নতুন দিল্লী
দেশত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। এইবাৰ বিহাৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। জানিব পৰা মতে, বিহাৰৰ জামুই জিলাত শনিবাৰে মাজনিশা সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনাটো৷
জাচিডিহ-ঝাঝা ৰে’লপথত চিমেণ্ট ভৰ্তি এখন মালবাহী ৰে’লৰ দবা লাইচ্যুত হয় ৷ ফলত প্ৰায় ১৬ টা দবা ৰে’লপথৰ পৰা ওলাই যায়। এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে এখন দলঙৰ ওপৰৰ পৰা কেইবাটাও ৰে’লৰ দবা বাগৰি নদীত সোমাই যায়।
আছানছল ৰে’ল সংমণ্ডলৰ অন্তৰ্গত জাচিডিহ-ঝাঝা মূল ৰে’ল লাইনত সংঘটিত হয় এই দুৰ্ঘটনাটো। তেলৱা বজাৰ হাল্টৰ সমীপত থকা বধুৱা নদীৰ ওপৰত বনোৱা ৬৭৬ নং দলঙত সংঘটিত হয় এই ঘটনাটো। নিশা প্ৰায় ১১:৩০ বজাৰ পৰা ১২:০০ বজাৰ ভিতৰত জাচিডিহৰ পৰা ঝাঝালৈ গৈ থকা এখন মালবাহী ৰে’ল দুৰ্ঘটনাত পতিত হয়৷
খবৰ অনুসৰি, মালবাহী ৰে’লখনৰ প্ৰায় ১৬-১৯ টা দবা লাইচ্যুত হয়৷ ইয়াৰে তিনিটা দবা দলঙৰ ওপৰৰ পৰা বধুৱা নদীত পৰে৷ লগতে ৰে’লৰ বহুকেইটা দবা দলঙৰ ওপৰতে উলটি পৰি ৰয়৷ ফলত চিমেণ্টৰ বেগসমূহ য’তে ত’তে সিঁচৰতি হৈ পৰে৷ এই দুৰ্ঘটনাটোৰ ফলত ৰে’লৱে ট্ৰেকটোৰ যথেষ্ট ক্ষতি সাধন হয়।
এই দুৰ্ঘটনাটোৰ ফলত ৰে’ল যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। ফলত কিউল-জাচিদিহ অংশৰ বিভিন্ন ষ্টেচনত কেইবাখনো যাত্ৰীবাহী আৰু মালবাহী ৰে’ল ৰখাই দিয়া হয়। এই দুৰ্ঘটনাটোৰ প্ৰতি তৎক্ষণাত ৰে’লৱে প্ৰশাসনে সঁহাৰি জনায়। খবৰ লাভ কৰাৰ পাচতে ঝাঝা আৰু জাচিডিহৰ পৰা উক্ত স্থানলৈ প্ৰেৰণ কৰা হয় সাহায্য ৰে’ল আৰু গধুৰ যন্ত্ৰপাতি।
নিশাই ৰে’ল আৰক্ষী, আৰ পি এফ, কাৰিকৰী বিষয়া উপস্থিত হৈ ৰে’লপথৰ পৰা ওলাই যোৱা দবাবোৰ আঁতৰাবলৈ আৰম্ভ কৰে। এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত বৰ্তমানলৈকে কোনো লোকৰ মৃত্যু বা আঘাতৰ খবৰ পোৱা নাই ৷ কাৰণ দুৰ্ঘটনাত পতিতি হেৱা ৰে’লখন মালবাহী ৰে’ল আছিল৷
ইতিমধ্যে ৰে’লৱেৰ বিষয়াসকলে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তদন্তত কাৰিকৰী বিজুতি বা ট্ৰেকৰ কিছু বিসংগতিৰ বাবেই এই দুৰ্ঘটনাটো সংধটিত হৈছে। ৰে’লৰ ট্ৰেকটোৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পিছতহে পুনৰ আৰম্ভ হ’ব ৰে’লৰ চলাচল । ৰে’লৱে কৰ্তৃপক্ষই ৰে’ল যাত্ৰীসকলক কিছু ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে।