গুৱাহাটী
আজি নৱবৰ্ষৰ প্ৰথমটো দিন। ২০২৬ বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোত আজি পুৱাৰে পৰা মন্দিৰসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশিস ল’বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহলৈ সমাগম হৈছে অগণন লোকৰ।
গুৱাহাটী মহানগৰীৰ বিভিন্ন মন্দিৰতো পুৱাৰে পৰা ভক্তৰ ভিৰ দেখা গৈছে। মহানগৰীৰ গণেশগুৰিস্থিত গণেশ মন্দিৰ, লতাশিলৰ গণেশ মন্দিৰ, কামাখ্যা, উগ্ৰতাৰা দেৱালয়, লাচিত নগৰৰ হনুমান মন্দিৰ, বশিষ্ঠ মন্দিৰ সকলোতে সেৱা লৈছে ভক্তই। সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত নৱবৰ্ষ উদযাপনৰ উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে।
নতুন বছৰটোত মনৰ আশা পূৰণ হোৱাৰ কামনাৰে ভক্তসকলে মা কামাখ্যাৰ ওচৰত আশিস লৈছে। সমগ্ৰ ভাৰততে বিস্তৃত মুঠ ৫১ খন শক্তিপীঠৰ মাজৰ অন্যতম হৈছে কামাখ্যা। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত প্ৰতিদিনে দেশী-বিদেশী হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। একেদৰে মহানগৰীৰ মাজমজিয়াৰ উগ্ৰতাৰা দেৱালয়ত অনুৰূপ দৃশ্য পৰিলক্ষিত হয়। শক্তিপীঠসমূহৰ ভিতৰত অন্যতম উগ্ৰতাৰা দেৱালয়। লোকবিশ্বাস মতে দেৱী সতীৰ নাভি পৰিছিল এই উগ্ৰতাৰা দেৱালয়ত। উগ্ৰতাৰা দেৱালয় আহোম স্বৰ্গদেউ শিৱ সিংহই ১৭২৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল।
ইপিনে, আজি পুৱাৰে পৰা লতাশিলৰ গণেশ মন্দিৰতো ভক্তৰ লানি নিছিগা ভিৰ পৰলক্ষিত হয়। লতাশিলৰ গণেশ মন্দিৰটো হলিৰাম দাসে প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় থকা স্থানত পূৰ্বতে আকাশবাণী গুৱাহাটী কেন্দ্ৰ আছিল। তাতে মূৰ্তিটো উদ্ধাৰ কৰি গছৰ তলতে মূৰ্তিটো স্থাপন কৰি পূজা আগবঢ়াইছিল। পৰৱৰ্তী সময়ত ন্যায়াধীশে মূৰ্তিটো সেই স্থানৰ পৰা আঁতৰাব বিচাৰিছিল। কিন্তু সপোনত হাতীয়ে আক্ৰমণ কৰা দেখি সেই কামৰ পৰা বিৰত থাকে। তেতিয়াৰে পৰা মন্দিৰটো ক্ৰমবিকাশ হৈ আজিৰ পৰ্যায় পাইছে।