সাহিত্যৰ ভাষিক প্ৰাচীৰ ভঙা এগৰাকী বিদুষী অনুবাদক আৰজুমন্দ আৰা

Story by  atv | Posted by  Munni Begum • 9 h ago
আৰজুমন্দ আৰা
আৰজুমন্দ আৰা
 
শ্বাহ তাজ খান (পুণে)
 
উৰ্দু সাহিত্যৰ বিশাল জগতখনত আৰজুমন্দ আৰা এক অতি চিনাকি আৰু সন্মানীয় নাম। তেওঁ কেৱল এগৰাকী শিক্ষাবিদ বা গৱেষকেই নহয়, তেওঁ একেধাৰে এগৰাকী নিৰ্ভীক সাহিত্য সমালোচক, নিপুণ অনুবাদক আৰু স্পষ্টবাদী নাৰীবাদী চিন্তাবিদ। পুৰণি পৰম্পৰা আৰু আধুনিক বিশ্বৰ চিন্তা-ধাৰাৰ মাজত তেওঁ এক মজবুত সাঁকোৰ দৰে কাম কৰি আহিছে।
 
বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ উৰ্দু বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত আৰজুমন্দ আৰাই নিজৰ বলিষ্ঠ সাহিত্যকৰ্ম আৰু অধ্যাপনাৰে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৩ চনত দিল্লী উৰ্দু একাডেমীয়ে পুৰস্কৃত কৰাৰ লগতে ২০২১ চনত সন্মানীয় সাহিত্য অকাডেমিৰ অনুবাদ বঁটা প্ৰদান কৰা হয়।
 
 
অৰুন্ধতী ৰয়ৰ বিখ্যাত ইংৰাজী উপন্যাস 'The Ministry of Utmost Happiness'ৰ উৰ্দু অনুবাদ 'বেপনাহ শাদমানী কি মামলকত'ৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিল। এইগৰাকী অসাধাৰণ প্ৰতিভাধৰ সাহিত্যিক তথা অনুবাদকৰ সৈতে শেহতীয়াকৈ টেলিফোনযোগে এক বিশেষ বাৰ্তালাপত মিলিত হৈছিল 'আৱাজ - দ্য ভইচ'।
 
এক দীঘলীয়া যাত্ৰা
 
এগৰাকী গৱেষক আৰু সচেতন অনুবাদক হিচাপে আৰজুমন্দ আৰাই আক্ষৰিক অনুবাদৰ পৰিৱৰ্তে মূল পাঠটোৰ আবেদন আৰু ইয়াৰ আত্মা বা নিৰ্যাস অক্ষুণ্ণ ৰখাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে, শব্দৰ পাছত শব্দ ধৰি আক্ষৰিক অনুবাদ কৰাতকৈ মূল লেখাটোৰ প্ৰকৃত ভাৱ বা আত্মা সুৰক্ষিত ৰখাটোহে আচল কথা। এটা ভাল অনুবাদৰ বাবে দুয়োটা ভাষাৰ ওপৰত গভীৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয় বুলি তেওঁ বিশ্বাস কৰে। কাৰণ, তেতিয়াহে ভাষা এটাৰ সুক্ষ্ম দিশবোৰ ভালদৰে বুজিব পাৰি। অনুবাদ কৰা ভাষাখনৰ শব্দবোৰৰ সঠিক ব্যৱহাৰ জানিব লাগিব, লগতে দুয়োটা ভাষাৰ সংস্কৃতি আৰু সমাজখনৰ বিষয়েও জ্ঞান থাকিব লাগিব। চমুকৈ ক'বলৈ গ'লে, দুয়োটা ভাষাতেই পাৰদৰ্শিতা নথকাকৈ ভাল অনুবাদ অসম্ভৱ। এতিয়ালৈকে তেওঁ ২০ খনতকৈও অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ অনুবাদ কৰিছে আৰু ভাৰতীয় তথা বিশ্ব সাহিত্যক বিভিন্ন ভাষাৰ পঢ়ুৱৈৰ মাজলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
 
