অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Story by  atv | Posted by  [email protected] • 2 h ago
অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
 
গুৱাহাটী
 
আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কেইবাটাও কাৰ্যসূচী হাতত লৈ উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী। ঘন কুৱঁলীৰ বাবেই অসমত বিমান অৱতৰণ কৰাত পলম হয়। 
 
গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী পদাৰ্পণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক উষ্ম আদৰণি জনায়। তেওঁৰ এই ভ্ৰমণে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে অসমৰ উন্নয়নৰ যাত্ৰাক নতুন গতি প্ৰদান কৰিব।
ইপিনে, ঘন কুৱঁলীৰ বাবে ঘাইপথেৰে যাত্ৰা কৰাৰ সম্ভাৱনা গৃহমন্ত্ৰীগৰাকীৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বৰদোৱা প্ৰকল্প। প্ৰকল্প মুকলি কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। 
 
লগতে গৃহমন্ত্ৰীগৰাকীয়ে বৰাগাঁৱত নতুনকৈ নিৰ্মাণ কৰা ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ পৰিদৰ্শন কৰিব। তাত তেওঁ অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাব। ইয়াৰ পিছত গৃহমন্ত্ৰীগৰাকীয়ে নতুন আৰক্ষী আয়ুক্ত ভৱন আৰু মহানগৰীৰ নিৰাপত্তা শক্তিশালী কৰাৰ বাবে সংহত কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম (ICSS) উদ্বোধন কৰিব। তাৰ পিছতে খানাপাৰাত নিৰ্মাণ কৰা ৫ হাজাৰ আসনযুক্ত বিশাল জ্যোতি বিষ্ণু সাংস্কৃতিক কমপ্লেক্স (অডিটৰিয়াম) উদ্বোধন কৰি অসম ভ্ৰমণৰ সামৰণি মাৰিব গৃহমন্ত্ৰীগৰাকীয়ে।