বিশ্বৰ প্ৰথমগৰাকী মহিলা ৰিভাৰ পাইলট ৰেশমা নিলুফাৰ নাহাৰ অদম্য যাত্ৰা

Story by  atv | Posted by  Munni Begum • 1 h ago
ৰেশমা নিলুফাৰ নাহা
ৰেশমা নিলুফাৰ নাহা
 
শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ
 
বিশাল সাগৰৰ উত্তাল তৰংগ, বিপদসংকুল ঠেক নদীপথ আৰু প্ৰতিকূল জলস্ৰোত- এই সকলোবোৰ মিলিও স্তব্ধ কৰিব পৰা নাই এগৰাকী নাৰীৰ অদম্য সাহস আৰু জেদক। পুৰুষৰ একচেতীয়া আধিপত্য থকা এক বৃত্তিৰ শতিকাপুৰণি প্ৰাচীৰ ভাঙি ইতিহাসৰ পাতত সোণালী আখৰেৰে নিজৰ নাম খোদিত কৰিছে ৰেশমা নিলুফাৰ নাহাই। সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথমগৰাকী মহিলা 'ৰিভাৰ পাইলট' হিচাপে পৰিচিত ৰেশমাই নিজৰ অসাধাৰণ দক্ষতা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বলত সমগ্ৰ বিশ্বক দেখুৱাই দিছে যে— দুৰ্দম্য ইচ্ছাশক্তিৰ আগত কোনো প্ৰত্যাহ্বানেই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে।
 
চেন্নাইৰ এক সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰেশমাই। সৰুৰে পৰাই তেওঁৰ চকুত আছিল ডাঙৰ সপোন। পঢ়া-শুনাত মনোযোগী ৰেশমাই স্কুলীয়া জীৱন শেষ কৰি চেন্নাইৰ নামী প্ৰতিষ্ঠান 'একাডেমী অৱ মেৰিটাইম এডুকেশ্বন এণ্ড ট্ৰেইনিং'ৰ পৰা সামুদ্ৰিক প্ৰযুক্তিৰ (Marine Technology) বিষয়ে অধ্যয়ন কৰে। সেই পঢ়া শেষ কৰিয়েই আৰম্ভ হয় তেওঁৰ সমুদ্ৰযাত্ৰা। যাত্ৰীবাহী জাহাজৰ পৰা আৰম্ভ কৰি কণ্টেইনাৰ জাহাজলৈকে- বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেওঁ যাত্ৰা কৰিছে। প্ৰতিটো যাত্ৰাই তেওঁক আৰু অধিক দৃঢ় কৰি তুলিছে, ভৱিষ্যতৰ কঠিন প্ৰত্যাহ্বানৰ বাবে অধিক প্ৰস্তুত কৰি তুলিছে।
 
 
দীৰ্ঘ সামুদ্ৰিক জীৱনৰ অভিজ্ঞতাৰ পিছত ৰেশমাই কলকাতা বন্দৰত (তেতিয়াৰ কলকাতা পোৰ্ট ট্ৰাষ্ট বা KoPT) প্ৰশিক্ষণ লয়। প্ৰায় চাৰে ছবছৰ ধৰি চলে সেই কঠোৰ প্ৰশিক্ষণ। অৱশেষত ২০১৮ চনত তেওঁ কলকাতা বন্দৰৰ পূৰ্ণকালীন মেৰিটাইম পাইলট হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ লগতে ইতিহাসত লিপিবদ্ধ হয় এক নতুন অধ্যায়- বিশ্বৰ প্ৰথমগৰাকী মহিলা ৰিভাৰ পাইলট হিচাপে আত্মপ্ৰকাশ কৰে ৰেশমা নিলোফাৰ নাহাই।
 
