গুৱাহাটী
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (LGBIA)-ৰ টাৰ্মিনেল-২য়ে ২০২৬ চনৰ বাবে বিশ্বৰ সৰ্বাধিক সুন্দৰ বিমানবন্দৰসমূহৰ তালিকাত স্থান লাভ কৰিছে। স্থাপত্য আৰু নক্সা ক্ষেত্ৰৰ অন্যতম সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰী ভেৰ্চাই (Prix Versailles)-এ প্ৰকাশ কৰা তালিকাত গুৱাহাটীৰ এই নতুন টাৰ্মিনেলক অন্তৰ্ভুক্ত কৰা হৈছে।
সোমবাৰে প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে আদানি গ্ৰুপৰ পৰিচালনাধীন LGBIA ভাৰতৰ মাত্ৰ দুটা বিমানবন্দৰৰ ভিতৰত অন্যতম, যিয়ে বিশ্বৰ শীৰ্ষ সাতটা সুন্দৰ বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
তালিকাত অন্তৰ্ভুক্ত আনটো ভাৰতীয় বিমানবন্দৰ হৈছে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (NMIA)। এই বিমানবন্দৰটোও দেশৰ সৰ্ববৃহৎ ব্যক্তিগত বিমানবন্দৰ অপাৰেটৰ আদানী বিমানবন্দৰ হোল্ডিংছ লিমিটেডৰ অধীনত পৰিচালিত।
কোম্পানীটোৰ মতে, এই স্বীকৃতিয়ে বিমানবন্দৰটোৰ আধুনিক স্থাপত্য, বহনক্ষম উন্নয়ন আৰু যাত্ৰী-কেন্দ্ৰিক পৰিকল্পনাৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিছে।
উল্লেখ্য যে, প্ৰী ভেৰ্চাই হৈছে স্থাপত্য আৰু নক্সা ক্ষেত্ৰৰ এক বাৰ্ষিক বিশ্বব্যাপী বঁটা, যিটো ২০১৫ চনৰ পৰা UNESCO-ৰ পেৰিছস্থিত মুখ্য কাৰ্যালয়ত প্ৰদান কৰি অহা হৈছে। এই বঁটাৰ জৰিয়তে নতুনকৈ আৰম্ভ হোৱা বিমানবন্দৰ আৰু টাৰ্মিনেলসমূহক সন্মানিত কৰা হয়, যিবোৰে আধুনিক স্থাপত্যৰ অভিনৱ প্ৰকাশৰ জৰিয়তে কাৰ্যক্ষমতা আৰু নান্দনিকতাৰ এক অনন্য সমন্বয় প্ৰতিফলিত কৰে। এই স্বীকৃতিয়ে বিমানবন্দৰসমূহে কেৱল পৰিবহণ কেন্দ্ৰ হিচাপে নহয়, বৰং বিশ্বক অধিক সমৃদ্ধ আৰু সুসমন্বিতভাৱে উপস্থাপন কৰা আধুনিক স্থাপত্যৰ নিদৰ্শন হিচাপেও আত্মপ্ৰকাশ কৰাৰ দিশটো উজ্জ্বল কৰি তোলে।
এক বিবৃতিত কোৱা হৈছে, “দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ সংযোগস্থলত অৱস্থিত গুৱাহাটীৰ LGBIA উত্তৰ-পূব ভাৰতৰ এক বিশাল দুৱাৰস্বৰূপ। এই অঞ্চল বিশ্বজুৰি নিজৰ অপূৰ্ব জৈৱ-বৈচিত্ৰ্য আৰু সমৃদ্ধ আদিবাসী ঐতিহ্যৰ বাবে সুপৰিচিত।”
"বিমানবন্দৰটোৰ টাৰ্মিনেল-২ৰ স্থাপত্যিক ধাৰণাটো ‘বাঁহ অৰ্কিড’ (Bamboo Orchid)-ৰ জৈৱ-অনুপ্ৰাণিত সৌন্দৰ্যৰ আধাৰত গঢ়ি তোলা হৈছে। ইয়াৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যক সন্মান জনোৱাৰ লগতে এক কাৰ্যক্ষম আৰু বহনক্ষম স্থাপত্যিক আবৰণ সৃষ্টি কৰা হৈছে," বিবৃতিটোত কোৱা হৈছে।
উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পৰিচিত LGBIAৰ নতুন টাৰ্মিনেল-২ৰ আনুষ্ঠানিক উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰৰ ডিচেম্বৰ মাহত কৰিছিল।
গুৱাহাটী আৰু নৱি মুম্বাই বিমানবন্দৰৰ উপৰি, প্ৰী ভেৰ্চাইৰ এই তালিকাত স্থান লাভ কৰা আন পাঁচটা বিমানবন্দৰ হৈছে— গুৱাংঝু বিমানবন্দৰ (চীন), ফ্ৰেংকফৰ্ট এম্ মেইন বিমানবন্দৰ (জাৰ্মানী), কাণ্ডাল ষ্টুয়েং বিমানবন্দৰ (কম্বোডিয়া), পিটচবাৰ্গ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ) আৰু ছান ডিয়েগো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ)।
এই স্বীকৃতি সন্দৰ্ভত এএএইচএলৰ এজন মুখপাত্ৰই কয়, “বিশ্বমঞ্চত আমাৰ বিমানবন্দৰসমূহে স্বীকৃতি লাভ কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়। বিশ্বমানৰ যাত্ৰী-অভিজ্ঞতা প্ৰদানৰ জৰিয়তে ভাৰতক বিশ্বৰ শীৰ্ষ বিমান পৰিবহণ বজাৰসমূহৰ অন্যতম হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। এই স্বীকৃতিয়ে স্থাপত্যিক ছান ডিয়েগো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উৎকৰ্ষতা, কাৰ্যক্ষমতা, বহনক্ষমতা আৰু পৰিচালনাগত দক্ষতাৰ ক্ষেত্ৰত বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ আমাৰ লক্ষ্যক পুনৰ নিশ্চিত কৰিছে।”