এসময়ত কেৱল ধৰ্মীয় পৰিচয় আৰু শালীনতাৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা হিজাবে আজি অসমৰ মুছলমান মহিলাসকলৰ মাজত এক নতুন পৰিচয় লাভ কৰিছে। বিশ্বাস আৰু পৰ্দাৰ লগতে ফেশ্বন, আত্মবিশ্বাস আৰু ব্যক্তিত্ব প্ৰকাশৰ মাধ্যম হিচাপেও হিজাবৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। বিদ্যালয়-মহাবিদ্যালয়, কৰ্মক্ষেত্ৰ, সামাজিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমলৈকে সম্প্ৰতি বিভিন্ন ৰং, নক্সা আৰু শৈলীৰ হিজাবে বিশেষ স্থান দখল কৰি আহিছে।
অসমৰ বিভিন্ন অঞ্চলত যুৱতী আৰু মহিলাসকলৰ মাজত হিজাব পৰিধানৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বজাৰতো বৃদ্ধি পাইছে ইয়াৰ চাহিদা। কটন, চিফন, জৰ্জেট, চিল্ক আদি বিভিন্ন কাপোৰেৰে নিৰ্মিত হিজাব এতিয়া সহজেই উপলব্ধ। বিশেষকৈ ঈদ, বিবাহ তথা অন্যান্য সামাজিক অনুষ্ঠানৰ সময়ত হিজাবৰ বিক্ৰী অধিক বৃদ্ধি পায়।
এই সন্দৰ্ভত এগৰাকী যুৱতী জেৰিফা ইছলামে ‘আৱাজ - দ্য ভইচ'ক জনায় যে, "আজি বহু মহিলাই বিভিন্ন কাৰণত হিজাব পৰিধান কৰি আহিছে। কিন্তু মোৰ মতে হিজাব কোনো বাধ্যবাধকতাৰ বিষয় নহয়; ই সম্পূৰ্ণ ব্যক্তিগত পছন্দ আৰু আত্মিক অনুভৱৰ সৈতে জড়িত। মই হিজাব পৰিধান কৰি এক মানসিক শান্তি অনুভৱ কৰোঁ আৰু আল্লাহৰ অধিক ওচৰ চাপিব পৰা যেন লাগে। ইয়াৰ লগতে হিজাব মোৰ বাবে যথেষ্ট আৰামদায়ক। ধৰ্মীয় দৃষ্টিভংগীৰ উপৰি ই চুলি আৰু ছালক ধূলি, ৰ’দ আৰু বাহ্যিক প্ৰভাৱৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে। বৰ্তমান বহুতে ফেশ্বনৰ অংশ হিচাপেও হিজাব পৰিধান কৰি আহিছে। মই বিশ্বাস কৰো যে, হিজাবে নাৰীৰ সৌন্দৰ্যক এক সুকীয়া মৰ্যাদা আৰু শালীনতা প্ৰদান কৰে।"
জেৰিফা ইছলামৰ এই বক্তব্যই স্পষ্টকৈ প্ৰতিফলিত কৰিছে যে, বহু মহিলাৰ বাবে হিজাব কেৱল ধৰ্মীয় অনুশাসন নহয়, বৰং ই এক ব্যক্তিগত পছন্দ, আত্মিক অনুভূতি আৰু জীৱনধাৰাৰ এক অংশৰ দৰে।
বিশ্বজুৰি 'মডেষ্ট ফেশ্বন' অৰ্থাৎ শালীন পোচাকৰ এক নতুন ধাৰাই গঢ় লৈ উঠিছে, য'ত শালীনতা আৰু ফেশ্বনক একেলগে স্থান দিয়া হৈছে। অসমৰ মুছলমান মহিলা তথা যুৱতীসকলেও এই ধাৰাৰ সৈতে খোজ মিলাই আগবাঢ়িছে। স্থানীয় ব্যৱসায়ীসকলেও এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ হিজাব আৰু মডেষ্ট ফেশ্বন সামগ্ৰী বজাৰলৈ লৈ আহিছে।
সম্প্ৰতি হিজাব হৈ পৰিছে ধৰ্মীয় পৰিচয়ৰ লগতে ফেশ্বনৰো অংশ
