ইয়াৰ লগতে অজিতাই মানৱ সৰবৰাহ, ৰাজ্যখনত ড্ৰাগছৰ প্ৰৱেশ আৰু ৰাজ্যৰ সামাজিক গাঁথনিত প্ৰভাৱ পেলোৱা অন্যান্য অতি স্পৰ্শকাতৰ বিষয়সমূহৰ তদন্তৰো নেতৃত্ব দি আছে। তেওঁ সদায় কৈ আহিছে যে, মহিলা আৰু শিশুৰ বাবে কৰা কামবোৰ তেওঁৰ হৃদয়ৰ অতি ওচৰৰৰ। কেৰালাৰ আৰক্ষী বিভাগত তেওঁ য'তেই নিযুক্তি পাইছিল, তাতেই প্ৰশংসা বুটলি পদমৰ্যাদাৰ জখলাৰে ওপৰলৈ উঠিছিল।
প্ৰকৃততে অজিতা আৰক্ষী মহাপৰিদৰ্শক হিচাপে কৰ্মৰত তেওঁৰ আইপিএছ স্বামীৰ সৈতে একপ্ৰকাৰৰ তাৰকা স্বৰূপ আৰু সময়ৰ লগে লগে প্ৰায় সকলো সংবাদ মাধ্যমৰ দ্বাৰা তেওঁলোক সন্মানিত হৈছে। যেতিয়া অজিতাই একেৰাহে ৪৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি মানৱ সৰবৰাহৰ এক চক্ৰ উৎখাত কৰিছিল, যেতিয়া দুয়ো একে সময়তে কোল্লাম জিলাত চহৰ আৰু গ্ৰাম্য আৰক্ষী অধীক্ষক (SP) হিচাপে নিযুক্তি পাইছিল। আৰু যেতিয়া কেইবছৰমান আগতে আইৰনমেন ট্ৰায়াথলন (Ironman triathlon) সম্পূৰ্ণ কৰি দুয়ো নিজকে আটাইতকৈ ফিট আৰক্ষী যুটী হিচাপে প্ৰমাণিত কৰিছিল, অথবা যেতিয়া ফুলব্ৰাইট জলপানিৰ (Fulbright scholarship) অধীনত প্ৰশিক্ষণ সমাপ্ত কৰি ইউনিফৰ্ম পিন্ধি আমেৰিকাৰ পৰা উভতি আহিছিল।
দিনৰ পিছত দিন ধৰি অপেক্ষা কৰাৰ পিছত, এদিন সন্ধিয়া হঠাতে ফোনটো বাজি উঠিল আৰু সেয়া অজিতাৰ আছিল। "হেল্ল', মই অজিতা। কওক।" আৰু হঠাতে আপুনি নিজকে এটি শিশুৰ দৰে অনুভৱ কৰিব, সেয়া তেওঁ হোৱাৰ বাবে নহয়, বৰঞ্চ তেওঁ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হোৱাৰ বাবেহে... ফোনৰ সিপাৰে ক্ৰাইম ব্ৰাঞ্চৰ আইজি (IG)।
অজিতা বেগম ছুলতানা
তেওঁৰ বয়স হয়তো আপোনাৰ আধা হ'ব। কিন্তু আমি আৰক্ষীলৈ কিয় ভয় কৰোঁ, বহু আৰক্ষীৰ সাক্ষাৎকাৰ লোৱাৰ পিছতো, বিভিন্ন কাহিনীৰ বাবে বহুতো আৰক্ষী থানালৈ যোৱাৰ পিছতো এজন আৰক্ষী আৰক্ষীয়েই। এগৰাকী আৰক্ষীৰ সৈতে কথা পাতিবলৈ আপুনি কেতিয়াও প্ৰস্তুত নাথাকে। অথবা এনেকুৱাও হ'ব পাৰে যে, আপুনি সদায় এগৰাকী আৰক্ষীৰ সৈতে কথা পাতিবলৈ বিচাৰিছিল, কিন্তু তেওঁলোকক কঠোৰ, (অপৰাধীৰ বাবে) বিপদজনক যেন লাগে আৰু এই কঠোৰতা আৰু আক্ৰমণাত্মক স্থিতি আদৰণীয় নহয়।
