আজমেৰ
আজমেৰ শ্বৰীফত হজৰত খোৱাজা মইনুদ্দিন চিস্তিৰ ৮১৪ তম বাৰ্ষিক উৰুছ সফলভাবে সামৰণি পৰে। য'ত ১০ লাখৰো অধিক ভক্তই প্ৰাৰ্থনা আৰু আধ্যাত্মিক সমাৰোহত অংশগ্ৰহণ কৰে। লগতে এই উৰুছখনে আশা, শান্তি, মানৱীয়তা আৰু ভাতৃত্ববোধৰ বাৰ্তা দাঙি ধৰে।
দৰগাহ আজমেৰ শ্বৰীফৰ গাদ্দী নাছিন আৰু চিস্তি ফাউণ্ডেচনৰ অধ্যক্ষ হাজী চৈয়দ ছলমান চিস্তিয়ে কয়, "আজমেৰ শ্বৰীফত ১০ লাখৰো অধিক প্ৰাৰ্থী উপস্থিত থকাৰ বাবে আমি সৰ্বশক্তিমান ঈশ্বৰক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। যিসকলে আস্থা, ভাষা, জাতীয়তা আৰু সংস্কৃতিৰ সীমা অতিক্ৰম কৰি নম্ৰতা, প্ৰাৰ্থনা আৰু প্ৰেমৰ বাবে একত্ৰিত হৈছে।"
তেওঁ লগতে কয়, "এই উৰুছ কেৱল এক ঐতিহাসিক ক্ষনেই নাছিল; য'ত সকলোৱে নৈতিকতাত উপনীত হয় আৰু মানৱতাৰ এক জীৱন্ত নিদৰ্শন দাঙি ধৰে। আঠ শতিকাৰো অধিক কাল ধৰি, আজমেৰ শ্বৰীফ এক আধ্যাত্মিক আশ্ৰয়স্থল হৈ আছে য'ত অন্তৰে সান্ত্বনা লাভ কৰে। বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে একত্ৰিত হৈ ভাতৃত্ববোধ বিচাৰি পাই।"
কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এখন চাদৰ আগবঢ়ায় আৰু প্ৰাৰ্থনা কৰেঃ
চিস্তি খোৱাজা গৰীব নৱাজৰ বিশ্বজনীন বাৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, "সকলোৰ প্ৰতি প্ৰেম। কাৰো প্ৰতি হিংসা কৰা উচিত নহয়, এয়া কোনো ধৰ্মই অনুমতি নিদিয়ে। প্ৰাৰ্থনাৰ পবিত্ৰ নীৰৱতা আৰু সমন্বিত ভক্তিৰ দ্বাৰা এই উৰুছে পুনৰ নিশ্চিত কৰিছিল যে প্ৰকৃত আধ্যাত্মিকতাই বিভাজনৰ পৰিৱৰ্তে একত্ৰিত কৰে।"
তেওঁ ২০২৫ চনৰ প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰে, য'ত সন্ত্ৰাসবাদী আক্ৰমণ, হিংসা, ক্ৰমবৰ্ধমান বিভাজন আৰু সমগ্ৰ বিশ্বত সামাজিক সম্প্ৰীতিৰ প্ৰতি এক ভাবুকি।
উৰুছৰ সময়ত কাৱালী গীতৰ লগতে ছুফী সংগীতো পৰিৱেশন কৰা হয়।
"আজমেৰ শ্বৰীফৰ আধ্যাত্মিক হৃদয়ৰ পৰা, আমি বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ সুৰক্ষা, মৰ্যাদা আৰু স্বাধীনতাৰ বাবে আন্তৰিক প্ৰাৰ্থনা আগবঢ়াইছো, বিশ্বৰ সকলো সংখ্যালঘু আৰু দুৰ্বল সম্প্ৰদায়ৰ সৈতে আমি আছোঁ। সন্ত্ৰাস, হিংসা আৰু অন্যায়ৰ দ্বাৰা ধ্বংস হোৱা পৰিয়ালৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। ভয় আৰু ভুল তথ্যৰ মাজত সম্প্ৰীতি ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰা সমাজৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। যন্ত্ৰণা কেৱল এটা ধৰ্মৰ দ্বাৰা সৃষ্টি নহয়। এটা জনগোষ্ঠীৰ দুখ-দুৰ্দশা মানেই সমগ্ৰ মানৱ জাতিৰ দুখ-দুৰ্দশা", তেওঁ কয়।
বিশ্বব্যাপী সকলোকে সম্বোধন কৰি চিষ্টিয়ে কয়, "বিশ্বাসে হৃদয় সুস্থ কৰিব লাগে, কঠোৰ কৰিব নালাগে। ধর্মই জীৱনক সুৰক্ষা দিব লাগে, ৰাজনীতি কৰিব নালাগে আৰু প্রকৃত ভক্তিৰ পৰিমাপ হৈছে কামত দেখুওৱা সহানুভূতি। আমি সকলোৱে মিলি সেই কাহিনীবোৰ প্ৰত্যাখ্যান কৰিব লাগিব, যিবোৰে বিশ্বাসক ভয়ত পৰিণত কৰে আৰু পৰিচয়ক অস্ত্ৰলৈ ৰূপান্তৰিত কৰে।
তেওঁ ২০২৬ বৰ্ষক আশা আৰু নৈতিক সাহসৰ বৰ্ষ হিচাপে অভিহিত কৰে।
আজমেৰ শ্বৰীফৰ ৮১৪ সংখ্যক উৰুছত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু
"২০২৬ চনটো ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত শান্তিৰ বছৰ হওক, আধিপত্যৰ ওপৰত নহয়, বিভাজনৰ ঠাইত সংলাপৰ, উগ্ৰবাদক পৰাভূত কৰা শিক্ষাৰ আৰু স্বাৰ্থপৰতাৰ ওপৰত জয়লাভ কৰা সেৱাৰ বছৰ হওক। চৰকাৰ, আধ্যাত্মিক নেতা, সংবাদ প্ৰতিষ্ঠান, শিক্ষাবিদ আৰু নাগৰিক সমাজে মানৱ সভ্যতাৰ নৈতিক কেন্দ্ৰটো পুনৰুদ্ধাৰ কৰিবলৈ একেলগে কাম কৰিব লাগিব।"
"যি ঠাইত ঘৃণাৰ জন্ম হৈছে, সেই ঠাইত হৃদয়বোৰ নৰম হওক! মতানৈক্যৰ ঠাইত একতা হওক! ন্যায় আৰু দয়া একেলগে চলক। মানৱ জাতিয়ে পুনৰাই নিজৰ আত্মাক আৱিষ্কাৰ কৰিব পাৰে! আজমেৰ শ্বৰীফৰ পবিত্ৰ দুৱাৰমুখৰ পৰা, য'ত সাধুসকলে মানৱতাক বিনা স্বাৰ্থে আলিঙ্গন কৰিছিল, এই প্ৰাৰ্থনা বিশ্বব্যাপী শান্তি, কৰুণা আৰু সম্প্ৰীতিৰ বাবে কৰা হৈছে।