তেওঁৰ উল্লেখযোগ্য অনুবাদসমূহৰ ভিতৰত আছে- 'বেপনাহ শাদমানী কি মামলকত' (অৰুন্ধতী ৰয়ৰ উপন্যাসৰ অনুবাদ, ২০১৮), 'য়হ বসাৰত কুশ আন্ধেৰে' (টাহাৰ বেন জেলুনৰ উপন্যাস 'This Blinding Absence of Light'ৰ অনুবাদ, ২০২০), 'লাশ কি নুমায়িশ ঔৰ দিগৰ ইৰাকী কাহানিয়া' (ইৰাকী লেখক হাছান ব্লাচিমৰ গল্প সংকলন, ২০১৯), আতিক ৰাহিমিৰ উপন্যাস 'ছংগ-এ-ছবুৰ' (The Patience Stone, ২০১৬), 'খাকস্তৰ অ' খাক' (Earth and Ashes, ২০১৭), আৰু 'খোৱাব ঔৰ খৌফ কি হাজাৰ ভুল ভুলাইয়াঁ' (২০২১)।
 
আৰজুমন্দ আৰা
 
তেওঁ ধৰমবীৰ ভাৰতীৰ জনপ্ৰিয় হিন্দী উপন্যাস 'সুৰজ কা সাতৱাঁ ঘোড়া' (২০১৯), 'ইছলাম ঔৰ মগৰিব' (জাক ডেৰিডা আৰু মুস্তাফা শ্বেৰিফৰ মাজৰ এক কথোপকথন, ২০২৩), ৰাল্ফ ৰাছেলৰ আত্মজীৱনী 'Findings, Keepings: Life, Communism and Everything'ৰ অনুবাদ 'জইন্দা য়া বান্দা' (২০০৫), তায়েব ছালিহৰ 'Season of Migration to the North' আৰু বিভূতি নাৰায়ণ ৰায়ৰ 'হাশিমপুৰা 22 May' আদিও অনুবাদ কৰিছে। ইয়াৰ উপৰি, শৈক্ষিক জগতৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ 'নজৰী ডিচক'ৰ্ছ' নামৰ সমালোচনামূলক তত্ত্বৰ এখন গ্ৰন্থও অনুবাদ কৰি উলিয়াইছে।
 
বিশ্ব সাহিত্যক উৰ্দুলৈ অনুবাদ কৰাৰ লগতে উৰ্দুৰ পৰা হিন্দীলৈ কৰা অনুবাদৰ ক্ষেত্ৰতো তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আৰজুমন্দ আৰাই জীম আব্বাছীৰ উৰ্দু উপন্যাস 'সিন্ধু' (২০২৪), নিৰ্বাচিত পাকিস্তানী চুটিগল্প (২০২৪), 'আজ কি পাকিস্তানী কাহানিয়া' খণ্ড ১ আৰু খণ্ড ২ (২০২৪), আৰু মিচৰৰ লেখিকা মিৰাল আল-তাহাৱীৰ উপন্যাস 'আল-খিবা' হিন্দীলৈ 'খেমা' নামেৰে অনুবাদ কৰিছে। তেওঁ যথেষ্ট নিষ্ঠাৰে ধ্ৰুপদী গ্ৰন্থৰ সম্পাদনাৰ কামো কৰিছে। আধুনিক গৱেষণাৰ নীতি অনুসৰি তেওঁ কেইবাখনো ধ্ৰুপদী উৰ্দু গ্ৰন্থ সংকলন আৰু সম্পাদনা কৰিছে, যাৰ ভিতৰত আছে অষ্টাদশ শতিকাৰ দিল্লীৰ কবি এহছানউল্লাহ খান বয়ানৰ 'দিৱান-এ-বয়ান' (২০০৪) আৰু মুন্সী বাল মুকুন্দ বে-চব্ৰৰ মছনৱী 'মছনৱী লখত-এ-জিগৰ' (১৯৯৯)। তেওঁ চাৰা শাগুফতাৰ কাব্যিক ৰচনা 'আঁখে, নীন্দ কা ৰংগ' (২০২২) হিন্দী হিন্দী পঢ়ুৱৈৰ বাবে তেওঁ অতি সুন্দৰ আৰু প্ৰভাৱশালী ৰূপত অনুবাদ কৰিছে।
 
