ডাঃ ওমেইৰ মঞ্জৰ
সাংবাদিকতা, সাহিত্য আৰু শিশু-মনস্তত্ত্বৰ এক সৃজনশীল সংমিশ্ৰণৰ নাম হৈছে শ্বাহ তাজ খান। কঠোৰ পৰিশ্ৰম, সৃজনশীল চিন্তা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাক সঙ্গী কৰি তেওঁ নিজৰ স্বকীয় পৰিচয় গঢ়ি তুলিছে। উৰ্দু সাংবাদিকতাৰ জগতৰ পৰা যাত্ৰা আৰম্ভ কৰি শ্বাহ তাজ খানে শিশুসাহিত্য, বিশেষকৈ বৈজ্ঞানিক কাহিনীৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ লেখনীয়ে কেৱল শিশুৰ মনত কৌতূহল জগাই তোলাই নহয়, বৰং নতুন প্ৰজন্মক বিজ্ঞানমনস্ক, ইতিবাচক আৰু সৃষ্টিশীল চিন্তাৰ দিশে আগবঢ়াই নিয়ে।
পুৰণি দিল্লীৰ সাংস্কৃতিক পৰিৱেশত ডাঙৰ হোৱা শ্বাহ তাজ খান উৰ্দু ভাষা, সাহিত্য আৰু পৰম্পৰাৰ মাজতেই নিজৰ ব্যক্তিত্ব গঢ়ি তুলিছিল। সাংবাদিকতাৰ ক্ষেত্ৰত দীঘলীয়া অভিজ্ঞতা লাভ কৰাৰ পিছতো তেওঁ কেতিয়াও সৃষ্টিশীলতাৰ পথ এৰি দিয়া নাছিল। ছপা মাধ্যম পৰা বৈদ্যুতিন মাধ্যমলৈ সফলভাৱে আগবাঢ়ি যোৱা এই ব্যক্তিত্বই নিজৰ নিষ্ঠা, মেধা আৰু অধ্যৱসায়ৰ জৰিয়তে এক অনন্য উদাহৰণ স্থাপন কৰিছে। শিশু সাহিত্য আৰু সাংবাদিকতাৰ মাজত এক সেতু গঢ়ি তোলা শ্বাহ তাজ খান আজিৰ সময়ৰ এগৰাকী অনুপ্ৰেৰণাদায়ক সাহিত্যিক আৰু সাংবাদিক হিচাপে বিশেষভাৱে সমাদৃত।
১৯৬৯ চনত জন্মগ্ৰহণ কৰা শ্বাহ তাজ খানে হয়তো কৰ্ম আৰু গতিশীলতাৰ এই দৰ্শন মহাকবি ইকবালৰ পৰা আয়ত্ব কৰিছিল। কাৰণ যেতিয়া আমি শ্বাহ তাজ খানৰ জীৱন আৰু কৰ্মৰ ওপৰত দৃষ্টি নিক্ষেপ কৰো তেতিয়াই ইকবালৰ এটা কথাই মনত উদয় হয় যে, "প্ৰতিটো মুহূৰ্ত এটা নতুন ৰূপ, নতুন জ্যোতিৰ প্ৰকাশ।"
গ্ৰন্থমেলাত শ্বাহ তাজ খান
যদিও শ্বাহ তাজ খানে সাংবাদিক হিচাপে নিজৰ পেছাদাৰী জীৱনৰ আৰম্ভণি কৰিছিল, তথাপিও পিছলৈ তেওঁ শিশুসমাজৰ বাবে বৈজ্ঞানিক গল্প আৰু কাহিনী লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ এই পথ প্ৰদৰ্শক গল্পসমূহ কেৱল উৰ্দু আলোচনীতেই প্ৰকাশফৈছে তেনে নহয়, বিজ্ঞানভিত্তিক শিশু সাহিত্যৰ ক্ষেত্ৰতো বিশেষ গুৰুত্বসহকাৰে প্ৰকাশিত হৈছে। ফলস্বৰূপে তেওঁক সম্প্ৰতি সাংবাদিকতা আৰু শিশু সাহিত্য উভয় ক্ষেত্ৰতেই স্বীকৃতি দিয়া হৈছে।
তেওঁৰ লেখনীয়ে শিশুসকলক এক ইতিবাচক আৰু সৃষ্টিশীল দিশ দেখুৱাই আহিছে বুলি ক’লেও ভুল নহ’ব। নতুন যুগৰ শিশুসকলক তেওঁ আধুনিক পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিছে আৰু তেওঁলোকৰ মৌলিক প্ৰশ্নসমূহ সহজ ভাষাত উত্তৰ ৰূপে উপস্থাপন কৰি আহিছে।
