হিন্দু-মুছলমান মেৰুকৰণৰ শিপা

Story by   Atir Khan | Posted by  Munni Begum • 11 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
  আতিৰ খান
 
আধুনিক ভাৰতত হিন্দু-মুছলমান মেৰুকৰণৰ কাহিনীটো বুজিবলৈ বিংশ শতিকাৰ আৰম্ভণিৰ ‘খিলাফত আন্দোলন’ক পুনৰ নিৰীক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।। এইটো কেৱল ব্ৰিটিছ নীতিৰ বিৰুদ্ধে এক প্ৰতিবাদ নাছিল, বৰং এয়া আছিল প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত মুছলমান ধৰ্মীয় পৰিচয়ক গণ-ৰাজনীতিত একত্ৰিত কৰাৰ প্ৰচেষ্টা। ইয়াৰ প্ৰভাৱ আন্দোলনটো শেষ হোৱাৰ বহু সময় পিছলৈকেও অনুভৱ কৰা হৈছিল।
 
ব্ৰিটিছ শাসন শক্তিশালী হোৱাৰ বহু শতিকা আগলৈকে ভাৰতত মুছলমানৰ ৰাজনৈতিক ক্ষমতা জনসংখ্যাৰ বাস্তৱিকতাৰ লগত খাপ খাই আছিল। দিল্লী ছুলতানত আৰু পিছত মোগল সাম্ৰাজ্যই হিন্দু-বহুসংখ্যক সমাজৰ ওপৰত শাসন কৰিছিল আৰু সম্পূৰ্ণ ধৰ্মীয় ৰাজ্য ৰাজ্য চলাব পৰা নাছিল।
 
 
ৰাজনৈতিক সুস্থিৰতাৰ ৰক্ষাৰ বাবে বুজাবুজি চুক্তিৰ প্ৰয়োজন আছিল। সমগ্ৰ উপ-মহাদেশত শ্বৰীয়ত আইন প্ৰয়োগ কৰা হোৱা নাছিল; স্থানীয় পৰম্পৰাসমূহ অটুট আছিল, হিন্দু অভিজাত শ্ৰেণী প্ৰভাৱশালী হৈ আছিল আৰু শাসন ব্যৱস্থা আলোচনা তথা সমন্বয়ৰ মাজেৰে চলিছিল। ধৰ্মীয় পৰিচয়সমূহ বেলেগ আছিল, কিন্তু সেইবোৰ সম্পূৰ্ণৰূপে ৰাজনৈতিক ভাৱে বিভক্ত নাছিল। এইটো কোৱা সঠিক হ’ব যে সমন্বয় (Syncretism) কোনো আদৰ্শবাদী প্ৰকল্প নাছিল, বৰং এক ব্যৱহাৰিক প্ৰয়োজনীয়তা আছিল।
 
এই ভাৰসাম্য মধ্যযুগীয় মুছলমান শাসকসকলৰ দ্বাৰা নহয়, বৰঞ্চ ঔপনিৱেশিক পৰিৱৰ্তনৰ বাবেহে ভাঙি পৰিছিল। মোগল শাসনৰ পতন আৰু ব্ৰিটিছ শাসন শক্তিশালী হোৱাৰ লগে লগে মুছলমান ৰাজনৈতিক শ্ৰেণী আৰু উলেমাসকলে তেওঁলোকৰ প্ৰতিষ্ঠানিক শক্তি হেৰুৱাই পেলালে। যিটো সম্প্ৰদায় আগতে শাসন কৰিছিল সেই সম্প্ৰদায় এতিয়া বিদেশী শাসনৰ অধীনত অৱহেলিত হৈ পৰিছে। লগতে নতুন শিক্ষা আৰু প্ৰশাসনিক ব্যৱস্থাত কেৱল সেইসকলহে আগবাঢ়িব পাৰিলে যিসকলে সোনকালে নিজকে খাপ খুৱাই ল’ব পাৰিছিল। এই পৰিৱৰ্তনে মুছলমান সমাজত নিৰাপত্তাহীনতাৰ সৃষ্টি কৰে আৰু নিৰাপত্তাহীনতাই প্ৰায়েই কিছুমান প্ৰতীক বিচাৰি ফুৰে। খিলাফতৰ বিষয়টো তেনেকুৱাই এটা প্ৰতীক হৈ পৰিল।
 
প্ৰথম বিশ্বযুদ্ধৰ পিছত ওছমানীয় সাম্ৰাজ্যৰ বিভাজন আৰু খিলাফত অন্ত পৰাৰ আশংকাই বহু ভাৰতীয় মুছলমানক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। যদিও ওছমানীয় ছুলতান বহু দূৰত আছিল, তথাপি মুছলমান বিশ্বৰ একাংশই তেওঁক ‘উম্মাহ’ৰ প্ৰতীক আৰু পৱিত্ৰ স্থানসমূহৰ ৰক্ষক বুলি গণ্য কৰিছিল। খিলাফত ৰক্ষাৰ প্ৰশ্নটো ভাৰতত ধৰ্মীয় আৱেগ আৰু ঔপনিৱেশিক বিৰোধক সংযোগ কৰাৰ এক মাধ্যম হৈ পৰিল।
 
