ড্ৰাগছৰ জৰিয়তে কাশ্মীৰ ধ্বংসৰ ষড়যন্ত্ৰ পাকিস্তানৰ

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আজমল শ্বাহ
 
পীৰ পাঞ্জল পৰ্বতমালাৰ ওপৰত থকা নিৰ্মল বৰফবোৰ দীৰ্ঘদিন ধৰি কাশ্মীৰৰ শান্তি আৰু পবিত্ৰতাৰ কাব্যিক ৰূপক প্ৰতিফলিত কৰি আহিছে, যদিও আজি সেই একেই বৰফে এনে এক ক্ষয়-ক্ষতিৰ গ্লানি প্ৰদান কৰিছে, যিয়ে সমগ্ৰ উপত্যকাৰ আত্মাক গ্ৰাস কৰাৰ ভাবুকি প্ৰদান কৰিছে। দশক-দশক ধৰি আমি সংঘৰ্ষৰ মূল্য সংঘৰ্ষৰে আৰু কফিনৰ শোকপূৰ্ণ শাৰীৰে জুখি আহিছো, কিন্তু আমি এইটো স্বীকাৰ কৰাত ব্যৰ্থ হৈছো যে, শত্ৰুৱে মূলতঃ যুদ্ধৰ চৰ্তসমূহ মৌলিকভাৱে সলনি কৰিছে। য'ত কালাশ্নিকোভৰ গৰ্জনৰ লগত এতিয়া চিৰিঞ্জৰ নিৰৱ আৰু মাৰাত্মক শব্দও সংযুক্ত হৈছে।
 
ভাৰতৰ সৈতে গতানুগতিক যুদ্ধ বা সশস্ত্ৰ বিদ্ৰোহৰ জৰিয়তে সংঘৰ্ষৰ অসাৰতাক উপলব্ধি কৰি পাকিস্তানে এনে এক গভীৰ নৈতিক দেউলীয়া কৌশল অৱলম্বন কৰিছে, যাৰ উদ্দেশ্য হৈছে আমাৰ নিজৰ তেজ বিষাক্ত কৰি আমাৰ ভৱিষ্যত ধ্বংস কৰা। এয়া এতিয়া কেৱল মতাদৰ্শ বা ভূখণ্ডৰ ছাঁয়া যুদ্ধ নহয়, এয়া এক সু-পৰিকল্পিত জনগাঁথনিগত আক্ৰমণ, য'ত অস্ত্ৰ-শস্ত্ৰ নাই, বৰং ইয়াৰ ঠাইত আছে হেৰ'ইনৰ একোটাকৈ পেকেটহে।
 
ই এক অতি ভয়াৱহ কথা যে, দক্ষিণ এছিয়াৰ ভিতৰত নিজকে ইছলামৰ দুৰ্গ হিচাপে ঘোষণা কৰা সেইখন দেশে আজি ড্ৰাগছ মহামাৰীৰ প্ৰাথমিক স্থপতি হৈ পৰিছে। যিয়ে ধৰ্মৰ সকলো নীতি ৰক্ষা কৰা বুলি নিজকে দাবী কৰি আজি নিজেই সকলো নীতি উলংঘা কৰি আহিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
নাৰ্কো-জিহাদ হৈছে পাকিস্তানী গভীৰ ৰাষ্ট্ৰৰ প্ৰকাশিত চূড়ান্ত ভণ্ডামি। য'ত তেওঁৰ মৌলবীসকলে মাদক দ্ৰব্যৰ নিষিদ্ধকৰণ আৰু মানৱ শৰীৰৰ পবিত্ৰতাৰ ওপৰত উচটনিমূলক উপদেশ প্ৰদান কৰে। আনহাতে, তেওঁলোকৰ চোৰাংচোৱা সংস্থা আৰু সামৰিক সুৰক্ষাকৰ্মীয়ে হেৰ'ইন আৰু মেথামফেটামিনৰ উৎপাদন আৰু বিতৰণক ঔদ্যোগিক পৰ্যায়ত সংগঠিত কৰিছে।
 
