আশাৰ বতৰা: মহাকাশত নতুন দুটাকৈ গ্ৰহানু বিচাৰি উলিয়ালে ৰঙিয়াৰ আৰিয়ান জিছান আহমেদে

Story by  Ariful Islam | Posted by  [email protected] • 1 h ago
আৰিয়ান জিছান আহমেদ
আৰিয়ান জিছান আহমেদ
 
আৰিফুল ইছলাম/গুৱাহাটী
 
নতুন বছৰৰ প্ৰাকক্ষণত চৰ্চালৈ আহিছে অসমৰ এজন মেধাৱী ছাত্ৰ। দুটাকৈ নতুন গ্রহাণু আৱিষ্কাৰ কৰি দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে ছাত্ৰজন। এই মেধাৱী ছাত্ৰজনৰ নাম আৰিয়ান জিছান আহমেদ। জোনবাইৰ দেশৰ সাধু শুনাৰ বয়সৰ পৰাই মহাকাশৰ গৱেষণাত আগ্ৰহী ছাত্ৰজন। ৰঙিয়াৰ নিবাসী আৰিয়ান জিছান আহমেদে দুটাকৈ নতুন গ্রহাণু আৱিষ্কাৰ কৰি আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা নাছাৰ বিশেষ স্বীকৃতি লাভ কৰিছে। আৰিয়ান জিছান আহমেদৰ এই বৃহৎ সাফল্যই অসম তথা ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে।
 
আন্তর্জাতিক জ্যোতির্বিজ্ঞান অনুসন্ধান সংস্থা আই এ এছ চিৰ অধীনত আৰিয়ানে চলোৱা গ্রহাণুৰ অনুসন্ধান আৰু গৱেষণালৈ নাছাই এই স্বীকৃতি প্রদান কৰিছে। আই এ এছ চিয়ে গ্রহাণু দুটাৰ নামকৰণ কৰিছে ২০২৪ ভি ই ৮ আৰু ২০২৪ ভি চি ২৩। ৰঙিয়াৰ ৩নং বার্ড নিবাসী তথা জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিনৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ান জিছান আহমেদ মেঘালয়ৰ ইউনিভাছিটী অব্ ছায়েন্স এণ্ড টেকন'লজিৰ (ইউ এছ টি এম) বি টেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক শাখাৰ প্রথম ষাণ্মাসিকৰ ছাত্ৰ।

আৱাজ - দ্য ভইচৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত আৰিয়ান জিছান আহমেদে কয়; "সৰুৰে পৰা মই জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আগ্ৰহী আছিলোঁ। মহাকাশৰ গতি-বিধিৰ বিষয়ে জানিবলৈ আগ্ৰহী আছিলোঁ। সৰুৰে পৰাই মই জ্যোতিৰ্বিজ্ঞানৰ বিষয়ে লিখা বহু কিতাপ পঢ়িছোঁ। একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা সময়ত মই প্ৰথম টেলিস্কোপটো কিনিছিলোঁ আৰু তেতিয়াৰ পৰাই মোৰ আগ্ৰহ বৃদ্ধি পাইছিল। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা 'নাছা'ই যুৱ গৱেষকসকলক মহাকাশ গৱেষণাৰ এক সুযোগ প্ৰদান কৰে। ২০২৪ চনত মই এই সুযোগ লাভ কৰিছিলোঁ। সেই মৰ্মে মই গৱেষণা আৰম্ভ কৰি 'নাছা'ক প্ৰতিবেদন দাখিল কৰিছিলোঁ। মোৰ প্ৰতিবেদনখন 'নাছা'ই এবছৰত পুনৰীক্ষণ কৰি মোক দুটা নতুন গ্ৰহাণু আবিষ্কাৰ কৰা বুলি স্বীকৃতি প্ৰদান কৰিছে।"
 