নিজৰ কামৰ বিষয়ে ৰেশমাই কয়, “এগৰাকী মেৰিন পাইলটৰ কাম হ'ল জাহাজখন নিৰাপদে বন্দৰৰ ভিতৰলৈ অনা আৰু বাহিৰলৈ লৈ যোৱা। এই কামৰ বাবে অসাধাৰণ শাৰীৰিক আৰু মানসিক শক্তিৰ প্ৰয়োজন। যেতিয়া আপুনি কোনো ক্ষেত্ৰত প্ৰথমগৰাকী ব্যক্তি হয়, তেতিয়া কামটো আৰু অধিক কঠিন হৈ পৰে।” আৰম্ভণিতে বহুতেই তেওঁক সন্দেহৰ চকুৰে চাইছিল। বহুতে ভাবিছিল যে কেইমাহমানৰ ভিতৰতে তেওঁ এই পেছা এৰি দিব। কিন্তু সকলো সন্দেহক ভুল প্ৰমাণিত কৰি আজিও তেওঁ নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি গৈছে।
 
ৰিভাৰ পাইলট হিচাপে নিজৰ কামৰ গুৰুত্ব বাখ্যা কৰি ৰেশমাই কয়, “আমি এটা নিৰ্দিষ্ট বন্দৰৰ সৈতে জড়িত স্থানীয় বিশেষজ্ঞ নেভিগেটৰ। আমি জাহাজখনক যিদৰে জানো, ঠিক সেইদৰে বন্দৰৰ প্ৰতিটো ভাঁজ, প্ৰতিটো পথো জানো। কোনো এখন জাহাজৰ কেপ্টেইন সকলো বন্দৰৰ বিশেষজ্ঞ হ'ব নোৱাৰে। সেয়েহে মেৰিন পাইলটৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ।”
 
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা নাৰী শক্তি বঁটা গ্ৰহণ কৰি থকা অৱস্থাত ৰেশমা নিলুফাৰ নাহা
 
সাগৰৰ তুলনাত নদীপথেৰে জাহাজ চলোৱাটো বহুত বেছি প্ৰত্যাহ্বানজনক। ঠেক নদী, অসংখ্য বালিচৰ, তীক্ষ্ণ ভাঁজ আৰু বিপদজনক সোঁত- এই সকলোবোৰ মিলি প্ৰতিটো মুহূৰ্ততে বিপদাশংকা থাকে। ৰেশমাৰ ভাষাত, “এক ছেকেণ্ডৰ ভুল সিদ্ধান্তই ডাঙৰ বিপৰ্যয় মাতি আনিব পাৰে। সেয়েহে মানসিকভাৱে সদায় সতৰ্ক থাকিব লাগে আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব লাগে।”
 
এই পেছাত শাৰীৰিক সক্ষমতাও অতি প্ৰয়োজনীয়। পাইলট লঞ্চাৰ বা সৰু নাওৰ পৰা জৰীৰ জখলাৰে বগাই জাহাজত উঠা-নমা কৰিবলগীয়া হয়, যাৰ বাবে যথেষ্ট শক্তি আৰু ফিটনেছৰ প্ৰয়োজন। দীৰ্ঘ সময় ধৰি কাম কৰা, পৰিয়ালৰ পৰা আঁতৰত থকা আৰু উত্তাল সাগৰৰ সৈতে অহৰহ যুঁজ দিয়া- এই সকলোবোৰ মিলিয়েই গঢ় লৈ উঠিছে ৰেশমা নিলোফাৰ নাহাৰ অদম্য চৰিত্ৰ।
 
নাৰী শক্তিৰ প্ৰতীক হিচাপে তেওঁ লাভ কৰিছে ‘নাৰী শক্তি পুৰস্কাৰ’। কিন্তু পুৰস্কাৰতকৈয়ো ডাঙৰ হৈছে তেওঁৰ প্ৰেৰণা। নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি তেওঁ আজি অসংখ্য তৰুণীক দেখুৱাইছে নতুন পথ। প্ৰমাণ কৰিছে যে- সাহস থাকিলে, সপোন দেখাৰ ক্ষমতা থাকিলে, কোনো সাগৰেই ইমান গভীৰ নহয়, কোনো নদীপথেই ইমান ঠেক নহয়, যিয়ে এগৰাকী নাৰীক আগবাঢ়ি যোৱাত বাধা দিব পাৰে।