এই ঈদত ঘৰখন সজাওক নিজ হাতে: সহজ আৰু সুন্দৰ DIY আইডিয়া

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
অৰ্চলা খান / নতুন দিল্লী
 
সমাগত ঈদ। ঘৰবোৰত তুংগত উঠিছে ঈদৰ প্ৰস্তুতি। গৃহসজ্জা আৰু উপহাৰৰ সামগ্ৰীৰে উভয়নদী হৈ পৰিছে বজাৰবোৰ। কিন্তু বহু লোকে এই অনুষ্ঠানটোক বিশেষ কৰি তুলিবলৈ নিজৰ হাতেৰেও কিছুমান গৃহসজ্জা সামগ্ৰী তৈয়াৰ কৰিবলৈ পছন্দ কৰে। DIY অৰ্থাৎ নিজে তৈয়াৰ কৰা সৰু-সুৰা উপহাৰ আৰু গৃহসজ্জাৰ সামগ্ৰীবোৰ কেৱল মাত্ৰ সুলভে নহয়, সেইবোৰত ব্যক্তিগত স্পৰ্শও প্ৰতিফলিত হয়। সেয়েহে ঈদ উপলক্ষে আপুনিও গৃহসজ্জা আৰু উপহাৰৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ কিছুমান সহজ আৰু সুন্দৰ DIY আইডিয়াৰ চেষ্টা কৰিব পাৰে।   
 
আটাইতকৈ সহজ উপায় হ'ল ঈদৰ শুভেচ্ছা কাৰ্ড বনোৱা। ৰঙীন কাগজ, গ্লিটাৰ কলম আৰু সৰু ষ্টিকাৰৰ সহায়ত আপুনি 'ঈদ মোবাৰক' লিখি এখন সুন্দৰ ঈদৰ শুভেচ্ছা কাৰ্ড তৈয়াৰ কৰিব পাৰে। যদি আপুনি তাৰ ওপৰত জোন আৰু তৰাৰ এটা সৰু ডিজাইন তৈয়াৰ কৰে, তেন্তে কাৰ্ডখন আৰু অধিক আকৰ্ষণীয় হৈ পৰে। এই কাৰ্ডখন আপুনি আপোনাৰ বন্ধু বা পৰিয়ালৰ লোকক উপহাৰ হিচাপে দিব পাৰে।   
 
 
জোন আৰু তৰা ওলমি থকা বস্তুও আপোনাৰ ঘৰ সজাবলৈ  ব্যৱহাৰ কৰাটোও এটা ভাল ধাৰণা। ইয়াৰ বাবে আপুনি সোণালী বা ৰূপালী কাগজৰ পৰা জোন আৰু তৰাৰ আকৃতি কাটি উলিয়াওক। সেইবোৰ সুতাৰ সৈতে আঠা লগাই বেৰ বা খিৰিকীৰ ওচৰত ওলোমাই থওক। ইয়াৰ ফলত নিমিষতে আপোনাৰ ঘৰত ঈদ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। 
 
আপুনিও নিজে ঈদি উপহাৰৰ বাকচ বনাব পাৰে। সৰু সৰু ৰঙীন বাকচবোৰ লৈ তাত ফিতা, মণি বা জোন আৰু তৰাৰ ষ্টীকাৰ যোগ কৰক। ভিতৰত চকলেট, ড্ৰাই ফ্ৰুটছ, বা সৰু টোকা এটা দি শিশুক ঈদি হিচাপে দিয়ক। শিশুসকলে এইধৰণৰ উপহাৰ খুব ভাল পায়। 
 
আন এটা সুন্দৰ ধাৰণা হ’ল DIY বন্তি বা চাকি বনোৱা। ৰঙীন কাগজ বা কাৰ্ড শ্বীটৰ পৰা সৰু সৰু চাকি বনাই কোঠাটোৰ চাৰিওফালে ওলোমাই থ’ব পাৰে। যদি এই বন্তি বা চাকিবোৰৰ ভিতৰৰ সৰু এলইডি লাইট লগাই দিয়া হয়, তেন্তে সজ্জাটো দেখিবলৈ আৰু অধিক সুন্দৰ হৈ পৰে। 
 
 
ডাইনিং টেবুলৰ বাবেও ঈদৰ বিষয়বস্তুৰ টেবুল সজ্জা তৈয়াৰ কৰিব পাৰি। সৰু সৰু কাঁচৰ জাৰত মমবাতি ৰাখি জাৰৰ বাহিৰৰ ফালে জোন আৰু তাৰাৰ ষ্টীকাৰ লগাই দিয়ক। ইয়াৰ ফলত ইফতাৰ বা ঈদৰ নিশাৰ আহাৰ গ্ৰহণৰ মেজখন অতি আকৰ্ষণীয় হৈ পৰে।
 
উপহাৰ দিব বিচাৰিলে DIY মিঠাই বা কুকিজৰ জাৰো বনাব পাৰে। এটা পৰিষ্কাৰ কাঁচৰ জাৰত ঘৰতে বনোৱা কুকিজ বা মিঠাই থৈ তাৰ ওপৰত সৰু "ঈদ মোবাৰক"ৰ এটা সৰু টেগলগাই দিয়ক। এইটো এটা অতি সহজ, যদি হৃদয়স্পৰ্শী উপহাৰ হয়।
 
প্ৰকৃততে, ঈদ কেৱল নতুন কাপোৰ বা মিঠাইৰ মাজতে সীমাবদ্ধ নহয়। ই হৈছে সুখৰ ভাগ-বতৰা কৰাৰ উৎসৱ। হাতেৰে বনোৱা সজ্জা সামগ্ৰী আৰু উপহাৰে আপোনত্ব আৰু সুখ দুয়োটাই বৃদ্ধি কৰে। এই সৰু সৰু প্ৰয়াসৰবোৰে ঈদৰ এই বিশেষ মুহূৰ্তবোৰ আৰু অধিক স্মৰণীয় কৰি তোলে।