২০২৫ বৰ্ষৰ Aৰ পৰা Zলৈঃ ভাৰতীয়সকলে গুগলত সন্ধান কৰা শীৰ্ষ আৰু উল্লেখযোগ্য ঘটনাসমূহ

Story by  atv | Posted by  [email protected] • 2 h ago
২০২৫ বৰ্ষৰ Aৰ পৰা Zলৈঃ ভাৰতীয়সকলে গুগলত সন্ধান কৰা শীৰ্ষ আৰু উল্লেখযোগ্য ঘটনাসমূহ
২০২৫ বৰ্ষৰ Aৰ পৰা Zলৈঃ ভাৰতীয়সকলে গুগলত সন্ধান কৰা শীৰ্ষ আৰু উল্লেখযোগ্য ঘটনাসমূহ
 
আৱাজ - দ্য ভইচ
 
চাওঁতে চাওঁতে ২০২৫ বৰ্ষটো মেলানি মাগিবৰ হ’ল। ২০২৫ বৰ্ষটো ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে উল্লেখযোগ্য বুলি বিবেচিত হৈছে। প্ৰয়াগৰাজৰ মহা কুম্ভমেলা, মহিলা ক্ৰিকেট দলে বিশ্বকাপ জয় কৰা, ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু, পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়া অপাৰেচন সেন্দূৰৰ দৰে ঘটনাসমূহে ভাৰতীয়ৰ মনত বিশেষ সাজ বহুৱাই থৈ যায়। 
 
গুগলত সৰ্বাধিক অনুসন্ধান কৰা বিষয়ৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়া ট্ৰেণ্ডলৈ, ২০২৫ বৰ্ষটোৰ Aৰ পৰা Zলৈ এক পৰ্যালোচনা আগবঢ়োৱা হ’লঃ 
 
* A - আহান পাণ্ডে আৰু অনীত পাড্ডাঃ বিনোদন ক্ষেত্ৰখনত 'ছায়াৰা' ছবিখনে সৰ্বাধিক চৰ্চা লাভ কৰে। আহান আৰু অনীতৰ কেমিষ্ট্ৰী আৰু অভিনয়ে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হয়।
* B - ব্ৰায়ান জনছনঃ নিখিল কামাথৰ পডকাষ্টত জনছনৰ সাক্ষাৎকাৰটো এটা আলোচনাৰ বিষয় হৈ পৰিছিল। তেওঁ ষ্টুডিঅ'ৰ প্ৰদূষণৰ বাবে সাক্ষাৎকাৰৰ মাজভাগতে অনুষ্ঠাটো ত্যাগ কৰে, যিটো ঘটনাই বায়ুৰ গুণগত মানৰ বিষয়টো পোহৰলৈ আনে।
 
সংগীত শিল্পী জুবিন গাৰ্গ
 
* C - যুদ্ধবিৰতিঃ ভাৰত-পাকিস্তানৰ সংঘাতৰ পটভূমিত, নেটিজেনসকলে গুগলৰ পৰা 'যুদ্ধবিৰতি' আচলতে কি, সেয়া বুজিবলৈ গুগলৰ সহায় লয়৷
* D - ধৰ্মেন্দ্ৰঃ বলিউডৰ 'হি-মেন' ধৰ্মেন্দ্ৰৰ মৃত্যুত এটা যুগৰ অৱসান ঘটে। ৫০ বছৰ ধৰি দৰ্শকৰ মন জয় কৰি অহা এই ছুপাৰষ্টাৰগৰাকীৰ বিষয়ে বহুতে তথ্যৰ সন্ধান কৰে।
* E - ভূমিকম্পঃ এই বছৰৰ ‘নিয়েৰ মি’ (মোৰ ওচৰত)ৰ ক্ষেত্ৰত ভূমিকম্পৰ আপডেটসমূহ সন্ধান কৰা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়।
* F - ফাইনেল ডেষ্টিনেচনঃ ভাৰতত সৰ্বাধিক অনুসন্ধান কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।
* G - Google Gemini: কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰত Google Gemini-এ দ্বিতীয় স্থান লাভ কৰে। DeepSeek আৰু Perplexityৰ দৰে বিষয়সমূহেও চৰ্চা লাভ কৰে।
* H - হালধিঃ ছ'চিয়েল মিডিয়াত এই বছৰ বিবাহৰ 'হালধি' অনুষ্ঠানৰ ফটো আৰু ৰীতি-নীতিৰ ব্যাপক ট্ৰেণ্ড পৰিলক্ষিত হয়।
* I - ইণ্ডিয়ান প্ৰিমিয়াৰ লীগঃ ক্ৰীড়াৰ ক্ষেত্ৰত IPL পূৰ্বৰ দৰেই এক নম্বৰ ট্ৰেণ্ডিং বিষয় হৈ পৰে।
 