এই আন্দোলনটো আগৰে পৰা চলি থকা কিছুমান ঘটনাৰ সৈতেও জড়িত আছিল। ছাৰ ছৈয়দ আহমেদ খানৰ আলিগড় আন্দোলনে মুছলমানসকলৰ পৃথক পৰিচয়ৰ ওপৰত গুৰুত্ব দিছিল, যিটো পিছলৈ দ্বি-ৰাষ্ট্ৰৰ তত্ত্বলৈ ৰূপান্তৰিত হৈছিল। ১৯১২–১৩ চনৰ বাল্কান যুদ্ধই পেন-ইছলামী ভাৱনা জাগ্ৰত কৰিছিল। কানপুৰ বিদ্ৰোহ আৰু ব্ৰিটিছ লোকপিয়ল তথা শ্ৰেণীবিভাজনৰ নীতিয়ে পৰিচয়ৰ সীমাসমূহ অধিক স্পষ্ট কৰি তুলিছিল। ১৯১৯ চনলৈকে যেতিয়া খিলাফত আন্দোলন তীব্ৰতৰ হৈছিল, তেতিয়ালৈ ধৰ্মীয় একতাৰ ওপৰত ভিত্তি কৰি গণ-সমৰ্থনৰ ভেটি প্ৰস্তুত হৈ আছিল।
 
প্ৰতিনিধিত্বমুলক ফটো
 
আধুনিক ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক মুছলমান এটা উমৈহতীয়া ধৰ্মীয়-ৰাজনৈতিক বিষয়ত একত্ৰিত হৈছিল। এই আন্দোলনৰ নেতৃত্ব দিছিল উলেমা আৰু আলী ভাতৃসকলৰ দৰে নেতাসকলে। ইতিহাসবিদ মুছিৰুল হাছানৰ মতে, খিলাফত আন্দোলনে এক সুকীয়া মুছলমান ৰাজনৈতিক চেতনাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
মহাত্মা গান্ধীয়ে এই আন্দোলনক সমৰ্থন জনাইছিল এই ভাবি যে হিন্দু-মুছলমানৰ একতাৰ ফলত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্ৰাম শক্তিশালী হ’ব। কিছু সময়ৰ বাবে ধৰ্মীয় আন্দোলন আৰু ৰাষ্ট্ৰীয় আন্দোলন একেলগে চলিছিল। কিন্তু এই মিত্ৰতা বেছিদিন নিটিকিল। গান্ধীয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰে আৰু ১৯২৪ চনত মুস্তাফা কামাল আতাটুৰ্কে তুৰস্কত আনুষ্ঠানিকভাৱে খিলাফত বিলুপ্ত কৰে। ইয়াৰ লগতে খিলাফত আন্দোলনৰো অন্ত পৰিল। কিন্তু ইয়াৰ পৰা সৃষ্টি হোৱা ৰাজনৈতিক শক্তি শেষ হৈ নগ’ল। ধৰ্মীয় পৰিচয় এবাৰ গণ-ৰাজনীতিৰ অংশ হৈ পৰিলে তাক ৰোধ কৰা সহজ নহয়। বিশ্বাসৰ ওপৰত আধাৰিত ৰাজনৈতিক পৰিচয় ইমান সহজে পিছহুহুকি নাযায়।
 
ব্ৰিটিছ নীতি যেনে পৃথক নিৰ্বাচকমণ্ডলী আৰু সাম্পদায়িক প্ৰতিনিধিত্বই ধৰ্মীয় সীমাসমূহক অধিক শক্তিশালী কৰিছিল। ব্ৰিটিছে ধৰ্মীয় পৰিচয় সৃষ্টি কৰা নাছিল, কিন্তু তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থাই হিন্দু আৰু মুছলমানক পৃথক ৰাজনৈতিক গোট হিচাপে গণ্য কৰিবলৈ ব্যৱহাৰ কৰিছিল। ইতিহাসবিদ ডমিনিক-ছিলা খানৰ মতে, ঔপনিৱেশিক শ্ৰেণীবিভাজনে ধৰ্মক চোৱাৰ দৃষ্টিকোণ সলনি কৰি দিছিল। বৈচিত্ৰ্যময় পৰম্পৰাসমূহক "এটা হিন্দু ধৰ্ম" আৰু "এটা ইছলাম"ৰ ৰূপত সৰলীকৃত কৰা হৈছিল।
 
সময়ৰ লগে লগে হিন্দু আৰু মুছলমান নেতাসকলে সাধাৰণ নাগৰিকৰ দৰে কম আৰু বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিৰ দৰে অধিক মত বিনিময় কৰিবলৈ ধৰিলে। উত্তৰ ভাৰতত, বিশেষকৈ সংযুক্ত প্ৰদেশসমূহত (United Provinces), একাংশ মুছলমান নেতাই সাংবিধানিক সুৰক্ষা আৰু বিশেষ অধিকাৰৰ দাবী উত্থাপন কৰিছিল।
 
