সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শনঃ ৰাম নৱমীত মুছলমান দৰ্জীয়ে চিলাই কৰিছে হনুমানৰ লংগোট

Story by  atv | Posted by  [email protected] • 1 h ago
সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শনঃ ৰাম নৱমীত মুছলমান দৰ্জীয়ে চিলাই কৰিছে হনুমানৰ লংগোট
সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শনঃ ৰাম নৱমীত মুছলমান দৰ্জীয়ে চিলাই কৰিছে হনুমানৰ লংগোট
 
ৰাজীৱ ৰঞ্জন / ভগলপুৰ (বিহাৰ)
 
যি সময়ত এখন সমাজত প্ৰায়ে ধৰ্মৰ নামত বিভাজনৰ কথা পতা হয়, সেই সময়তে বিহাৰৰ ভগলপুৰৰ পৰা ভাহি আহিছে সম্প্ৰীতিৰ এক সুমধুৰ আখ্যান। ৰাম নৱমীৰ পৱিত্ৰ ক্ষণত এজন মুছলমান দৰ্জীয়ে চিলাই কৰিছে হিন্দুৰ উপাস্য দেৱতা হনুমানৰ লংগোট। এই কাহিনী কেৱল কাপোৰ আৰু সূতাৰ নহয়, এই কাহিনী দুখন হৃদয়ক একত্ৰিত কৰা এক অপূৰ্ব মানৱতাৰ। 
 
বিহাৰৰ মাটিত ৰাম আৰু হনুমানৰ সম্পৰ্ক কেৱল ভক্তিৰেই নহয়, বৰং ই এক গভীৰ পাৰিবাৰিক সম্পৰ্ক। ইয়াত ৰামক 'পাহুন' (জোঁৱাই) বুলি মনা হয়, কিয়নো বিহাৰ হৈছে তেওঁৰ শহুৰেকৰ ঘৰ। এই কাৰণেই ৰাম নৱমীৰ সময়ত সমগ্ৰ ৰাজ্যখনতে হনুমানৰ পূজাৰ এক বিশেষ আৰু সুকীয়া গুৰুত্ব আছে। মন্দিৰসমূহত ৰামৰ পতাকা সলনি কৰাৰ লগতে গদাধাৰী বজৰংবলী (হনুমান)ৰ লংগোট সলনি কৰাৰো এক পুৰণি প্ৰথা আছে। কিন্তু ভগলপুৰত এইবাৰৰ ৰাম নৱমী কিছু বেছি বিশেষ। ইয়াত এজন ব্যক্তি আছে যিয়ে যোৱা এসপ্তাহ ধৰি নিজৰ চিলাই মেচিনত দিনে-ৰাতিয়ে একাকাৰ কৰি কাম কৰি আছে। সেই ব্যক্তিজন হৈছে ৫৬ বছৰীয়া মহম্মদ খালিদ আহমেদ।
 

 
পেছাত এজন দৰ্জী খালিদে যোৱা ৩৮ বছৰ ধৰি এই অঞ্চলটোতেই নিজৰ সৰু দোকানখন চলাই আহিছে। মনকৰিবলগীয়া কথাটো হ'ল, যি সময়ত সমগ্ৰ বিশ্বই ধৰ্মৰ নামত দেৱাল নির্মাণ কৰাত ব্যস্ত, সেই সময়ত খালিদ আহমেদে বজৰংবলীৰ লংগোট চিলাই কৰি সমাজখনক একত্ৰিত কৰাৰ কাম কৰিছে।
 
ইণ্টাৰমিডিয়েট (দ্বাদশ শ্ৰেণী) লৈকে পঢ়া-শুনা কৰাৰ পাছত তেওঁ পিতৃ মহম্মদ ইউছুফৰ সৈতে এই কামৰ আৰম্ভণি কৰিছিল। খঞ্জৰপুৰৰ এই অঞ্চলটো হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ এক মিশ্ৰিত অঞ্চল। ইয়াত মছজিদো আছে আৰু মা দুৰ্গা-কালীৰ ডাঙৰ মন্দিৰো আছে। চহৰখনৰ চ'ক-চৌহদবোৰত বজৰংবলীৰ কেইবাটাও সৰু-বৰ মন্দিৰ আছে, য'ত প্ৰতি বছৰে ৰাম নৱমীত নতুন লংগোট আৰু পতাকা উত্তোলন কৰা হয়।
 
মহম্মদ খালিদে জনায় যে ৰাম নৱমীৰ পূৰ্বে তেওঁৰ ওচৰত কামৰ দ'ম বান্ধি যায়। যোৱা সাত দিন ধৰি তেওঁ কেৱল হনুমানৰ লংগোট আৰু গেৰুৱা পতাকা বনোৱাতেই ব্যস্ত হৈ আছে। এই সামগ্ৰীসমূহ ওচৰ-পাজৰৰ অঞ্চলবোৰলৈকো যোগান ধৰা হয়। যেতিয়া তেওঁক এই কামৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ হাঁহি হাঁহি উত্তৰ দিছিল যে কাইলৈ ৰাম নৱমী আৰু ভক্তসকলক সময়মতে লংগোট প্ৰস্তুত কৰি দিয়াটো তেওঁৰ দায়িত্ব।
 