অজিতাৰ মাতটোৱে হঠাতে আপোনাক শান্ত কৰি তোলে, কিয়নো ইয়াত এক আন্তৰিকতা আছে, দুটা সন্তানৰ মাতৃৰ সৰলতা আছে আৰু তামিলনাডুৰ কোনোবা এক দূৰৈৰ ঠাইৰ সাধাৰণ ঘৰত ডাঙৰ-দীঘল হোৱা এজনী সৰু ছোৱালীৰ দয়াশীলতা আৰু অমায়িকতা লুকাই আছে। আৰু অতি সোনকালেই আপোনাৰ প্ৰশ্ন আৰু তেওঁৰ উত্তৰবোৰ দ্ৰুতগতিত চলিবলৈ ধৰে, ভয় আঁতৰি যায় আৰু আৰক্ষীগৰাকীৰ মানৱীয় ৰূপটো ফুটি উঠে।
এগৰাকী কঠোৰ আৰক্ষীৰ ৰূপ তেওঁ কেনেকৈ ল'লে? তেওঁৰ এই আত্মবিশ্বাস আৰু দৃঢ়তা ক'ৰ পৰা আহিল? তেওঁ সদায় এনেকুৱাই আছিল নেকি? অজিতাই কবলৈ আৰম্ভ কৰে, "মই সদায় ইমান আত্মবিশ্বাসী নাছিলো, আপোনালোকে জনাৰ দৰে মই কইম্বাটুৰৰ এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছো।" নিজৰ পৰিয়াল আৰু চাকৰিত যোগদানৰ কথা চমুকৈ উল্লেখ কৰি অজিতাই কয় যে, বছৰৰ পিছত বছৰ ধৰি এই আত্মবিশ্বাস তেওঁৰ ভিতৰত গঢ় লৈ উঠিছিল।
নিৰক্ষৰ পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰা আৰু ১৮ বছৰ বয়স হোৱাৰ লগে লগে ছোৱালীক বিয়া দিয়া পৰিয়াল এটাৰ পৰা অহা অজিতাৰ পাল পৰিছিল তেতিয়াই, যেতিয়া তেওঁৰ বায়েকক কলেজৰ প্ৰথম বছৰতেই বিয়া দিয়া হৈ গৈছিল।
কিন্তু অজিতাই ছাত্ৰ ৰাজনীতিত জড়িত আছিল আৰু তেওঁৰ শিক্ষকসকলে ইতিমধ্যে তেওঁক আগলৈ পঢ়িবলৈ উৎসাহিত কৰিছিল। তেওঁ সেই পৰামৰ্শ গুৰুত্ব সহকাৰে লৈছিল। যেতিয়া অজিতাৰ পাল আহিল, পিতৃ-মাতৃয়ে তেওঁকো বায়েকৰ দৰে বিয়া পাতিবলৈ হেঁচা দিবলৈ ধৰিলে। কিন্তু তেওঁ বাধা দিলে আৰু অৱশেষত জয়ী হ'ল।
স্বামী সাহতীশ বিনোৰ সৈতে অজিতা বেগম
এতিয়া অজিতাৰ পিতৃয়ে, আন বহুত পিতৃৰ দৰেই বিচাৰিছিল যে তেওঁ অসামৰিক সেৱাৰ (civil services) বাবে চেষ্টা কৰক আৰু এগৰাকী আইএএছ (IAS) বিষয়া হওক। ইয়াৰ বিষয়ে কোনো ধাৰণা নথকাৰ পিছতো অজিতাই প্ৰস্তুতি চলাইছিল আৰু তাৰ সলনি আইপিএছৰ (IPS) বাবেহে নিৰ্বাচিত হৈছিল।
গতিকে যিখন ঘৰত তেওঁ নিজৰ পিতৃক চৰকাৰী সুবিধা পাবলৈ আৰু ঘোঁচৰ দাবীৰ বিৰুদ্ধে যুঁজিবলৈ ইফালে-সিফালে দৌৰি ফুৰা দেখিছিল, তেনে পটভূমিৰ পৰা অহা অজিতাই আৰক্ষীৰ দৰে আত্মবিশ্বাস লৈ জন্ম হোৱা নাছিল। চৰকাৰী মেৰপেঁচ আৰু আমোলাতান্ত্ৰিক উদাসীনতাৰ বলি হোৱা লোকসকলৰ বিষাদ আৰু ক্ষোভহে তেওঁ উত্তৰাধিকাৰী সূত্ৰে পাইছিল।
কিন্তু আত্মবিশ্বাস অজিতাৰ মাজলৈ "বছৰৰ পিছত বছৰ ধৰি" আহিছিল বুলি অতি নম্ৰতাৰে স্বীকাৰ কৰিলেও, ব্যক্তি হিচাপে তেওঁ একেবাৰেই সলনি হোৱা নাই বুলি কয়। তেওঁ কয়, "আইপিএছত যোগদান কৰাৰ আগতে মোৰ যি সৰলতা আছিল, মই আজিও সেয়া বজাই ৰাখিছো। মোৰ ওচৰৰ মানুহে জানে যে মই একেবাৰেই সলনি হোৱা নাই। যিয়েই নহওক, এইটো আন এটা চৰকাৰী চাকৰিয়েই, কিন্তু ইয়াৰ লগত যথেষ্ট সন্মান, ক্ষমতা আৰু কৰ্তৃত্বও আহে। এগৰাকী মহিলা বিষয়া হিচাপে গ্ৰহণযোগ্যতা পাবলৈহে কিছু সময় লাগিছিল।"
