অসম বিধানসভা নিৰ্বাচন ২০২৬: ৪৩ গৰাকী নতুন আৰু যুৱ নেতাই মন জয় কৰিলে ভোটাৰৰ

Story by  Ariful Islam | Posted by  [email protected] • 2 h ago
অসম বিধানসভালৈ নিৰ্বাচিত হোৱা নতুন প্ৰাৰ্থীসকলৰ একাংশ
অসম বিধানসভালৈ নিৰ্বাচিত হোৱা নতুন প্ৰাৰ্থীসকলৰ একাংশ
 
আৰিফুল ইছলাম/গুৱাহাটী
 
ঘোষণা হল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে ৮২ খন আসন দখল কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ দলে ১৯ খন আসন। এআইইউডিএফ দলে ২ খন আসন। অসম গণ পৰিষদে ১০ খন আসন। ৰাইজৰ দলে ২ খন আসন। বিপিএফে ১০ খন আসন আৰু অন্যান্য ১ খন আসন। ইয়াৰ লগে লগে বিজেপিৰ মিত্ৰজোঁতে পুনৰবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। এইবাৰ ৰাজ্যৰ ৰাজনীতিত ৪৩ গৰাকী নতুন আৰু যুৱ মুখ দেখা পোৱা গৈছে।  এই নতুন আৰু যুৱ প্ৰাৰ্থীসকলে জনসাধাৰণৰ মন জয় কৰিবলৈ সক্ষম হৈছে। এইবাৰ নিৰ্বাচিত হোৱা নতুন আৰু যুৱ নেতাসমূহৰ নাম, সমষ্টি আৰু দল উল্লেখ কৰা হ'ল-
 
সমষ্টি- তিনিচুকীয়া
প্ৰাৰ্থী- পুলক গোহাঁই
দল- ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ৮৫,১৮৪
 
সমষ্টি-মাহমৰা
প্ৰাৰ্থী- সুৰুজ দিহিঙীয়া
দল- ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ৬৯,৫৩০
 
সমষ্টি-বকো-ছয়গাঁও
প্ৰাৰ্থী- ৰাজু মেচ
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ১,০৭,১১৩
 
সমষ্টি-নাজিৰা 
প্ৰাৰ্থী-ময়ূৰ বৰগোঁহাই
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-৯৮,১৯৮
 
সমষ্টি- চিচিবৰগাঁও
প্ৰাৰ্থী-জীৱন গগৈ
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ৭৫,৭৫৮
 
সমষ্টি-তিতাবৰ
প্ৰাৰ্থী-ধীৰাজ গোৱালা
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ৭৮,৭৪৩
 
সমষ্টি- ৰংখাং
প্ৰাৰ্থী- তুলিৰাম ৰংহাং
দল- ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ৮৩,২৪৮
 
সমষ্টি- গোৰেশ্বৰ
প্ৰাৰ্থী- ভিক্টৰ কুমাৰ দাস 
দল- ভাৰতীয় জনতা পাৰ্টি 
ভোট লাভ- ৯৮,১০৮
 
সমষ্টি- হাজো-শুৱালকুচি (এছ চি)
প্ৰাৰ্থী- প্ৰকাশ চন্দ্ৰ দাস
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ৮১,৬৯৯
 
সমষ্টি- ডিমৰীয়া (এছ চি)
প্ৰাৰ্থী- ডঃ তপন দাস
দল- অসম গণ পৰিষদ
ভোট লাভ- ১,১৬,০৫৮
 
সমষ্টি- মধ্য গুৱাহাটী
প্ৰাৰ্থী- বিজয় কুমাৰ গুপ্তা
দল- ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ১,০১,২৯৭
 
সমষ্টি- ধুবুৰী
প্ৰাৰ্থী- বেবী বেগম
দল- কংগ্ৰেছ 
ভোট লাভ- ১,১৮,৩৬২
 
সমষ্টি- চামগুৰি
প্ৰাৰ্থী- তানজিল হুছেইন
দল- কংগ্ৰেছ
ভোট লাভ- ১,৪৫,২১২
 
হাফলং (এছ টি) সমষ্টিত নিৰ্বাচিত প্ৰাৰ্থী ৰূপালী লাংথাছা
 
হাফলং (এছ টি) 
প্ৰাৰ্থী- ৰূপালী লাংথাছা
দল- ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ৭৮,৬৭৪
 
আলগাপুৰ-কাটলিছেৰা 
প্ৰাৰ্থী- জুবেইৰ আনম মজুমদাৰ 
দল- কংগ্ৰেছ
ভোট লাভ- ১,৪৫,৬৬১
 
সমষ্টি- ৰঙানদী 
প্ৰাৰ্থী- ঋষিৰাজ হাজৰিকা 
দল- ভাৰতীয় জনতা পাৰ্টি 
ভোট লাভ- ৮২,৪৯৩
 
সমষ্টি- বিলাসীপাৰা
প্ৰাৰ্থী- জীবেশ ৰয় 
দল- অসম গণ পৰিষদ
ভোট লাভ- ৮৫,৯৩৭
 
সমষ্টি- গোলকগঞ্জ
প্ৰাৰ্থী- অশ্বিনী ৰয় চৰকাৰ 
দল- ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ- ১১,০৫৩৩
 
সমষ্টি-গোৱালপাৰা (ৱেষ্ট)
প্ৰাৰ্থী পৱিত্ৰ ৰাভা
দল- ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-৯২,২১৬
 
সমষ্টি-পলাশবাৰী 
প্ৰাৰ্থী- হিমাংশু শেষৰ বৈশ্য
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-১,০৯,৩০১
 
