ঈদৰ মূল মূল্যবোধ আৰু আধুনিক যুগত ইয়াৰ উদযাপন

Story by  Munni Begum | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মুন্নী বেগম / গুৱাহাটী
 
মুছলমান লোকসকলৰ বাবে ঈদ কেৱল এক  ধৰ্মীয় উৎসৱ নহয়, বৰং ঈদ হৈছে এক গভীৰ আধ্যাত্মিক আৰু সামাজিক আনন্দৰ অনুভূতিৰ দিন। ৰমজান মাহৰ অন্তত অহা ঈদ-ঊল-ফিটৰৰ এই আনন্দৰ দিনটো পৰিয়াল, আত্মীয়-স্বজন আৰু সমাজৰ মাজত মিলন, সহমৰ্মিতা আৰু কৃতজ্ঞতাৰ বাৰ্তা কঢ়িয়াই আনে। কিন্তু সময়ৰ লগে লগে সমাজ, প্ৰযুক্তি আৰু জীৱনধাৰাৰ পৰিবর্তনৰ ফলত ঈদ উদযাপনৰ ধৰণো যথেষ্ট সলনি হৈছে। পূৰ্বতে ঈদ উদযাপন আছিল সাধাৰণ কিন্তু গভীৰ অৰ্থবহ। কিয়নো সেই সময়ত পৰিয়াল, সমাজ, নামাজ, দান আৰু একেলগে ভোজভাত খোৱা আদিবোৰেই আছিল ঈদৰ মূল আকর্ষণ। কিন্তু সময়ৰ লগে লগে প্ৰযুক্তি, নগৰীয় জীৱনধাৰা, বিশ্বায়ন আৰু সামাজিক মাধ্যমৰ প্ৰভাৱত ঈদ উদযাপনৰ ধৰণত উল্লেখযোগ্য পৰিবর্তন দেখা গৈছে। আজিৰ যুগত ঈদ উদযাপন ডিজিটেল মাধ্যম, সামাজিক মাধ্যম আৰু বাণিজ্যিক সংস্কৃতিৰ নতুন প্ৰভাৱ স্পষ্টকৈ দেখা পোৱা যায়।

আজিৰে পৰা এদশক পূৰ্বে ঈদৰ প্ৰস্তুতি কেইবাদিনো আগৰ পৰাই আৰম্ভ হৈছিল। ঘৰ পৰিষ্কাৰ কৰা, নতুন কাপোৰ চিলোৱা আৰু ঘৰতেই পিঠা-পনা বা মিঠাই প্ৰস্তুত কৰা আদিবোৰ আছিল এই উৎসৱৰ অংশ আছিল। ঈদ উপলক্ষে বজাৰসমূহ ব্যস্ত হৈ পৰিছিল, যদিও তাত বৰ বেছি বাণিজ্যিকতা নাছিল। মানুহে প্ৰয়োজন অনুসাৰেই কিনাকাটা কৰিছিল। কিয়নো ঈদৰ মূল গুৰুত্ব আছিল আধ্যাত্মিক দিশত।
 
ঈদৰ দিনা পুৱাতে উঠি সকলোৱে নতুন কাপোৰ পিন্ধি ঈদগাহত গৈ ঈদৰ বিশেষ নামাজ সম্পন্ন কৰা, যাক কোৱা হয় ছালাত-অল-ঈদ। নামাজৰ পিছত মানুহে এজনে-আনজনক আলিঙ্গন কৰি “ঈদ মোবাৰক” বুলি শুভেচ্ছা জনোৱা। আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াক লগ পোৱা, ঘৰলৈ নিমন্ত্ৰণ কৰা আদি আছিল ঈদৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ।
 
ঈদত ইজনে সিজনৰ লগত আলিংগন কৰা মুহূৰ্ত
 
শিশুসকলৰ বাবেও ঈদ এক বিশেষ আনন্দৰ দিন। তেওঁলোকে ডাঙৰসকলৰ পৰা পোৱা টকা বা উপহাৰে (যাক ঈদী বুলি কোৱা হয়) তেওঁলোকৰ আনন্দ আৰু দুগুন বঢ়াই দিয়ে। ইয়াৰ লগতে ঈদৰ আগতে দিয়া জাকাত অল-ফিটৰ (Zakat al-Fitr)এ নিশ্চিত কৰে যাতে দুখীয়া লোকসকলোও ঈদ উদযাপন কৰিব পাৰে। এই দান আৰু সহমৰ্মিতাই ঈদৰ প্ৰকৃত সৌন্দৰ্য প্ৰকাশ কৰি আহিছিল।
 
