মেহৰ কোনো উপহাৰ নহয়, ই পত্নীৰ প্ৰতি স্বামীৰ এক ধৰ্মীয় বাধ্যবাধকতা

Story by  atv | Posted by  [email protected] • 8 h ago
মেহৰ কোনো উপহাৰ নহয়, ই পত্নীৰ প্ৰতি স্বামীৰ এক ধৰ্মীয় বাধ্যবাধকতা
মেহৰ কোনো উপহাৰ নহয়, ই পত্নীৰ প্ৰতি স্বামীৰ এক ধৰ্মীয় বাধ্যবাধকতা
নতুন দিল্লী
 
বিবাহৰ সময়ত এগৰাকী মহিলাক দিয়া মেহৰৰ ধন কেৱল মাত্ৰ এক উপহাৰ নহয় বৰঞ্চ এয়া তেওঁৰ ধৰ্মীয় আৰু আইনী অধিকাৰ। এয়া হৈছে স্বামীৰ ওপৰত বাধ্যতামূলক ঋণ, যাৰ উদ্দেশ্য হৈছে এগৰাকী নাৰীৰ মৰ্যাদা, সন্মান আৰু আৰ্থিক নিৰাপত্তা ৰক্ষা কৰা। মুফটি আফ্ৰোজ আলম কাছমীয়ে আৱাজ–দ্য ভইচ'ৰ 'দীন আউৰ দুনিয়া' শীৰ্ষক প’ডকাষ্টৰ সময়ত এই কথা ব্যক্ত কৰিছে। 
 
ছাকিব চেলিমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ মেহৰৰ ধৰ্মীয় মৰ্যাদা, নিৰ্ধাৰিত পৰিমাণ, ধন পৰিশোধৰ ধৰণ আৰু সমাজত ব্যাপক ভুল ধাৰণাসমূহৰ বিষয়ে বিশদ ব্যাখ্যা কৰা হৈছিল।
 
তেওঁ জোৰ দি কয় যে, মছজিদৰ ইমাম, ধৰ্মীয় পণ্ডিত, সামাজিক সংগঠনসমূহে মহিলাৰ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মেহৰৰ গুৰুত্বৰ বিষয়ে সক্ৰিয়ভাৱে সজাগতা বিয়পাব লাগিব।
 
মেহৰ এক অধিকাৰ, উপহাৰ নহয় 
 
মুফটি আফ্ৰোজ আলম কাছমীয়ে স্পষ্টভাৱে কৈছে যে, মেহৰ এক স্বেচ্ছামূলক উপহাৰ নহয় বৰঞ্চ ই হৈছে নিকাহৰ সময়ত এগৰাকী মহিলাক প্ৰদান কৰা বাধ্যতামূলক অধিকাৰ। ই স্বামীৰ ওপৰত বাধ্যতামূলক আৰ্থিক বাধ্যবাধকতা, আৰু ইয়াৰ উদ্দেশ্য হৈছে মহিলাগৰাকীক মৰ্যাদা, সন্মান আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰা। মেহৰৰ জৰিয়তে বিবাহৰ আৰম্ভণিৰে পৰাই নাৰীৰ অৰ্থনৈতিক নিৰাপত্তা নিশ্চিত কৰা হয়, যাৰ বাবে কষ্টৰ সময়ত তেওঁ কোনো লোকৰ ওপৰত নিৰ্ভৰশীল নহয়।  
 
মুফটি আফ্ৰোজ আলম কাছমী
 
তেওঁ লগতে উল্লেখ কৰিছে যে, শ্বৰীয়তৰ অধীনত মেহৰৰ নূন্যতম পৰিমাণ দহ দিৰহামত নিৰ্ধাৰণ কৰা হৈছে, আৰু তাতকৈ কম যিকোনো বস্তু বৈধ নহয়। হজৰত মহম্মদৰ ছুন্নত মতে মেহৰ প্ৰায় পাঁচশ দিৰহাম আছিল, যিটো সাধাৰণতে মাহৰ-ই-ফাতিমি বুলি জনা যায়। ছুন্নত অনুসৰি মেহৰ ঠিক কৰাটোৱেই উত্তম আৰু ই আশীৰ্বাদ কঢ়িয়াই আনে বুলিও তেওঁ কয়।

স্বামীৰ আৰ্থিক অৱস্থা
 
মুফটিয়ে লগতে কয় যে, স্বামীৰ আৰ্থিক সামৰ্থ্য অনুসৰি মেহৰৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে। এজন ধনী মানুহে উদাৰতাৰে মেহৰ আদায় দিব লাগে, আনহাতে সীমিত সামৰ্থ্য থকা এগৰাকী ব্যক্তিয়ে নিজৰ সামৰ্থ্যৰ ভিতৰত এটা পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে, তথাপি শ্বৰীয়তত নিৰ্ধাৰিত সীমা মানি চলিব লাগে।
 
