স্বপ্না দাস
অন্য বছৰৰ দৰে ২০২৫ চনতো যথেষ্ট পৰিমাণে অসমীয়া কিতাপ প্ৰকাশ হয়। তাৰে বহুতো কিতাপ পঢ়ুৱৈৰ মাজত জনপ্ৰিয়ও হয়। কিতাপৰ বিক্ৰী হ্ৰাস পোৱা বুলি প্ৰায়েই শুনা অভিযোগৰ মাজতে পিছে গ্ৰন্থমেলাসমূহে আৰু কিতাপৰ সমাদৰৰ খবৰে ইতিবাচকতাৰে ভৰা ৰেঙণি কঢ়িয়াই আনে।
সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰো যে, আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰত চলা বিভিন্ন গ্ৰন্থমেলাত নবীন-প্ৰবীণ লেখকৰ যথেষ্ট সংখ্যক কিতাপ বিক্ৰী হয়। গ্ৰন্থমেলাসমূহত হাতত কিতাপৰ টোপোলা লৈ থকা নৱপ্ৰজন্মৰ বহু প্ৰতিনিধিকো দেখি মন ভৰি পৰে। কাকত আৰু সামাজিক মাধ্যমত পঢ়ামতে এইবছৰো বিভিন্ন গ্ৰন্থমেলাত আৰু গ্ৰন্থ বিপনীত কিতাপৰ বিক্ৰীও হেনো সন্তোষজনক।
'পিতৃৰ দৃষ্টিত জুবিন' আৰু নীলিম আকাশ কাশ্যপ ৰচিত জুবিন গাৰ্গ বিষয়ক প্ৰথম উপন্যাস 'উঠা-জাগা-সাৰ পোৱা'
বছৰটোত সৰ্বাধিক চাহিদা লাভ কৰে জুবিন গাৰ্গ বিষয়ক কিতাপে। বছৰটোত জুবিন গাৰ্গক লৈ ৰচিত গ্ৰন্থৰ সমাদৰো উল্লেখযোগ্য। এইক্ষেত্ৰত শীৰ্ষত 'পিতৃৰ দৃষ্টিত জুবিন' (চন্দ্ৰ প্ৰকাশ) আৰু 'জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প' (অসম পাবলিচিং কোম্পানী) আছিল। বছৰটোৰ শেষভাগত অসমীয়া আৰু ইংৰাজী ভাষাত জুবিন গাৰ্গ বিষয়ক প্ৰথম উপন্যাস ক্ৰমে 'উঠা-জাগা-সাৰ পোৱা' আৰু 'টেম্পেষ্ট অভাৰ ব্ৰহ্মপুত্ৰ' প্ৰকাশ হয়।
নীলিম আকাশ কাশ্যপ ৰচিত আৰু 'মণিকূট' প্ৰকাশিত জুবিন গাৰ্গ বিষয়ক প্ৰথম উপন্যাস 'উঠা-জাগা-সাৰ পোৱা' আৰু 'টেম্পেষ্ট অভাৰ ব্ৰহ্মপুত্ৰ'য়ো পঢ়ুৱৈৰ যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে পুলিন কলিতাৰ 'কিমান বিশাল এই সাগৰ', মৃণাল কুমাৰ বৰাৰ 'জুবিন বৈভৱ', জোনাক যুগান্তৰ বৰাৰ 'জুবিন গাৰ্গ ইত্যাদি' আদি জুবিন গাৰ্গ বিষয়ক কিতাপো পঢ়ুৱৈয়ে আদৰি লয়। ইয়াৰ বাহিৰেও বিভিন্ন ঠাইৰ পঢ়ুৱৈৰ যোগেদি অৱগত হোৱা মতে ২০২৫ চনতো প্ৰবীণৰ লগতে তৰুণ লেখকৰো কিতাপৰ চাহিদা সন্তোষজনক।
জোনাক যুগান্তৰ বৰাৰ 'জুবিন গাৰ্গ ইত্যাদি' আৰু মৃণাল কুমাৰ বৰাৰ 'জুবিন বৈভৱ'
বছৰটোত প্ৰকাশিত কিতাপৰ ভিতৰত বৈদ্যুৰ্য বৰুৱাৰ 'দাগ নম্বৰ ৫৫৫' (বনলতা), মাইনী মহন্তৰ 'সঁচা সঁচা লগা' (বনলতা), অনুভৱ তুলসীৰ 'জুমুঠিৰ সৌৰযুগ' (অসম পাব্লিচিং কোম্পানী), নীলিম আকাশ কাশ্যপৰ 'চক্ৰবেহু' (বনলতা), ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ 'দাশৰথিদশগ্ৰীৱ' (ৰেখা প্ৰকাশন), কৌশিক নন্দন বৰুৱাৰ 'ৰাগ গুণগুণ' (মণিকূট), নীলিম আকাশ কাশ্যপৰ 'উঠা-জাগা-সাৰ পোৱা' আৰু 'টেম্পেষ্ট অভাৰ ব্ৰহ্মপুত্ৰ' (মণিকূট), অতনু ভট্টাচাৰ্যৰ 'আমুদৰিয়াৰ সিপাৰৰ ঘোঁৰাবোৰ' (পূৰ্বায়ন), পল্লৱী মহন্তৰ 'ফিছা' (অসম পাব্লিচিং কোম্পানী), প্ৰশান্ত কুমাৰ দাসৰ'সপোন এটাৰ সপোন', (জাগৰণ), গায়ত্ৰী প্ৰান্তিক শৰ্মাৰ 'প্রিয়বন্ধু আৰু এটি দেওবাৰৰ দুপৰীয়া' (পূৰ্বায়ন)।
একেদৰে, মনোজ কুমাৰ গোস্বামীৰ 'স্বনিৰ্বাচিত ২৬', ৰঞ্জু হাজৰিকাৰ 'শ্ৰেষ্ঠ গল্প' (দাপোন প্ৰকাশন), মৃণাল তালুকদাৰৰ 'চিয়াং' (বনলতা), ৰশ্মিৰীয়া গগৈৰ 'ডিয়েৰ কমৰেড' (বৰ্ণ) আদি গ্ৰন্থই পঢ়ুৱৈৰ সমাদৰ লাভ কৰে। সঁচাকৈয়ে, এয়া অসমীয়া সাহিত্য জগতৰ বাবে আশাপ্ৰদ বাৰ্তা; লগতে তৰুণ লেখকৰ বাবে অনুপ্ৰেৰণা। কিতাপৰ বিক্ৰী হ্ৰাস পোৱা, কিতাপৰ পঢ়ুৱৈ কমা বুলি চলা নঞাৰ্থক চৰ্চাৰ বিপৰীতে এনে বাস্তৱবোৰে আশাৰ ৰেঙণি কঢ়িয়ায়। এনে কথাবোৰৰ অধিক আৰু চকুত পৰা প্ৰচাৰৰ প্ৰয়োজন।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক।)