"বৰ্তমান গ্ৰহাণু দুটাৰ নামকৰণ 'নাছা'ই কৰিছে। কিন্তু অন্তিম পৰ্যায়ত মোক গ্ৰহাণু দুটাৰ নামকৰণ কৰিবলৈ অনুমতি দিব। মই সৰুৰে পৰা মহাকাশৰ প্ৰতি আকৃষ্ট আছিলোঁ। আকাশখনলৈ চাই বৰ ভাল পাইছিলোঁ। কিন্তু অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়ৰ পৰাহে মই ভালদৰে বুজি পোৱা হ'লো। মোৰ লগত দুটা টেলিস্কোপ আছে, দুয়োটাই যথেষ্ট শক্তিশালী টেলিস্কোপ। ঘৰৰ চাদৰ ওপৰৰ পৰাই মই টেলিস্কোপেৰে মহাকাশলৈ চাওঁ", আৰিয়ান জিছান আহমেদে কয়।
 
টেলিস্কোপেৰে মহাকাশৰ ফালে চাই থকা মুহূৰ্তত আৰিয়ান
 
আৰিয়ান জিছান আহমেদৰ পিতৃ মিৰাজুল আহমেদে কয়; "আচলতে আমাৰ কাৰণে এইটো গৌৰৱৰ বিষয়। আমাৰ ৰঙিয়াৰ দৰে এখন সৰু ঠাইৰ পৰা আমাৰ দৰে সাধাৰণ পৰিয়ালৰ এটা ল'ৰাই এই বৃহৎ সাফল্য কঢ়িয়াবলৈ সক্ষম হৈছে। জ্যোতিৰ্বিজ্ঞানৰ এই যাত্ৰাত মোৰ ল’ৰাটোৱে সৰুকৈ হ'লেও নিজৰ বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। মই বা আমাৰ পৰিয়ালটো যথেষ্ট সুখী। মই আশা কৰিছোঁ, ৰাইজে মোৰ লৰাটোক আশীৰ্বাদ কৰিব, যাতে সি ভৱিষ্যতে এজন সফল জ্যোতিৰ্বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে।"
 
উল্লেখ্য যে, বৰ্তমান আৰিয়ান ইউনিভাৰ্ছিটী অৱ ছায়েন্স এণ্ড টেকনলজী, মেঘালয়ত বি-টেক কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ প্ৰথম ষাণ্মাসিকত অধ্যয়ন কৰি আছে। মেধাৱী ছাত্ৰগৰাকীয়ে বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম ৰঙিয়াৰ ফাতিমা ক'নভেণ্ট বিদ্যালয়ৰ পৰা সম্পূৰ্ণ কৰিছে। "মই ভৱিষ্যতে জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনতে নিজকে চাব বিচাৰো। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ইছৰোত যোগদান কৰি নিজৰ দেশৰ বাবে ভাল কিবা এটা কৰাৰ হেঁপাহ আছে। ইয়াৰ বাবে মই ইছৰোৰ বাবে যিসমূহ পৰীক্ষা হয়, তাৰ বাবেও প্ৰস্তুতি চলোৱা আৰম্ভ কৰিছোঁ", আৰিয়ান জিছান আহমেদে কয়।
 
উল্লেখ্য যে, যোৱা ১৭ ডিচেম্বৰত আৰিয়ানক 'নাছা'ই যোগাযোগ কৰি গ্ৰহাণু দুটা তেওঁৰ দ্বাৰা আবিষ্কাৰ হোৱা বুলি স্বীকৃতি প্ৰদান কৰিছে। তদুপৰি আৰিয়ানে আবিষ্কাৰ কৰা গ্ৰহাণু দুটাৰ লক্ষণসমূহ 'নাছা'ই গৱেষণা কৰিব। এই গৱেষণা প্ৰক্ৰিয়াটো ন্যূনতম এবছৰৰ পৰা দীঘলীয়া সময়ৰ প্ৰয়োজন বুলি আৰিয়ানে আৱাজ - দ্য ভইচক কয়। 'নাছা'ৰ গৱেষণা প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত আৰিয়ানে গ্ৰহাণু দুটাৰ চূড়ান্ত নামকৰণ কৰিব পৰিব।