এগৰাকী অনুবাদকৰ দায়িত্বৰ বিষয়ে তেওঁ কয় যে মূল লেখাটোক অধিক "উন্নত" বা "ভাল" কৰাৰ নামত ইয়াক সলনি কৰাৰ কোনো অধিকাৰ অনুবাদকৰ নাই। মূল লেখকৰ প্ৰতি সততা বজাই ৰখাটো অনুবাদকৰ দায়িত্ব। অনুবাদকে এই কথা উপলব্ধি কৰা উচিত যে নিৰ্দিষ্ট পাঠটো এটা বেলেগ সংস্কৃতিৰ। তেওঁ নিজে কেতিয়াও কোনো বাক্য বাদ নিদিয়ে বা অলাগতিয়ালকৈ একো সংযোগ নকৰে; যদি কিবা স্পষ্টীকৰণৰ প্ৰয়োজন হয়, তেন্তে তেওঁ পাদটীকাৰ জৰিয়তে সেয়া প্ৰদান কৰে। মেচিন বা যন্ত্ৰৰ অনুবাদ সন্দৰ্ভত তেওঁ মন্তব্য কৰে যে অনুকৰণ কৰিবলৈও বুদ্ধিমত্তাৰ প্ৰয়োজন। প্ৰযুক্তিবিদ্যাই অনুবাদকসকলক সহায় কৰিব পাৰে সঁচা, কিন্তু এটা লেখাক পঢ়ুৱৈৰ মন চুব পৰাকৈ মানৱীয় ৰূপ দিবলৈ সদায় এজন প্ৰশিক্ষিত মানুহৰ হাতৰ পৰশ লাগিবই।
 
আৰজুমন্দ আৰা
 
উৰ্দু গজলত নাৰীৰ নীৰৱ উপস্থিতি
 
উৰ্দু কবিতাত নাৰীৰ স্থান সম্পৰ্কে আলোচনা কৰি তেওঁ কয় যে উৰ্দু গজলত নাৰীৰ স্থিতি বেছিভাগ ক্ষেত্ৰতে নীৰৱ। পুৰুষসকলে তেওঁলোকৰ বিষয়ে কথা কয়, নিজৰ আৱেগ প্ৰকাশ কৰে আৰু তেওঁলোকক নিজৰ দৃষ্টিভংগীৰে বিচাৰ কৰে। এগৰাকী নাৰীক প্ৰেমিকা, বিশ্বাসঘাতক বা উদাসীন হিচাপে চিত্ৰিত কৰা হয়, কিন্তু কবিসকলে নাৰীৰ নিজা আৱেগ-অনুভূতিক খুব কমেইহে স্থান দিয়ে। তেওঁলোকৰ বাবে নাৰী হৈ পৰে প্ৰেম বা ক্ষোভৰ এক সামগ্ৰী, ঠিক যেনেদৰে এটা শিশুৱে পুতলাৰ সৈতে আচৰণ কৰে।
 
তেওঁ যুক্তি দৰ্শায় যে কবিতাৰ সমগ্ৰ ধাৰণাটোৱেই মূলতঃ পুৰুষকেন্দ্ৰিক আৰু আজিও সাহিত্য জগতখন পুৰুষৰ দ্বাৰাই বহু পৰিমাণে নিয়ন্ত্ৰিত হৈ আছে। সামন্তবাদী মানসিকতাত, এগৰাকী নাৰী ঘৰৰ ভিতৰত থাকিলেহে পৱিত্ৰ বুলি গণ্য কৰা হয়, আনহাতে বাহিৰৰ পৃথিৱীত তেওঁলোক কেৱল মনোৰঞ্জনৰ আহিলা হিচাপেহে থাকে। তেওঁৰ মতে, এই সংস্কৃতিৰ বৰ বেছি পৰিৱৰ্তন হোৱা নাই আৰু ই সামন্তবাদী যুগৰ মানসিকতাকেই প্ৰতিফলিত কৰে। তেওঁ জোৰ দি কয় যে এগৰাকী নাৰীক কেৱল সৌন্দৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে এগৰাকী জীৱন্ত মানুহ হিচাপে চোৱা উচিত।
 