তেওঁ নিজৰ নৈতিকতাক দুটা ভাগত বিভক্ত কৰিছে, য'ত বিশ্বাসীসকলৰ বাবে ড্ৰাগছ সেৱন কৰাটো নিষিদ্ধ, আৰু শত্ৰুৰ যুৱক-যুৱতীসকলক ধ্বংস কৰাৰ বাবে সেই ড্ৰাগছ হৈছে বৈধ, বৰং ই তেওঁলোকৰ বাবে পবিত্ৰ অস্ত্ৰ হৈ পৰে। এই ধৰ্মীয় কলাখণ্ডৰ দ্বাৰা ৰাৱালপিণ্ডিত বহি থকা কোনো  পৰিচালকে কোনো অপৰাধবোধ নকৰাকৈ এজন কাশ্মীৰী কিশোৰক বিষ খুৱাবৰ সুবিধা দিয়ে। তেওঁ সেই নিচাসক্তজনক কেৱল ভুক্তভোগী  হিচাপে নহয়, বৰঞ্চ ভাৰতক সহস্ৰাধিক আঘাত দি ৰক্তাক্ত কৰাৰ অভিযানেৰে।

এই আক্ৰমণৰ কাৰ্য্যকৰী গাঁথনি বছৰ বছৰ ধৰি ভয়ংকৰ কৌশলেৰে বিকশিত হৈছে। আমি সেই দিনবোৰ মনত পেলোৱা উচিত, যেতিয়া নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ ওপৰেৰে বাণিজ্যক শান্তিৰ সেতু হিচাপে প্ৰশংসা কৰা হৈছিল— বিভক্ত পৰিয়াল আৰু অৰ্থনীতিক পুনৰ একত্ৰিত কৰাৰ লক্ষ্যৰে এক আত্মবিশ্বাস গঢ়ি তোলা ব্যৱস্থা।
 
কিন্তু পাকিস্তানত সন্ত্ৰাসবাদীয়ে আমাৰ সদ্ভাৱনাকে দুৰ্বলতা হিচাপে গণ্য কৰিছিল, যাক তেওঁলোকে শোষণ কৰিব পাৰিছিল। এসময়ত বাদাম আৰু কমলাৰ বিনিময়ৰ বাবে থকা ব্যৱসায়টোও শীঘ্ৰে মৃত্যুৰ পথলৈ ৰূপান্তৰিত কৰা হৈছিল।
 
শান্তি সেতু পাৰ হৈ যোৱা ট্ৰাকসমূহে এতিয়া লুকাই থকা খনিসমূহত ড্ৰাগছ আৰু শুকান ফল-মূলৰ বস্তাৰ ভিতৰত হেৰ'ইনৰ পেকেট কঢ়িয়াই লৈ ফুৰিবলৈ আৰম্ভ কৰিছে। যেতিয়া ভাৰতে সন্ত্ৰাসবাদী বিত্তীয় সাহায্য ৰোধৰ বাবে এই বাণিজ্য যথাযথভাৱে বন্ধ কৰি ৰাখিছিল, তেতিয়া শত্ৰুৱে পিছুৱাই নগৈ, বৰঞ্চ নিজৰ লজিষ্টিক ক্ষেত্ৰতো বৈচিত্ৰ্যতা সংযোজন কৰিছিল।
 
ট্ৰাকৰ ঠাই ড্ৰোনে ল'লে আৰু পাহাৰীয়া পথৰ ঠাই সাগৰীয় কৰিড'ৰে ভৰি দিলে। আজি আমি পাঞ্জাৱ আৰু জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চীনে নিৰ্মাণ কৰা হেক্সাকপ্টৰবোৰ নীৰৱে উৰি ফুৰা দেখিবলৈ পাওঁ, যিবোৰে এক মাৰাত্মক চুক্তি লুকাই থকা পেকেট, স্থানীয় বজাৰৰ বাবে উচ্চ মানৰ ড্ৰাগছ আৰু সন্ত্ৰাসবাদীৰ বাবে পিষ্টল বা ষ্টিকি বোমাৰ দৰে সামগ্ৰী পেলাই আহিছে।
 
এই ৰণকৌশল ভাৰতক চৌদিশে ঘেৰি ৰখাৰ লক্ষ্যৰে পিঞ্চাৰ আন্দোলনৰ ৰূপত পৰিণত হৈছে আৰু ইয়াৰ ফলত পশ্চিম সীমান্তৰ বাহিৰলৈও এই ভাবুকি বিয়পি পৰিছে। বিশ্বৰ দৃষ্টি পশ্চিমৰ 'গোল্ডেন ক্ৰিচেণ্ট'ৰ ওপৰত কেন্দ্ৰীভূত হৈ থকাৰ বিপৰীতে পাকিস্তানে গোপনে 'গোল্ডেন ট্ৰায়েংগল'ৰ সুবিধা লৈ এক ভয়ংকৰ 'পূব মঞ্চ' সক্ৰিয় কৰি তুলিছে।

