দিল্লীৰ ভয়ংকৰ PG দুৰ্ঘটনাঃ ৭ জনৰ মৃত্যুৰ পিছত অট্টালিকাৰ গৰাকীক ৰাজস্থানত আটক

Story by  atv | Posted by  Nikunja Nath • 2 h ago
দিল্লীৰ ভয়ংকৰ PG দুৰ্ঘটনাঃ ৭ জনৰ মৃত্যুৰ পিছত অট্টালিকাৰ গৰাকীক ৰাজস্থানত আটক
দিল্লীৰ ভয়ংকৰ PG দুৰ্ঘটনাঃ ৭ জনৰ মৃত্যুৰ পিছত অট্টালিকাৰ গৰাকীক ৰাজস্থানত আটক
 
দিল্লী
 
দিল্লীৰ সত্য নিকেতনত সংঘটিত হোৱা এক ভয়ংকৰ অট্টালিকা খহি পৰা ঘটনাই ৭ জনৰ নিৰাপৰাধীৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। এই মৰ্মান্তিক ঘটনাৰ ২৪ ঘণ্টাৰ পাছতেই আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰি পলাতক অট্টালিকাৰ গৰাকীক ৰাজস্থানৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে।
 
দিল্লী আৰক্ষীয়ে এক অভিযান চলাই হৰিৰাম গুপ্তা নামৰ অট্টালিকাটোৰ গৰাকীক গুৰুগ্ৰামৰ সমীপৰ ভিৱাড়ীৰ পৰা আটক কৰে। ইয়াৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে 'লুকআউট চাৰ্কুলাৰ' (LOC) জাৰি কৰি পাছপ’ৰ্টৰ তথ্য সংগ্ৰহ কৰা হৈছিল। গুপ্তাক বিচাৰি আৰক্ষীৰ কেইবাটাও দলে বিভিন্ন স্থানত তালাচী চলাইছিল। বিগত ১৫ বছৰ ধৰি হাৰ্ডৱেৰৰ ব্যৱসায় কৰা গুপ্তাৰ ছেক্টৰ ২৩-ত থকা দোকানখনো দুদিন ধৰি বন্ধ আছিল। চুবুৰীয়াৰ মতে, ছেক্টৰ ২৩ আৰু পালাম বিহাৰত তেওঁৰ নামত কেইবাটাও বাসগৃহ আছে।
 
দেওবাৰে মেৰামতিৰ কাম চলি থকা অৱস্থাতে 'হষ্টেল ডেজ' নামৰ ল’ৰাৰ এই ৫ মহলীয়া PG অট্টালিকাটো খহি পৰে। দিল্লী বিশ্ববিদ্যালয়ৰ দক্ষিণ কেম্পাছৰ ওচৰৰ এই ঘন বসতিপূৰ্ণ অঞ্চলটো ছাত্ৰ-ছাত্ৰীৰ বাবে পিজিৰ এক জনপ্ৰিয় স্থান। বৰ্তমানেও আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, NDRF আৰু অন্যান্য সংস্থাই ভগ্নাৱশেষৰ মাজত সন্ধানহীনসকলৰ বাবে উদ্ধাৰ অভিযান চলাই আছে। স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, নেৰানেপেৰা বৰষুণৰ ফলত বেচমেণ্টত পানী জমা হৈ ঘৰটোৰ ভেটি দুৰ্বল হৈ পৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'ল। অৱশ্যে প্ৰকৃত কাৰণ এতিয়াও তদন্তৰ আওতাত আছে।
 
এই ঘটনাৰ পিছতে আবাসিক বাসগৃহক পিজিলৈ ৰূপান্তৰ কৰা এই অঞ্চলটোৰ নিৰ্মাণকাৰ্যৰ নিৰাপত্তাক লৈ দিল্লী পৌৰ নিগম (MCD)ৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো, মাত্ৰ ৫৫ বৰ্গগজ মাটিত নিৰ্মাণ কৰা এই ঘৰটো প্ৰকৃততে মাত্ৰ দুমহলীয়া কৰাৰহে অনুমতি আছিল, কিন্তু তাত অবৈধভাৱে ছয়মহলীয়া অট্টালিকা সজা হৈছিল। ইয়াৰ পিছতে প্ৰশাসনে চাৰি মহলাতকৈ ওখ সকলো অবৈধ নিৰ্মাণ তৎকালীনভাৱে ছীল কৰাৰ নিৰ্দেশ দিছে আৰু দোষী বিষয়াৰ চাকৰি বৰ্খাস্ত কৰাকে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছে।