লামডিং ৰে’লৱে জংচনত তিনি বাংলাদেশী নাগৰিক আটক

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
দুৰ্গাপূজাৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে অসমৰ লামডিং ৰে'লৱে জংচনত ৰে'লৱে সুৰক্ষা বাহিনীৰ (RPF) অভিযানত তিনিজন বাংলাদেশী নাগৰিকক আটক কৰা হয়। গুৱাহাটী–ছাইৰাং এক্সপ্ৰেছৰ (১৫৬০৯ নম্বৰ ৰে’ল) যাত্ৰাৰ সময়তে লোককেইজনক আটক কৰা বুলি জানিব পৰা গৈছে। 
 
আটকাধীন লোককেইজনক বিলাল হুছেইন, আমিৰ আলী আৰু হাছান মিঞা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক বাংলাদেশৰ সুনামগঞ্জ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
 
লাভ কৰা তথ্য অনুসৰি, প্ৰায় তিনিমাহ পূৰ্বে পশ্চিমবংগৰ মুৰ্ছিদাবাদ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ তিনিওজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতত প্ৰৱেশৰ ক্ষেত্ৰত এজন কথিত দালালক ১৫ হাজাৰ টকা আদায় দিয়া বুলিও তেওঁলোকে কৰ্তৃপক্ষৰ আগত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।
 
ভাৰতত প্ৰৱেশ কৰাৰ পিছত তিনিওজনে উত্তৰ প্ৰদেশলৈ গৈ শ্ৰমিক হিচাপে কাম কৰিছিল বুলি খবৰ পোৱা গৈছে। পৰৱৰ্তী সময়ত গুৱাহাটী-ছাইৰাং এক্সপ্ৰেছত যাত্ৰা কৰি থকা অৱস্থাত লামডিং ৰে’লৱে জংচনত ৰে’লৱে সুৰক্ষা বাহিনীৰ হাতত আটক হয় লোককেইজন।
 
এই ঘটনাই সীমান্তৰে অবৈধভাৱে লোকৰ অহা-যোৱা কৰাত মধ্যভোগী বা দালাল চক্ৰৰ সম্ভাৱ্য ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে লোককেইজনক আটক কৰাৰ পৰিস্থিতি আৰু ঘটনাটোৰ তদন্ত সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য পোহৰলৈ অহা নাই।
 
ইফালে, এই সন্দৰ্ভত ৰে’লৱে সুৰক্ষা বাহিনীৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। আটকাধীন তিনিওজনৰ বিৰুদ্ধে কি ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে, লগতে কথিত দালালজনৰ ভূমিকা সন্দৰ্ভতো অধিক তথ্য লাভ কৰিবলৈ বাকী আছে।