প্ৰশাসনিক বিষয়াৰ পৰা মাৰাথন দৌৰবিদলৈঃ 'Wondrous Women'ৰ প্ৰতিষ্ঠাপক আনিছা নবীৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 2 h ago
'Wondrous Women'ৰ প্ৰতিষ্ঠাপক আনিছা নবী
'Wondrous Women'ৰ প্ৰতিষ্ঠাপক আনিছা নবী
 
এহছান ফাজিলি / শ্ৰীনগৰ
 
জম্মু-কাশ্মীৰৰ এগৰাকী অসামৰিক সেৱাৰ বিষয়া আনিছা নবী। তেওঁ নিজৰ প্ৰশাসনিক কেৰিয়াৰৰ লগতে এগৰাকী খেলুৱৈ হিচাপে ফিটনেছৰ যাত্ৰা আৰু মহিলা তথা যুৱক-যুৱতীসকলৰ মাজত ফিটনেছৰ প্ৰসাৰ ঘটোৱাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে। জম্মু-কাশ্মীৰ অসামৰিক সেৱা (JKAS) পৰীক্ষাত তৃতীয় স্থান লাভ কৰা আনিছা নবীয়ে ২০১২ চনত অসামৰিক সেৱাত যোগদান কৰে। প্ৰশাসনৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত বৰ্তমান তেওঁ যুৱ সেৱা আৰু ক্ৰীড়া বিভাগৰ অধীনস্থ জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদৰ মুখ্য ক্ৰীড়া বিষয়া হিচাপে সেৱা আগবঢ়াই আছে।
 
"মই সদায় মোৰ প্ৰশাসনিক কেৰিয়াৰৰ লগত ফিটনেছৰ যাত্ৰাক সংযুক্ত কৰিবলৈ চেষ্টা কৰি আহিছোঁ... এগৰাকী এথলীট হিচাপে মই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰত অংশগ্ৰহণ কৰি ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰৰ দৰে প্ৰতিযোগিতাত পদক অৰ্জন কৰিছোঁ," আনিছা নবীয়ে 'আৱাজ-দ্য ভইচ'ক এইদৰে কয়। তেওঁ লগতে কয় যে তেওঁ বেদান্ত দিল্লী হাফ মাৰাথন, টাটা মুম্বাই মাৰাথন আৰু ডুবাই মাৰাথনৰ দৰে প্ৰধান হাফ-মাৰাথনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিছে।
 
 
আনিছা হৈছে "ৱাণ্ড্ৰাছ উইমেন" (Wondrous Women) নামৰ এক সম্প্ৰদায়ভিত্তিক পদক্ষেপৰ প্ৰতিষ্ঠাপক। ইয়াৰ উদ্দেশ্য হৈছে মহিলাসকলক ফিটনেছ, সুস্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰা আৰু সহযোগিতা আগবঢ়োৱা। তেওঁ ইতিমধ্যে বহু মহিলাক ফিটনেছ আৰু ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাত সফল হৈছে। তেওঁ কয় যে তেওঁ 'ফিট ইণ্ডিয়া আন্দোলন'ৰ এম্বেছেডৰ হিচাপে জম্মু-কাশ্মীৰ আৰু ইয়াৰ বাহিৰতো ফিটনেছ আৰু সুস্থতাৰ হকে প্ৰচাৰ চলাই আহিছে। আনিছাই লগতে কয় যে তেওঁ জম্মু-কাশ্মীৰত পিকেল বল আৰু পেডেল টেনিছৰ দৰে ৰেকেট খেলৰো প্ৰসাৰ ঘটাইছে, "বিশেষকৈ মহিলাসকলৰ মাজত, নিজে খেলি আৰু মহিলাসকলক এই খেল শিকাই তেওঁলোকক উৎসাহিত কৰিছে।"
 
তেওঁৰ প্ৰশাসনিক প্ৰভাৱ আৰু অভিজ্ঞতাৰ বিষয়ে মন্তব্য কৰি আনিছা নবীয়ে কয় যে এগৰাকী জিএছটি (GST) বিষয়া হিচাপে তেওঁ "নতুন কৰ সংস্কাৰ (জিএছটি) সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা" অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, বিশেষকৈ কৰদাতা আৰু কৰ পেছাদাৰীসকলৰ মাজত, আৰু "কৰ ৰাজহৰ দিশত" অৱদান আগবঢ়াইছে। তেওঁ কৰ ব্যৱস্থাৰ এগৰাকী প্ৰশিক্ষক হিচাপেও ভূমিকা পালন কৰিছে আৰু বিভাগত নতুনকৈ নিযুক্তি পোৱা পৰিদৰ্শক আৰু বিষয়াসকলক কৰ ব্যৱস্থাৰ জ্ঞান প্ৰদান কৰিছে। তৃণমূল পৰ্যায়ত, তেওঁ জম্মু-কাশ্মীৰ গ্ৰাম্য জীৱিকা অভিযান (JKRLM)-ৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক হিচাপে সম্প্ৰদায়সমূহৰ সৈতে, বিশেষকৈ মহিলাসকলৰ সৈতে কাম কৰিছে, তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকক বজাৰৰ মঞ্চ আৰু জীৱিকাৰ সুযোগ প্ৰদানৰ জৰিয়তে সৱলীকৰণৰ দিশত কাম কৰিছে।
 
