১৭০০ চনৰ পৰা বিশ্বৰ প্ৰায় ৯০% জলাশয়ৰ অৱক্ষয় হ'বলৈ ধৰে আৰু এনেদৰেই বনাঞ্চলতকৈ তিনিগুণৰো অধিক দ্ৰুতগতিত ক্ৰমাৎ জলাশয়ৰ বিলুপ্তি হ'বলৈ ধৰে। বিশ্বৰ বিভিন্ন পৰিৱেশ বিজ্ঞানীয়ে আদ্ৰভূমিসমূহৰ দ্ৰুতগতিত হ'বলৈ ধৰা ক্ষতিক ৰুধিবলৈ আৰু ইয়াক সংৰক্ষণৰ লগতে পুনৰুদ্ধাৰৰ বাবে আদ্ৰভূমিসমূহৰ বিষয়ে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰাটো অতিকৈ জৰুৰী বুলি অনুমান কৰিছিল। তেনে অনুভৱৰ পৰিপ্ৰেক্ষিততে ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰাণৰ ৰামছাৰ চহৰত অনুষ্ঠিত ‘ৰামছাৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰণয়ন কৰা হয়।
তেতিয়াই সজাগতা সৃষ্টিৰ আপাহেৰে আদ্ৰভূমিকেন্দ্ৰিক দিৱসৰো পোষকতা কৰা হৈছিল; কিন্তু ১৯৯৭ চনপৰ্যন্ত আনুষ্ঠানিকভাৱে জলাশয় দিৱস পালন কৰা হোৱা নাছিল। ২০২১ চনৰ ৩০ আগষ্টত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৭৫/৩১৭ নং প্ৰস্তাৱ গ্ৰহণ কৰি বছৰি ২ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব আদ্ৰভূমি দিৱস বা বিশ্ব জলাশয় দিৱস হিচাপে উদযাপনৰ ক্ষেত্ৰত আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে।
তেতিয়াৰ পৰাই প্ৰতিবৰ্ষতে ইংৰাজী বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় দিনটোক সমগ্ৰ বিশ্বতে আদ্ৰভূমি দিৱস বা বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হৈ আহিছে। আদ্ৰভূমি দিৱসৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ আদ্ৰভূমিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বিশ্বজুৰি সজাগতা সৃষ্টি কৰা। বৰ্তমানলৈ বিশ্বত সৰ্বমুঠ ২৫০০ টা ৰামছাৰ স্থান অৰ্থাৎ 'আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ আদ্ৰভূমি ক্ষেত্ৰ' আছে।
আদ্ৰভূমি বা জলাশয় হৈছে কেইবা বছৰ বা কেইবা দশক ধৰি স্থায়ীভাৱে হোৱা অথবা ঋতুকালীন পৰিবৰ্তন অনুসৰি কম সময়ৰ বাবে হোৱা এক সুকীয়া পৰিৱেশ তন্ত্ৰ, যি পানীৰে পৰিপূৰ্ণ হৈ থাকে। সকলো নৈ, বিল, হ্ৰদ, ভূগৰ্ভস্থ জলধাৰা, ভিজা ঘাঁহনি, পিটনি, মোহনা, ডেল্টা, প্ৰবাল প্ৰাচীৰ, জোৱাৰ-ভাটাৰ সমতল, মেংগ্ৰোভ আৰু অন্যান্য উপকূলীয় অঞ্চল আৰু মানৱসৃষ্ট সকলো ঠাই যেনে মাছৰ পুখুৰী, ধাননিপথাৰ আদিক আদ্ৰভূমিৰ অন্তৰ্ভুক্ত কৰা হৈছে।
দীপৰ বিল
জলাশয়সমূহক সকলো পৰিৱেশ তন্ত্ৰৰ ভিতৰত জৈৱিকভাৱে বৈচিত্ৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়। ই বহুতো উদ্ভিদ আৰু বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ বাসস্থান। প্ৰতিখন মহাদেশতে জলাশয় প্ৰাকৃতিকভাৱে দেখা যায়। জলাশয়ৰ পানী সাধাৰণতে মিঠা পানী বা নিমখীয়া হয় হেনো। মূল জলাশয়ৰ প্ৰকাৰসমূহক প্ৰধানতঃ উদ্ভিদ অথবা পানীৰ উৎস সন্দৰ্ভত ভিত্তি কৰি তিনিটা শ্ৰেণীত শ্ৰেণীভুক্ত কৰা হয়।
১৯৭১ চনত ইউনেস্ক’ই স্থাপন কৰা ৰামছাৰ সন্ধি অনুসৰি যদি কোনো স্থানে জলাশয় সন্ধিৰ অধীনত নিৰ্ধাৰণ কৰা ৯টা মাপকাঠীৰ ভিতৰত যিকোনো এটা মাপকাঠী অন্তৰ্ভুক্ত হয়, তেন্তে সেই জলাশয়ক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। সেই অনুসৰি ১৯৮২ চনত ভাৰতো ৰামছাৰ সন্ধিৰ অংশীদাৰ হয় আৰু ২০২২ চনৰ ১৪ আগষ্টলৈকে আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় (ৰামছাৰ ক্ষেত্ৰ) হিচাপে ভাৰতৰ ৭৫খন ক্ষেত্ৰ অন্তৰ্ভুক্ত হয়। এই আদ্ৰভূমিসমূহৰ সৰ্বমুঠ পৃষ্ঠভাগ ১৩,২৬,৬৭৭ হেক্টৰ, যি দক্ষিণ এছিয়াৰ সৰ্বোচ্চ আদ্ৰভূমি। সুন্দৰবন ভাৰতৰ সৰ্ববৃহৎ ৰামছাৰ ক্ষেত্ৰ হোৱাৰ বিপৰীতে হিমাচল প্ৰদেশৰ ৰেণুকা জলাশয় (০.২ বৰ্গ কিলোমিটাৰ) ভাৰতৰ আটাইতকৈ সৰু ৰামছাৰ ক্ষেত্ৰ।
লক্ষণীয় কথাটো এয়ে যে, ভাৰতৰ কেৱল তামিলনাডুতেই ১৫খন ৰামছাৰ ক্ষেত্ৰ আছে। জলাশয় বা আদ্ৰভূমি সম্পৰ্কত হৃদয়ৰ পৰা সচেষ্ট হ'লেহে বিশ্ব জলাশয় দিৱস বা বিশ্ব আদ্ৰভূমি দিৱস পালনৰ সাৰ্থকতা থাকিব।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক। আজি বিশ্ব আদ্ৰভূমি দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে।)