বৰ্তমান সময়ত ঈদ উদযাপনে বহু পৰিমাণে আধুনিক ৰূপ ল’বলৈ আৰম্ভ কৰিছে। প্ৰযুক্তিৰ ব্যৱহাৰে ঈদৰ প্ৰস্তুতিৰ ধৰণো সলনি কৰিছে। বহুতে এতিয়া অনলাইনত কাপোৰ, উপহাৰ বা সাজ-সজ্জাৰ সামগ্ৰী ক্ৰয় কৰে। সামাজিক মাধ্যম যেনে ইনষ্টাগ্ৰাম, ফেচবুক, ৱাটছএপ (Instagram, Facebook, WhatsApp)ৰ জৰিয়তে ঈদৰ শুভেচ্ছা বিনিময়ৰ পদ্ধতিও সলনি হৈছে। আগতে মানুহে নিজে গৈ আত্মীয়-স্বজনক লগ পাই ঈদৰ শুভেচ্ছা জনাইছিল; এতিয়া বহুতে মেছেজ, ফটো বা ভিডিঅ’ৰ জৰিয়তে ঈদৰ শুভেচ্ছা প্ৰেৰণ কৰে। বিদেশত থকা আত্মীয়সকলৰ লগত ভিডিঅ’ কলৰ জৰিয়তেও আনন্দৰ ভাগ-বতৰা কৰা সহজ হৈ পৰিছে।
 
জ্যেষ্ঠজনে সৰুক ঈদী দিয়া পৰ্ব
 
তদুপৰি, বৰ্তমান ঈদৰ খাদ্য সংস্কৃতিতো কিছু পৰিবর্তন দেখা গৈছে। আগতে ঈদৰ দিনা ঘৰতেই অধিকাংশ খাদ্য বনোৱা হৈছিল, কিন্তু এতিয়া বহু পৰিয়ালে ৰেষ্টুৰেণ্টৰ পৰা খাদ্য আনিবলৈ বা হোটেললৈ গৈ ঈদৰ ভোজৰ আয়োজন কৰাটোহে বেছি পছন্দ কৰে। বিশ্বৰ বিভিন্ন ধৰণৰ খাদ্যও এতিয়া ঈদৰ মেনুত সন্নিবিষ্ট কৰা হৈছে।
 
আজি সময়ত ঈদ উদযাপনৰ এটা ডাঙৰ পৰিবর্তন হ’ল উৎসৱৰ বাণিজ্যিকতা বৃদ্ধি। শ্বপিং মল আৰু অনলাইন দোকানসমূহে বিশেষ ঈদৰ অফাৰ আৰম্ভ কৰি আহিছে। ফলত বহু মানুহৰ বাবে ঈদ মানেই হৈ পৰিছে বৃহৎ পৰিমাণে বজাৰ কৰা। আগতে এজন মানুহে এযোৰ বা দুযোৰ নতুন কাপোৰেৰেই ঈদ উদযাপন কৰিছিল। কিন্তু এতিয়া কিছুমানে বিভিন্ন অনুষ্ঠান বা সামাজিক মাধ্যমৰ ফটো উঠাবলৈ কেইবাযোৰও কাপোৰ ক্ৰয় কৰে। এই পৰিবর্তনে জীৱনধাৰাৰ উন্নতি দেখুৱালেও কেতিয়াবা ঈদৰ আধ্যাত্মিক উদ্দেশ্যৰ পৰা আমাৰ মনোযোগ আঁতৰাই দিয়ে।
 