তেওঁৰ মতে, নাৰীবাদী সাহিত্যৰ মূল লক্ষ্যই হ'ল নীৰৱতা ভংগ কৰা। যেতিয়া এগৰাকী নাৰীয়ে লিখে, তেওঁৰ অভিজ্ঞতা পুৰুষতকৈ পৃথক হয়; সেয়েহে সাহিত্য সমালোচনাৰ মাপকাঠীও বেলেগ হোৱা উচিত। যিসকল লেখকে নাৰীক বাস্তৱসন্মত মানৱীয় ৰূপত অংকন কৰিছে তেওঁলোকক তেওঁ প্ৰশংসা কৰে। তেওঁৰ গ্ৰন্থ 'তানিচি মুতালেআ ঔৰ দূছৰে মজমীন' (২০১৫)ত তেওঁ নাৰীবাদক কেৱল এক পাশ্চাত্য তত্ত্ব হিচাপে নহয়, বৰঞ্চ উৰ্দু ভাষা আৰু সাহিত্যৰ নিৰ্দিষ্ট সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত দাঙি ধৰিছে। তেওঁ উৰ্দু সাহিত্যত নাৰীৰ ভূমিকা আৰু অধিকাৰক দৃঢ়তাৰে সমৰ্থন কৰে আৰু মহিলা লেখকসকলক পৰম্পৰাগত সীমা অতিক্ৰম কৰি নিজৰ পৰিচয় আৰু সমস্যাবোৰৰ বিষয়ে নিৰ্ভীকভাৱে লিখিবলৈ উৎসাহিত কৰে।
 
আৰজুমন্দ আৰা
 
শিক্ষকতা আৰু বিদ্যায়তনিক অৱদান
 
দুটা দশকতকৈও অধিক সময় ধৰি আৰজুমন্দ আৰাই দিল্লী বিশ্ববিদ্যালয়ৰ উৰ্দু বিভাগত সেৱা আগবঢ়াই আহিছে। তেওঁ বিশুদ্ধ পৰম্পৰাগত পদ্ধতিৰ সলনি আধুনিক সমালোচনাত্মক গাঁথনিৰ জৰিয়তে উৰ্দু সাহিত্য পঢ়োৱাটো পছন্দ কৰে। তেওঁ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক অষ্টাদশ শতিকাৰ দিল্লীৰ কবিতা, ইকবাল অধ্যয়ন আৰু প্ৰগতিশীল আন্দোলনৰ দৰে বিষয়সমূহ পঢ়োৱাৰ লগতে এম ফিল আৰু পি এইচ ডি গৱেষকসকলক গৱেষণা পদ্ধতি, পাঠ্যভিত্তিক সমালোচনা আৰু সাহিত্যৰ সমাজতত্ত্বৰ বিষয়ে মাৰ্গদৰ্শন কৰে।
 
তেওঁ উল্লেখ কৰে যে বৰ্তমান বিশ্ববিদ্যালয়লৈ অহা বহুতো ছাত্ৰ-ছাত্ৰীৰ পঢ়া আৰু লিখাৰ প্ৰতি আগ্ৰহ কম দেখা যায় আৰু অতি কম সংখ্যক ছাত্ৰ-ছাত্ৰীহে বিদ্যায়তনিক চৰ্চাৰ প্ৰতি সঁচাকৈয়ে আকৰ্ষিত। তেওঁ বিশ্বাস কৰে যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে সদায় সজাগ হৈ থাকিব লাগে।
 
