গুৱাহাটী
বিগত ১০০ দিনতকৈও অধিক কাল ধৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰীসকলে পলাতক উপাচার্য শম্ভুনাথ সিঙৰ অপসাৰণ আৰু দুৰ্নীতিৰ নিৰপেক্ষ তদন্তৰ দাবীত গঢ়ি তোলা গণতান্ত্রিক প্রতিৰোধ আন্দোলনলৈ অসমৰ সৰ্ববৃহৎ জাতীয় সাহিত্য সংগঠন অসম সাহিত্য সভাই নৈতিক সমর্থন আগবঢ়াই আহিছে।
বছৰৰ অন্তিম দিনটোত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত সভাৰ বিভিন্ন পৰ্যায়ৰ সদস্য আৰু বিষয়ববীয়াসকলৰ এটি ৫০ জনীয়া দল বিশ্ববিদ্যালয়ৰ প্ৰতিবাদস্থলীত উপস্থিত হয়। প্রতিবাদস্থলীত সমবেত ছাত্র-শিক্ষক-কর্মচাৰীসকলক উদ্দেশ্যি ভাষণ দি ড' গোস্বামীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ এই বৌদ্ধিক আৰু অহিংস আন্দোলনৰ সপক্ষে অসম সাহিত্য সভাই সদায় দৃঢ়ভাবে মাত মাতি যাব বুলি ঘোষণা কৰে।
ভাষণ প্রসংগত তেওঁ আক্ষেপ প্রকাশ কৰি কয় যে দেশজুৰি গৰিমা বিস্তাৰ কৰা এই বিশ্ববিদ্যালয়খনৰ অতীতৰ যি দৃঢ় ভেটি আছিল, তাৰ আধাৰত আধুনিকতাৰ ডবা-শংখ বজোৱা পৰিবেশ বর্তমান দেখা নগ'ল। তেওঁ কয়- 'এখন বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ মুৰব্বী সকলোৰে শ্রদ্ধেয় হোৱাটো উচিত। কিন্তু এঠাইত খেদা খোৱা এজনক আনি অসমত বৰপীৰা পাৰি বহুৱালেহি। এইক্ষেত্রত আমাৰ গণতন্ত্র ম'ব'ক্রেচিলৈ আৰু তাৰ পিচত জু-ক্রেচিলৈ ৰূপান্তৰিত হোৱাৰ অনুভৱ হৈছে।' শিক্ষা-দীক্ষাৰ কামত ব্যস্ত থাকিবলগা ছাত্র-শিক্ষকসকলে ন্যায্য অধিকাৰৰ বাবে আন্দোলন কৰিবলগীয়া হোৱাটো বিশ্ববিদ্যালয়খনৰ বাবে পৰম দুর্ভাগ্য বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়।
ড' গোস্বামীয়ে স্পষ্ট কৰি কয় যে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাম্প্রতিক সমস্যাৰ পৰিপ্ৰেক্ষিতত অসম সাহিত্য সভাই কেবল মৌখিক দাবীত সীমাবদ্ধ নাথাকি বিদ্যায়তনিকভারেও এই বিষয়ত অগ্ৰসৰ হ'ব। প্রয়োজনত মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ কৰি বিশ্ববিদ্যালয়খনৰ অতীতৰ আধাৰত বর্তমানত সুস্থ বিদ্যায়তনিক পৰিবেশ কেনেকৈ গঢ়ি তোলা যায়, সেই সন্দৰ্ভত পৰামৰ্শ দিয়াৰ চেষ্টা কৰিব। তাতো যদি চৰকাৰে গুরুত্ব নিদিয়ে তেন্তে ধুবুৰীৰ পৰা শদিয়ালৈকে সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্যই এই সন্দৰ্ভত মুখ্যমন্ত্রীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে ৰাষ্ট্ৰপতিৰ সাক্ষাৎকাৰৰ বাবেও চেষ্টা চলাব বুলি তেওঁ উল্লেখ কৰে।
প্রতিবাদস্থলীত সমবেত সকলোকে উদ্দেশ্যি তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি ড° কুসুম কুমাৰ বণিয়াই তেজপুৰ বিশ্ববিদ্যালয়ে সম্প্রতি ভুগি থকা সমস্যা সন্দর্ভত সবিশেষ অবগত কৰাৰ উপৰি অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক যাদব চন্দ্র শর্মায়ো চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোৰ আঁত ধৰে বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° সঞ্জীবপল ডেকাই। ইয়াৰ পূর্বে সভাপতি ড গোস্বামী বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে উপাচাৰ্যৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্টুপীয়া সভাত বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড' চন্দন গোস্বামীকে ধৰি প্রশাসনিক বিষয়া-কর্মচাৰী একাংশৰ লগতে বহুকেইগৰাকী ডীন আৰু জ্যেষ্ঠ অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে। উক্ত সভাত বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী উপাচার্য অধ্যাপক ধ্রুব কুমাৰ ভট্টাচাৰ্যই সভাপতিগৰাকীক উষ্ণ আদৰণি জনাই বিশ্ববিদ্যালয়খনৰ বর্তমান সমস্যাসমূহৰ বিষয়ে অৱগত কৰে।
অসম সাহিত্য সভাৰ তৰফৰ পৰা সাংগঠনিক সম্পাদক দুলাল নাথ, বংকিম বৰুৱা, নকুল কুর্মী, ভুবন চেত্রী, জিলা সম্পাদক কামিনী বৰুৱা, জিলা প্রতিনিধি বাসুদের শর্মা, দুল গোস্বামী, কনক ভট্টাচার্য, পদ্ম টুংগানা, বিপণ শইকীয়া, মনোৰঞ্জন ভাগৱতী, কবী বৰা, ভাৰত দাস, নৃপেন দাস, মহছিনুৰ ৰহমান, ইমৰান হোছেইন আহমেদ, মোবাৰক হোছেইন, প্রতিভা ধৰ, বিষুষ্ণলাল শাস্ত্রী, সত্যদের শর্মা, হেমেন শইকীয়া, ভুবন চেত্রী, মোহন উপাধ্যায় আদি প্রায় আঢ়ৈকুৰিৰ অধিক সভাৰ সদস্য-বিষয়ববীয়াই সভাপতিগৰাকীক সংগ দিয়ে।