শেহতীয়াকৈ বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক অৰাজকতাই আন্তঃসেৱা চোৰাংচোৱা সংস্থা(আই এছ আই) ক অস্থিৰতাৰ এক নতুন ক্ষেত্ৰ প্ৰদান কৰিছে, যাক তেওঁলোকে বিস্ময়কৰভাৱে দ্ৰুত গতিৰে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰিছে। ঢাকাত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ সুযোগ লৈ পাকিস্তানী কৰ্মীসকলে ভাৰতৰ পূব প্ৰান্তত কৃত্ৰিম ড্ৰাগছ আৰু মেথামফেটামিনৰ বন্যাৰ সৃষ্টি কৰিবলৈ গ'ল্ডেন ট্ৰায়েংগলৰ চিণ্ডিকেটৰ সৈতে মিত্ৰতা কৰিছে।
 
আজি আমি দুটা বিষাক্ত পথৰ মাজত আৱদ্ধ হৈ পৰিছো, য’ত পশ্চিমৰ হেৰ’ইন আৰু পূবৰ ইয়াবা টেবলেটছে পৰস্পৰে পৰস্পৰৰ সৈতে মিলিত হৈছে। দুয়োটা পথেই ৰাৱালপিণ্ডিৰ একেজন সুত্ৰধাৰৰ দ্বাৰা নিয়ন্ত্ৰিত, যিয়ে আমাৰ নিৰাপত্তা ব্যৱস্থাটোক চৰম সীমালৈকে টানি নিবলৈ বিচাৰে।  এয়া কেৱল চোৰাং ব্যৱসায়ৰ পথ নহয়, কৌশলগত অৱৰোধ, য’ত চুবুৰীয়া দেশৰ অস্থিৰতাৰ শোষণ কৰি ভাৰতৰ উত্তৰ-পূব আৰু বংগৰ শিৰত মৃত্যু বোজা জাপি দিবলৈ ব্যৱহাৰ কৰা হৈছে।
 
২০১৯ৰ পাছত সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে আমাৰ ধাৰণা সন্দৰ্ভত আমি গুৰুত্বসহকাৰে পৰ্যালোচনা কৰিব লাগিব। সুৰক্ষা প্ৰতিষ্ঠানসমূহত এই ভাৱ প্ৰচলিত আছে যে, বিদেশী পুঁজিৰ সফল অৱৰোধ আৰু বিচ্ছিন্নতাবাদৰ যন্ত্ৰপাতিসমূহক মসৃণ কৰি তোলাৰ বাবে ব্যৱহৃত হাৱালা নেটৱৰ্কৰ ধ্বংসৰ জৰিয়তে এক বৃহৎ সফলতা লাভ কৰা হৈছে।

এইটো সঁচা যে, পাকিস্তান আৰু ইয়াৰ বিদেশী সমর্থকসকলৰ পৰা অহা পৰম্পৰাগত পুঁজিৰ পথসমূহক যথেষ্ট পৰিমাণে দমন কৰা হৈছে, কিন্তু আমি প্ৰায়েই সেই ভয়াৱহ সত্যক উপেক্ষা কৰোঁ যে, আজি আমাৰ ভিতৰতে স্থানীয় স্তৰত কিমান সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ সৃষ্টি হয় আছে। পাকিস্তানী ব্যৱস্থাই আমাৰ সীমান্তৰ ভিতৰত এক আত্মনিৰ্ভৰ সংগ্ৰামী অৰ্থনীতিৰ সৃষ্টি কৰিছে।
 
কিন্তু ভাৰতীয় ৰাজ্য আৰু কাশ্মীৰৰ জনসাধাৰণৰ স্থিতিস্থাপকতা এনে এটা কাৰক যিটো ৰাৱালপিণ্ডিৰ পৰিকল্পনাকাৰীসকলে ধাৰাবাহিকভাৱে তুচ্ছজ্ঞান কৰি আহিছে। আজি পৰিস্থিতিৰ ওপৰত যি দমন চলোৱা হৈছে সেয়া কেৱল আৰক্ষীৰ দমন নহয়, সমগ্ৰ সন্ত্ৰাসবাদী পৰিৱেশ তন্ত্ৰক ভাঙি পেলোৱাৰ এক কৌশলগত প্ৰচেষ্টা।
 
