উত্তৰাখণ্ডৰ আলমোৰাত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, নিহত ৬

Story by  atv | Posted by  [email protected] • 2 h ago
উত্তৰাখণ্ডৰ আলমোৰাত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, নিহত ৬
উত্তৰাখণ্ডৰ আলমোৰাত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, নিহত ৬
 
আলমোৰা (উত্তৰাখণ্ড)
 
উত্তৰাখণ্ডৰ আলমোৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬ জন নিহত হোৱাৰ বাতৰি পোৱা গৈছে। মঙলবাৰে পুৱা এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হৈছে৷ মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে এই দুৰ্ঘটনাত অতি কমেও ১২ জন লোক গুৰুতৰভাৱে আহত হৈছে। আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
 
জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় ৬ বজাত যাত্ৰীৰে ভৰ্তি এখন বাছ দ্বাৰহাট নোবাডাৰ পৰা ৰামনগৰ অভিমুখে গৈ আছিল। ভিকিয়াছাইন-বিনায়ক ৰোডৰ শিলাপানীৰ ওচৰত বাছখন আহি পোৱাৰ লগে লগেই এই দুৰ্ঘটনা সংঘটিত হয়। হঠাতে চালকে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বাছখন পথৰ পৰা কেইবা শ ফুট গভীৰ খাৱৈত পৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত বাছখনত চালক আৰু কণ্ডাক্টৰসহ মুঠ ১৯ জন যাত্ৰী আছিল। ঘটনাস্থলীত কেইবাজনো যাত্রীৰ মৃত্যু হয় আৰু বাছখনৰ চালক আৰু কণ্ডাক্টৰসহ কেইবাজনো যাত্রী গুৰুতৰভাৱে আহত হয়। আৰক্ষী, জিলা প্ৰশাসন আৰু SDRFৰ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে।
 
দুৰ্ঘটনাস্থলী জিলা সদৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত হোৱাৰ বাবে উদ্ধাৰ অভিযানত পলম হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সকলোকে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ নিয়া হৈছে। আহতসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে। কিন্তু বহু লোকৰ অৱস্থা সংকটজনক। বাছখনত আৰু কোনো লোক আৱদ্ধ হৈ আছে নেকি সেই সম্পৰ্কেও অনুসন্ধান চলাই থকা হৈছে।