আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ বিধানসভা নিৰ্বাচনৰ ভোটগণনা; কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
প্ৰায় এমাহজোৰা অপেক্ষাৰ অন্ত পেলাই আজি অৰ্থাৎ সোমবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। এই দিনটো শান্তিপূর্ণভাৱে অতিবাহিত কৰিবৰ বাবে ৰাজ্য়ৰ বিভিন্ন ঠাইত ঘোষণা কৰা হৈছে ড্ৰাই ডে'। কামৰূপ মহানগৰতো এই নিষেধাজ্ঞা অব্য়াহত থাকিব।
 
কামৰূপ মহানগৰ জিলা আয়ুক্তই দেওবাৰে এক নিৰ্দেশনাযোগে ৪ মে'ৰ ভোটগণনাৰ দিনটোত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা কৰিছে। উক্ত নিৰ্দেশনা অনুসৰি ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই সময়ছোৱাত জিলাখনৰ সকলো পাইকাৰী তথা খুচুৰা সুৰাৰ বিপণি, পণ্যাগাৰ, ভাৰতত নিৰ্মিত বিদেশী সুৰা (আইএমএফএল) তথা দেশীয় সুৰাৰ দোকান আদি বন্ধ থাকিব। লগতে সকলো ধৰণৰ সুৰাৰ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ থাকিব।
 
এই নিৰ্দেশনা মতে, ড্ৰাই ডে'বাহাল থকা সময়ত ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ, থলুৱা সুৰাৰ কাৰখানা আদি বন্ধ ৰাখিব লাগিব। কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুজ্ঞাপত্ৰ থকা সকলো ব্যৱসায়ী তথা‌ জনসাধাৰণক এই নিৰ্দেশ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। এই নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়া হৈছে।
 
উল্লেখ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনে ভোটগণনাৰ দিনাটোক লৈ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। মণিৰাম দেৱান ট্ৰেড চেন্টাৰৰ চৌহদৰ পৰা ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ভোটগণনাৰ দিনা নিৰ্দিষ্ট এলেকাত কোনো ধৰণৰ আতচবাজী, বিজয় সমদল, শ্ল'গান দিয়াৰ ক্ষেত্রতো বাধা আৰোপ কৰা হৈছে। এই নিৰ্দেশনা ভংগ কৰিলে বিএনএছএছৰ ১৬৩নং ধাৰাৰ অধীনত আইনী ব্যৱস্থা লোৱা হ’ব।