শেহতীয়াকৈ ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ) আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পত্তি জব্দ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপে আমাৰ সন্ত্ৰাসবাদ বিৰোধী মতবাদৰ এক নিৰ্ণায়ক পৰিৱৰ্তন সাধন কৰিছে। মৃত্যুৰ এই ব্যৱসায়ৰ পৰা উপাৰ্জন কৰা ধনেৰে নিৰ্মিত খেতিপথাৰ আৰু বিলাসী ঘৰ জব্দ কৰি ৰাষ্ট্ৰই প্ৰৰোচনাৰ গাঁথনিটোকে আক্ৰমণ কৰিছে।
 
আমি সন্ত্ৰাসবাদৰ কৰ্পৰেট আচ্ছাদন ভেদ কৰি, ইয়াৰ সহযোগীসকলক জবাবদিহি কৰিবলৈ বাধ্য কৰিছো, ৰক্তপাতৰ ধনৰ কোনো নিৰাপদ আশ্ৰয়স্থল নাই বুলি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছো। আনকি চৌদি আৰৱৰ দৰে বিদেশী স্থানৰ পৰাও মূল অপাৰেটিভসকলক গ্ৰেপ্তাৰ কৰাটোৱে প্ৰমাণ কৰে যে, ভাৰতীয় আইনৰ প্ৰসাৰ এতিয়া আৰু অধিক ব্যাপক হৈ পৰিছে।
 

পাকিস্তানে এতিয়া কাশ্মীৰীসকলৰ মৃতদেহক লৈ নিজৰ এজেণ্ডা চলাই থকা নাই, বৰঞ্চ এনেকুৱা এটা প্ৰজন্মৰ সপোন আৰু আকাংক্ষাক লৈ আগবাঢ়িছে, যিয়ে বাহুত বেজীৰে খোঁচ মৰাৰ পৰিৱৰ্তে উন্নত ভৱিষ্যতৰহে অধিকাৰী। এই উপত্যকাত ২০০০ শতাংশ হেৰ'ইনৰ আসক্তি বৃদ্ধি কেৱল এক পৰিসংখ্যাই নহয়, বৰং আমাৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰা চুবুৰীয়াই মানৱতাৰ বিৰুদ্ধে কৰা অপৰাধ। চিৰিঞ্জ প্ৰকৃততে যুদ্ধৰ নতুন পদাতিক সৈনিক, য'ত বিজয় কেৱল মানৱীয় সামৰ্থ্যৰ বিনাশত নিহিত আছে।
 
কাশ্মীৰৰ উপত্যকা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰসমূহত এই যুদ্ধখন মানৱীয় সম্ভাৱনা ৰক্ষাৰ যুঁজ। বিৰোধীৰ ৰণকৌশল হৈছে এক প্ৰজন্মৰ আশা-আকাংক্ষাক মদ-মত্ততাৰ বোজা আৰু সপোনক ম্লান কৰাৰ ওপৰত আধাৰিত। কিন্তু ভাৰতীয় চিন্তাৰ দৃঢ়তা ইয়াৰ সামূহিক ইচ্ছাশক্তি আৰু প্ৰতিষ্ঠানসমূহৰ সতৰ্কতাত নিহিত হৈ আছে। ড্ৰাগছ ইন্ধনেৰে পৰিচালিত অগ্নিৰ ঘাটেৰে ভাৰতক আৱৰি ৰখাৰ প্ৰয়াস সেই ৰাজ্যৰ হতাশাৰ জুৱাৰ দৰে, যাৰ পৰম্পৰাগত বিকল্প সমাপ্ত হৈছে।
 
এইটো স্পষ্ট যে, ভৱিষ্যত সিহঁতক লিখিবলৈ দিয়া নহয়, যিয়ে বিষৰ ব্যৱসায় কৰে, বৰঞ্চ সেই ৰাষ্ট্ৰৰ দ্বাৰা লিখা হ'ব যিয়ে নিজৰ যুৱকসকলক চুবুৰীয়াৰ ভূ-ৰাজনৈতিক ষড়যন্ত্ৰত খাপ খাবলৈ নিদিয়ে। এই নীৰৱ অৱৰোধ কেৱল অস্ত্ৰৰ বলত নহয়, বৰঞ্চ সমাজৰ শক্তিৰ দ্বাৰা ভংগ হ'ব, যিয়ে জৰাজীৰ্ণতাৰ পৰিৱৰ্তে জীৱন আৰু নিৰ্ভৰশীলতাৰ পৰিৱৰ্তে মর্যাদা বাচি লয়।
 
(লেখক হৈছে জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ উচ্চ ন্যায়ালয়ত প্ৰেকটিছ কৰি থকা এগৰাকী অধিবক্তা)