এগৰাকী কৰ্মৰত মহিলা মণিজান বেগমে কয়, "হিজাব হৈছে মুছলমান মহিলাসকলে যুগ যুগ ধৰি পৰিধান কৰি অহা এক পৰম্পৰাগত বস্ত্ৰ। ই বহু মহিলাৰ বাবে শালীনতা, বিশ্বাস আৰু সাংস্কৃতিক পৰিচয়ৰ এক প্ৰতীক। অতীতত অসমৰ বহু মুছলমান মহিলাই চাদৰ বা শাৰীৰ আঁচলেৰে মূৰ ঢাকি ৰাখিছিল যদিও বৰ্তমান সময়ত হিজাবৰ প্ৰচলন যথেষ্ট বৃদ্ধি পাইছে। কিয়নো ধৰ্মীয় বিশ্বাসৰ উপৰি বহু মহিলাই হিজাবক শালীনতা আৰু আত্মসন্মানৰ প্ৰকাশ হিচাপে প্ৰত্যক্ষ কৰে। বৰ্তমান বজাৰত বিভিন্ন ৰং, নক্সা আৰু কাপোৰৰ হিজাব সহজে উপলব্ধ হোৱাৰ ফলত বহু মহিলা আৰু যুৱতীয়ে ইয়াক নিজৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে।"
মণিজানে লগতে কয়, "আমি হিজাব কিয় পৰিধান কৰিব লাগে, সেই বিষয়ে আমাৰ এটায়ে ধাৰণা আছিল যে, ধৰ্মীয় পৰিচয় আৰু আনুগত্য বহু মুছলমান মহিলাৰ বাবে হিজাব হৈছে আল্লাহৰ আদেশ মানি চলাৰ এক উপায় আৰু নিজৰ ধৰ্মীয় পৰিচয় প্ৰকাশৰ মাধ্যম। কিন্তু হিজাবৰ বহু স্বস্থ্যজনিত উপকাৰিতাও আছে। যিবোৰৰ বিষয়ে আমি সজাগ নহয়। হিজাবে মূৰ আৰু চুলিক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মি, ধূলি-বালি আৰু প্ৰদূষণৰ পৰা কিছু পৰিমাণে সুৰক্ষা দিয়ে। ৰ'দ, বতাহ আৰু প্ৰদূষণৰ সংস্পৰ্শ কম হ'লে চুলি শুকান হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। ঠাণ্ডা বতাহত মূৰ আৰু কাণ ঢাকি ৰাখিলে শৰীৰত কিছু উষ্ণতা বৃদ্ধি পায়। তথাপি, হিজাব অত্যধিক টানকৈ বান্ধিলে বা অপৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰিলে মূৰৰ ছালত ঘাম জমা হ'ব পাৰে, খজুৱতি বা ফাংগেল সংক্রমণৰ সম্ভাৱনা বাঢ়িব পাৰে। চুলিৰ গুৰিত অধিক টান পৰিলে চুলি সৰাৰ সমস্যাও হ'ব পাৰে। অৱশ্যে হিজাব পৰিধানৰ ক্ষেত্ৰত পৰিষ্কাৰ আৰু আৰামদায়ক কাপোৰ ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ, যাতে ইয়াক স্বাস্থ্যসন্মতভাৱে ব্যৱহাৰ কৰিব পৰা যায়।"
সম্প্ৰতি হিজাব হৈ পৰিছে ধৰ্মীয় পৰিচয়ৰ লগতে ফেশ্বনৰো অংশ
তেওঁৰ মতে, "হিজাবে বহু মহিলাক আত্মবিশ্বাসী আৰু স্বচ্ছন্দ অনুভৱ কৰাত সহায় কৰে। বাহ্যিক সৌন্দৰ্যৰ উপৰি ব্যক্তিত্ব, জ্ঞান আৰু কৰ্মৰ মূল্যায়নক গুৰুত্ব দিয়াৰ ক্ষেত্ৰতো ই ইতিবাচক ভূমিকা পালন কৰে। সেয়েহে সময়ৰ লগে লগে হিজাব সন্দৰ্ভত আমাৰ মাজত জ্ঞান আৰু সচেতনতা বৃদ্ধি পাইছে। যাৰফলত আজিৰ প্ৰজন্মৰ বহু মহিলা আৰু যুৱতীয়ে নিজৰ পছন্দ আৰু বিশ্বাস অনুসৰি হিজাব পৰিধান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।"
সামাজিক মাধ্যমেও এই পৰিৱৰ্তনত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ইনষ্টাগ্ৰাম, ফেচবুক আৰু ইউটিউবত বিভিন্ন হিজাব ষ্টাইল আৰু মডেষ্ট ফেশ্বন সম্পৰ্কীয় বিষয়বস্তুৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ ফলত অসমৰ যুৱ প্ৰজন্মও ইয়াৰ প্ৰতি আকৰ্ষিত হৈছে। বহু যুৱতীয়ে নিজৰ সাজ-পোচাকৰ সৈতে সামঞ্জস্য ৰাখি হিজাব পৰিধান কৰি আধুনিকতা আৰু শালীনতাৰ এক সুন্দৰ সমন্বয় ঘটাইছে।