২০০৮ চনত জম্মু-কাশ্মীৰ কেডাৰত প্ৰথম নিযুক্তি পোৱাৰ সময়ত অজিতাই প্ৰথমটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তাত তেওঁৰ প্ৰথম প্ৰত্যাহ্বান লিংগ বৈষম্য নাছিল, বৰঞ্চ ভাষা আছিল। তেওঁ কয়, "মই বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিল কাৰণ মই ডোগ্ৰী বা হিন্দী বুজি পোৱা নাছিলো আৰু সকলো ফাইল উৰ্দুত আছিল। কিন্তু সেয়া এটা ভাল কেডাৰ আছিল আৰু মানুহবোৰ অতি সাধাৰণ আৰু নম্ৰ আছিল।"
২০১৯ চনত অজিতা কেৰালা কেডাৰলৈ বদলি হয় আৰু তেওঁৰ জীৱন নাটকীয়ভাৱে সলনি হোৱা যেন অনুভৱ কৰে। আটাইতকৈ ভাল কথাটো আছিল যে, এতিয়া তেওঁ সকলো বুজি পায়। তেওঁ আনকি পঢ়িবও পাৰে। তেওঁ কয় যে কেৰালা কেডাৰত যোগদান কৰাৰ আগতে তেওঁ এটা বাধ্যতামূলক ভাষা পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া হৈছিল।
লিংগ বৈষম্যৰ কথা উল্লেখ কৰি অজিতাই ত্ৰিশুৰত এছপি হিচাপে নিযুক্তি পোৱা সময়ৰ কথা মনত পেলায়। তেওঁ কয়, "মজিয়াত জ্যেষ্ঠ বিষয়াসকল ভৰি আছিল। মই অপৰাধৰ ওপৰত এখন সন্মিলনত ভাষণ দি আছিলো। সকলো বিধায়ক আহিবলগীয়া আছিল। কিন্তু যিহেতু এছপিগৰাকী নতুন আৰু লগতে এগৰাকী মহিলা আছিল, সেয়েহে উপস্থিতি কম আছিল। কিন্তু এইবোৰ বস্তু বেছি দিন নাথাকিল। কিয়নো মানুহে পদবীটোলৈ চায় আৰু ইয়াৰ লগত থকা দায়িত্বলৈ লক্ষ্য কৰে।"
মহিলাসকলৰ সৈতে অজিতা বেগম চুলতানা
প্ৰশিক্ষণ কেন্দ্ৰত অজিতাৰ মাৰ্গদৰ্শকে কোৱা কথাবোৰ তেওঁ মনত পেলায় কয়, "মোৰ মাৰ্গদৰ্শকে কৈছিল যে ২৫ বছৰ বয়সতো তুমি শুদ্ধ হ'ব লাগিব। তুমি ভুল কৰাৰ কথা ভাবিবই নোৱাৰা। যদি তুমি এবাৰ বা দুবাৰ ভুল কৰা, তেন্তে চিৰদিনৰ বাবে তোমাৰ গাত মোহৰ মাৰি দিয়া হ'ব।" তেওঁ কয় যে তেওঁ এই পৰামৰ্শ সদায় মনত ৰাখিছিল।
অজিতাই লগতে কয়, "এইটোৱেই একমাত্ৰ চাকৰি য'ত অতি কম বয়সীয়া লোকৰ কান্ধত এক বৃহৎ দায়িত্ব জাপি দিয়া হয়।" লিংগ বৈষম্যৰ ক্ষেত্ৰত তেওঁ কয় যে, কেৰালাত পুৰুষ বা মহিলাৰ পদোন্নতি একেই। কেৰালালৈ অহাৰ লগে লগে তেওঁ অতিৰিক্ত এছপি হিচাপে নিযুক্তি পাইছিল, যদিও জম্মু-কাশ্মীৰত থকা তেওঁৰ বেটচমেটগৰাকীয়ে বহু পলমকৈহে এছপিৰ পদ পাইছিল।
