‘পুৰানি জিনছ'ৰ পৰা 'উৰ্দু কি পাঠশালা'লৈঃ ছাইমা ৰহমানৰ ৰেডিঅ' যাত্ৰাৰ আৱেগিক কাহিনী

Story by  atv | Posted by  Munni Begum • 1 h ago
আৰ জে ছাইমা ৰহমান
আৰ জে ছাইমা ৰহমান
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
ৰেডিঅ'ৰ পৃথিৱীখনত কিছুমান কণ্ঠই কেৱল শব্দৰে নহয়, আৱেগৰ মাজেৰে আমাৰ হৃদয় চুই যায়। দৈনন্দিন ব্যস্ততাৰ মাজত এই কণ্ঠবোৰ কিছুমানৰ বাবে হৈ পৰে অতি আপোন। তেনে এটি সুপৰিচিত আৰু আৱেগিক কণ্ঠৰ অধিকাৰী হৈছে ছাইমা ৰহমান, যি জনপ্ৰিয়ভাৱে 'আৰ জে ছাইমা' বুলি পৰিচিত৷ নিজৰ সুকীয়া কণ্ঠ আৰু অতি আকৰ্ষণীয় উপস্থাপন শৈলীৰ বাবে পৰিচিত ছাইমা ৰহমান আজিও এনে এটি কণ্ঠ হৈ জিলিকি আছে যাৰ উপস্থিতিয়ে শ্ৰোতাসকলক সদায় এক আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰে।
 
তেওঁৰ অনুষ্ঠানবোৰে কেৱল মনোৰঞ্জন দিয়াই নহয়, শ্ৰোতাসকলক জীৱন, স্মৃতি আৰু আৱেগৰ সৈতে সংযোগ কৰে। সেয়া 'পুৰানি জিনছ' (Purani Jeans) হওক, 'উৰ্দু কি পাঠশালা' হওক, ছাদত হাছান মাণ্টোৰ কাহিনীৰ কোনো অংশ হওক বা পুৰণি ধ্ৰুপদী গীতেৰে ভৰা কোনো সাংগীতিক আড্ডাই হওক- অতীতৰ স্মৃতিবোৰ সজীৱ কৰি তোলাৰ লগতে একে সময়তে শ্ৰোতাসকলক নতুন দৃষ্টিকোণেৰে অনুপ্ৰাণিত কৰাটোৱেই হৈছে তেওঁৰ বিশেষত্ব।
 
 
খুব কম মানুহেহে জানে যে যেতিয়া এটা ব্যক্তিগত ৰেডিঅ' ষ্টেচনে আৰ জে ছাইমাক 'পুৰানি জিনছ' নামৰ শ্ব'টোৰ প্ৰস্তাৱ দিছিল, তেতিয়া তেওঁ পুৰণি হিন্দী গানৰ সৈতে একেবাৰেই পৰিচিত নাছিল। তেওঁ মাত্ৰ দুটা গানহে জানিছিলঃ এটা তেওঁৰ দেউতাকে গোৱা- "তু হিন্দু বনেগা না মুছলমান বনেগা, ইনচান কি ঔলাদ হ্যে ইনচান বনেগা" আৰু আনটো তেওঁৰ মাতৃয়ে প্ৰায়ে গুণগুণোৱা -"চান্দনী ৰাত হ্যে, প্যাৰ কি বাত হ্যে"। ইয়াৰ অন্যতম কাৰণ আছিল যে সেই সময়ত ছাইমাই 'অল ইণ্ডিয়া ৰেডিঅ'ত 'যুৱ বাণী' নামৰ অনুষ্ঠানটো পৰিচালনা কৰিছিল, য'ত তেওঁ ঘাইকৈ মাইকেল জেকচন, এলভিছ প্ৰেছলী, হুইটনী হিউষ্টন আৰু ফ্ৰেংক চিনাট্ৰাৰ দৰে শিল্পীৰ পাশ্চাত্য সংগীতৰ সৈতেহে বেছিভাগ সময় কটাইছিল। সেই সময়ত তেওঁৰ কোনো ধাৰণাই নাছিল যে এই শ্ব'টোৱে এদিন তেওঁৰ জীৱনলৈ এক নতুন মাত্ৰা কঢ়িয়াই আনিব।
 