IGNOU আৰু NCERT-ৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ আৰু অনুবাদৰ ক্ষেত্ৰতো আৰজুমন্দ আৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিদ্যায়তনিক দায়িত্বৰ সমান্তৰালভাৱে তেওঁ গৱেষণামূলক প্ৰবন্ধ লিখাৰ কামো অব্যাহত ৰাখিছে, যিবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ পাইছে। তেওঁৰ অন্যতম উল্লেখযোগ্য প্ৰবন্ধ "Memories of Ralph Russell"ত 'Findings, Keepings: Life, Communism and Everything' গ্ৰন্থখনৰ অনুবাদৰ সময়ত ৰাল্ফ ৰাছেলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ স্মৃতি বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰি তেওঁৰ কেইবাখনো গৱেষণা পত্ৰ, যেনে 'চাহিৰ কে সৰোকাৰ', 'ক্লাচিকী গজল পঢ়নে চে পহলে', 'ৱিচাৰধাৰা, ভাষা ঔৰ সাহিত্য' আৰু 'মীৰ: এক শখ্স ঔৰ উচকা অহদ' প্ৰকাশিত হৈছে।
 
পাঠকৰ প্ৰশ্ন
 
তেওঁ জানিবলৈ দিয়ে যে যোৱা দুবছৰ ধৰি তেওঁ উৰ্দুতকৈ হিন্দীলৈ অনুবাদ কৰাত অধিক গুৰুত্ব দিছে। ইয়াৰ মূল কাৰণ হিচাপে তেওঁ উৰ্দু পাঠকৰ অভাৱৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ উৰ্দু অনুবাদ সম্পৰ্কে আলোচনা কৰা পাঠক তেওঁ খুব কমেইহে লগ পাইছে। ইয়াৰ বিপৰীতে, তেওঁৰ হিন্দী অনুবাদসমূহে (যেনে চাৰা শাগুফতাৰ কবিতাৰ অনুবাদ) হিন্দী পঢ়ুৱৈসকলৰ পৰা ব্যাপক সঁহাৰি আৰু সক্ৰিয় অংশগ্ৰহণ লাভ কৰিছে। তেওঁৰ মতে, এই অভিজ্ঞতাই প্ৰমাণ কৰিলে যে "জীৱন্ত ভাষা" মানে আচলতে কি। অনুবাদ আৰু দেৱনাগৰী লিপিৰ জৰিয়তে মানুহে উৰ্দু ভাষাক এতিয়া অধিক বহুলভাৱে পঢ়িছে আৰু আলোচনা কৰিছে।
 
নিজৰ লেখা আৰু অনুবাদৰ জৰিয়তে আৰজুমান্দ আৰাই হিন্দী আৰু উৰ্দু ভাষাৰ মাজত এক সুদৃঢ় ভাষিক সেঁতু হিচাপে কাম কৰি আহিছে। বিশ্বৰ বিভিন্ন লেখকৰ সাহিত্যক উৰ্দুলৈ অনুবাদ কৰি তেওঁ উৰ্দু কল্পকাহিনীৰ পৰিসৰ বৃদ্ধি কৰিছে আৰু ধ্ৰুপদী গ্ৰন্থসমূহৰ সম্পাদনাৰে হেৰাই যোৱা সাহিত্যিক ঐতিহ্যক পুনৰুজ্জীৱিত কৰিছে। ক’ব পাৰি যে, তেওঁ নিজৰ একাগ্ৰতা আৰু সাধনাৰে এইটোৱেই প্ৰমাণ কৰিছে যে এজন প্ৰশিক্ষিত আৰু নিপুণ অনুবাদকে কেৱল শব্দৰহে ভাষান্তৰ নকৰে, বৰং এটা সংস্কৃতিক আন এটা সংস্কৃতিৰ সৈতে সুন্দৰকৈ পৰিচয় কৰাই দিয়ে।


শেহতীয়া খবৰ