প্ৰায় ৫০০ শতাংশ নাগালেণ্ডৰ অতিৰিক্ত বৰষুণে উজনি অসমত ক্ষতি কৰিছে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী
অসমৰ ২৫ খন জিলাত হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত শুকুৰবাৰে জিলা আয়ুক্ত সকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
উজনি অসমৰ তিনিখন জিলাত শেহতীয়াকৈ হোৱা ভয়ংকৰ বানত বৰ্তমানলৈকে ৪৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আৰু ৮ জন লোকৰ সন্ধানহীন হৈ আছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে ৷
উজনিৰ ভয়াৱহ বানৰ কাৰণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "অসমত এটা দুৰ্যোগ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। ১৯ জুলাইৰ পৰা নাগালেণ্ডত হোৱা অভাৱনীয় বৰষুণৰ বাবে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট বানৰ কৱলত পৰিছে। ১৮ আৰু ২০ জুলাইৰ মাজত নাগালেণ্ড, অসম, মণিপুৰ আৰু মেঘালয়ত অতিপাত বৃষ্টিপাত হয়। সেই সময়ত অসমত ৩৩ শতাংশ, মণিপুৰত ১২০ শতাংশ আৰু মেঘালয়ত ৪০ শতাংশ অতিৰিক্ত বৰষুণ হয়। কিন্তু নাগালেণ্ডত সাধাৰণ বৰষুণতকৈ ১৮১ শতাংশ অধিক বৃষ্টিপাত হয়।"
তেওঁ লগতে কয়,"নাগালেণ্ডৰ মুককচুঙত ৪৯৩ শতাংশ, ৱ'খাত ১০৮ শতাংশ আৰু মন জিলাত ৪৫ শতাংশ বেছি বৰষুণ হয়। চৰাইদেউত সাধাৰণ বৰষুণতকৈ ৪৩৬ শতাংশ বেছি বৰষুণ হৈছিল। ইফালে শিৱসাগৰত ১৩৪ শতাংশ বেছি বৰষুণ হয়। প্ৰৱল বৃষ্টিপাতৰ ফলত জিলা কেইখন জলমগ্ন হৈ পৰে। ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰো বৃদ্ধি পায়। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানী ওলাই যাব পৰা নাছিল ব্ৰহ্মপুত্ৰলৈ।"
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘চৰাইদেউ জিলাত তিনিটা ৰাজহ চক্ৰৰ ১৫২ খন গাঁও বানৰ কৱলত পৰিছে । জিলাখনত বানত ১০ জনৰ মৃত্যু হৈছে আৰু এজন নিৰুদ্দেশ হৈ আছে । সেইদৰে শিৱসাগৰ জিলাত ৫টা ৰাজহ চক্ৰ আৰু ৩৩৩ খন গাঁও বানত প্ৰভাৱিত হৈছে । জিলাখনত বানত ২১গৰাকী লোকৰ মৃত্যু হয় আৰু নিৰুদ্দেশ হৈ আছে ৬গৰাকী লোক । এই বছৰত ৭৭টা ৰাজহ চক্ৰ বানত ডুবিছে। ৪৭গৰাকী লোকৰ মৃত্যু হৈছে । যোৰহাটত মৃত্যু হৈছে ৮ গৰাকী লোকৰ ।"
বানাক্ৰান্তক সাহাৰ্য প্ৰদানৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "চৰাইদেউ জিলাৰ বান প্ৰভাৱিত প্ৰতিটো অঞ্চললৈ সাহাৰ্য সামগ্ৰী যোগান ধৰা হৈছে । কিন্তু নাজিৰা বিধানসভা সমষ্টিৰ ৩০ শতাংশ আৰু শিৱসাগৰ সমষ্টিৰ ২০ শতাংশ বান প্ৰভাৱিত অঞ্চললৈ প্ৰশাসন যাব পৰা নাই । চৰকাৰে সেই লোকসকলক স্পৰ্শ কৰিব পৰা নাই । পানী কমিছে যদিও পথৰ ওপৰত বালি আৰু পলসৰ তৰপ থকা বাবে কোনো যাব পৰা নাই । এই লোকসকল সংযোগৰ বাহিৰত আছে । প্ৰশাসনৰ লোক তালৈ যাব পৰা নাই ।"
মুখ্যমন্ত্রী শৰ্মাই কয়, "গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা বান সাহাৰ্য প্ৰেৰণ কৰা হৈছে শিৱসাগৰলৈ । কাষৰীয়া বিভিন্ন জিলাৰ পৰা হাত নাও অনা হৈছে । যাতে খাদ্য সামগ্ৰী পঠিয়াব পৰা যায় । এয়াৰ ড্ৰ’পিং কৰা হৈছিল যদিও বস্তুবিলাক পৰি নষ্ট হৈ গৈছে । প্ৰয়োজনত সামৰিক বাহিনীৰ সহায় লোৱা হ'ব ।"
ভাৰতীয় বায়ু সেনাৰ সহায়ৰ প্ৰসংগত তেওঁ কয়,"ভাৰতীয় বায়ু সেনা, লোক নিৰ্মাণ বিভাগৰ সৈতে আলোচনা কৰিম । ২৫ জুলাইত বানৰ ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ আহিব । বেমাৰ যাতে নহয় তাৰ ব্যৱস্থা কৰা হৈছে । ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজৰ চিকিৎসক, নাৰ্চৰ টীম সাজু আছে ।"
মুখ্যমন্ত্ৰীয়ে লগতে কয়,"পশুধনৰ যথেষ্ট ক্ষতি হৈছে । শিক্ষাৰ্থীৰ কিতাপ, চাৰ্টিফিকেটবিলাক নষ্ট হৈছে । ৩ দিনৰ পাছত কৃষি মন্ত্ৰী, পশুপালন মন্ত্ৰী , স্বাস্থ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী দুয়োখন জিলালৈ যাব, লগতে যোৰহাট আৰু গোলাঘাটলৈও যাব । তেওঁলোকে চাব ক্ষয়-ক্ষতিবোৰ । বানৰ পাছতে স্কুল বা নষ্ট হোৱা অন্য সম্পত্তি মেৰামতি বা নিৰ্মাণ কৰা হ’ব । মানুহবোৰক এতিয়া বেছি প্ৰয়োজন কাপোৰৰ ৷"
নাগালেণ্ডৰ প্ৰসংগত তেওঁ কয়,"নাগালেণ্ডৰ নীপকোৰ পাৱাৰ প্ৰজেক্টৰ পৰা পানী বৃহস্পতিবাৰে এৰি দিয়াৰ পাছতো এই মুহূৰ্তলৈ গোলাঘাট বা সৰুপথাৰত পানী হোৱা নাই । দুদিন নীপকোই পানী খুলিব, গতিকে সাৱধানে থকাই ভাল । অভাৱনীয় বৰষুণৰ বাবে আমি এই দুৰ্যোগৰ সন্মুখীন হৈছো । বহু লোক তথা সংস্থা সহায়ৰ বাবে আগবাঢ়ি আহিছে । বৰ্তমান সময়ত কাপোৰৰ বেছিকৈ প্ৰয়োজন ।"