আত্মীয়-পৰিয়ালৰ লগত সুমধুৰ বাৰ্তালাপ
 
সামাজিক মাধ্যমৰ প্ৰভাৱত ঈদ উদযাপনত এক নতুন সংস্কৃতি দেখা পোৱা গৈছে, সেয়া হৈছে প্ৰদৰ্শনৰ সংস্কৃতি। বহুতে নিজৰ ঈদৰ পোছাক, মেকআপ, ঘৰ সজোৱা বা খাদ্যৰ ফটো অনলাইনত শ্বেয়াৰ কৰি আহিছে। কিছুমান সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তিয়ে ঈদৰ ফেশ্বন বা সাজ-পোছাকৰ নতুন ধাৰা প্ৰচাৰ কৰে। ইয়াৰ ফলত কিছুমান মানুহৰ মাজত ঈদ অধিক আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰাৰ এক প্ৰকাৰৰ চাপৰ সৃষ্টি হয়। যদিও আনন্দ ভাগ-বতৰা কৰা ভাল কথা, কিন্তু কেতিয়াবা এই আড়ম্বৰ ঈদৰ গভীৰ আধ্যাত্মিক অৰ্থক আবৰি ধৰে।
 
যদিও ঈদ উদযাপনৰ ধৰণ সলনি হৈছে, তথাপিও এই পৰিবর্তনৰ বহু ইতিবাচক দিশো আছে। প্ৰযুক্তিৰ বাবে দূৰত থকা আত্মীয়-স্বজনৰ লগত সহজে সংযোগ স্থাপন কৰিব পৰা হৈছে। ডিজিটেল মাধ্যমৰ জৰিয়তে বহু সংস্থাই দান সংগ্ৰহ কৰে আৰু মানুহে সহজে জাকাত বা অন্যান্য সহায় আগবঢ়াব পাৰে। ইয়াৰ ফলত দুখীয়া আৰু অসহায় লোকসকলক সহায় কৰাৰ ক্ষেত্ৰতো সচেতনতা বৃদ্ধি পাইছে। ইয়াৰ লগতে বিশ্বৰ বিভিন্ন দেশত থকা মুছলমান লোকসকলে ঈদ উপলক্ষে সাংস্কৃতিক অনুষ্ঠান বা সমাজিক সমাৱেশৰ আয়োজন কৰে, যাৰ জৰিয়তে বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ মানুহে ঈদৰ আনন্দ ভাগ-বতৰা কৰিব পাৰে।
 
ঈদৰ বজাৰৰ দৃশ্য
 
ঈদ উদযাপনৰ এই পৰিবর্তন সমাজৰ সামগ্ৰিক পৰিবর্তনৰ প্ৰতিফলন। প্ৰযুক্তি আৰু বিশ্বায়নে মানুহৰ জীৱন সহজ কৰি তুলিছে, যদিও একে সময়তে উৎসৱৰ প্ৰকৃত মূল্যবোধ ৰক্ষা কৰাটোও অত্যন্ত গুৰুত্বপূৰ্ণ। ঈদ কেৱল নতুন কাপোৰ, সুস্বাদু খাদ্য বা সামাজিক মাধ্যমৰ ফটো নহয়। ইয়াৰ মূল উদ্দেশ্য হৈছে কৃতজ্ঞতা, নম্ৰতা, সহমৰ্মিতা আৰু সমাজৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰা। ৰমজান মাহত শিকা ধৈৰ্য, সংযম আৰু দানশীলতাৰ শিক্ষা প্ৰতিজন ব্যক্তিয়ে ঈদৰ পিছতো নিজৰ জীৱনত বজাই ৰখা উচিত।
 
সময়ৰ লগে লগে ঈদ উদযাপনৰ ধৰণ নিশ্চিতভাৱে সলনি হৈছে। আগৰ সাধাৰণ সমাজকেন্দ্ৰিক উৎসৱৰ পৰা আজিৰ ডিজিটেল যুগৰ বিশ্বব্যাপী উদযাপনলৈ ঈদে এক নতুন ৰূপ লাভ কৰিছে। কিন্তু এই সকলো পৰিবর্তনৰ মাজতো ঈদৰ মূল সাৰাংশ একেই আছে, সেয়া হৈছে বিশ্বাস, আনন্দ, সহমৰ্মিতা আৰু একতাৰ উৎসৱ। যদি মানুহে এই মূল মূল্যবোধসমূহ মনত ৰাখে, তেন্তে যিকোনো যুগতেই ঈদ উদযাপন সচাঁ অৰ্থত আনন্দময় আৰু অৰ্থবহ হৈ থাকিব।