প্ৰয়াগৰাজৰ মহা কুম্ভমেলা
 
* J - জেমিমা ৰড্ৰিগছঃ মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতক নেতৃত্ব দি জয়লাভ কৰা জেমিমা আছিল আলোচিত মহিলা ব্যক্তিসকলৰ অন্যতম৷
* K - কান্তৰাঃ ‘কান্তৰাঃ এ লিজেণ্ড’ ছবিখন জনপ্ৰিয়তাৰ ক্ষেত্ৰত দ্বিতীয় স্থানলৈ উন্নীত হয়।
* L - লাবুবুঃ সামান্য ভয়ানক অথচ মৰমলগা পুতলাটোৰ বিষয়ে জানিবলৈ বহু লোক আগ্ৰহী হৈ পৰে।
* M - মহা কুম্ভ মেলাঃ প্ৰয়াগৰাজৰ মহা কুম্ভ মেলাৰ বিষয়ে গুগলত সৰ্বাধিক চৰ্চা হয়। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে ভ্ৰমণ পৰিকল্পনাৰ বাবে ব্যাপকভাৱে অনুসন্ধান কৰা পৰিলক্ষিত হয়।
* N - নেন' বানানা ট্ৰেণ্ডঃ AI ৰ সহায়ত নিজৰ 3D ফটো সৃষ্টি আৰু ভাগ বতৰা কৰাৰ প্ৰৱণতা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
 
বিশ্বকাপ জয়ৰ মুহূৰ্তত ভাৰতীয় মহিলা ক্ৰিকেট দলটো
 
* O - অপাৰেচন সিন্ধুৰঃ পাকিস্তানৰ অভিসন্ধিক প্ৰতিহত কৰিবলৈ ভাৰতে চলোৱা এই সামৰিক অভিযান সংবাদ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰে।
* P, Q - Phu Quoc(ফু ক’ক): ভিয়েটনামৰ এই দ্বীপটো ভাৰতীয়সকলৰ বাবে এক প্ৰিয় পৰ্যটনস্থলী হিচাপে পৰিগণিত হয়।
* R ৰণবীৰ আলাহবাদিয়াঃ প'ডকাষ্ট আৰু আইনী সমস্যাৰ বাবে ৰণবীৰ আলাহবাদিয়াই গোটেই বছৰটোত বাতৰিৰ শিৰোনাম দখল কৰে।
* S - স্কুইড গেমছ আৰু সুনীতা উইলিয়ামছঃ পঞ্চায়ত আৰু পাতাল লোক-২ৰ দৰে ভাৰতীয় ৱেব ছিৰিজবোৰ জনপ্ৰিয় আছিল যদিও স্কুইড গেমছে বিশেষ মনোযোগ আকৰ্ষণ কৰিছিল। মহাকাশত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছৰ যাত্ৰাক লৈও যথেষ্ট উদ্বিগ্নতা আৰু কৌতূহলৰ সৃষ্টি হয়।
* T & U - থেকুৱা আৰু উকাদিচে মোদকঃ খাদ্যৰ অনুসন্ধানৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ পৰম্পৰাগত উকাদিচে মোদক আৰু বিহাৰৰ থেকুৱাক সৰ্বাধিক প্ৰাধান্য দিয়া হয়।
* V বৈভৱ সূৰ্যবংশীঃ IPLত আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিষেক হোৱা বৈভৱে মাত্ৰ ৩৮টা বলত শতক অৰ্জন কৰি সকলোকে আচৰিত কৰি তোলে।
* W মহিলা বিশ্বকাপ আৰু ৱাকফ বিল(Women's World Cup & Waqf Bill): ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰে। আনহাতে, সংসদৰ ৱাকফ বিধেয়কখনক লৈ বহু অনুসন্ধান কৰা হৈছিল।
* X - Xৰ 'গ্ৰোক': এলন মাস্কৰ প্লেটফৰ্ম 'X'ৰ দ্বাৰা মুকলি কৰা 'গ্ৰোক' নামৰ AI টুলটো গোটেই বছৰটো আলোচনাৰ বিষয় হৈ থাকে।
* Y য়'ৰ্কশ্বায়াৰ পুডিংঃ ইউৰোপৰ এই খাদ্যবিধৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
 