আনিছা নবী
 
যুৱপ্ৰজন্মক ড্ৰাগছৰ ভয়াৱহতা আৰু নেতিবাচক প্ৰভাৱৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়াসত মুখ্য ক্ৰীড়া বিষয়া হিচাপে আনিছা নবীয়ে ক্ৰীড়া আৰু ইয়াৰ সৈতে জড়িত কাৰ্যকলাপত অংশগ্ৰহণৰ লাভালাভ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবেও কাম কৰি আছে। তেওঁ কয় যে যুৱক-যুৱতীসকলক জড়িত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ক্ৰীড়া অনুষ্ঠান আৰু কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। খেলো ইণ্ডিয়া কাৰ্যসূচীৰ নোডেল বিষয়া হিচাপে তেওঁ জম্মু-কাশ্মীৰত খেলো ইণ্ডিয়া কেন্দ্ৰসমূহ আৰু সেইবোৰৰ কাম-কাজ তদাৰক কৰে।
 
২০১২ চনত জে কে এ এছ (JKAS) বিষয়া হিচাপে চৰকাৰী সেৱাত যোগদান কৰাৰ পিছৰে পৰা আনিছা নবীয়ে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সচিবালয়, ৰাজহ, ৰাজ্যিক কৰ, জম্মু-কাশ্মীৰ গ্ৰামোন্নয়ন আৰু জম্মু-কাশ্মীৰ গ্ৰাম্য জীৱিকা অভিযান (JKRLM) আদি অন্যতম।
 
"অসামৰিক সেৱাৰ ক্ষেত্ৰত মোৰ প্ৰেৰণা আছিল মোৰ দেউতা। তেওঁক মানুহৰ সেৱা কৰা দেখিবলৈ পাই আৰু প্ৰশাসনৰ অংশ হোৱাৰ বাবেই মোৰ এই সেৱাৰ প্ৰতি ধাউতি বাঢ়িছিল," আনিছা নবীয়ে আৱাজ - দ্য ভইচৰ আগত এইদৰে কয়। তেওঁৰ পিতৃ গোলাম নবী ছফী আছিল এগৰাকী জ্যেষ্ঠ জে কে এ এছ বিষয়া, যি ২০১০ চনত জম্মু-কাশ্মীৰ চৰকাৰৰ পঞ্জীয়ক সমবায় (Registrar Cooperatives) হিচাপে অৱসৰ গ্ৰহণ কৰিছিল আৰু নিজৰ সেৱাকালত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল।
 
আনিছা নবী
 
"ফিটনেছ আৰু এথলেটিকছৰ ক্ষেত্ৰত মোৰ স্বামী এগৰাকী মাৰাথন দৌৰবিদ হোৱাৰ সুবাদতে এক সুস্থ আৰু সক্ৰিয় জীৱনশৈলী আয়ত্ত কৰাত তেওঁ মোৰ বাবে এক প্ৰেৰণা হৈ পৰিছিল," আনিছাই লগতে কয়। তেওঁৰ স্বামী মুদাছিৰ নবী শ্বেখ, পেছাত এগৰাকী ব্যৱসায়ী, এগৰাকী মাৰাথন দৌৰবিদ আছিল। তেওঁ লগতে কয়, "যিটো সময়ত কামবোৰ কঠিন যেন লাগিছিল আৰু মাতৃ হোৱাৰ পিছত মোৰ ব্যক্তিগত খণ্ডৰ চাকৰি এৰিবলগীয়া হৈছিল, সেই সময়ত তেওঁ মোক অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাবলৈ অনুপ্ৰাণিত আৰু উৎসাহিত কৰিছিল আৰু মই যে ইয়াত উত্তীৰ্ণ হ'ম সেই বিশ্বাস ৰাখিছিল।" আনিছাই কয় যে তেওঁৰ স্বামীয়ে তেওঁক এক সুস্থ জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে। ''তেওঁ মোক মহিলাসকলৰ বাবে এটা ফিটনেছ প্লেটফৰ্ম বা সম্প্ৰদায় আৰম্ভ কৰিবলৈও অনুপ্ৰাণিত কৰিছিল যাৰ ফলশ্ৰুতিত ২০২১ চনত মই 'ৱাণ্ড্ৰাছ উইমেন' সম্প্ৰদায়ৰ পদক্ষেপ গ্ৰহণ কৰোঁ। তেওঁৰ সমৰ্থনে মোক এনে এক পৰ্যায়ত উৎকৃষ্টতা অৰ্জন কৰাত যথেষ্ট সহায় কৰিছে যি সময়ত সাধাৰণতে মহিলাসকলে হাৰ মনাৰ কথা চিন্তা কৰে।"- তেওঁ কয়।
 