মহম্মদ খালিদ আহমেদ
 
কাৰোবাৰ বিশ্বাস আৰু ভক্তিত যাতে কোনো ধৰণৰ আউল নালাগে, তাৰ বাবে তেওঁ নিশা পলমলৈকে মেচিন চলাই থাকে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে খালিদে এই কামৰ বিনিময়ত কোনো নিৰ্দিষ্ট মূল্য বা বৃহৎ লাভালাভ নিবিচাৰে। গ্ৰাহকে নিজৰ শ্ৰদ্ধাৰে যিয়েই দিয়ে, তেওঁ সেয়াই আনন্দৰে গ্ৰহণ কৰে।
 
খালিদ আহমেদৰ মতে, তেওঁৰ বাবে এইটো কেৱল মাত্ৰ এটা কাম বা জীৱিকা নিৰ্বাহৰ উপায় নহয়। এইটো সামাজিক সম্প্ৰীতিৰ এক মাধ্যম। তেওঁ কয় যে তেওঁৰ উদ্দেশ্য ধন ঘটা নহয়, বৰং সমাজত শান্তি আৰু ভাতৃত্ববোধ বজাই ৰখাহে। ভগলপুৰৰ এনে এক সময়ো আছিল যেতিয়া এই চহৰখন সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে কুখ্যাত আছিল। কিন্তু আজি মহম্মদ খালিদৰ দৰে মানুহে সেই ঘৃণাৰ স্মৃতিবোৰৰ ওপৰত মৰমৰ চিলাই কৰিছে।
 
হনুমানৰ লংগোট আৰু গেৰুৱা পতাকা বনোৱাত ব্যস্ত মহম্মদ খালিদ আহমেদ
 
যেতিয়া তেওঁক সাম্প্ৰতিক বিশ্ব পৰিস্থিতি আৰু ইৰান-আমেৰিকাৰ সংঘাতৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁৰ মতামত আছিল এজন সচেতন নাগৰিকৰ দৰে। তেওঁ কয় যে যুদ্ধই সদায় ধ্বংস আৰু মূল্যবৃদ্ধি কঢ়িয়াই আনে। এই যুঁজখন যিমানেই দূৰত নহওক কিয়, ইয়াৰ প্ৰভাৱ সাধাৰণ মানুহৰ জেপত পৰে। তেওঁ প্ৰাৰ্থনা কৰে যাতে পৃথিৱীত শান্তি বিৰাজ কৰে, কিয়নো এজন সাধাৰণ মানুহক দুবেলা দুমুঠি শান্তিপূৰ্ণ আহাৰ আৰু নিৰাপত্তাৰ বাহিৰে আন একো নালাগে।
 
বিহাৰত নীতিশ কুমাৰৰ শাসনকালত উৎসৱ-পাৰ্বনক লৈ এক নতুন প্ৰশাসনিক সংস্কৃতিৰো বিকাশ ঘটিছে। প্ৰতিটো ডাঙৰ উৎসৱৰ আগত শান্তি সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ইয়াত সকলো সম্প্ৰদায়ৰ লোক একেলগে বহে। প্ৰশাসনে চিচিটিভি কেমেৰা আৰু আৰক্ষীৰ টহলদাৰীৰ জৰিয়তে নিৰাপত্তা নিশ্চিত কৰেই, কিন্তু প্ৰকৃত নিৰাপত্তা সমাজৰ মাজত লুকাই থকা এই প্ৰেমৰ কাহিনীবোৰৰ পৰাই পোৱা যায়। খালিদ আহমেদৰ দৰে ব্যক্তিসকলে সমাজখনক বিভাজিত কৰিব বিচৰা শক্তিবোৰৰ ষড়যন্ত্ৰক বিফল কৰি দিয়ে।
 
ঘৃণাৰ স্মৃতিবোৰৰ ওপৰত মৰমৰ চিলাই কৰিছে মহম্মদ খালিদ আহমেদে
 
ভগলপুৰৰ এই কাহিনীয়ে প্ৰমাণ কৰে যে আমাৰ হাজাৰ বছৰ পুৰণি সভ্যতা আৰু সংস্কৃতি আজিও সুৰক্ষিত। যেতিয়ালৈকে খালিদৰ দৰে হাতে হনুমানৰ লংগোট চিলাই কৰি থাকিব আৰু হিন্দু ভাইসকলে সেই লংগোট শ্ৰদ্ধাৰে মন্দিৰত অৰ্পণ কৰি থাকিব, তেতিয়ালৈকে ঘৃণা বিয়পাব বিচৰা কোনো প্ৰচেষ্টাই সফল হ'ব নোৱাৰে। এয়া কেৱল কাপোৰৰ টুকুৰা নহয়, বৰং এয়া সেইডাল সূতা যিয়ে ভগলপুৰৰ বিশ্বাসক নতুনকৈ জগাই তুলিছে।
 
খালিদৰ একাগ্ৰতাই এই কথা সোঁৱৰাই দিয়ে যে ধৰ্মই পাৰস্পৰিক শত্ৰুতা শিকাবলৈ নহয়, বৰং ইজনে সিজনৰ কামত আহিবলৈহে শিকায়। ৰাম নৱমীৰ এই উছাহৰ মাজত খঞ্জৰপুৰৰ সেই সৰু দোকানখন আজি সমগ্ৰ বিহাৰৰ বাবে সাম্প্ৰদায়িক একতাৰ এক অনন্য নিদৰ্শন হৈ পৰিছে।