জুবিন গাৰ্গ
 
* Z জুবিন গাৰ্গঃ অসমৰ জনপ্ৰিয় সংগীতজ্ঞ জুবিন গাৰ্গৰ আকস্মিক বিয়োগে সংগীত জগতত এক শোকৰ ছাঁ পেলায়। ২০২৫ বৰ্ষত গুগলত সৰ্বাধিক অনুসন্ধান কৰা ব্যক্তিত্বৰ ভিতৰত অন্যতম আছিল জুবিন গাৰ্গ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ‘জুবিন গাৰ্গ’-এ অনুসন্ধানত শীৰ্ষ স্থান লাভ কৰিছিল৷ গুগলৰ "ইণ্ডিয়া ইয়েৰ ইন ছাৰ্চ ২০২৫" প্ৰতিবেদনৰ তথ্য অনুসৰি জুবিন গাৰ্গ ভাৰতৰ সৰ্বাধিক অনুসন্ধান কৰা ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল৷ উল্লেখ্য যে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত তেওঁৰ মৃত্যু হোৱাৰ পিছত আৰু পৰৱৰ্তী তেওঁৰ শেষকৃত্য অনুষ্ঠানত লাখ লাখ জনতাৰ সমাগম হোৱাৰ পিছত দেশজুৰি তেওঁৰ প্ৰতি অনুসন্ধানৰ আগ্ৰহ বৃদ্ধি পাইছিল। সমগ্ৰ দেশৰ সংগীত অনুৰাগীসকলে জুবিন গাৰ্গৰ গীত, ঐতিহ্য, অসমীয়া সংস্কৃতি আৰু ভাৰতীয় সংগীতত অৱদানৰ বিষয়ে অনুসন্ধান কৰিছিল। আমেৰিকা, ব্ৰিটেইন, কানাডাকে ধৰি সমগ্ৰ বিশ্বৰ ১১৪ খন দেশে তেওঁৰ বিষয়ে অনুসন্ধান কৰিছিল৷ ২০২৫ বৰ্ষৰ এয়া এক উল্লেখযোগ্য ঘটনা হিচাপে পৰিগণিত হয়৷
 
২০২৫ বৰ্ষত ট্ৰেণ্ডিঙত থকা ১০টা বিষয়
 
শ্ৰেণী            শীৰ্ষ ট্ৰেণ্ড
সামগ্ৰিক         IPL, Google Gemini, এছিয়া কাপ, চেম্পিয়নছ ট্ৰফী, মহা কুম্ভ মেলা, ছায়াৰা
চলচ্চিত্ৰ         ছায়াৰা, কান্তৰা ১, কুলি, ৱাৰ ২, সোনম তেৰী কচম, হাউছফুল ৫, গেম চেঞ্জাৰ
ব্যক্তি            বৈভৱ সূৰ্যবংশী, প্ৰিয়ংষ আৰ্য, অভিষেক শৰ্মা, জেমিমা ৰড্ৰিগছ, স্মৃতি মান্ধনা, জুবিন গাৰ্গ
AI              Google Gemini, Grok, DeepSeek, Perplexity, ChatGPT
ৰেচিপি          ইডলী, উকাদিচে মোদক, থেকুৱা, য়ৰ্কশ্বায়াৰ পুডিং, বিট্ৰ'ট কাঞ্জি
ভ্ৰমণ            মহা কুম্ভ মেলা, ফিলিপাইনছ, কাশ্মীৰ, ফুকেট, মালদ্বীপ, পুডুচেৰী
সংবাদ          মহা কুম্ভ মেলা, ধৰ্মেন্দ্ৰৰ মৃত্যু, অপাৰেচন সেন্দূৰ, ৱাকফ বিল, পহালগাম ঘটনা, জুবিন গাৰ্গৰ অন্তিম যাত্ৰা