গুৱাহাটী
হিংসা জৰ্জৰিত পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হোৱাৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে। ক্ৰমান্বয়ে এখন দুখনকৈ খুলিছে দোকান-পোহাৰ, আৰম্ভ হৈছে বেপাৰ বাণিজ্য। খুলিছে পেট্ৰল পাম্প, আৰম্ভ হৈছে যাত্ৰীবাহী যান বাহনৰ চলাচল।
সম্প্ৰতি স্তব্ধ হৈ পৰা জীৱন যাত্ৰা এতিয়া স্বাভাৱিক হৈ উঠিছে। আজি পুৱা ৮ বজাৰ পৰা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত পুনৰ আৰম্ভ ইণ্টাৰনেট সেৱা। এক নিৰ্দেশনাযোগে এই কথা জনালে অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে। উল্লেখযোগ্য যে, ২৩ ডিচেম্বৰৰ হিংসাত্মক ঘটনাৰ বাবে বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা।
অৱশ্যে, এতিয়াও ইণ্টাৰনেট সেৱা সমগ্র কাৰ্বি আংলঙত উপলব্ধ হোৱা নাই। এই পৰ্যন্ত খেৰণিকে ধৰি কিছু কিছু অঞ্চলত নাই ইণ্টাৰনেট। যাৰ পৰিপ্ৰেক্ষিতত ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ সমস্যাত ভুগিবলগীয়া হৈছে জিলাবাসীয়ে।