আলিগড়ৰ বৌদ্ধিক ধাৰা, আল্লামা ইকবালৰ কবিতা আৰু পিছলৈ মহম্মদ আলী জিন্নাহৰ নেতৃত্বই সংখ্যালঘুৰ নিৰাপত্তাহীনতাক এক সংগঠিত ৰাজনৈতিক দাবীলৈ ৰূপান্তৰিত কৰিছিল। অৱশ্যে সকলো মুছলমান বিভাজনৰ পক্ষত নাছিল; দেৱবন্দৰ একাংশ উলেমা আৰু মৌলানা আবুল কালাম আজাদৰ দৰে নেতাই সংযুক্ত ৰাষ্ট্ৰবাদক সমৰ্থন কৰিছিল। তথাপি পৃথক ৰাজনৈতিক পৰিচয়ৰ ধাৰণাটো শক্তিশালী হৈ পৰিছিল।
 
প্ৰতিনিধিত্বমুলক ফটো
 
মেৰুকৰণ এপক্ষীয় নহয়। মুছলমান ৰাজনৈতিক একত্ৰীকৰণৰ উত্তৰত হিন্দু সমাজৰ একাংশতো অনুৰূপ প্ৰৱণতা গঢ় লৈ উঠা দেখা যায়। ব্ৰিটিছে হিন্দু আৰু মুছলমানৰ বাবে পৃথক ব্যক্তিগত আইন প্ৰণয়ন কৰিছিল। হিন্দু সংস্কাৰ আৰু পুনৰুত্থান আন্দোলন তথা পিছলৈ হিন্দু পৰিচয়ৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা সংগঠনসমূহৰ উত্থানো এই পটভূমিতেই হৈছিল।
 
১৮৮৫ চনৰ পৰা ১৯৪৭ চনলৈকে মাত্ৰ প্ৰায় ষাঠী বছৰৰ ভিতৰতে শতিকাজুৰি গঢ়ি উঠা ভাৰসাম্য ভাগি পৰিল আৰু দেশ বিভাজন হ’ল, যাৰ লগে লগে ভয়ংকৰ হিংসাও হ’ল। স্বাধীন ভাৰতে এই বিভাজনৰ পৰা পৰিত্ৰাণ পাবলৈ সাংবিধানিক ধৰ্মনিৰপেক্ষতা গ্ৰহণ কৰিলে। সংবিধান সভাত মুছলমান সদস্যসকলেও ইয়াক সমৰ্থন কৰিছিল আৰু মুছলমানৰ বাবে সুকীয়া সংৰক্ষণৰ দাবী কৰা নাছিল।
 
তথাপি সময়ৰ লগে লগে ধৰ্মীয় মেৰুকৰণ বৃদ্ধি পালে। ঐতিহাসিক নিৰাপত্তাহীনতাসমূহ ইমান সহজে শেষ নহয়। যেতিয়া সমাজখন অভিযোগ আৰু পুৰণি স্মৃতিত আবদ্ধ হৈ পৰে, তেতিয়া অবিশ্বাস পুনৰ জাগ্ৰত হয়। নিৰাপত্তাহীনতাৰ ওপৰত আধাৰিত ৰাজনীতিত প্ৰতিক্ৰিয়া আৰু প্ৰতি-প্ৰতিক্ৰিয়াৰ চক্ৰ চলি থাকে।
 
খিলাফত আন্দোলনৰ তাৎপৰ্য কোনো এটা পক্ষক দোষাৰোপ কৰাত নহয়, বৰঞ্চ ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰাতহে নিহিত হৈ আছে। ই দেখুৱালে যে যেতিয়া গণ-ৰাজনীতি ধৰ্মীয় পৰিচয়ৰ ওপৰত আধাৰিত হয়— সেয়া লাগিলে উদ্দেশ্য ঔপনিৱেশিক বিৰোধেই নহওক কিয়— তেতিয়া ৰাজহুৱা জীৱনৰ দিশ সলনি হৈ যায়। যেতিয়া ধৰ্মীয় বিশ্বাস ৰাজনৈতিক সংগঠনৰ মূল আধাৰ হৈ পৰে, তেতিয়া বুজাবুজি কঠিন আৰু সন্দেহ সহজ হৈ পৰে।
 
এইটো নিশ্চিত যে এখন বহুত্ববাদী সমাজ বৰ্তাই ৰাখিবলৈ পৰিপক্ক ৰাজনীতি অপৰিহাৰ্য, চেন্টিমেণ্টেল নষ্টালজিয়া বা প্ৰতিক্ৰিয়াশীল অভিযোগ নহয়। সভ্যতাসমূহ স্বভাৱগতভাৱে মিশ্ৰিত। সেইবোৰক যিকোনো এটা পৰিচয়ত (ধৰ্মীয় বা অন্য) গঢ়ি তুলিবলৈ কৰা চেষ্টাৰ ফল ভয়াৱহ হয়, যাৰ বিষয়ে ইতিহাসে বাৰে বাৰে সকীয়াই দি আহিছে।
 
(লেখক ‘আৱাজ দ্য ভইচ’ৰ মুখ্য সম্পাদক)