পুৰণি দিল্লীৰ পৰা আৰম্ভ হোৱা যাত্ৰা
শ্বাহ তাজ খান মূলতঃ দিল্লীৰ বাসিন্দা। তেওঁৰ জন্মস্থান হৈছে পুৰণি দিল্লীৰ গলি গঢ়িয়া অঞ্চল। সেই অঞ্চলৰ সৈতে তেওঁৰ অসংখ্য স্মৃতি জড়িত হৈ আছে। দিল্লীৰ জীৱনধাৰাৰ নিজস্ব এক সোৱাদ, সংস্কৃতি আৰু সৌন্দৰ্য আছে। উৰ্দু ভাষা, ছায়েৰি আৰু পৰম্পৰা এই চহৰৰ অন্যতম এক পৰিচয়। এই চহৰৰ ভূমিৰ পৰাই তেওঁ ভাষা আৰু সংস্কৃতিৰ জ্ঞান আহৰণ কৰিছিল। এই চহৰখনে তেওঁৰ ব্যক্তিত্ব গঢ় দিয়া আৰু বৃদ্ধি কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
পুনেৰ এক গ্ৰন্থমেলাত শ্বাহ তাজ খান
প্ৰাথমিক শিক্ষা তেওঁ এই চহৰৰ ৰাজপথ আৰু বিদ্যালয়সমূহত লাভ কৰিছিল। উচ্চ শিক্ষাৰ বাবে তেওঁ দিল্লী বিশ্ববিদ্যালয় বাছনি কৰিছিল। তেওঁ ইউজিচি-নেট (UGC NET) পৰীক্ষাৰ বাবেও যোগ্যতা অৰ্জন কৰিছিল আৰু ১৯৯৮ চনত উৰ্দু সাংবাদিকতাত এম ফিল ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ মহাৰাষ্ট্ৰৰ পুনেত বাস কৰি আছে আৰু তাৰ পৰাই বিভিন্ন সাহিত্য আৰু সাংবাদিকতামূলক কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত হৈ আছে।
সাংবাদিকতাৰ প্ৰতি গভীৰ প্ৰেম
শ্বাহ তাজ মূলতঃ এগৰাকী সাংবাদিক। আচলতে ক’বলৈ গ’লে সাংবাদিকতাই আছিল তেওঁৰ প্ৰথম প্ৰেম। দিল্লী বিশ্ববিদ্যালয়ত পাঠ্যক্ৰম সম্পূৰ্ণ কৰি 'নয়ী দুনিয়া'ত যোগদান কৰিছিল। এইদৰে ক’ব পাৰি যে, 'নয়ী দুনিয়া' আছিল তেওঁৰ প্ৰথম সাংবাদিকতাৰ শিক্ষাগাৰ। সেই যুগ আছিল ছপা মাধ্যমৰ উত্থানৰ যুগ। বৈদ্যুতিন মাধ্যমে তেতিয়াও শিখৰত উপনীত হোৱা নাছিল যদিও সাংবাদিকতাৰ জগতখনে ক্ৰমান্বয়ে এক বৃহৎ বিপ্লৱৰ সন্মুখীন হ’ব বুলি আশা কৰা হৈছিল, আৰু পিছলৈ ঠিক সেইটোৱেই হৈছিল। হয়তো শ্বাহ তাজ খানেও সেই পৰিৱৰ্তনৰ অনুমান আগতেই কৰিব পাৰিছিল।
তেওঁ কিছুদিন 'নয়ী দুনিয়া'ত সম্পাদকীয় বিভাগৰ সৈতে জড়িত আছিল। সমাজ আৰু তথ্যভিত্তিক বিভিন্ন বিষয়ত তেওঁ নিয়মিত স্তম্ভ লিখিছিল। তেওঁ ক্ষেত্ৰভিত্তিক কামৰ জৰিয়তে বিভিন্ন ব্যক্তিৰ সাক্ষাৎকাৰ লোৱা, কাকতখনৰ পাঠকৰ ওচৰলৈ বিভিন্ন বিষয়ৰ বিশেষজ্ঞসকলৰ পৰা তথ্য সংগ্ৰহ কৰাটো আছিল এক দায়িত্বশীল কাম। তেওঁ নিষ্ঠা আৰু অধ্যৱসায়েৰে এই দায়িত্ব পালন কৰিছিল আৰু সাংবাদিকতাৰ জগতখনত নিজৰ এক শক্তিশালী পৰিচয় গঢ়ি তুলিছিল।
এক বঁটা গ্ৰহণ কৰা মুহূৰ্তত শ্বাহ তাজ খান
