প'ৰ্ট ব্লেয়াৰত ত্ৰিৰংগা উত্তোলন কৰা সাহস আৰু বীৰত্বৰ প্ৰতীক নেতাজীক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Story by  atv | Posted by  [email protected] • 2 h ago
প'ৰ্ট ব্লেয়াৰত ত্ৰিৰংগা উত্তোলন কৰা সাহস আৰু বীৰত্বৰ প্ৰতীক নেতাজীক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প'ৰ্ট ব্লেয়াৰত ত্ৰিৰংগা উত্তোলন কৰা সাহস আৰু বীৰত্বৰ প্ৰতীক নেতাজীক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে উল্লেখ কৰে যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে ১৯৪৩ চনৰ ৩০ ডিচেম্বৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প'ৰ্ট ব্লেয়াৰত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰিছিল।
 
এই ঐতিহাসিক পৰিঘটনাৰ কথা মনত পেলাই Xত এক পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ সাহস আৰু বীৰত্বৰ শলাগ লয়।
 
প্ৰধানমন্ত্ৰীয়ে Xত লিখিছে যে ১৯৪৩ চনৰ ৩০ ডিচেম্বৰৰ এই দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে প'ৰ্ট ব্লেয়াৰত সাহস আৰু বীৰত্বৰে ত্ৰিৰংগা উত্তোলন কৰিছিল। এই মুহূৰ্তই আমাক এই কথা মনত পেলাই দিয়ে যে স্বাধীনতা কেৱল আকাংক্ষাৰ দ্বাৰা গঢ়ি তোলা নহয়, বৰং সামৰ্থ্য, কঠোৰ পৰিশ্ৰম, ন্যায় আৰু সংগঠিত সংকল্পৰ দ্বাৰা গঢ়ি তোলা হয়।
 
তেওঁ লগতে কয়, "আজিৰ সুভাষিত অনুষ্ঠানে এই অনুভৱকে প্ৰকাশ কৰিছে। সামৰ্থ্যমূলম স্বাতন্ত্ৰৰ্য়্যাম শ্ৰামূলম চ বৈভম। ন্যায়মূলম সুৰায্যম স্যাত সংঘমূলম মহাবলম।" 
ভাৰত চৰকাৰৰ তথ্য অনুসৰি নেতাজী সুভাষ চন্দ্ৰ বসুৱে ১৯৪৩ চনত দক্ষিণ আন্দামান জিলা ভ্ৰমণ কৰিছিল। ১৯৪৩ চনৰ ৩০ ডিচেম্বৰত আজাদ হিন্দ ফৌজ বা ভাৰতীয় জাতীয় সেনাবাহিনী (INA)ৰ কমাণ্ডাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে পৰ্ট ব্লেয়াৰৰ মাটিত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে।
 
১৯৪১ চনৰ ১৬ জানুৱাৰীত ব্ৰিটিছৰ তত্ত্বাৱধানৰ পৰা পলায়ন কৰি তেওঁ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ পিছত এই ঐতিহাসিক ঘটনাটো সংঘটিত হয়। ১৯৪৩ চনৰ শেষৰ ফালে ভাৰতীয় জাতীয় সেনাই ভাৰতৰ মাটিত ভৰি দিব বুলি তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হোৱাৰ প্ৰতীক আছিল এই পতাকা উত্তোলন। ইয়াৰ লগে লগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক "ভাৰতৰ প্ৰথম মুক্ত ভূখণ্ড" হিচাপে ঘোষণা কৰা হয়।
 
এই স্মৰণীয় ক্ষণৰ স্মৃতিত আৰু বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে প'ৰ্ট ব্লেয়াৰত 'সংকল্প স্মাৰক' উদ্বোধন কৰা হয়।
 
প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ২০২১ চনৰ ২৯ ডিচেম্বৰত নেতাজীৰ আগমনৰ ঠিক ৭৮ বছৰ পিছত কমাণ্ডাৰ ইন চিফ আন্দামান আৰু নিকোবৰ কমাণ্ড (CINCAN) লেফটেনেণ্ট জেনেৰেল অজয় ​​সিঙে দেশৰ বাবে উছৰ্গা কৰিছিল এই সংকল্প স্মাৰক।