আনিছা নবীয়ে কয়, "'ৱাণ্ড্ৰাছ উইমেন' সম্প্ৰদায়ৰ পদক্ষেপৰ জৰিয়তে মই দৌৰ, যোগাভ্যাস, ট্ৰেকিং আদিৰ দৰে বিভিন্ন ফিটনেছ কাৰ্যকলাপৰ মাধ্যমেৰে বহুতো মহিলাক এক সক্ৰিয় আৰু সুস্থ জীৱন আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছোঁ। তদুপৰি, বিভিন্ন ঠাইৰ মহিলাসকল এই সম্প্ৰদায়ৰ জৰিয়তে সংযুক্ত হৈ আছে, য'ত আমি ইজনে সিজনক অনুপ্ৰাণিত আৰু উৎসাহিত কৰাত বিশ্বাস কৰোঁ।" তেওঁ লগতে কয় যে "বৰ্তমান মহিলাসকলে এই সম্প্ৰদায়টোৰ জৰিয়তে বিভিন্ন ক্ৰীড়া সম্পৰ্কীয় কাৰ্যকলাপত লিপ্ত হৈছে, সেয়েহে ই শাৰীৰিক আৰু মানসিক শক্তিৰ জৰিয়তে মহিলাসকলক সৱলীকৰণ কৰাত বৰঙণি যোগাইছে।" এগৰাকী "ক্ৰীড়া আৰু ফিটনেছ এম্বেছেডৰ আৰু কৰ্মী" হিচাপে তেওঁ কয়, "মই সদায় আমাৰ যুৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰি এক সক্ৰিয় আৰু ইতিবাচক জীৱনৰ বাবে সুস্থ হৈ থাকিবলৈ অনুপ্ৰাণিত কৰাত বিশ্বাস কৰি আহিছোঁ।" এই দিশত তেওঁ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত যুৱক-যুৱতীসকলৰ সৈতে কেইবাখনো মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু ছ'চিয়েল মিডিয়া তথা পডকাষ্টৰ জৰিয়তে "তেওঁলোকক অসামৰিক সেৱাৰ প্ৰস্তুতিৰ বাবে অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰিছে।" তেওঁ যুৱপ্ৰজন্মৰ ওপৰত এক ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে, "যিসকলে মোক এক প্ৰেৰণা বা পৰামৰ্শদাতা হিচাপে গণ্য কৰে।"
 
আনিছা নবী তেওঁৰ কাৰ্যালয়ত
 
এগৰাকী প্ৰশাসক হিচাপে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখি আৰু যুৱক-যুৱতী তথা মহিলাসকলৰ জীৱন সলনি কৰাৰ লগতে তেওঁ অনুভৱ কৰে যে ইয়াৰ বিনিময়ত তেওঁ সমাজৰ পৰা "সমৰ্থন আৰু উৎসাহ" লাভ কৰিছে। যি সময়ত "যুৱপ্ৰজন্ম ড্ৰাগছ আৰু অন্যান্য নেতিবাচক দিশৰ প্ৰতি ঢাল খাইছে আৰু মহিলাসকলে বিভিন্ন দায়িত্ব পালন কৰিবলৈ গৈ মানসিক চাপ আৰু নিৰাশাৰ সন্মুখীন হৈছে", তেনে সময়ত তেওঁ ইয়াক এক সাফল্য হিচাপে অভিহিত কৰিছে।
 
তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মোৰ আছিল যেতিয়া তেওঁ শিক্ষা সাং কৰাৰ পিছত ২০০৮ চনত বিবাহপাশত আবদ্ধ হৈ পুনৰবাৰ নিজকে প্ৰস্তুত কৰি তুলিছিল। তেওঁৰ বাবে প্ৰায় পাঁচ বছৰীয়া সময়ছোৱা আছিল সম্পূৰ্ণ পাৰিবাৰিক জীৱন, য'ত তেওঁৰ এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল আৰু তাৰ মাজতেই তেওঁ ২০১০ চনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঢ়িবলৈ আৰম্ভ কৰিছিল। স্বামীৰ সমৰ্থনত তেওঁ ক্ৰীড়া কাৰ্যকলাপতো অংশগ্ৰহণ কৰিছিল। তেওঁ ২০০৯-২০১০ বেটচত জে কে এ এছ (JKAS) পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ২০১২ চনত আনুষ্ঠানিকভাৱে সেৱাত যোগদান কৰিছিল।
 
শ্ৰীনগৰত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা আনিছাই তেওঁৰ স্কুলীয়া শিক্ষা প্ৰেজেণ্টেচন কনভেণ্ট আৰু মেলিনছনছ গাৰ্লছ স্কুলত গ্ৰহণ কৰিছিল। তেওঁ জম্মু বিশ্ববিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তিবিদ্যাত বি টেক (B. Tech) আৰু ২০০৭ চনত জম্মু অঞ্চলৰ কাট্ৰাস্থিত শ্ৰী মাতা বৈষ্ণো দেৱী বিশ্ববিদ্যালয়ৰ (SMVDU) পৰা এইচ আৰ আৰু মাৰ্কেটিং (HR & Marketing) বিষয়ত MBA ডিগ্ৰী লাভ কৰিছিল।