সমষ্টি-টংলা
প্ৰাৰ্থী-বিকণ চন্দ্ৰ ডেকা
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-৮৪,৩০৯
 
সমষ্টি-মঙ্গলদৈ 
প্ৰাৰ্থী-নীলিমা দেৱী
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-১,০০০৭৮
 
সমষ্টি-বৰচলা 
প্ৰাৰ্থী-ঋতু বৰণ শৰ্মা
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-৮৪,৪৯৫
 
সমষ্টি-ৰঙাপাৰা
প্ৰাৰ্থী-কৃষ্ণ কমল তাঁতী
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-৮১,০২২
 
সমষ্টি-বিহালী 
প্ৰাৰ্থী-মুনদ্ৰ দাস (বাপতি) 
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-৮৭,২২৪
 
দেৰগাঁও সমষ্টিত নিৰ্বাচিত প্ৰাৰ্থী মৃদুল কুমাৰ দত্ত
 
সমষ্টি-দেৰগাঁও
প্ৰাৰ্থী-মৃদুল কুমাৰ দত্ত
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-৯০,০৪৯
 
সমষ্টি-বোকাজান
প্ৰাৰ্থী-সূৰ্য্য ৰংফাৰ
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-৬৯,৮৫১
 
সমষ্টি-হাওৰাঘাট
প্ৰাৰ্থী-লুনসিং তেৰণ 
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-১,০৬২,২৯
 
সমষ্টি-ডিফু
প্ৰাৰ্থী-নিছো তেৰাংপি
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-৯০,৮৬৬
 
সমষ্টি-আমৰী 
প্ৰাৰ্থী-হাবেই তেৰণ
দল-ভাৰতীয় জনতা পাৰ্টি 
ভোট লাভ-৫০,২৭৩
 
সমষ্টি-ঢলাই 
প্ৰাৰ্থী-অমিয়া কান্তি দাস
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-১০০৬৩৪
 
সমষ্টি-হাইলাকান্দি 
প্ৰাৰ্থী-মিলন দাস
দল-ভাৰতীয় জনতা পাৰ্টি
ভোট লাভ-১,১৯,৫৯১
 
সমষ্টি-পৰ্বতঝোৰা
প্ৰাৰ্থী-আশ্ৰাফুল ইছলাম শ্বেইখ 
দল-কংগ্ৰেছ
ভোট লাভ-৭৭,১২৮
 
সমষ্টি-মানকাছাৰ 
প্ৰাৰ্থী-মহীবুৰ ৰহমান (বাপপী)
দল-কংগ্ৰেছ
ভোট লাভ-১,৬৯,০৩৬
 
সমষ্টি-নাওবৈছা 
প্ৰাৰ্থী-ডঃ জয় প্ৰকাশ দাস
দল-কংগ্ৰেছ
ভোট লাভ-৮৬,৯৮১
 
সমষ্টি-কৰিমগঞ্জ (নৰ্থ) 
প্ৰাৰ্থী-জাকাৰীয়া আহমেদ
দল-কংগ্ৰেছ 
ভোট লাভ-১,২২,৩৫৬
 
সমষ্টি-কৰিমগঞ্জ (চাউথ)
প্ৰাৰ্থী-আমিনুৰ ৰছিদ চৌধুৰী
দল-কংগ্ৰেছ
ভোট লাভ-১,৩৭,২৫৭
 
সমষ্টি-গোঁসাইগাঁও
প্ৰাৰ্থী-শুভৰাম বসুমতাৰী
দল-বিপিএফ
ভোট লাভ-৪৪,৩৯৪
 
সমষ্টি-কোকৰাঝাৰ
প্ৰাৰ্থী-শেৱলি মহিলাৰী
দল-বিপিএফ 
ভোট লাভ-৭৪,৮১৬
 
সমষ্টি-বাওঁখুঙৰী 
প্ৰাৰ্থী-ৰূপম চন্দ্ৰ ৰয়
দল-বিপিএফ
ভোট লাভ-৬২,৬৭৭
 
সমষ্টি-বজালী
প্ৰাৰ্থী-ধৰ্মেশ্বৰ ৰয়
দল-অগপ
ভোট লাভ-৮০,১৩০
 
সমষ্টি-টীয়ক
প্ৰাৰ্থী-বিকাশ শইকীয়া
দল-অগপ
ভোট লাভ-৯০,৩৬৮
 
সমষ্টি-ধিং
প্ৰাৰ্থী-মেহবুব মুক্তাৰ 
দল-ৰাইজৰ দল
ভোট লাভ-১,৩১,১৮২
 
আনহাতে, বিপৰ্যয়ৰ সন্মুখীন হৈছে শাসক-বিৰোধীৰ কেইবাগৰাকীও হেভিৱেইট নেতা৷ এইবেলি নিৰ্বাচনত শাসক-বিৰোধী উভয় শিবিৰৰ কেইবাগৰাকীও ৰথী-মহাৰথীয়ে নিৰ্বাচনী ৰণত ধৰাশায়ী হোৱাৰ উপক্ৰম হৈছে, যিটোৱে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। পৰাজয়ৰ দিশে গতি কৰা এই হেভিৱেইট নেতাসকলৰ তালিকাত আছে- কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা ভূপেন বৰা, চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ নন্দিতা গাৰ্লোছা, দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। ইয়াৰ লগতে, 'জেন জি' (Gen Z) প্ৰাৰ্থী হিচাপে ব্যাপক চৰ্চালৈ অহা মধ্য গুৱাহাটী সমষ্টিৰ কুংকী চৌধুৰী আৰু মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাও বৰ্তমান নিৰাশাজনক অৱস্থানত আছে।