আন এগৰাকী যুৱতী অপৰ্ণা দাসে কয়, "ইছলাম ধৰ্মই হওক বা হিন্দু ধৰ্মই হওক, প্ৰায় সকলো ধৰ্মতেই মহিলাসকলৰ শালীনতা আৰু মৰ্যাদা বজাই ৰাখি নিজকে ওৰণিৰে ঢাকি ৰখাৰ এক নিজস্ব পৰম্পৰা আছে। নিজৰ নিজৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰিচয় অনুসৰি মহিলাসকলে ওৰণি বা পৰ্দাৰ ব্যৱহাৰ কৰি আহিছে। সেই দৃষ্টিকোণৰ পৰাই মই হিজাবকো এক ধৰণৰ ওৰণি বা পৰ্দা হিচাপে চাওঁ। মোৰ মতে, এই ক্ষেত্ৰত কোনো বাধ্যবাধকতা থকাৰ প্ৰয়োজন নাই; ই ব্যক্তিগত পছন্দ আৰু স্বাচ্ছন্দ্যৰ বিষয়।"
সম্প্ৰতি হিজাব হৈ পৰিছে ধৰ্মীয় পৰিচয়ৰ লগতে ফেশ্বনৰো অংশ
অপৰ্ণাই লগতে কয়, "মই নিজেও বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় বা বজাৰলৈ ওলাই গ’লে বহু সময়ত মূৰ আৰু মুখমণ্ডল ওৰণিৰে ঢাকি ৰাখোঁ। ইয়াৰ এটা কাৰণ হৈছে বৰ্তমান বৃদ্ধি পোৱা প্ৰদূষণ। ধূলি-বালি, ধোঁৱা আৰু সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিয়ে চুলি আৰু ছালৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেইবাবে নিজকে এইবোৰৰ পৰা সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে মই ওৰণিৰ ব্যৱহাৰ কৰো। আজিকালি লক্ষ্য কৰা যায় যে, বহু যুৱতীয়ে কেৱল ধৰ্মীয় বা সাংস্কৃতিক কাৰণতেই নহয়, বৰঞ্চ ছাল আৰু চুলিৰ যত্ন, আত্মবিশ্বাস আৰু ব্যক্তিগত স্বাচ্ছন্দ্যৰ বাবেও হিজাব বা হিজাবৰ দৰে ওৰণি বা পৰ্দা পৰিধান কৰে।"
হিজাব সম্পৰ্কে নিজৰ মতামত প্ৰকাশ কৰি আন এগৰাকী যুৱতী অছফিআৰা বেগমে কয়, "হিজাব মূলতঃ এক ধৰ্মীয় বস্ত্ৰ, যি যুগে যুগে মুছলমান মহিলাসকলৰ পৰিচয় আৰু শালীনতাৰ প্ৰতীক হিচাপে পৰিগণিত হৈ আহিছে। ই মহিলাসকলক পৰ্দা ৰক্ষা কৰাত সহায় কৰে। সময়ৰ পৰিৱৰ্তনৰ সৈতে হিজাবৰ পৰিধান শৈলীতো নতুনত্ব আহিছে। বৰ্তমান বহু মহিলাই নিজৰ সাজ-পোচাকৰ সৈতে সামঞ্জস্য ৰাখি বিভিন্ন ধৰণৰ হিজাব পৰিধান কৰে। এক অৰ্থত ক’ব পাৰি যে, হিজাবে নিজৰ ধৰ্মীয় তাৎপৰ্য অক্ষুণ্ণ ৰাখিয়েই আধুনিক ফেশ্বনৰ ধাৰাৰ সৈতেও খোজ মিলাই আগবাঢ়িছে। বজাৰত এতিয়া বিভিন্ন ৰং, ডিজাইন আৰু কাপোৰৰ হিজাব সহজে উপলব্ধ, যিবোৰে নাৰীৰ ব্যক্তিত্ব আৰু ৰুচিবোধকো প্ৰতিফলিত কৰে। এক কথাত কবলৈ গ'লে হিজাবে নিজৰ মূল ধৰ্মীয় তাৎপৰ্য অক্ষুণ্ণ ৰাখিয়েই আধুনিক ফেশ্বনৰ জগতত এক নতুন স্থান দখল কৰিবলৈ সক্ষম হৈছে।"
সমাজৰ পৰিৱৰ্তিত বাস্তৱতাত হিজাব এতিয়া কেৱল এক ধৰ্মীয় বস্ত্ৰ হৈ থকা নাই, বৰং ই বহু নাৰীৰ বাবে আত্মপৰিচয়, আত্মবিশ্বাস, শালীনতা আৰু আধুনিকতাৰ এক অনন্য প্ৰতীক হৈ পৰিছে। বিশ্বাস আৰু ফেশ্বনৰ এই সুন্দৰ সংমিশ্ৰণে অসমৰ মুছলমান সমাজত হিজাবক এক নতুন মাত্ৰা প্ৰদান কৰিছে।