'দ্য কেৰালা ষ্টোৰী' বিতৰ্কৰ ওপৰত তেওঁ কোনো মন্তব্য নিদিয়ে যদিও ৰাজ্যখনত পকচো (POSCO) গোচৰৰ হাৰ বেছি বুলি উল্লেখ কৰিছে। দৰাচলতে, অপৰাধৰ উন্নত প্ৰতিবেদনৰ বাবেই এইটো সমগ্ৰ দেশৰ ভিতৰতে সৰ্বোচ্চ। মালয়ালম চলচ্চিত্ৰ জগতত উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত গঠিত হেমা কমিটীৰ প্ৰতিবেদনৰ অনুসন্ধান কৰা বিশেষ তদন্তকাৰী দলৰ (SIT) এটা অংশ হিচাপেও অজিতাই কাম কৰিছে।
তেওঁ কয় যে, ড্ৰাগছ সৰবৰাহ ৰোধ কৰাৰ উপৰি বিশেষকৈ মানৱ সৰবৰাহ আৰু যৌন নিৰ্যাতনৰ গোচৰত শিশু আৰু মহিলাক সুৰক্ষা প্ৰদান কৰাই তেওঁৰ প্ৰধান লক্ষ্য।
অজিতা ৰাজ্যিক আৰক্ষী কেডেট (SPC) কাৰ্যসূচীৰ ৰাজ্যিক নোডেল বিষয়াও। এই কাৰ্যসূচী কেৰালাৰেই উদ্ভাৱন আছিল, যিটো পিছলৈ বহু ৰাজ্যই গ্ৰহণ কৰিছিল। এই কাৰ্যসূচী তেওঁৰ অন্তৰৰ নিচেই কাষৰ আৰু তেওঁ ছ’চিয়েল মিডিয়া হেণ্ডেলসমূহত এছপিচিৰ সৈতে জড়িত থকাৰ বিষয়ে প্ৰায়ে পোষ্ট কৰে। যুৱ প্ৰজন্মৰ মাজত সামাজিক সজাগতা আৰু অনুশাসন জগাই তোলাৰ লগতে সামাজিক সমস্যা সমাধানৰ প্ৰতি তেওঁলোকক দায়িত্বশীল কৰি তোলাই হৈছে ইয়াৰ মূল উদ্দেশ্য। প্ৰায় ১০৪৮ খন বিদ্যালয়ে এছপিচি (SPC) প্ৰকল্প গ্ৰহণ কৰিছে বুলি অজিতাই জানিবলৈ দিয়ে।
অৱশ্যে, সেই কেইটামান মুহূৰ্তত অজিতাই যিখিনি এৰি থৈ গ'ল সেয়া হৈছে বছৰ বছৰ ধৰি কৰা প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু সেৱা। কইম্বাটুৰৰ সেই সৰু ছোৱালীজনীয়ে আইপিএছ প্ৰশিক্ষণ, বহু নিযুক্তি আৰু প্ৰত্যাহ্বানৰ মাজেৰে কৰা দীঘলীয়া যাত্ৰা আৰু কেৰালাৰ জনসাধাৰণৰ দ্বাৰা ক্ৰাইম ব্ৰাঞ্চৰ আইজি হিচাপে তেওঁক আঁকোৱালি লোৱাৰ কাহিনী। ইফালে, ২০২৫ চনৰ শেষৰ ফালে এছপিচি প্ৰাক্তন ছাত্ৰ সন্মিলনত ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে যুৱ ছাত্ৰ আৰক্ষী কেডেটসকলক সম্বোধন কৰোঁতে, যিকোনো মালয়ালীয়ে গৌৰৱ কৰিব পৰা বিশুদ্ধ মালয়ালম ভাষা আৰু উচ্চাৰণত তেওঁৰ কণ্ঠত প্ৰতিধ্বনিত হয় ড্ৰাগছ আসক্তিৰ দৰে সমস্যাৰ লগত যুঁজি থকা সেই যুৱ প্ৰজন্মৰ সৈতে মিলি সামাজিক পৰিৱৰ্তন অনাৰ প্ৰতি থকা কৰুণা, দৃঢ় বিশ্বাস আৰু উৎসাহ। ই হৈছে কাইলৈৰ নাগৰিকস্বৰূপ যুৱ প্ৰজন্মৰ অংশীদাৰিত্বৰে নিজৰ দায়িত্ব পালন কৰি যোৱাৰ এক প্ৰতিশ্ৰুতি। ক্ষমতা আৰু কৰ্তৃত্বতকৈ ই হৈছে আশাৰ এক কণ্ঠস্বৰ।