১৯৮৫ চনৰ ২৫ ডিচেম্বৰত নাইজেৰিয়াত ছাইমা ৰহমানৰ জন্ম হৈছিল, য'ত তেওঁৰ পিতৃ ওজাইৰ-ই-ৰহমানক শিক্ষকতাৰ বাবে নিযুক্তি দিয়া হৈছিল। এক সাক্ষাৎকাৰত ছাইমাই মনত পেলাই কয়ঃ “যেতিয়া মোৰ বয়স প্ৰায় ডেৰ বছৰ আছিল, আমি ভাৰতলৈ ঘূৰি আহিছিলো আৰু মোৰ ল'ৰালি কাল দিল্লীত পাৰ হৈছিল। মই গুৰু হৰকৃষ্ণ পাব্লিক স্কুলত পঢ়িছিলো, যিখন এখন শিখ বিদ্যালয় আছিল আৰু তাত মই আৰু মোৰ ভাই-ভনীকেইজন আছিলো একমাত্ৰ মুছলমান ছাত্ৰ-ছাত্ৰী। মই গুৰুমুখী পঢ়িবলৈ, লিখিবলৈ আৰু ক’বলৈ শিকিছিলো, যিটো মোৰ তৃতীয় ভাষাত পৰিণত হৈছিল। মই গান গাবলৈ বৰ ভাল পাইছিলো আৰু স্কুলৰ প্ৰাৰ্থনাত মূল গায়িকা হৈ পৰিছিলো। মই শৱদ আৰু কীৰ্তন গাইছিলো আৰু বিভিন্ন গুৰুদ্বাৰত অনুষ্ঠিত কীৰ্তন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলো।”
 
তেওঁ মনত পেলায় যে যিহেতু তেওঁলোকেই বিদ্যালয়খনৰ একমাত্ৰ মুছলমান শিক্ষাৰ্থী আছিল, তেওঁলোকৰ কথা কোৱাৰ ধৰণ আনতকৈ বেলেগ আছিল, যিয়ে কেতিয়াবা শিক্ষকসকলক আমোদ দিছিল। কিছুমান শিক্ষকে ধেমালিতে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছিল যাতে তেওঁ অধিক কথা কয়।
 
আৰ জে ছাইমা ৰহমান তেওঁৰ পিতৃ আৰু মাতৃৰ সৈতে
 
অৱশ্যে, এনেকুৱা কিছুমান শিক্ষকো আছিল যিয়ে তেওঁক উপহাস কৰিছিল আৰু অসংবেদনশীল প্ৰশ্ন সুধিছিল- যেনে মুছলমানসকলে ঔৰংগজেৱক পূজা কৰে নেকি। সৰু হৈ থকাৰ বাবে কথাটো বুজিব নোৱাৰি তেওঁ এবাৰ মাকক সুধিছিল যে এইটো সঁচা নেকি, যিয়ে মাকক গভীৰভাৱে ব্যথিত কৰিছিল। আন এক ঘটনাত, এগৰাকী শিক্ষকে ঈদ-উল-জোহা (বক্ৰীদ) সন্দৰ্ভত তেওঁক লজ্জিত কৰি প্ৰশ্ন কৰিছিল যে জীৱ-জন্তু বলি দিওঁতে মুছলমানসকলৰ লাজ নালাগে নেকি। এই ঘটনাই তেওঁক বৰ আঘাত দিছিল আৰু তেওঁৰ চকুলো বোৱাইছিল। তথাপি তেওঁ কয় যে আন ছাত্ৰ-ছাত্ৰী আৰু সৰহসংখ্যক শিক্ষকৰ পৰা তেওঁ যি মৰম পাইছিল, সেয়া এই অপ্ৰীতিকৰ অভিজ্ঞতাবোৰতকৈ বহুত বেছি আছিল।
 
স্কুলীয়া দিনতো ছাইমাৰ সংগীতৰ প্ৰতি থকা অনুৰাগ স্পষ্ট আছিল। সংগীতৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কই তেওঁৰ শৈশৱক এক সৃষ্টিশীল দিশ প্ৰদান কৰিছিল। উচ্চাৰণ আৰু শিষ্টাচাৰৰ পৰা আৰম্ভ কৰি তেওঁৰ কণ্ঠৰ সজীৱতা আৰু লয়ৱদ্ধ সুৰলৈকে- ছাইমা ৰহমানে এক সাংস্কৃতিক সমৃদ্ধিক প্ৰতিনিধিত্ব কৰে, যিয়ে শ্ৰোতাসকলৰ হৃদয় স্পৰ্শ কৰে।
 
ৰেডিঅ' শুনাটোও তেওঁৰ ঘৰৰ এক অবিচ্ছেদ্য অংগ আছিল। তেওঁৰ পৰিয়ালৰ লোকে প্ৰায়ে ৰেডিঅ'ৰ অনুষ্ঠান শুনিছিল আৰু তেনে এক পৰিৱেশত ডাঙৰ-দীঘল হোৱা ছাইমাৰ মনত এক সপোন জাগি উঠিছিল- এগৰাকী বাতৰি পৰিৱেশক হোৱাৰ। ৰেডিঅ'ত বেলেগ বেলেগ কণ্ঠই কেনেকৈ একেটা শাৰী, "এয়া অল ইণ্ডিয়া ৰেডিঅ', বাতৰি পঢ়িছো..." বুলি প্ৰতিবাৰে বেলেগ বেলেগ নাম কৈছিল, সেই কথাটোৱে তেওঁক মন্ত্ৰমুগ্ধ কৰিছিল। এই কৌতুহলটোৱেই ৰেডিঅ' আৰু বাতৰি পঢ়াৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ জগাই তুলিছিল।
 