উল্লেখযোগ্য যে, ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ “সাপ্তাহিক নয়ী দুনিয়া” সমগ্ৰ দেশজুৰি অতি মনোযোগ আৰু সমালোচনাত্মকভাৱে পঢ়া বাতৰি কাকত আছিল। ইয়াৰ পাঠকৰ সংখ্যা যথেষ্ট বিস্তৃত আছিল। পাঠকসকলে বাতৰি কাকতখন পঢ়াৰ পিছত নিয়মীয়াকৈ নিজৰ মতামত আৰু পৰামৰ্শ চিঠিৰ জৰিয়তে প্ৰেৰণ কৰিছিল। এই পৰিস্থিতিত শ্বাহ তাজে সাংবাদিকতাৰ জগতখনত প্ৰথম পদক্ষেপতেই এক উচ্চ স্থান লাভ কৰিছিল বুলি সহজেই অনুমান কৰিব পাৰি। এই প্ৰসংগত তেওঁৰ কিছুমান লেখাত তেওঁ সেই সময়ৰ অভিজ্ঞতাক অতি সুখদায়ক বুলি বৰ্ণনা কৰাৰ লগতে কয় যে, কঠোৰ পৰিশ্ৰম আৰু গুৰুত্বৰ অবিহনে এই সকলোবোৰ সম্ভৱ নহ’লহেঁতেন।
বৈদ্যুতিন মাধ্যমলৈ অগ্ৰযাত্ৰা
পৰৱৰ্তী সময়ত উৰ্দু সাংবাদিকতাই যেতিয়া বৈদ্যুতিন মাধ্যমৰ দিশে অগ্ৰসৰ হ’ল, তেতিয়া “ইটিভি উৰ্দু” উৰ্দুভাষী সমাজৰ বহু আকাংক্ষাৰ বাস্তৱ ৰূপ হিচাপে আত্মপ্ৰকাশ কৰিছিল। শ্বাহ তাজ খান এই প্ৰতিষ্ঠানৰ আৰম্ভণিৰ সদস্যসকলৰ ভিতৰত অন্যতম এগৰাকী আছিল। তেওঁ সম্পাদকীয় বিভাগৰ সৈতে জড়িত হৈ নিজৰ দক্ষতা আৰু কৰ্মদক্ষতাৰে ইটিভি উৰ্দুক এক উচ্চ শিখৰত উপনীত কৰাত বিশেষ ভূমিকা পালন কৰিছে।
সাংবাদিকতাৰ জগতখনত যে প্ৰতিজন ব্যক্তিয়ে পৃথকভাৱে স্বীকৃতি লাভ কৰিব পাৰিব তেনেকুৱা নহয়, কিয়নো এনে প্ৰতিষ্ঠানত বহু কাম সামূহিকভাৱে সম্পন্ন কৰা হয়। এটা খবৰ বা কাহিনী তৈয়াৰ কৰাৰ ক্ষেত্ৰত কিমানজন মানুহৰ অৱদান জড়িত হৈ আছে সেয়া হয়তো বহু সময়ত স্পষ্টকৈ জানিব পৰা নাযায়।
এক বঁটা গ্ৰহণ কৰা মুহূৰ্তত শ্বাহ তাজ খান
বৰ্তমান যদিও কেমেৰামেন আৰু ফিল্ড টিমৰ নাম প্ৰকাশ পায়, ডেস্কত কাম কৰা লোকসকলৰ অৱদান প্ৰায়েই অদৃশ্য হৈ থাকে। স্ক্ৰিপ্ট প্ৰস্তুতি আৰু হোম মেড ষ্ট'ৰী দৰে বহু জটিল দায়িত্ব থাকে। এনে পৰিস্থিতিত সাংবাদিকতাৰ কাম-কাজ অব্যাহত থাকে, কিন্তু কাৰো নাম উল্লেখ কৰা নহয়; বৰঞ্চ এটা সংস্থাৰ সৈতে এটা সংযোগেই যথেষ্ট, আৰু সেই নামটোৱেই একমাত্ৰ গুৰুত্বপূৰ্ণ। শ্বাহ তাজ খানৰ সাংবাদিকতাৰ জীৱন, বিশেষকৈ বৈদ্যুতিন মাধ্যমত কৰা কামসমূহক এই দৃষ্টিকোণৰ পৰাই বুজিব পাৰি।
শ্বাহ তাজ খানৰ পেছাদাৰী অভিজ্ঞতাৰ ভিতৰত উল্লেখযোগ্য হৈছে সাংবাদিকতা কৌশলগত পৰিকল্পনা, স্ক্ৰিপ্ট ৰচনা, সম্পাদনা, টিভি আৰু ছপা মাধ্যমৰ বাবে নিউজ পেকেজিং, সংবাদ মাধ্যমৰ প্ৰডাকচন, সৃষ্টিশীল পৰিচালনা, লাইভ পেনেল বিতৰ্ক পৰিচালনা আৰু বুলেটিন ফৰ্মেটিং আদি।