তেওঁ উল্লেখ কৰিছে যে, পৰিশোধৰ ওপৰত ভিত্তি কৰি দুটা ধৰণৰ মেহৰ আছে। প্ৰথমটো হৈছে নিকাহৰ সময়ত আদায় দিয়া মেহৰ বা তাৰ লগে লগে প্ৰদান কৰা হয় আৰু শ্বৰীয়তত এই পদ্ধতি পছন্দ কৰা হয়। পিছৰ পৰ্যায়ত বিলম্বিত মেহৰ দিবলগীয়া হয়, কিন্তু মহিলাগৰাকীৰ দাবীত তৎক্ষণাত পৰিশোধ কৰাটো বাধ্যতামূলক হৈ পৰে। 
 
এক বাধ্যতামূলক ঋণ 
 
মুফটি আফ্ৰোজ আলম কাছমীয়ে দৃঢ়তাৰে এই বিশ্বাসক নাকচ কৰে যে, কেৱল বিবাহ বিচ্ছেদৰ সময়তহে মেহৰ আদায় দিয়া হয়। তেওঁ স্পষ্ট কৰি দিয়ে যে, বিবাহ বিচ্ছেদৰ সৈতে মেহৰৰ কোনো সম্পৰ্ক নাই। আৰু ই এক বাধ্যতামূলক ঋণ, যাক স্বামীৰ জীৱনকালত পৰিশোধ কৰিব লাগিব। বিবাহ বিচ্ছেদৰ সময়ত বা স্বামীৰ মৃত্যুৰ পিছত এগৰাকী মহিলাক তেওঁৰ মেহৰ ক্ষমা কৰিবলৈ বাধ্য কৰা বা হেঁচা প্ৰয়োগ কৰাক ইছলামত অত্যাচাৰ আৰু অন্যায় বুলি গণ্য কৰা হয়। 
 

তেওঁ লগতে উল্লেখ কৰিছে যে, যদি কোনো মহিলাই কোনো ধৰণৰ হেঁচা, ভয়, জোৰ-জবৰদস্তি নোহোৱাকৈ নিজৰ মেহৰক স্বেচ্ছাই আৰু আনন্দৰে ক্ষমা কৰে, তেন্তে এনে ক্ষমাক বৈধ বুলি গণ্য কৰা হ’ব পাৰে। কিন্তু বাধ্যবাধকতাৰে লাভ কৰা ক্ষমাক শ্বৰীয়তত স্বীকৃতি দিয়া হোৱা নাই।
 
মুফটিয়ে লগতে এই ধাৰণাটোও নাকচ কৰে যে, কোৰাণ শিকোৱা বা উপাসনা কৰা কাৰ্যক মেহৰ হিচাপে নিৰ্ধাৰণ কৰিব পাৰি। তেওঁ কয় যে, উপাসনা ব্যক্তিগত বিষয় আৰু ই মহিলাৰ আৰ্থিক অধিকাৰক সলনি কৰিব নোৱাৰে। মেহৰৰ এক স্পষ্ট নগদ মূল্য থাকিব লাগিব।
 
যৌতুক আৰু অতিৰিক্ততাৰ ক্ৰমবৰ্ধমান সংস্কৃতিক সমালোচনা কৰি তেওঁ উল্লেখ কৰিছে যে, আড়ম্বৰপূৰ্ণ বিয়া অনুষ্ঠিত কৰিবলৈ লাখ লাখ টকা ব্যয় কৰা হয়, যদিও মানুহে প্ৰায়ে মেহৰ দিবলৈ অনিচ্ছা প্ৰকাশ কৰে, যিটো মহিলাগৰাকীৰ উচিত প্ৰাপ্য হয়। ইছলামে এই মনোভাৱৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু মহিলাৰ অধিকাৰ সম্পূৰ্ণৰূপে আৰু সৎ পূৰণৰ আদেশ দিয়ে বুলিও তেওঁ উল্লেখ কৰিছে।  
 
মুফটি আফ্ৰোজ আলম কাছমীয়ে অৱশেষত ইমাম, পণ্ডিত আৰু সামাজিক সংগঠনৰ প্ৰতি আহ্বান জনায় কয় যে, মেহৰৰ প্ৰকৃত গুৰুত্ব সম্পৰ্কে জনসাধাৰণক সজাগ কৰক, যাতে মহিলাৰ অধিকাৰ সুৰক্ষিত হয় আৰু সমাজত নিকাহৰ প্ৰকৃত ইছলামী ধাৰণা প্ৰতিষ্ঠা হয়।