গুৱাহাটী
কেগৰ তৰফৰ পৰা বাৰম্বাৰ সকীয়নি জাৰি কৰি অহাৰ পিচতো তালৈ খাতিৰ নকৰি আগত নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী আঁচনিসমূহৰ জৰিয়তে সকলোকে সামৰি লোৱাৰ নামত বিদায়ী ২০২৫ বৰ্ষটোৰ অন্তিমটো ঋণ হিচাপে এহেজাৰ কোটি টকা ল'বলৈ ওলাইছে ৰাজ্য চৰকাৰে। চলিত মাহৰ ১৬ ডিচেম্বৰত ১৪ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধক দি ৯০০ কোটি টকা ঋণ লোৱাৰ দুসপ্তাহৰ পিচতেই অহা ৩০ ডিচেম্বৰত এইবাৰ কুৰি বছৰৰ বাবে একেই বণ্ড বন্ধকত দি লোৱা হ'ব এই ঋণ।
ইতিমধ্যে বিত্ত বিভাগৰ ফালৰ পৰা ভাৰতীয় বিজার্ভ বেংকৰ ওচৰত প্ৰস্তার দাখিল কৰা হৈছে। উল্লেখ্য যে বিদায়ী বৰ্ষটোৰ ৭ জানুৱাৰীত ৫০০ কোটি টকা ঋণেৰে আৰম্ভণি কৰা চৰকাৰখনে বৰ্ষটোৰ অন্তিম ঋণ যোগ কৰিলে ২০২৫ বৰ্ষত লোৱা মুঠ ঋণৰ পৰিমাণ হ'লগৈ ১৭,২০০ কোটি টকা। আনহাতে ২০২৫-২৬ বিত্তীয় বর্ষ হিচাপে অহা ফেব্ৰুৱাৰী মাহৰ শেষৰফালে নিৰ্বাচনৰ দিন-বাৰ ঘোষণা হোৱাৰ পূৰ্বে হিতাধিকাৰী আঁচনিসমূহৰ ধন বিতৰণ প্ৰক্ৰিয়া সম্পূর্ণ কৰিব পৰাকৈ আগত দুমাহত কমেও তিনি হেজাৰ কোটি টকাৰ ঋণ লোৱাৰ প্রস্তাৱ আছে। ক্রমবর্ধিত ঋণৰ বোজাই ৰাজ্যখনৰ ভয়াৱহ ভবিষ্যতৰ ইংগিত দিয়াৰ কথা কেগৰ শেহতীয়া প্রতিবেদনত উন্মোচন হোৱাৰ পিচতো অহৰহ ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা শাসকীয় বিজেপি চৰকাৰখনে জনমুৰি ৪২,৪১৮ টকাৰ ঋণ জাপি দি ব্যাপক উন্নয়নৰ ঢাক-ঢোল বজাইছে।
মন কৰিবলগীয়া যে ৰাজ্যৰ মুঠ ঋণৰ প্ৰসংগতো চৰকাৰখনে জনগণৰ চকুত ধূলি মৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। এই বৃহৎ পৰিমাণৰ ঋণৰ বিপৰীতে ৰাজ্য চৰকাৰে আগত বিত্তীয় বৰ্ষত পৰিশোধ কৰিব লাগিব ১০ হেজাৰ কোটি টকাৰ সূত। নক'লেও হয় যে যোৱা সময়ছোৱাত অনাদায় সূত পৰিশোধৰ নামতো চৰকাৰে ঋণ ল'বলগীয়া পৰিস্থিতি হোৱা বুলি কেগৰ প্ৰতিবেদনত উল্লেখ কৰা আছে আৰু এই সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰিছে। ৰিজার্ভ বেংকৰ হিচাপ পৰীক্ষাত এই তথ্যও উন্মোচন হৈছে যে মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পাঁচ বছৰীয়া কাৰ্যকালতেই ৰাজ্যখনত বেকর্ডসংখ্যক ৮৮,২৭৪ কোটি টকাৰ ঋণ লোৱা হৈছে। অহা বর্ষৰ ৩১ মার্চত সামৰণি পৰিবলগীয়া ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অধীনত লোৱা ১৭,২০০ কোটিৰো অধিক ঋণ ইয়াত যোগ কৰিলে পাঁচ বছৰীয়া কার্যকালত লোৱা চৰকাৰখনৰ ঋণৰ হিচাপটো ফটফটীয়া হৈ পৰিব।
স্মর্তব্য যে বিগত কংগ্ৰেছ চৰকাৰে ২০১৬ বৰ্ষত এৰি থৈ যোৱা ৰাজ্যৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি। যোৱা ২০২১ বর্ষত ৮৯,৭০৯ কোটি টকাৰ মুঠ ঋণৰ বোজা লৈ শাসন ক্ষমতাৰ দায়িত্ব লোৱা সততে কর্মদক্ষ আৰু সবল মুখ্যমন্ত্রী হিচাপে উচ্চাৰিত হিমন্তবিশ্ব শৰ্মাৰ পাঁচ বছৰীয়া কার্যকালত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি অসমৰ ৰাজনৈতিক ইতিহাসক সর্বাধিক ঋণ লোৱা মুখ্যমন্ত্রী হৈ পৰিব। উল্লেখ্য যে বিজার্ভ বেংকৰ যোরা ২০২৪-২৫ বিত্তীয় বর্ষৰ হিচাপ যুকিয়াই সমগ্র বিত্তীয় দিশটো পৰীক্ষা কৰিলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শেষত ৰাজ্যৰ সৰ্বমুঠ ঋণৰ পৰিমাণ ১,৯৫,১৮৩ কোটি টকা হ'ব বুলি ঠাৱৰ কৰা হৈছে। সততে বিশ্ব ৰেকৰ্ড কৰা ৰাজ্যখনৰ বাবে ই অন্য এক বেকর্ড হিচাপে পৰিগণিত হ'লেও কেগৰ শেহতীয়া প্রতিবেদনৰ ভাষাত ক'বলৈ গ'লে এয়া ৰাজ্যখনৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে অশনি সংকেত।
উল্লেখযোগ্য যে কেগৰ প্রতিবেদনতে তালিকাসহ এই কথা উল্লেখ আছে যে অহা দহ বছৰৰ সময়ছোৱাৰ ভিতৰতে ৰাজ্য চৰকাৰে সূতসহ ১,৫৯,২০৯.৮৫ কোটি টকাৰ ঋণ পৰিশোধৰ দায়বদ্ধতা মূৰ পাতি ল'ব লাগিব আৰু এয়া হ'ব দেখদেখকৈ ৰাজ্যখনৰ বাবে গভীৰ প্ৰত্যাহ্বান। এনে ভয়াবহ বিত্তীয় ভৱিষ্যতৰ আশংকা ঘনীভূত হোৱাৰ পিচতো বাহিৰে ৰংচং ভিতবে কোৱাভাতুৰী বা বাহিৰত বৰচুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰৰ দৰে শাসকীয় চৰকাৰখনৰ নেতৃবর্গই ব্যাপক উন্নয়নৰ জয়ঢোল বজাই আছে।