আৰ জে ছাইমা ৰহমান তেওঁৰ পিতৃৰ সৈতে
 
লাহে লাহে তেওঁ ঘৰত ডাঙৰকৈ বাতৰিকাকত পঢ়ি অনুশীলন কৰিবলৈ আৰম্ভ কৰে। কথা কোৱাৰ শৈলী, শব্দৰ স্পষ্টতা আৰু উচ্চাৰণৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ জন্মিল। নিজৰ জিৰণি কোঠাত বহি তেওঁ এগৰাকী ৰেডিঅ'ৰ বাতৰি পঢ়োঁতাৰ দৰে আখৰা কৰিছিল আৰু কাকতৰ পৰা বাতৰিৰ শিৰোনাম আৰু খবৰবোৰ পঢ়াৰ আগতে এইশাৰী বাক্যৰে আৰম্ভ কৰিছিলঃ "এয়া অল ইণ্ডিয়া ৰেডিঅ', বাতৰি পঢ়িছো ছাইমা ৰহমানে।" এই অনুশীলনৰ জৰিয়তে তেওঁ উপলব্ধি কৰিছিল যে তেওঁ বাতৰি পঢ়িবলৈ কিমান ভাল পায় আৰু শব্দৰ শক্তি তথা কণ্ঠ নিয়ন্ত্ৰণৰ বিষয়ে আৱিষ্কাৰ কৰিছিল।
 
দ্বাদশ শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁৰ জীৱনলৈ প্ৰথমটো প্ৰকৃত সুযোগ আহিছিল, যেতিয়া তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ 'যুৱ বাণী' অনুষ্ঠানত কাম কৰাৰ সুযোগ পাইছিল। এয়াই আছিল ৰেডিঅ'ৰ জগতখনত তেওঁৰ প্ৰথমটো খোজ। তাত কাম কৰি থাকোঁতে তেওঁ নিজৰ দক্ষতা অধিক নিখুঁত কৰি তুলিছিল আৰু অতি সোনকালেই এগৰাকী ইংৰাজী বাতৰি পৰিৱেশক হৈ পৰিছিল।
 
শিক্ষাজীৱনৰ সময়ছোৱাত ছাইমাই দিল্লীৰ অন্যতম মৰ্যাদাপূৰ্ণ মহাবিদ্যালয় মিৰাণ্ডা হাউচৰ পৰা সমাজতত্ত্বত (Sociology) স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত তেওঁ সমাজ কৰ্মত (Social Work) স্নাতকোত্তৰ আৰু এম.ফিল. (MPhil) ডিগ্ৰী গ্ৰহণ কৰে। পঢ়া-শুনা সাং কৰাৰ পাছত তেওঁ কিছুদিনৰ বাবে শিক্ষকতাৰ ক্ষেত্ৰখনত কাম কৰিছিল। সেই সময়ত তেওঁ শিক্ষকতা আৰু ৰেডিঅ'- এই দুয়োটা পথ সমান্তৰালভাৱে চম্ভালি লৈছিল।
 
অৱশ্যে এই পৰ্যায়টো বেছি দিন নাথাকিল। তেওঁ প্ৰায় ছমাহ শিক্ষকতা কৰিছিল, কিন্তু সেই সময়ছোৱাতে তেওঁৰ ৰেডিঅ' শ্ব' 'পুৰানি জিনছ' অতিকৈ জনপ্ৰিয় হৈ পৰিছিল। অনুষ্ঠানটোৱে শ্ৰোতাৰ পৰা বিপুল সঁহাৰি আৰু মৰম লাভ কৰিছিল আৰু ছাইমা ৰহমানক ৰাষ্ট্ৰীয় পৰ্যায়ত 'শ্ৰেষ্ঠ ৰেডিঅ' জ'কী' বঁটাৰে সন্মানিত কৰা হৈছিল। শেষত, তেওঁ শিক্ষকতা আৰু ৰেডিঅ'ৰ মাজত যিকোনো এটাক বাছি ল'বলগীয়া হৈছিল। তেওঁ সিদ্ধান্ত লৈছিল যে শিকাটো এক জীৱনজোৰা প্ৰক্ৰিয়া, কিন্তু ৰেডিঅ'ই তেওঁক অধিক সজোৰে মাতিছে- সেয়েহে তেওঁ নিজকে সম্পূৰ্ণৰূপে ইয়াতেই উৎসৰ্গা কৰিলে।
 
'পুৰানি জিনছ'-এ তেওঁক ৰেডিঅ' জগতত এক সুকীয়া পৰিচয় দিছিল। এই অনুষ্ঠানটো বলিউডৰ সোণালী যুগৰ গীত আৰু স্মৃতিৰ ওপৰত আধাৰিত আছিল। যেতিয়া তেওঁ এইবুলি নিজৰ অনুষ্ঠানটো আৰম্ভ কৰিছিল, "যদি আপুনিও মোৰ দৰেই বলিউডৰ সোণালী যুগৰ এজন ডাঙৰ অনুৰাগী, তেন্তে 'পুৰানি জিনছ' নামৰ আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম," তেতিয়া শ্ৰোতাসকলে এক বেলেগ সময়লৈ গুচি যোৱা যেন অনুভৱ কৰিছিল। তেওঁৰ উপস্থাপন শৈলী, কবিতা আৰু স্মৃতিকাতৰ কাহিনী-কথনে অনুষ্ঠানটোক অতিকৈ জনপ্ৰিয় কৰি তুলিছিল।
 
আৰ জে ছাইমা ৰহমান
 
এগৰাকী ৰেডিঅ' জ'কী হোৱাৰ লগতে ছাইমা ৰহমান সামাজিক বিষয়ত নিজৰ মতামত প্ৰকাশ কৰাৰ বাবেও পৰিচিত। তেওঁ নিজৰ বৃত্তিগত পৰিচয় আৰু জনপ্ৰিয়তাক সজাগতা সৃষ্টি কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ সামাজিক সমস্যাক লৈ মুকলিকৈ কথা ক'বলৈ ব্যৱহাৰ কৰে।
 
ভাষা আৰু সাহিত্যৰ সৈতেও তেওঁৰ গভীৰ সম্পৰ্ক আছে। ভাষাৰ সৌন্দৰ্য আৰু শুদ্ধ উচ্চাৰণৰ প্ৰতি তেওঁৰ সদায় এক আৱেগিক আকৰ্ষণ আছিল। এই আগ্ৰহৰ বাবেই তেওঁ 'উৰ্দু কি পাঠশালা' অনুষ্ঠানটো আৰম্ভ কৰিছিল, যাৰ জৰিয়তে তেওঁ হাজাৰ হাজাৰ শ্ৰোতাক উৰ্দু ভাষা আৰু ইয়াৰ সাহিত্যিক সমৃদ্ধিৰ কাষলৈ লৈ আহে। অনুষ্ঠানটোত তেওঁ প্ৰায়ে উৰ্দু শব্দৰ অৰ্থ বুজাই দিয়ে আৰু শ্ৰোতাক ইয়াৰ সাংস্কৃতিক গভীৰতাৰ সৈতে পৰিচয় কৰাই দিয়ে।
 
কৰ্মজীৱনৰ কালছোৱাত আৰ জে ছাইমাই কেইবাটাও বঁটা লাভ কৰিছে। সমাজত সম্প্ৰীতি আৰু ইতিবাচক বাৰ্তালাপৰ প্ৰচাৰৰ জৰিয়তে মূল্যবোধভিত্তিক সাংবাদিকতাৰ বাবে ২০২০ চনত তেওঁক 'গণেশ শংকৰ বিদ্যাৰ্থী বঁটা'ৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০০৪ চনত তেওঁ শ্ৰেষ্ঠ আৰ জে হিচাপে 'RAPA বঁটা' লাভ কৰিছিল। 'পুৰানি জিনছ' আৰু 'হৰ মৰ্জ কি দৱা'ৰ দৰে জনপ্ৰিয় ৰেডিঅ' শ্ব'ৰ জৰিয়তে তেওঁ শ্ৰোতাৰ সৈতে এক সুদৃঢ় সম্পৰ্ক গঢ়ি তুলিছে আৰু ব্যাপক স্বীকৃতি লাভ কৰিছে।
 
আজিও আৰ জে ছাইমা এফ এম ৰেডিঅ'ত সক্ৰিয় হৈ আছে আৰু এজন বন্ধুৰ দৰে শ্ৰোতাসকলৰ সৈতে সংযুক্ত হৈ আছে। বহু মানুহৰ বাবে তেওঁৰ কণ্ঠ কেৱল এটা অনুষ্ঠান নহয়- ই এক আৱেগ, যিটো কণ্ঠই শ্ৰোতাসকলৰ বাবে স্মৃতি, কবিতা, সংগীত আৰু জীৱনৰ অভিজ্ঞতাবোৰ একেলগে গুঁথি গৈছে।