত উপাৰ্জন কৰি এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া ছবি হিচাপে পৰিগণিত হৈছিল।
বাংলা সংগীতত জুবিনৰ প্ৰভাৱ বিপুল আছিল। তেওঁ শুধু তুমি (২০০৪)ৰ বাবে সংগীত পৰিচালক আছিল আৰু গীতো গাইছিল, ইয়াৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটাও লাভ কৰিছিল। "মন মানে না" আৰু "পিয়া ৰে পিয়া ৰে"ৰ দৰে হিট গীতে তেওঁৰ বাংলা চিনেমা জগতত অধিক জনপ্ৰিয় কৰি তুলিছিল।
জুবিন গাৰ্গে ২০০০ চনৰ আৰম্ভণিতে মুম্বাইলৈ গৈছিল। বলীউডত তেওঁ আমাক "য়া আলী" (গেংষ্টাৰ) আৰু "দিলৰুবা" (নমস্তে লণ্ডন)ৰ দৰে চুপাৰ হিট গীত দিছিল। মুম্বাইত যথেষ্ট খ্যাতি লাভ কৰাৰ পিছতো তেওঁ মুম্বাইৰ বিশৃংখলতাত নাথাকি অসমলৈ উভতি আহিছিল। তেওঁ এবাৰ কৈছিল, "মুম্বাইৰ বিশৃংখলতা মোৰ ভাল নালাগে, মই অসমতে থাকিম আৰু ইয়াতে মই ৰজাৰ দৰে মৰিম।"
জুবিনৰ কথাবোৰ একপ্ৰকাৰ ভৱিষ্যতবাণী ৰূপত প্ৰমাণিত হৈছিল। তেওঁৰ মৃত্যুত অসমৰ প্ৰতিগৰাকী মানুহৰ চকুলো ওলাইছিল। তেওঁ এবাৰ পত্নী গৰিমাক কৈছো যে তেওঁৰ মৃত্যুৱে সকলোতে শোকৰ ছাঁ পেলাব। সেয়াও প্ৰমাণিত হৈছিল। তেওঁৰ মৃত্যুত সকলো স্তব্ধ হৈ গৈছিল। লাখ লাখ লোকে শ্ৰদ্ধাঞ্জলি জনাইছিল, আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁক প্ৰশংসা কৰি কৈছিল যে সংগীতৰ প্ৰতি তেওঁৰ বিপুল অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ’ব। তেওঁ সমাজৰ সকলো মানুহৰ একেবাৰে নিজৰ আছিল। মৃত্যু যেন ৰজাৰ দৰে হৈছিল।
জুবিনৰ মৃত্যুৱে যি খালি ঠাইৰ সৃষ্টি কৰিলে, সেই খালি ঠাই কোনেও পূৰণ কৰিব নোৱাৰে। তেওঁৰ সংগীত, তেওঁৰ প্ৰভাৱ, মানৱতাৰ প্ৰতি তেওঁৰ প্ৰেমে তেওঁৰ বিশাল ব্যক্তিত্বক প্ৰতিফলিত কৰে। জুবিনৰ কণ্ঠ নিস্তব্ধ হৈ পৰিলেও, তেওঁৰ প্ৰতিধ্বনি চিৰকাল থাকিব।